[  ]

স্বপ্ন চৰিত।


শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী দ্বাৰা

সংগৃহিত।

তৃতীয় তাঙৰণ


প্ৰকাশক।
শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী;
পোঃ আঃ ৰিহাবাৰি, আসাম।
১৯১০।


আসাম ৰিহাবাৰি গৌৰীশঙ্কৰ যন্ত্ৰত,
শ্ৰীৰত্নেশ্বৰ চক্ৰবৰ্ত্তী দ্বাৰা ছাপা হ’ল৷


 বেচ ৵৹ দুইঅনা মাথোন।

[  ]

স্বপ্ন চৰিত।

স্বপ্নেতু প্ৰথমে যামে সম্বৎসৰ ফলং লভেৎ।
দ্বিতীয়ে সপ্তভিৰ্ম্মাসৈঃ স্ত্ৰিভিৰ্ম্মাসৈ স্ত্ৰিযামকে॥
চতুৰ্থে সাৰ্দ্ধমাসেন দৃশ্যতে নাত্ৰ সংশয়ঃ।
অৰুণোদয় বেলায়াং দশাহেন ফলং লভেৎ॥
প্ৰাতংদৃষ্ট। ভবেৎ সদ্যে। যদাসৌ প্ৰতি বুদ্ধ্যতি।
যোন সুপ্যতি স্বপ্নান্তে স্বপ্নো ভবতি নিশ্চয়ঃ।
দুঃস্বপ্নোহ বাথ স্বপ্নঃ শয়নেচ বিনশ্বতি॥

 নিশাৰ প্ৰথম পৰত যি সপোন দেখে তাৰ ফল বছৰৰ ভিতৰত, দ্বিতীয় পৰত দেখিলে সাত মাহৰ ভিতৰত, তৃতীয় পৰত দেখিলে, তিনি মাহৰ ভিতৰত, চতুৰ্থ পৰত দেখিলে, ডেৰমাহত, সূৰ্য্য উদয়ৰ পূৰ্ব্বে দেখিলে দহদিনত, আৰু ৰাতিপুৱা দেখিলে শীঘ্ৰে তাৰ ফল পায়। ভাল সপোন দেখি সাৰ পায় যি ঘূৰি নোশোৱে তেঁৱেই হে তাৰ ফল পায়। কিন্তু সপোন দেখি পুনৰ টোপনি আহিলে তাৰ ফল নিশ্চয় নষ্ট হয়।

দুঃস্বপ্ন দেখিলে পুনঃ নিদ্ৰাকৰা আৰু অন্যৰ আগত প্ৰকাশ নকৰা ভাল। [  ]

চিন্তা দুঃখেন শোকেন ব্যাধি গ্ৰস্তেন বা পুন।
কামোৎসুকেন চিত্তেন স্বপ্নে নফল ভাগভবেৎ।।
চিন্তান্বিত দুঃখিত শোকাৰ্ত্ত বেমাৰী আৰু কামাৰ্ত্ত
লোকে স্বপ্ন দেখিলে সেই স্বপ্ন নফলিয়াই।

জড়ো মুত্ৰ পুৰীযেন পীড়িতশ্চ ভয়াকুলঃ।
দিগম্বৰো মুক্ত কেশো নলভেৎ স্বপ্নজং ফলং।।
বিষ্ঠা, মুত্ৰেৰে লিপ্ত, ৰোগী, ভয়াতুৰ, উলঙ্গ ও চুলি
মেল খাই থকা লোকে স্বপ্ন দেখিলে ফল নেপাই।

দেবতাচ দ্বিজা গাবঃ পিতৰৌ লিঙ্গিন স্তথা।
যস্বদম্ভি বৰং স্বপ্নে তত্তথৈব ভবিষ্যতি৷।
স্বপ্নত দেৱতা, ব্ৰাহ্মণ, গৰু, পিতৃ সকল আৰু সন্ন্যা-
সীয়ে যি কথা কয়, সেই কথা দিঠকত অৱশ্যে ফলে॥

