পৃষ্ঠা:Swagatam Pariksha.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


আনহাতে বেছি পুৰণি হ'লেও বেছি চিয়াঁহী ওলোৱাৰ ফলত লিখাৰ আঁক বেছি বহল হোৱা আদি কলমৰ বিভিন্ন ৰোগে দেখা দিয়ে। গতিকে পৰীক্ষাত বেছি পুৰণি কলম ব্যৱহাৰ কৰাটোও অসুবিধাজনক। সবাতোকৈ সুবিধাজনক হ’ল অধ্যয়নৰ এইটো স্তৰৰ আৰম্ভণিতে দুটি উন্নত ধৰণৰ কলম কিনি সেই কলমেৰেই লিখিবলৈ আৰম্ভ কৰা। অংক, বিজ্ঞান, ভূগোল আদি বিষয়ৰ ছবিবোৰ ক’লা চিয়াঁহীৰ হাইটেক কলমেৰে অঁকাৰ অভ্যাস কৰিব লাগে। ছবি আঁকিবৰ কাৰণে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে কাঠ পেঞ্চিল আৰু ৰবৰ ব্যৱহাৰ কৰে এইটো যুক্তিত যে, ছবিবোৰ ভুল হলে মচিব পৰা যায়। কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত এইটো সুবিধাজনক নহয়, কাৰণ মচি মচি ছবি আঁকিবৰ বাবে সময় পোৱা নাযাব। গতিকে একেবাৰে ক’লা চিয়াঁহীৰ হাইটেক কলমেই উত্তম। তদুপৰি কাঠ পেঞ্চিলেৰে আঁকা ছবি ঘঁহনি খাই অস্পষ্ট হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে আখৰ লিখা কলমৰ দৰেই এই ক্ষেত্ৰতো পৰীক্ষাত একেবাৰে নতুন কলম ব্যৱহাৰ নকৰি কিছুদিন আগৰে পৰা ব্যৱহাৰ কৰা কলমহে ব্যৱহাৰ কৰিব লাগিব। পৰীক্ষাত লিখিবলৈ ব্যৱহাৰ কৰা চিয়াঁহীৰ ৰঙো এটি গুৰুত্বপূৰ্ণ কথা। নীলা বা ক’লা-নীলা উজ্জ্বল ৰঙৰ উন্নতমানৰ চিয়াঁহীৰ বাহিৰে আন ৰঙৰ বা নিম্নমানৰ চিয়াঁহী ব্যৱহাৰ কৰিব নালাগে। ৰঙা, সেউজীয়া বা ক’লা আদি ৰঙৰ চিয়াঁহী ছবিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি যদিও সাধাৰণ লিখাত এনেবোৰ ৰঙৰ চিয়াঁহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি নিম্নমানৰ চিয়াঁহীৰ লিখাৰ ৰং কম সময়তে ঢেলা বা শেঁতা হৈ যোৱাৰ সম্ভাৱনা থাকে। কাগজ আৰু কলমৰ বাহিৰেও পৰীক্ষাত ব্যৱহাৰ হোৱা আন বস্তুবোৰ হ’ল— স্কেল, কাঁটা-কম্পাছ, কোণমান যন্ত্ৰ আদি বিভিন্ন সৰু-সুৰা যন্ত্ৰপাতি। পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ এইখিনি সময়তে এনেবোৰ যন্ত্ৰও খৰকৈ আৰু শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কলমৰ দৰেই পৰীক্ষাত ব্যৱহাৰ কৰিব খোজা নিৰ্দিষ্ট স্কেলপাট বা কম্পাছডাল নাইবা কোণমান যন্ত্ৰটোহে অভ্যাসৰ সময়তো ব্যৱহাৰ কৰি এইবোৰৰ লগত এক চিনাকি সম্বন্ধ গঢ়ি তুলিব লাগে। অৱশ্যে এনেবোৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈয়েই ছবিবোৰ আঁকিবলৈ যত্ন কৰিব লাগে, কাৰণ যন্ত্ৰপাতিৰ ব্যৱহাৰে সময়ৰ কিছু অপব্যয় কৰে। পৰীক্ষাত এইবোৰৰ ব্যৱহাৰেৰে ছবিবোৰ খুব বেছি ধুনীয়া কৰাৰ বিশেষ প্ৰয়োজনীয়তাও দেখা নাযায়।

 মুঠতে, পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ছোৱাত পৰীক্ষাৰ্থীসকলে পৰীক্ষা লিখাৰ সম্পূৰ্ণ পৰিবেশ গঢ়ি তুলিব লাগিব যাতে পৰীক্ষাসমূহ তেওঁলোকৰ বাবে এক অজান্তিমুলুকৰ ৰহস্যময় দানৱৰ দৰে নহৈ সদায় কাষে কাষে ঘূৰি ফুৰা মৰমৰ পোহনীয়া

কুকুৰটো বা মেকুৰীজনীৰ দৰেহে পৰিগণিত হয়।

৪২