আমাৰ চিনাকি তচদ্দুক/এটি সোঁৱৰণ এটুপি চকুলো

[  ]
 

এটি সোঁৱৰণ এটুপি চকুলো
শ্ৰীবিবেকানন্দ ভট্টাচাৰ্য্য

 

কিছু পোৱা আৰু বহুতো নোপোৱাৰ সমষ্টিয়েই জীৱন। বহুতো নোপোৱাৰ মাজতে শিল্পীয়ে পোৱাখিনিৰেই সুন্দৰৰ আৰধনা কৰি জীৱন মধুময় কৰিবলৈ প্ৰয়াস কৰে। আমাৰ মাজৰপৰা অভাৱনীয় ভাবে হঠাতে আঁতৰি যোৱা শিল্পী বন্ধু তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ এই শেষৰ সময়খিনিও যেন বহুতো নোপোৱাৰ বেদনাৰে ভৰা। মনলৈ প্ৰশ্ন আহে— কিয় এনে হয়? ইয়াৰ জানো একো প্ৰতিকাৰ নাই? কিন্তু উত্তৰ কোনে দিব? তিক্ততাৰে জীৱন ভৰি পৰিলে— সাংসাৰিক জ্বালা যন্ত্ৰণাই মানুহক চেপি ধৰিলে— নিৰুপায় হৈ মানুহে পৰমেশ্বৰৰ কৰুণা ভিক্ষা কৰে। কিন্তু পায় জানো? আজিৰপৰা ৬ মাহ মানৰ আগতে তেওঁৰ নুমলীয়া ভায়েক আচাদ আৰু ভাই বোৱাৰী এমিলৈ দিয়া চিঠিত তেওঁ এইদৰে লেখিছিল।

……………All the beautiful things of life fade away. I am like a ship tossed [ ১০ ] in the ocean of life's storm. Sometimes I feel like going away.

ইউছুফৰ ঘৰত এমিয়ে এই কথাষাৰ কৈ কৈ চকুলো টুকিছিল।

ইউছুফৰ পুৰণি ডায়েৰিৰ পাতত কেইটিমান কবিতাৰ অংশ দেখা পাই টুকি আনিলোঁ। উদাস মনৰ উদাস ভাববোৰে ইউছুফৰ চিনাকি মুখখনৰ প্ৰতিটো অংগিভংগৰে মোৰ চকুৰ আগত ধৰা দিয়েহি।

“তোমাকে হাৰাতে পাৰি
 এই তীক্ষ্ণ সৰ্বনাশা ভয় থেকে
 মুক্তি দাও আমাকে
কোথাও কোনো কালে যেওনা যেওনা তুমি
 যদি যাও মন বাচবে না তোমাকে হাৰালে
 এ ভয় তোমাৰো
আৰ তোমাৰো শয্যাই তাই ঘুম নামবে না,
 তোমাকে মনে মনে হাৰাই
 এই ভয় ৰাত্ৰি দিন।
তাই যত দুৰে যাও তুমি
 তবু শতছলে— আবাৰও ফিৰতে হয়
 তাই তীব্ৰ ক্ৰোধেৰ কুমকুম
মুছে যায় বাৰ বাৰ কান্নাৰ কাজলে।”

[ ১১ ] আকউ এঠাইত লেখা আছে—

‘তোমাৰ চোখেৰ পানে তাকিয়ে
 আজ আমাৰ মনে হচ্ছে তুমিই
 আমাৰ মাৰ্বেলে তৈৰী সমাধি স্তম্ভ।
তোমাৰ চোখে লেখা আছে আমাৰ শেষ কবিতা”।

আন এঠাইত হিন্দী ছিনেমাৰ এটা বিখ্যাত গানৰ কলি “চলো একবাৰ ফিৰচে অজনবী বনজায়ে হম দোনো।”

ইউছুফৰ ডায়েৰিৰ পাতত লেখা এই কথাখিনিয়ে তেওঁৰ মনোবেদনাৰ এটি স্পষ্ট ইংগিত দিয়ে। সেয়ে মনেমনে ভাবোঁ— এই পৃথিবীত কত মানুহৰ কত যে দুখ!

