এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আকউ এঠাইত লেখা আছে—

‘তোমাৰ চোখেৰ পানে তাকিয়ে
 আজ আমাৰ মনে হচ্ছে তুমিই
 আমাৰ মাৰ্বেলে তৈৰী সমাধি স্তম্ভ।
তোমাৰ চোখে লেখা আছে আমাৰ শেষ কবিতা”।

আন এঠাইত হিন্দী ছিনেমাৰ এটা বিখ্যাত গানৰ কলি “চলো একবাৰ ফিৰচে অজনবী বনজায়ে হম দোনো।”

ইউছুফৰ ডায়েৰিৰ পাতত লেখা এই কথাখিনিয়ে তেওঁৰ মনোবেদনাৰ এটি স্পষ্ট ইংগিত দিয়ে। সেয়ে মনেমনে ভাবোঁ— এই পৃথিবীত কত মানুহৰ কত যে দুখ!

১৯৩১ চনত জন্ম লাভ কৰা ইউছুফে ১৯৮২ চনৰ ১০ আগষ্ট তাৰিখে ধৰাৰ মায়া ত্যাগ কৰি শান্তি ৰাজ্যলৈ গুচি গ’ল। চিৰ শান্তিময়, মংগলময় পৰমেশ্বৰে তেওঁৰ আত্মাক যেন শান্তি দিয়ক— আমি এই প্ৰাৰ্থনা কৰোঁ।

তচদ্দুকৰ পিতৃ ৺জিয়াউদ্দিন ইউছুফ। ১৯৫৯ চনৰ জুন মাহৰ ২৫ তাৰিখে জিয়াউদ্দিন ইউছুফৰ মৃত্যু হৈছিল ব্ৰহ্মপুত্ৰ নদীত। পিতাৰ, শোকত মৰ্মাহত হৈ তচদ্দুকৰ নুমলীয়া ভনী নাজনীনে আহাৰ আৰু নিদ্ৰা ত্যাগ কৰিছিল। মাত্ৰ ৭ দিন পিছতে জ্বৰত ভুগি, অন্তৰত বেদনাৰ একুৰা জ্বলা

১১