চাইবে আসি ঈশ্বৰ বোলে। পাচে সাত বৎসৰ ভৈলে তান পিতা জগন্নাথ মিশ্ৰ পৰলোক ভৈলা। পাচে অদ্বৈতাচাৰ্য্যে যজ্ঞোপবীতদি সাৰ্ব্বভৌমৰ ঠাই পঢ়িবে দিলা। পাচে ব্ৰহ্মচৰ্য্য ধৰি অল্প কালতে বেদ-বেদাঙ্গাদি সকল শাস্ত্ৰ পঢ়িলে দেখি সাৰ্ব্বভৌমে বোলে নিমাই মানুষ নুই, এন্তে ব্ৰহ্ম। পাচে একদিন গঙ্গা গৈতে সাৰ্ব্বভৌমৰ হাতৰ তিল তামী প্ৰবাহে ওটাইল দেখি নিমাইদত্তে আনিবে যাইতে তিনি খোজত তিনিটা পদ্ম উঠিল। তাতে পাও দিয়া যাই তিল তামী আনি দিলে, দেখি সাৰ্ব্বভৌমক প্ৰভৃতি সাত ষষ্ঠী বিপ্ৰে বিস্ময় হুই বোলে নিমাই তুমি মানুষ নুই কোন কৱাঁ৷ এই শুনি নিমাই হাস্য কৰিলে। তান চতুৰ্ভূজ দেখি ঈশ্বৰ হেন সত্য মানি বিপ্ৰসবে গৃহাশ্ৰম এৰি তান সঙ্গ লই সঙ্কীৰ্ত্তন আৰম্ভিলা। ইহাকে নিমাইদত্তী সম্প্ৰদায় বোলে।
দিবিজা ভুবিজাশ্চৈব মনুজা ভক্তিৰূপিণঃ।
কলৌ সঙ্কীৰ্ত্তনন্নাম কৰিষ্যন্তি দ্বিজালয়ে।
পাচে মহাপ্ৰভু লক্ষ্মীপ্ৰিয়া নামে উত্তম বিপ্ৰৰ কন্যাক বিহা কৰাই এক ৰাত্ৰি বঞ্চি গৃহাশ্ৰম ধৰ্ম্ম