কহে আকবৰ ভকতি ভিখাবি।
চৈতন্য গোসাঞিকে যাঁও বলিহাৰি।”
পাচে মহাপ্ৰভু তৈৰ পাৰা আসি কৰতিয়াৰ তীৰে ৰহিলা। পাচে যেখন ৰাজা নৰনাৰায়ণ হুই উপৰ দেশৰ পৰা অনেক লোকক নমাই আনি শঙ্কৰক গোমস্তা পাতি ৰাজ্য বসাইবে দিছে মাত্ৰ, তেখনে চৈতন্য ভাৰতী প্ৰভু মাধৱ দৰ্শনে মণিকুটে আসিলা। বৰাহকুণ্ডৰ উপৰে গোফাত বহি মাধৱ দৰ্শন হৈল; পাচে ৰত্নেশ্বৰ বিপ্ৰক শবণ লগাই ভাগৱত পঢ়াই ৰত্ন পাঠক নামদি মাধৱৰ দ্বাৰত ভাগৱত পঢ়িবে দিলা আৰু যাত্ৰা মহোৎসৱ সঙ্কীৰ্ত্তন কৰ্ম্মকো মাধৱৰ দ্বাৰত প্ৰৱৰ্ত্তাইলা। পাচে মহাপ্ৰভু পৰ্শু কুঠাৰে যাই নামৰ নিৰ্ণয় লেখি ব্ৰহ্মকুণ্ডত স্নান কৰি উলটি আসি সেই গোফাতে ৰহিলা। পাচে মাগুৰীৰ কণ্ঠভূষণক আৰু কবিশেখৰক, কণ্ঠাহাব কন্দলিক শৰণ লগাই ভাগৱত পঢ়াইলা। পাচে হাতে বীণা ধৰি কৃষ্ণ নাম গাই নাৰদৰ শ্ৰেষ্ঠা দেখাইলা। সেই বেলা দামোদৰে মাধৱ দেখিতে মণিকুটে যাই তাঙ্ক দেখি দুৰ্ল্লভ লাভ ভৈলা বুলি প্ৰণাম কৰি বোলে হে মহাপ্ৰভু মই দৰিদ্ৰ ব্ৰাহ্মণে কিছো