শুক্লাম্বৰধৰা নাৰী শুক্ল গন্ধানুলেপনা।
অবগূহতি যং স্বপ্নে তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং।৷
বগা কাপোৰ, বগা চন্দন লোৱা মাইকী মানুহে স্বপ্নত
যাক আলিঙ্গন কৰে তেওঁৰ শ্ৰী আৰু সুখ বাঢ়ে।

পীতাম্বৰ ধৰা নাৰী পীত গন্ধানুলেপনা।
অবগূহতি যং স্বপ্নে লক্ষীস্তস্য বিনিদ্দিশেৎ।।

[  ]

 হালধিয়া কাপোৰ আৰু চন্দন পিন্ধা মাইকী মানুহে যাক আলিঙ্গন কৰে তেওঁৰ সম্পত্তি বাঢ়ে।

স্বপ্নাতে কুৰুতে ক্ষৌৰং নিৰ্গদস্য গদস্য বা।
আসম মৰণং তস্য ধন পুত্ৰ বিনাশনং।৷

 যদি স্বপ্নত নাপিতে মুৰ খুৰুৱা দেখে তেন্তে বেমাৰী বা সুস্থ শৰীৰ হলেও তেওঁৰ আসন্ন মৃত্যু ও ধন পুত্ৰ বিনাশ হব।

দন্তা যস্যবিশীৰ্যন্তে স্বপ্নান্তে প্ৰপতন্তিচ।
ধননাশো তষেত্তস্য পীড়া বাপি শৰীৰজা।

 স্বপ্নত দাঁত বোৰ লৰা আৰু সৰিপৰা যেন দেখিলে তেওঁৰ নিশ্চয় ধন নাশ হব, নতুবা শৰীৰত অনেক বেমাৰ উপস্থিত হ’ব।

অভ্যঙ্গো বস্তু তৈলেন মধুনচি ঘৃতেন বা।
কুৰুতে দুঃখ মাপ্নোতি ব্যাধিঞ্চ বধ বন্ধনং।৷

 তেলেৰে, মৌৰে, ঘিঁউৰে, স্বপ্নত, গা ঘঁহা দেখিলে, সেই মানুহৰ ৰোগ, দুঃখ নতুবা দুৰ্দ্দশা ঘটে।

ৰথং হৰিণ সংযুক্তমেকাকী যোহধিৰোহতি।
ঊষ্ট্ৰং বা মহিষং বাপি তস্যমৃত্যু ব্বিনিৰ্দ্দিশেৎ।৷

[  ]

 অকলৈ হৰিণাই টনা ৰথত, উঁট বা মহত উঠা সপোন দেখে তেন্তে তেওঁ নিশ্চয় মৰে।

শুচিঞ্চ ব্ৰাহ্মণ দৃ্ট্বা। দেবতাম্বা বিশেষতঃ
ব্যবহাৰে জয়স্তস্য ধনম্বা বিপুলং ভবেৎ॥

 শুদ্ধ ব্ৰাহ্মণ আৰু দেৱতা দেখিলে বিবাদত তেওঁৰ জয় হব বা বহুত ধন পায়।

যস্তু শ্বেতেন সৰ্পো দংশতে দক্ষিণেভুজে।
অৰ্থলাভো ভবেত্তস্য সম্পূৰ্ণে দশমে দিনে॥

 স্বপ্নত যাৰ হাতত বগা সাপে খোটে দহ দিনৰ মূৰত তেওঁৰ অৰ্থ লাভ হয়।

কৰেণ কৃত্বা হস্তী যং মস্তকে স্থাপয়েদযদি।
ৰাজ্য লাভো ভবেত্তস্য নিশ্চিতঞ্চ শ্ৰুতৌশ্ৰুতং।