১৯৩১ চনত জন্ম লাভ কৰা ইউছুফে ১৯৮২ চনৰ ১০ আগষ্ট তাৰিখে ধৰাৰ মায়া ত্যাগ কৰি শান্তি ৰাজ্যলৈ গুচি গ’ল। চিৰ শান্তিময়, মংগলময় পৰমেশ্বৰে তেওঁৰ আত্মাক যেন শান্তি দিয়ক— আমি এই প্ৰাৰ্থনা কৰোঁ।

তচদ্দুকৰ পিতৃ ৺জিয়াউদ্দিন ইউছুফ। ১৯৫৯ চনৰ জুন মাহৰ ২৫ তাৰিখে জিয়াউদ্দিন ইউছুফৰ মৃত্যু হৈছিল ব্ৰহ্মপুত্ৰ নদীত। পিতাৰ, শোকত মৰ্মাহত হৈ তচদ্দুকৰ নুমলীয়া ভনী নাজনীনে আহাৰ আৰু নিদ্ৰা ত্যাগ কৰিছিল। মাত্ৰ ৭ দিন পিছতে জ্বৰত ভুগি, অন্তৰত বেদনাৰ একুৰা জ্বলা [ ১২ ] জুই লৈ অকণমানি নাজনীনে পিতাৰ কথা সুৱঁৰি সুৱঁৰি পৃথিবীৰ মায়া ত্যাগ কৰি— পৰম পিতাৰ ওচৰলৈ গুচি গৈছিল। সেইদিনা আছিল ২ জুলাই, ১৯৫৯।

তচদ্দুকে কৈছিল, “বাবাৰ কথা ভাবি ভাবিয়েই তাই গুচি গ’ল— বুজিছা।” তেওঁৰ চকুলৈ মই চাব পৰা নাছিলোঁ।

তচদ্দুকৰ ২ জন ভাই। এজন দিলু, আনজন আচাদ। তচদ্দুকৰ মাতৃৰপৰা জানিলোঁ, যে এইবাৰ ঘৰলৈ আহি তেওঁ প্ৰায় একোয়েই খোৱা নাছিল। কেতিয়াবা মন গলে অকণমান চৰবত, খাইছিল। সেইদিনা ১০ আগষ্ট তাৰিখেও পুৱা ৯ মান বজাত অলপ চৰবত, খাই তেওঁ ওলাই গৈছিল। সেই যোৱাই শেষ যোৱা— আৰু উভতি নাহিল। পিছদিনা ১১ তাৰিখে তেওঁৰ মৃতদেহ কলং নদীত পোৱা গৈছিল। কোনোবাই কয় আত্মহত্যা, কোনোবাই কয় এইটো এটা দুৰ্ঘটনাহে। মোৰ বাবে ই এটা সাথৰ হৈয়ে ৰ’ল।

কলাৰ সেৱক তচদ্দুকে ইউছুফৰ শিল্পী জীৱনৰ আৰম্ভণিতে, তেওঁলোক লক্ষীপুৰত (গোৱালপাৰা) থকা সময়ত ‘চন্দ্ৰগুপ্ত’ নাটকত চানক্যৰ ভাও লৈ কৃতিত্ব অৰ্জন কৰিছিল। তেতিয়া তেওঁ স্কুলীয়া [ ১৩ ] ছাত্ৰ। পিছৰ জীৱনত অসমীয়া মঞ্চ, অনাতাঁৰ আৰু চলচিত্ৰ জগতলৈ আহি ইউছুফে দৰ্শকৰ প্ৰশংসা অৰ্জন কৰি গ’ল। নগাঁৱত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান বিলাকত ইউছুফক সদায়েই, সমঝদাৰ শ্ৰোতা হিচাবে পাইছিলোঁ। তেওঁ আমাক সকলো প্ৰকাৰে দিহা পৰামৰ্শ আদি দি, অনুষ্ঠানৰ প্ৰাৰম্ভিক ঘোষণাৰ কামখিনিও নিজে কৰি দি শ্ৰোতা আৰু শিল্পী সকলোৰে প্ৰশংসা অৰ্জন কৰিছিল। বিনিময়ত আমি তেওঁক একোৱেই দিব নোৱাৰিলোঁ—। আজি তচদ্দুক ইউছুফৰ প্ৰতি এটুপি চকুলোৰে অঞ্জলি যাচিলোঁ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।