অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা, অসমীয়া সাহিত্যৰ অদ্বিতীয় নিমাৰ্ণকৰ্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই ‛বৰগীত’ বোলা হয় ৷ শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ) টা গীতৰ সংগ্ৰহ পোৱা যায়। জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ । অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে ।