পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জুই লৈ অকণমানি নাজনীনে পিতাৰ কথা সুৱঁৰি সুৱঁৰি পৃথিবীৰ মায়া ত্যাগ কৰি— পৰম পিতাৰ ওচৰলৈ গুচি গৈছিল। সেইদিনা আছিল ২ জুলাই, ১৯৫৯।

তচদ্দুকে কৈছিল, “বাবাৰ কথা ভাবি ভাবিয়েই তাই গুচি গ’ল— বুজিছা।” তেওঁৰ চকুলৈ মই চাব পৰা নাছিলোঁ।

তচদ্দুকৰ ২ জন ভাই। এজন দিলু, আনজন আচাদ। তচদ্দুকৰ মাতৃৰপৰা জানিলোঁ, যে এইবাৰ ঘৰলৈ আহি তেওঁ প্ৰায় একোয়েই খোৱা নাছিল। কেতিয়াবা মন গলে অকণমান চৰবত, খাইছিল। সেইদিনা ১০ আগষ্ট তাৰিখেও পুৱা ৯ মান বজাত অলপ চৰবত, খাই তেওঁ ওলাই গৈছিল। সেই যোৱাই শেষ যোৱা— আৰু উভতি নাহিল। পিছদিনা ১১ তাৰিখে তেওঁৰ মৃতদেহ কলং নদীত পোৱা গৈছিল। কোনোবাই কয় আত্মহত্যা, কোনোবাই কয় এইটো এটা দুৰ্ঘটনাহে। মোৰ বাবে ই এটা সাথৰ হৈয়ে ৰ’ল।

কলাৰ সেৱক তচদ্দুকে ইউছুফৰ শিল্পী জীৱনৰ আৰম্ভণিতে, তেওঁলোক লক্ষীপুৰত (গোৱালপাৰা) থকা সময়ত ‘চন্দ্ৰগুপ্ত’ নাটকত চানক্যৰ ভাও লৈ কৃতিত্ব অৰ্জন কৰিছিল। তেতিয়া তেওঁ স্কুলীয়া
১২