স্বাগতম পৰীক্ষা/পৰীক্ষাৰ প্ৰায়োগিক বা টেকনিকেল কথাখিনি

[ ৪১ ]

 

পৰীক্ষাৰ প্ৰায়োগিক বা টেকনিকেল কথাখিনি

 আমি আগতেই আলোচনা কৰিলো যে, মুখস্থই হৈছে পৰীক্ষাৰ বাবে পাঠসমূহ আয়ত্ত কৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। কিন্তু এই মুখস্থ কেৱল মৌখিক হ’লেই নহ’ব। শুদ্ধভাৱে আৰু সম্পূৰ্ণকৈ পৰীক্ষাৰ বহীত নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিব পৰাটোহে মুখ্য কথা। গতিকে পাঠসমূহ আয়ত্ত কৰা বুলিলে মুখস্থ কৰি লিখিব পৰাটোহে বুজাব, কেৱল মৌখিকভাৱে গাই গলেই নহ’ব। গতিকে লিখি লিখি মুখস্থ কৰাহে ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ কৰ্তব্য। কাগজ আৰু কলমৰ ব্যৱহাৰ সম্পৰ্কে মনোযোগ দিয়াটো এটা অতি গুৰুত্বপূৰ্ণ কথা। পৰীক্ষাৰ্থীসকলে পাঠসমূহ অধ্যয়ন কৰাৰ সময়ত লিখাৰ ক্ষেত্ৰত যিমানদূৰ সম্ভৱ পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া ধৰণৰ কাগজ আৰু কলম ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি খহটা বা মিহি কাগজ ব্যৱহাৰ কৰিব নালাগে। সদায় নিজৰি কলম বা ফাউনটেইন পেন ব্যৱহাৰ কৰিব লাগে; কাঠ পেঞ্চিল, বল কলম, হাইটেক কলম, স্কেচ্ছ কলম, ফলি-পেঞ্চিল, ছবি আঁকা বিভিন্ন কলম আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কাৰণ সাধাৰণ নিজৰি কলমৰ তুলনাত এইবোৰ কলমৰ বিশ্বাসযোগ্যতা কম— হঠাতে নিলিখা হৈ যোৱাৰ সম্ভাৱনা অধিক। তদুপৰি বল কলমেৰে লিখিলে লিখাৰ দ্ৰুততা বাঢ়ে বুলি কোৱা শুনা যায়, কিন্তু ই সম্পূৰ্ণ ভুল ধাৰণা। আনহাতে কাঠ পেঞ্চিলেৰে কিছু দ্ৰুতভাৱে লিখিব পাৰি যদিও যিহেতু পৰীক্ষাত কাঠ পেঞ্চিলেৰে লিখা নহ’ব, প্ৰথমৰ পৰাই তাক পৰিহাৰ কৰিবই লাগিব। অৱশ্যে আজিকালি বজাৰত উৎকৃষ্টমানৰ বল কলমো পোৱা যায়। অত্যন্ত সুবিধাজনক বুলি অনুভৱ কৰিলে কোনোবা ছাত্ৰ-ছাত্ৰীৰ তাকো ব্যৱহাৰ কৰাত বাধা নাই। বহুতো ছাত্ৰ-ছাত্ৰীৰ মাটি পেঞ্চিলেৰে কাঠৰ বা মাটিৰ ফলিত মুখস্থ কৰিবলগীয়া কথাবোৰ লিখি চোৱাৰ— বিশেষকৈ অংক অভ্যাস কৰাৰ বদভ্যাস আছে। ই অত্যন্ত বিপদজনক। ফলি-পেঞ্চিলৰ ব্যৱহাৰে কাগজত লিখাৰ দ্ৰুততা বহুখিনি কমাই দিয়ে। অৱশ্যে নিজৰি কলম বা বল কলমৰ বাহিৰেও আন কিছুমান উন্নত কলমো আজিকালি বজাৰত পোৱা যায়। বেছ কিছুদিন ব্যৱহাৰ কৰি তাৰ বিশ্বাসযোগ্যতা সম্পৰ্কে নিশ্চিত হৈহে পৰীক্ষাত তেনেবোৰ কলম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’ব লাগে। তদুপৰি উন্নত নিজৰি কলম হ’লেও নতুনকৈ কিনিয়েই পৰীক্ষাত ব্যৱহাৰ কৰিম বুলি ভাবিব নালাগে। কাৰণ একেবাৰে নতুন কলমৰ নিব খহটা হৈ থাকে আৰু লিখাৰ দ্ৰুততা পোৱা নাযায়। [ ৪২ ] আনহাতে বেছি পুৰণি হ'লেও বেছি চিয়াঁহী ওলোৱাৰ ফলত লিখাৰ আঁক বেছি বহল হোৱা আদি কলমৰ বিভিন্ন ৰোগে দেখা দিয়ে। গতিকে