যাদু ভাল নাচতু, নন্দনন্দন গোবিন্দ
।। ৰাগঃ নাট-মল্লাৰ ।। একতাল।।
ধ্ৰং।। যাদু ভাল নাচতু, নন্দনন্দন গোবিন্দ নাচতু,
ব্ৰজনায়ক নাগৰ নাচতু পৰমানন্দ ৰসেৰে।
সুৰাসুৰে যাৰ চৰণ পঙ্কজ ৰেণু শিৰে পৰশেৰে।।
পদ।। লাৱণ্য সুন্দৰ কটি ধৰিয়া এ বাম হাতেৰে।
দক্ষিণ কোমল কৰ থাপিয়া এ প্ৰভু মাথেৰে।।
কটিত কঙ্কিনী বাজে নূপূৰ ঝুৰয় পাৱেৰে।
ঈষত কাটাক্ষ হাসি সুন্দৰ ভ্ৰূৱ চলাৱেৰে।
নাটেৰ মাধুৰী গোপী মোহন মদন ফান্দেৰে।
যশোমতী নন্দ-নন্দন চকোৰ শ্যামল সুন্দৰ চান্দেৰে।।
চৌভিতি গোপিনী বেঢ়ি হাতে তালি বজাৱেৰে।
কহয় মাধৱ হৰি ভুৱন মন ভুলাৱেৰে।।