স্বাগতম পৰীক্ষা/পাঠ আয়ত্তকৰণৰ আগকথা

[ ৩৯ ]

 

পাঠ আয়ত্তকৰণৰ আগকথা

 আগৰ অনুচ্ছেদত আমি এটি নিৰ্দিষ্ট বছৰৰ বাবে আৱশ্যকীয় প্ৰশ্নৰ বাছনি সম্পৰ্কে আলোচনা কৰিছো। এই অনুচ্ছেদত ইয়াৰ ওপৰত ভিত্তি কৰি অতি দৰকাৰী, দৰকাৰী আদি বিভিন্ন শিতানত ভাগ কৰা পাঠসমূহ আয়ত্ত কৰাৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। অৱশ্যে অধ্যয়ন আৰম্ভ কৰাৰ আগতে এটি বিস্তৃত পৰিকল্পনা কৰি লোৱাৰ প্ৰয়োজন। টোকা প্ৰস্তুত কৰাৰ সময়ত যেনেদৰে অধ্যয়নৰ তালিকা বা ৰুটিন আমি অনুসৰণ কৰিছিলো, তেনেদৰে টোকাসমূহৰ অধ্যয়নৰ ক্ষেত্ৰতো অধ্যয়নৰ তালিকা প্ৰয়োজনীয়। সাধাৰণতে আগৰ দৰেই বৃত্তীয় অধ্যয়ন তালিকাই সুবিধাজনক যদিও নিজৰ ব্যক্তিগত সুবিধা-অসুবিধাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে আন ধৰণৰ তালিকাও অনুসৰণ কৰিব পাৰে। অৱশ্যে কোনো ধৰণৰ অধ্যয়নৰ তালিকা অনুসৰণ নকৰাকৈয়ে বা টোকা আদি প্ৰস্তুত নকৰাকৈয়ে পৰীক্ষাত চমকপ্ৰদ ফলাফল দেখুওৱাৰ উদাহৰণ আছে। কিন্তু এইবোৰ ব্যতিক্ৰম বুলিহে ধৰিব লাগে। অধ্যয়ন আৰম্ভ কৰাৰ আগতে, পৰীক্ষাৰ আগতে পাব পৰা মুঠ সময় হিচাপ কৰি উলিয়াব লাগে আৰু প্ৰতিটো বিষয়ৰ বাবে পাব পৰা সময় জানি ল’ব লাগে। সাধাৰণতে সমান নম্বৰৰ বিষয়ৰ অধ্যয়নৰ বাবে সমান পৰিমাণৰ সময় লোৱাটোৱেই নিয়ম যদিও বিষয়ৰ কঠিনতা আদি চাই বিষয় অনুযায়ী লোৱা সময়ৰ কিছু তাৰতম্য ঘটাব লাগিব পাৰে। তদুপৰি প্ৰতিটো বিষয়ৰ বাবে ৰখা সময়ৰ শেষৰ ২০%-২৫% সময় পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ বাবে ৰাখিবই লাগিব আৰু বাকী সময়খিনিৰ ভিতৰতে কমেও এবাৰ অত্যন্ত দৰকাৰী আৰু দৰকাৰী অংশখিনি আয়ত্ত কৰিবই লাগিব। আয়ত্ত কৰা মানে এইটোৱেই বুজোৱা হৈছে যে, পৰীক্ষাত আয়ত্ত কৰা বিষয়বোৰৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা যিকোনো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে নম্বৰ অনুযায়ী চুটি বা দীঘলকৈ কৰিব পাৰিব লাগিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে বিষয়বোৰ গভীৰভাৱে অধ্যয়ন কৰিব লাগিব, ভালদৰে বুজিব লাগিব, পৰিষ্কাৰভাৱে ধাৰণা কৰিব লাগিব আৰু অৱশেষত নিখুঁতভাৱে মুখস্থ কৰিব লাগিব। ইয়াৰে প্ৰথম তিনিটা পৰ্যায় ছাত্ৰ-ছাত্ৰীসকলে টোকা প্ৰস্তুত কৰোতে পাৰ হৈ আহিছেই। এতিয়া চতুৰ্থ পৰ্যায়টোহে বাকী আছে। এই আটাইকেইটা পৰ্যায়ৰ ভিতৰত শেষ পৰ্যায়টোৱেই পৰীক্ষাৰ বাবে সবাতোকৈ দৰকাৰী। কাৰণ পৰীক্ষাৰ বাবে দিয়া বিভিন্ন বাধ্যবাধকতাৰ ভিতৰত নিখুঁতভাৱে, শুদ্ধকৈ প্ৰশ্নোত্তৰসমূহ বহীত [ ৪০ ] লিখিব পৰাটোৱেই মূল কথা; অধ্যয়ন কৰা, বুজি পোৱা বা ধাৰণা কৰা কথাবিলাক সাধাৰণতে পৰীক্ষাৰ বহীত পৰিস্ফুট নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইবোৰ পৰ্যায় সম্পূৰ্ণৰূপে বৰ্জনীয়। এই পৰ্যায়কেইটাৰ মাজেৰে নাহিলে বিষয়বোৰ মুখস্থ হোৱাটো কঠিন। তদুপৰি কিছুমান কঠিন প্ৰশ্নৰ ক্ষেত্ৰত আটাইকেইটা পৰ্যায়ৰে শেহলৈকে যথেষ্ট গুৰুত্ব আছে।

