পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছাত্ৰ। পিছৰ জীৱনত অসমীয়া মঞ্চ, অনাতাঁৰ আৰু চলচিত্ৰ জগতলৈ আহি ইউছুফে দৰ্শকৰ প্ৰশংসা অৰ্জন কৰি গ’ল। নগাঁৱত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান বিলাকত ইউছুফক সদায়েই, সমঝদাৰ শ্ৰোতা হিচাবে পাইছিলোঁ। তেওঁ আমাক সকলো প্ৰকাৰে দিহা পৰামৰ্শ আদি দি, অনুষ্ঠানৰ প্ৰাৰম্ভিক ঘোষণাৰ কামখিনিও নিজে কৰি দি শ্ৰোতা আৰু শিল্পী সকলোৰে প্ৰশংসা অৰ্জন কৰিছিল। বিনিময়ত আমি তেওঁক একোৱেই দিব নোৱাৰিলোঁ—। আজি তচদ্দুক ইউছুফৰ প্ৰতি এটুপি চকুলোৰে অঞ্জলি যাচিলোঁ।