 হাতীয়ে যাক শুৰেৰ মুৰত তোলে, তাৰ নিশ্চয় ৰাজ্য লাভ বা উন্নতি হয়।

বায্যং নৰ্ত্তন গীতঞ্চ গায়নং ৰক্ত বাসসং।
মৃদঙ্গ বাদনঞ্চৈব দৃষ্টা দুঃখং লন্ধ্ৰেবম্‌।

 বাদ্য বজোৱা, নচা, গানগোৱা, আৰু মৃদঙ্গ বজোৱা, অৰু ৰাঙ্গা কাপোৰ দেখিলে দুখ পায়। [  ]

ব্ৰাহ্মণো ব্ৰাহ্মণী বালা বালকো বা সুতঃসুতা।
বিদায়ং কুৰুতে কোপাৎ দৃষ্ট্বা দুঃখ মবাপ্নুয়াৎ।

ব্ৰাহ্মণ, ব্ৰাহ্মণী, ছোৱালী, ল’ৰা, বা নিজৰ লৰাছোৱালীৰে যদি খং কৰি বিদায় লোৱা দেখে, তেন্তে তেওঁৰ কিবা দুঃখ হব বুলি জানিবা।

কুবেশ ৰূপং ম্লেচ্ছঞ্চ যম দূতম্ভয়ঙ্কৰং।
পাশহস্তাস্পাশ যুক্তং দৃষ্ট্া মৃত্যুং লভেন্নৰঃ।

কুৎচিৎ কাপোৰ পিন্ধা ব্ৰাহ্মণ ভিন্ন অন্য জাতি, মেলেছ মানুহে হাতত জৰি আৰু অস্ত্ৰ লৈ অহা দূত দেখিলে তেওঁৰ মৰণ হব।

কঙ্কঞ্চ শকুণং কাকং ভল্লুক বানৰং গৰং।
পূয়ং গাত্ৰ মলং স্বপ্নে কেবলং ব্যাধিকাৰণং।

কনুবা, শগুণ, কাউৰী, ভালুক, বান্দৰ, গড়, গাৰ পূঁয ও মলি এই বিলাক স্বপ্নত দেখিলে নিশ্চয় ৰোগ হয়৷

স্বপ্নে দৃষ্ট্ৰাচ তীৰ্থানি সৌধৰত্ন গৃহানিচ।
জয় যুক্তশ্চ ধনবান্ তীৰ্থস্নায়ী ভবেম্বৰঃ।

স্বপ্নত তীৰ্থ, পকাঘৰ সোণ আৰু ঘৰ দেখিলে তেওঁ জয় যুক্ত আৰু ধনী হৈ তীৰ্থ দৰ্শন কৰিবলৈ পায়। [  ]

জলৌকাং বৃশ্চিকঞ্চৈব সৰ্পঞ্চ যদি পশ্যতি।
ধনপুত্ৰঞ্চ বিজয়ম্পতিষ্ঠাম্বাল ভেদিতি।

জোক, বিছা, সাপ, দেখিলে তেওঁৰ ধন, পুত্ৰ, জয় আৰু কীৰ্ত্তি লাভ হয়।

দিব্যা স্ত্ৰী যদুগৃহং গত্বা পুৰীযং বিসৃজে যদি।
অৰ্থ লাভো ভবেতস্য দাৰিদ্ৰঞ্চ প্ৰযাতিহি৷

সুন্দৰী স্ত্ৰীলোকে যাৰ ঘৰলৈ গৈ শৌচ কৰে, সেই জনৰ দৰিদ্ৰতা দূৰ হৈ ধন বাঢ়ে।

যস্য গেহং সমায়াতঃ ভাৰ্য্যায়া ব্ৰাহ্মণো যদি।
পাৰ্ব্বত্যা সহ সম্ভুৰ্ব্বা লক্ষ্যা নাৰায়ণো হপিবা

