ৰাজতু নন্দ ৰাজকু নন্দন
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। ৰাজতু নন্দৰাজকু নন্দন।
যাকেৰি চৰণ ৰেণু জগবন্দন।।
পদ।। শুদ্ধ পৰমব্ৰহ্ম গোপা কুমাৰা।
ত্ৰিভুৱন-তাৰণ হেতু অৱতাৰা।।
কাৰ্ত্তিক-ময়ূৰ পুচ্ছ শোবে শিৰে।
মণি গিৰি গৈৰিক ৰঞ্জে শৰীৰে।।
কুন্তল কুটিল অকলৰাজি মণ্ডন।
নখ মণি চন্দ্ৰ তাপ তিনি খণ্ডন ।।
নবীন গুঞ্জামণি হাৰ বিৰাজিত।
স্তৱক ৰাজ দুহো শ্ৰৱণে বিভূষিত।।
নানা ৰতন জড়িত অঙ্গভূষণ।
লাৱণ্য-ধাম শ্যামতনু শোভন।।
মুকুতি বিড়ম্বন লীলা যাহাৰু।।
মাধৱ কহ গতি নন্দ কুমাৰু।।