পৃষ্ঠা:Swagatam Pariksha.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৰীক্ষাৰ প্ৰায়োগিক বা টেকনিকেল কথাখিনি

 আমি আগতেই আলোচনা কৰিলো যে, মুখস্থই হৈছে পৰীক্ষাৰ বাবে পাঠসমূহ আয়ত্ত কৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। কিন্তু এই মুখস্থ কেৱল মৌখিক হ’লেই নহ’ব। শুদ্ধভাৱে আৰু সম্পূৰ্ণকৈ পৰীক্ষাৰ বহীত নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিব পৰাটোহে মুখ্য কথা। গতিকে পাঠসমূহ আয়ত্ত কৰা বুলিলে মুখস্থ কৰি লিখিব পৰাটোহে বুজাব, কেৱল মৌখিকভাৱে গাই গলেই নহ’ব। গতিকে লিখি লিখি মুখস্থ কৰাহে ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ কৰ্তব্য। কাগজ আৰু কলমৰ ব্যৱহাৰ সম্পৰ্কে মনোযোগ দিয়াটো এটা অতি গুৰুত্বপূৰ্ণ কথা। পৰীক্ষাৰ্থীসকলে পাঠসমূহ অধ্যয়ন কৰাৰ সময়ত লিখাৰ ক্ষেত্ৰত যিমানদূৰ সম্ভৱ পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া ধৰণৰ কাগজ আৰু কলম ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি খহটা বা মিহি কাগজ ব্যৱহাৰ কৰিব নালাগে। সদায় নিজৰি কলম বা ফাউনটেইন পেন ব্যৱহাৰ কৰিব লাগে; কাঠ পেঞ্চিল, বল কলম, হাইটেক কলম, স্কেচ্ছ কলম, ফলি-পেঞ্চিল, ছবি আঁকা বিভিন্ন কলম আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কাৰণ সাধাৰণ নিজৰি কলমৰ তুলনাত এইবোৰ কলমৰ বিশ্বাসযোগ্যতা কম— হঠাতে নিলিখা হৈ যোৱাৰ সম্ভাৱনা অধিক। তদুপৰি বল কলমেৰে লিখিলে লিখাৰ দ্ৰুততা বাঢ়ে বুলি কোৱা শুনা যায়, কিন্তু ই সম্পূৰ্ণ ভুল ধাৰণা। আনহাতে কাঠ পেঞ্চিলেৰে কিছু দ্ৰুতভাৱে লিখিব পাৰি যদিও যিহেতু পৰীক্ষাত কাঠ পেঞ্চিলেৰে লিখা নহ’ব, প্ৰথমৰ পৰাই তাক পৰিহাৰ কৰিবই লাগিব। অৱশ্যে আজিকালি বজাৰত উৎকৃষ্টমানৰ বল কলমো পোৱা যায়। অত্যন্ত সুবিধাজনক বুলি অনুভৱ কৰিলে কোনোবা ছাত্ৰ-ছাত্ৰীৰ তাকো ব্যৱহাৰ কৰাত বাধা নাই। বহুতো ছাত্ৰ-ছাত্ৰীৰ মাটি পেঞ্চিলেৰে কাঠৰ বা মাটিৰ ফলিত মুখস্থ কৰিবলগীয়া কথাবোৰ লিখি চোৱাৰ— বিশেষকৈ অংক অভ্যাস কৰাৰ বদভ্যাস আছে। ই অত্যন্ত বিপদজনক। ফলি-পেঞ্চিলৰ ব্যৱহাৰে কাগজত লিখাৰ দ্ৰুততা বহুখিনি কমাই দিয়ে। অৱশ্যে নিজৰি কলম বা বল কলমৰ বাহিৰেও আন কিছুমান উন্নত কলমো আজিকালি বজাৰত পোৱা যায়। বেছ কিছুদিন ব্যৱহাৰ কৰি তাৰ বিশ্বাসযোগ্যতা সম্পৰ্কে নিশ্চিত হৈহে পৰীক্ষাত তেনেবোৰ কলম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’ব লাগে। তদুপৰি উন্নত

নিজৰি কলম হ’লেও নতুনকৈ কিনিয়েই পৰীক্ষাত ব্যৱহাৰ কৰিম বুলি ভাবিব নালাগে। কাৰণ একেবাৰে নতুন কলমৰ নিব খহটা হৈ থাকে আৰু লিখাৰ দ্ৰুততা পোৱা নাযায়।

৪১