 পৰীক্ষাৰ বাবে সকলো ধৰণৰ পৰিকল্পনা কৰি লোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে গভীৰভাৱে অধ্যয়নৰ বাবে সাজু হ’ব লাগে। অধ্যয়ন কোঠাৰ পৰিবেশ আগতে আলোচনা কৰাৰ দৰে অধ্যয়নৰ উপযোগী কৰি ল’ব লাগে। শব্দ, পোহৰ, উত্তাপ, বতাহ আদি সঠিক হ’ব লাগে। এইখিনিতে অধ্যয়নৰ সময় সম্পৰ্কে কিছু কথা আলোচনা কৰি লোৱা ভাল হ’ব। পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ হ’লে কিমান সময় পঢ়িব লাগে— এই প্ৰশ্নটো সকলো সময়তে ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ মনত উদয় হোৱা দেখা যায়। ‘দি মোৰ ইউ ৰিড, দি মোৰ ইউ লাৰ্ণ’, অৰ্থাৎ ‘যিমানে পঢ়িবা, সিমানে শিকিবা’। শৰীৰৰ অপকাৰ নোহোৱাকৈ যিমান বেছি পঢ়িব পাৰি সিমানেই ভাল। ব্যক্তিবিশেষে কিছু তাৰতম্য হ’ব পাৰে যদিও সাধাৰণতে বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ লেখীয়া পৰীক্ষাৰ ক্ষেত্ৰত দিনে ১২ ঘণ্টাৰ কম পঢ়িলে পৰীক্ষাত ভাল ফলাফল আশা কৰা কঠিন। এনেবোৰ পৰীক্ষাত উচ্চ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলেও বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত সাক্ষাৎকাৰ আদিৰ যোগেদি এই তথ্যকে প্ৰকাশ কৰা দেখা যায়। খাদ্য, জিৰণি আৰু ব্যায়ামৰ জৰিয়তে স্বাস্থ্য অটুট ৰাখিলে দিনে ১২ ঘণ্টা অধ্যয়ন কৰা কোনো কঠিন কাম নহয় বা স্বাস্থ্যৰ বাবে অপকাৰীও নহয়, ই প্ৰধানতঃ অভ্যাসৰহে কথা। আগতে কম সময় অধ্যয়ন কৰাৰ অভ্যাস থাকিলেও ছাত্ৰ-ছাত্ৰীসকলে চেষ্টাৰ জৰিয়তে ইয়াক কমেও ১২ ঘণ্টালৈকে বঢ়াবই লাগিব। অধ্যয়ন যিহেতু প্ৰধানকৈ চকু আৰু মগজুৰ কাম, অধ্যয়নৰ বাহিৰে চকু আৰু মগজুত জোৰ পৰা আন সকলো কাম যিমান পাৰি বাদ দিব লাগে। পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়খিনিত ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলে পৰাপক্ষত দূৰদৰ্শন চোৱা, কথাছবি গৃহত কথাছবি চোৱা, বাহিৰা কিতাপ পঢ়া, ছবি আঁকা, ফুল তোলা, দবা খেলা, তৰ্ক, কুইজ আদিত যোগদান কৰা আদি কামৰ পৰা বিৰত থকা উচিত। তদুপৰি অপৰিহাৰ্য নিত্য-নৈমিত্তিক কামসমূহো এনেদৰে ভগাই ল’ব লাগে যাতে, এইবোৰে একেৰাহে চলি থকা অধ্যয়নৰ মাজৰ কিছু জিৰণিৰ দৰেহে কাম কৰে। মুঠতে অধ্যয়নত সময়ৰ সৰ্বাধিক বুদ্ধিমান ব্যৱহাৰেই পৰীক্ষাৰ আগমুহূৰ্তৰ এই সময়ৰ মুখ্য কথা আৰু ইয়াৰ ওপৰতেই পৰীক্ষাৰ্থীসকলৰ ফলাফল যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব৷