কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/সামৰণি
⸻⸺
"Thine are these orbs of light and shade;
Thou madest Life in man and brute :
Thou madest Death, and lo, thy foot
Is on the skull whichthou hast made,
Thou wilt not leave us in the dust;
Thou madest man, he knows not why,
He thinks, he was not made to die:
And thou hast made him thou art **,
Thou seemest human and divine,
The highest, holiest manhood, thou:
Our wills are ours, to make them thine,
Our little systems have their day;
They have their day and cease to be:
They are but broken lights of thee:
A beam in darkness
⸻Alfred Lord Tennyson.
ক্ষমা কৰাঁ, প্ৰভূ! তুমি
অজ্ঞান মানৱ আমি,
তােমাৰ অনন্ত মায়া
বুজিব নােৱাৰি,
মিছাতে চকুলো টোকোঁ
বিলাপে চিধৰি।
জগতৰ স্ৰষ্টা তুমি
তোমাৰ সৃজিত প্ৰাণী
তােমাৰে মায়াত দৃৰে
সংসাৰ ক্ষেত্ৰত,
কাল পূৰ্ণ হলে—যায়
তােমাৰে কাষত॥
মােৰৰ ভাই, ভী, নাথ!
এই সংসাৰ হাত
মৰ্ত্ত্যৰ লীলাৰ ছঁষা
থই মৰতত ,
লভিলে অনন্ত শান্তি
তোমাৰ পাৱত॥
জন্মদাত্ৰী—মাতৃ,—সােণ!
লাহৰী জিতেন মোৰ
(আদৰৰ বস্তু তযু)
নিলা তুমিয়েই,
মায়ামুগ্ধ নৰ আমি
কান্দিছোঁ এনেই॥
পৰাণৰ অৰ্ধাঙ্গিনী
সুখে দুখে সমভাগী,
হিয়া শূন্য কৰি মােৰ,—
নিলা কিবা ভাবি
অকল সৰিয়া কৰি
জীৱনৰ বাকি।
তোমাৰে সম্পত্তি, প্ৰভু!
তুমিয়েই নিলা পুনু
অবোধ মানৱ, হায়!
কান্দিছো বিনাই!
মায়াত বিভোল আমি
কাণ্ডজ্ঞান নাই॥
প্ৰভু মোক ক্ষমা কৰাঁ,
অজ্ঞান এন্ধাৰ হৰাঁ
অন্তৰত দিয়া জ্ঞান
পবিত্ৰ নিৰ্ম্মল,
মানৱ জনম মোৰ
নকৰা বিফল॥