স্বপ্নত যাৰ ঘৰলৈ সস্ত্ৰীক ব্ৰাহ্মণ আহে সেই ঘৰলৈ পাৰ্ব্বতী সহিত শিব, বা লক্ষ্মী সহিত বিষ্ণু আহে।

ভগ্নভাণ্ডং ক্ষতং শূদ্ৰঙ্গল কুষ্ঠ ৰোগীণং।
ৰক্তাবৰঞ্চ জটীলং শুকৰং মহিষং খৰং॥

অন্ধকাৰং মহাবোৰং মৃতজীবম্ভয়ঙ্কৰং।
দৃট্বাস্বপ্নে যোনি লিঙ্গং বিপত্তিং লভতেধ্ৰুবং॥

ভগা পাত্ৰ, ঘা ,সুদিৰ, বৰ, ৰুগীয়া, ৰঙ্গা কাপোৰ পিন্ধা, জটীয়া মানুহ, গাহৰি, মহ, গাধ, বড় এন্ধাৰ [  ] মৰি উখহি পৰি থকা জন্তুৰ শৱ আৰু স্ত্ৰী পুৰুষৰ চিন এই বিলাক স্বপ্নত দেখিলে বিপদ হব।

পাদুকা ফলকং ৰক্ত পুষ্প মাল্যং ভয়ানকং!
মাষংমচুৰং মৃদ্গম্বা দৃটা সদ্যে ব্ৰণম্ভবেৎ॥

খৰমৰ ফলি, ৰঙ্গা ফুলৰ মালা, মচুৰ ও মগু মাহ দেখিলে গ’ত খহু হয়।

পতিতং নখ কেশঞ্চ নিৰ্ব্বাণাঙ্গাৰ মেবচ।
ভস্ম, পূৰ্ণাঞ্চিতান্দৃষ্ট্বা লভতে মৃত্যু মেবচ॥

পৰিথকা নখ, চুলি, এঙ্গাৰ আৰু চিতাৰ ছাই এই বিলাক দেখিলে মৃত্যু হয়।

গোৰোচনং পতাকাম্বা হৰিদ্ৰা নিক্ষু দণ্ডক।
স্নিগ্ধান্নঞ্চ লভেৎ স্বপ্নে তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং।

গোৰেচনা, পতাকা, হালধি, কুঁহিয়াৰ, মিহিচাউলৰ ভাত স্বপ্নত পালে তেওঁৰ শ্ৰী আৰু সুখ বাঢ়ে।

দদাতিপুস্তকং স্বপ্নে যস্মৈ পুন্যবত্তেচ সঃ।
সভবেদ্বিশ্ব বিখ্যাতঃ কবীন্দ্ৰঃ পণ্ডিতেশ্বৰঃ।

স্বপ্নত যাক পুথি দিয়ে তেত্ত এজন বিখ্যাত কবী বা মহা পণ্ডিত হয়। [ ১০ ]

প্ৰাপ্নোতি পুম্ভকং স্বপ্নে পথিবা যত্ৰ তত্ৰ বা।
স পণ্ডিতো যশস্বীচ বিখ্যাতশ্চমহীতলে।

স্বপ্নত বাটত বা যতে ত’তে পৰিথকা পুথি পালে তেওঁ পণ্ডিত আৰু পৃথিবী বিখ্যাত লোক হব বুলি জানিবা।

স্বপ্নে যস্মৈমহামন্ত্ৰং বিপ্ৰাবিপ্ৰো দদাতিচেৎ।
সম্ভবেৎ পুৰুষঃ প্ৰাজ্ঞা ধনবান গুণবান সুধীঃ।

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণেই যাক মুল মন্ত্ৰ দিয়ে তেওঁ ধনী, গুণী আৰু বুদ্ধিমান হয়।

মৃতং বৎসঞ্চ মূণ্ডঞ্চ মৃগস্যচ নৰস্যবা।
যঃ প্ৰাপ্নোত্যস্থি মালাঞ্চ বিপত্তিস্তস্য নিশ্চিতং।