পৰীক্ষাত বেছি পুৰণি কলম ব্যৱহাৰ কৰাটোও অসুবিধাজনক। সবাতোকৈ সুবিধাজনক হ’ল অধ্যয়নৰ এইটো স্তৰৰ আৰম্ভণিতে দুটি উন্নত ধৰণৰ কলম কিনি সেই কলমেৰেই লিখিবলৈ আৰম্ভ কৰা। অংক, বিজ্ঞান, ভূগোল আদি বিষয়ৰ ছবিবোৰ ক’লা চিয়াঁহীৰ হাইটেক কলমেৰে অঁকাৰ অভ্যাস কৰিব লাগে। ছবি আঁকিবৰ কাৰণে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে কাঠ পেঞ্চিল আৰু ৰবৰ ব্যৱহাৰ কৰে এইটো যুক্তিত যে, ছবিবোৰ ভুল হলে মচিব পৰা যায়। কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত এইটো সুবিধাজনক নহয়, কাৰণ মচি মচি ছবি আঁকিবৰ বাবে সময় পোৱা নাযাব। গতিকে একেবাৰে ক’লা চিয়াঁহীৰ হাইটেক কলমেই উত্তম। তদুপৰি কাঠ পেঞ্চিলেৰে আঁকা ছবি ঘঁহনি খাই অস্পষ্ট হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে আখৰ লিখা কলমৰ দৰেই এই ক্ষেত্ৰতো পৰীক্ষাত একেবাৰে নতুন কলম ব্যৱহাৰ নকৰি কিছুদিন আগৰে পৰা ব্যৱহাৰ কৰা কলমহে ব্যৱহাৰ কৰিব লাগিব। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰা চিয়াঁহীৰ ৰঙো এটি গুৰুত্বপূৰ্ণ কথা। নীলা বা ক’লা-নীলা উজ্জ্বল ৰঙৰ উন্নতমানৰ চিয়াঁহীৰ বাহিৰে আন ৰঙৰ বা নিম্নমানৰ চিয়াঁহী ব্যৱহাৰ কৰিব নালাগে। ৰঙা, সেউজীয়া বা ক’লা আদি ৰঙৰ চিয়াঁহী ছবিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি যদিও সাধাৰণ লিখাত এনেবোৰ ৰঙৰ চিয়াঁহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি নিম্নমানৰ চিয়াঁহীৰ লিখাৰ ৰং কম সময়তে ঢেলা বা শেঁতা হৈ যোৱাৰ সম্ভাৱনা থাকে। কাগজ আৰু কলমৰ বাহিৰেও পৰীক্ষাত ব্যৱহাৰ হোৱা আন বস্তুবোৰ হ’ল— স্কেল, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ আদি বিভিন্ন সৰু-সুৰা যন্ত্ৰপাতি। পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ এইখিনি সময়তে এনেবোৰ যন্ত্ৰও খৰকৈ আৰু শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কলমৰ দৰেই পৰীক্ষাত ব্যৱহাৰ কৰিব খোজা নিৰ্দিষ্ট স্কেলপাট বা কম্পাছডাল নাইবা কোণমান যন্ত্ৰটোহে অভ্যাসৰ সময়তো ব্যৱহাৰ কৰি এইবোৰৰ লগত এক চিনাকি সম্বন্ধ গঢ়ি তুলিব লাগে। অৱশ্যে এনেবোৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈয়েই ছবিবোৰ আঁকিবলৈ যত্ন কৰিব লাগে, কাৰণ যন্ত্ৰপাতিৰ ব্যৱহাৰে সময়ৰ কিছু অপব্যয় কৰে। পৰীক্ষাত এইবোৰৰ ব্যৱহাৰেৰে ছবিবোৰ খুব বেছি ধুনীয়া কৰাৰ বিশেষ প্ৰয়োজনীয়তাও দেখা নাযায়।

 মুঠতে, পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ্থীসকলে পৰীক্ষা লিখাৰ সম্পূৰ্ণ পৰিবেশ গঢ়ি তুলিব লাগিব যাতে পৰীক্ষাসমূহ তেওঁলোকৰ বাবে এক অজান্তিমুলুকৰ ৰহস্যময় দানৱৰ দৰে নহৈ সদায় কাষে কাষে ঘূৰি ফুৰা মৰমৰ পোহনীয়া কুকুৰটো বা মেকুৰীজনীৰ দৰেহে পৰিগণিত হয়।