ৰাম গোসাঞি কৰোহোঁ গোহাৰি
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। ৰাম গোসাঞি কৰোহোঁ গোহাৰি।
ৰহু হৃদি-পঙ্কজ-ঠাম হামাৰি।।
পদ।। মায়া ছোড়ি ভকতি কৰু দানা।
কৰোঁ তুৱা চৰণ-পঙ্কজ মধুপানা।।
মাধৱ দাস কহয় ৰাম তেৰা।
যাহাঁ যাহাঁ চৰণ তাহাঁ শিৰো মেৰা।।