মৰি পৰি থকা গৰু পোৱালি, পহু বা মানুহৰ মুৰ আৰু হাৰৰ মালা পালে তেওঁৰ মৃত্যু ঘটে।

দধি দৃষ্ট্বাভ্ৰবেৎ প্ৰীতি গোময়ন ধনগমঃ।
ঘৃতে মন্দানলম্বিদ্য়াল্লাভঃ সিদ্ধাৰ্থ কেনতু॥

দৈ গাখীৰ দেখিলে প্ৰীতি বাঢ়ে, গোবৰ দেখিলে ধন পায় ঘিউ দেখিলে পেত বেয়া হয় আৰু বগাসৰিয়হ দেখিলে লাভ হয়। [ ১১ ]

কৃষ্ণাগুৰু চন্দনঞ্চ সদ্যোমাংসং সৰোৰুহং।
দৃষ্ট্বাচ পিষ্টকং স্বপ্নে অৰ্থলাভো নসংশয়ঃ।৷

অগৰু চন্দন, জীয়া মঙ্গহ, পদুম ফুল, পিঠা স্বপ্নত দেখিলে ধন লাভ হয়।

সুধা ৰুধিৰ মদ্যানাং পানাৎ ক্ষীৰস্য শোভনং।
জীবিতং ভূমি পালানাং সুহৃদমপি দৰ্শনং।৷

এৱাঁ গাখীৰ, তেজ, মদ, অমৃত, এই বিলাক পি খালে মঙ্গল হয়, ৰজা আৰু বন্ধু দৰ্শন হলে স্বাস্থ্যলাভ হয়।

কৃষ্ণাম্বৰ ধৰা নাৰী কৃষ্ণ গন্ধানুলেপনা।
অবগূহতি যৎ স্বপ্নে ৰোগং তস্য বিনিৰ্দ্দিশেৎ।৷

স্বপ্নত কলা কাপোৰ বা কলা চন্দন পিন্ধা তিৰোতাই আলিঙ্গন কৰা দেখিলে তেওঁৰ নিশ্চয় বেমাৰ হব।

অশোকং কবীৰঞ্চ পলাশং পুষ্পিতং তথা।
স্বপ্নমেতা দৃশং দৃষ্ট্বা নৰঃ শোক মবাপ্নুয়াৎ।৷

সপোনত ফুলিথকা অশোক, কৰবীৰ, পলাশ গছ দেখিলে শোক পায়। [ ১২ ]

যস্তু পশ্যতি স্বপ্নাতে বিবাহং স্বাপদন্তথা।
গেহে নটাশ্চনৃত্যন্তি মৃত্যু স্তস্য নসংশয়ঃ।৷

স্বপ্নত বিয়া দেখিলে আৰু কুকুৰ আদি হিংসুক জন্তু দেখিলে ঘৰৰ ভিতৰত নটীৰ নাচ দেখিলে তেওঁৰ নিশ্চয় মৃত্যু হয়।

দেবাশ্চ যত্ৰ গায়ন্তি নৃত্যন্তিচ হসন্তিচ।
আস্ফোটয়ন্তি ধায়ন্তি ব্যাধি স্তস্য বিনিৰ্দ্দিশেৎ।৷

দেৱতাৰ প্ৰতিমাই গান গোৱা, হঁহা, নচা, দেও পৰা, মন মাৰি চিন্তা কৰা স্বপ্নত দেখিলে নিশ্চয় বেমাৰ হয়।

সৰ্ব্বানি শুক্লানি সুশোভনানি, কাৰ্পাস তস্মাস্থি বিবৰ্জ্জিতানি।
সৰ্ব্বানি কৃষ্ণানি বিনিন্দিতানি গো হস্তী দেৱ দ্বিজবৰ্জ্জিতানি॥

কপাহ, ছাই, হাৰ, এই বিলাক এৰি স্বপ্নত সকলো বগা বস্তু দেখা ভাল, কলা গৰু, হাতী, দেৱতা, ও, ব্ৰহ্মণ, এই বিলাকৰ বাহিৰে আন কলা বস্তু দেখা ভাল নহয়। [ ১৩ ]

পূৰ্ণ কুম্ভং দ্বিজং বহ্নিং পুষ্পং তাম্বুল মন্দিৰং।
শুক্ল ধান্যং নটং বেশ্যাং দৃটা শ্ৰিয় মবাপ্নূয়াত।

পানী ভৰা কলহ, ব্ৰাহ্মণ, অগ্নি, বগাফুল, তামোল,পকা ঘৰ, বগধান, নট আৰু বেশ্যা এই বিলাকৰ কোনো এটা দেখিলে ধন বস্তু বাঢ়ে।

ভেলয়া সন্তৰেদ্ যোহি স প্ৰধানো ভবিষ্যতি।
আম্ৰাতকং ধাত্ৰী ফলং উৎপলঞ্চ ধনাগমঃ॥

নৈৰ পানীত ভূৰেৰে নিজে পাৰ হোৱা দেখিলে তেওঁ ৰজাৰ মন্ত্ৰীৰ পদ বা প্ৰধান হয়, আৰু অমৰা আমলখি ও ৰঙ্গা পদ্মফুল দেখিলে ধনপায়।

মৎস্যং মাংস মৌক্তিকঞ্চ শঙ্খং চন্দন হীৰকং।
যস্তু পশ্যতি স্বপ্নান্তে বিপুলং ধন মালভেৎ।

মাছ, মঙ্গহ, মুকুতা মণি, শঙ্খ, বগাচন্দন, আৰু হীৰা দেখিলে, তেওঁ বহুত ধন পায়।

কৱন্ধা যত্ৰ নৃত্যন্তি ধ্যায়ন্তি স্ফোটয়ন্তিচ।
দৌৰ্ম্মনস্যং ভবেত্তস্য পূনশ্চৈব বিনশ্যতি।

মুৰ নাইকিয়া শৱে নচা, ধ্যান কৰা ও দেও পৰা সপোনত দেখিলে মনোদুঃখ আৰু বিনাশ হয়। [ ১৪ ]

কঙ্কবায়স গৃধ্ৰানাং শুকস্যচ বিশেষতঃ।
ভূত্বা মাংসানি স্বপ্নান্তে নৰো মৃত্যু মবাপ্নূয়াৎ

হাৰ গিলা, কাউৰী, শগুণ ও ভাতৌৰ মঙ্গহ সপোনত খোৱা দেখিলে শীঘ্ৰে মৃত্যু হয়।

পতনং যস্যবৈ গৰ্ত্তে স্বপ্নে দ্বাৰং পিধায়তে।
নচো ত্তিষ্ঠতি যঃ শ্বভ্ৰাত্ত দন্তংতস্য জীবিতং।৷

স্বপ্নত গাঁতত পৰি উঠিব নোৱাৰিলে আৰু তাৰ পৰা নৌ উঠোতেই সাৰ পালে, তেওঁৰ অয়ুষ সিমানেই শেষ বুলি জানিব লাগে।

প্ৰাণত্যক্তং মৃতং দৃষ্ট্বা মৃত্যুঞ্চ লভতে ধ্ৰুবং।
মৎসাদি ধাৰয়েদ যোহি উদভ্ৰাতুৰ্ম্মৰণং ধ্ৰুবং।৷

তৎক্ষনাত প্ৰাণ গৈ মৰা দেখিলে তেওঁৰো শীঘ্ৰে মৃত্যু হয়, আৰু পানীত মাছ, কাছ আদি ধৰিলে তেওঁৰ ভায়েক মৰিব লাগে।

দিব্যা স্ত্ৰী সম্মিতা বিপ্ৰাা ৰত্ন ভূষিতা।
যস্য মন্দিৰ মায়াতি সমিং লভতে ধ্ৰুবং।

যাৰ ঘৰলৈ স্বপ্নত অলঙ্কাৰ পিন্ধি হাঁহি মুখে সুন্দৰী ব্ৰাহ্মণৰ তিৰোতা অহাদেখে, নিশ্চয় সেই মানুহৰ সম্পত্তি হয়। [ ১৫ ]

স্বপ্নেচ ব্ৰাহ্মণী দেবী ব্ৰাহ্মণো দেব কন্যকা।
ফলন্দদাতিযস্মৈচ তস্য পুত্ৰো ভবিষ্যতি।৷

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণে দেবপত্নী বা দেবতাৰ কন্যাই যাক ফল দিয়ে, তেওৰ পুত্ৰ লাভ হয়।

অকস্মাদ্বাদি স্বপ্নেতু লভতে সুৰতীং সতীং।
ভূমি লাভো ভবেত্তস্য ভাৰ্য্যা বাপি পতিব্ৰতা।৷

স্বপ্নত কদাচিৎ দনি কাম ধেনু গাই লাভ হয়, তেনে- হলে তেওঁ ভূমি বা সুন্দৰী পতিব্ৰতা কন্যা পাব।

মহিষ ভল্লুকা উষ্ট্ৰঃ শুকৰা গৰ্দ্দভাস্তথা।
ৰুক্টা ধাবন্তি যং স্বপ্নেস ৰোগা নাত্ৰ সংশয়।৷

স্বপ্নত ম'হ, ভালুক, উট, গাহৰি, গাধ, এই বিলাকে মাৰিবলৈ খেদি যোৱা দেখিলে তেওঁৰ গাত ৰোগ হয়।

বিৰোধিনশ্ব কাকাশ্চ কুক্কুৰা ভল্লুকাস্তথা।
পতন্ত্যা গত্য যগ্দাত্ৰে তস্য মৃত্যুন্নসংশয়ং।৷

হিংস্ৰ পশু, পক্ষী, কাউঁৰী, কুকুৰ, আৰু ভালুক আহি গাত পৰা দেখিলে তেওঁৰ নিশ্চয় মৰণ হব লাগে

পাশেন বন্ধনং কৃত্বা যং গৃহীত্বা প্ৰযাতিচ।
ষম দূতাশ্য বা ম্লেচ্ছাস্তস্য মৃত্যুৰ্ব্বিনিশ্চিতং।

[ ১৬ ]

যমদূত বা ম্লেচ্ছ জাতিয়ে যাক বান্ধি নিবলৈ ধৰে সেই জনৰ নিশ্চয় মৃত্যু ঘটে।

স্বপ্নে দদাতি মন্ত্ৰম্বা প্ৰতিম্বা শিলাময়ীং।
যস্মৈ দদাতি বিপ্ৰ শ্চেমন্ত্ৰ সিদ্ধিস্তদা ভবেৎ॥

স্বপ্নত ব্ৰাহ্মণে যাক মন্ত্ৰ বা শিলৰ প্ৰতিমা দিয়ে তেওঁৰ মন্ত্ৰ সিদ্ধি হয়।

স্বপ্নে বিপ্ৰো ৰথে বৃত্বা নানা স্বৰ্পং প্ৰদৰ্শয়েৎ।
চিৰায়ুৰ্দ্ধন বৃদ্ধিশ্চ সভবে ন্নাত্ৰ সংশয়।৷

স্বপ্নত ব্ৰাহ্মণে যাক ৰথত তুলি নানা স্বৰ্গ দেখাই লৈ ফুৰায় তেওঁ দীৰ্ঘজীবী আৰু ধনী হয়।

বিপ্ৰা বিপ্ৰশ্চ সন্তুটো যস্মৈ কন্যান্দদাতিচ।
স্বপ্নেচ সভবে ন্নিতং ধনাঢ়্যো ভূপতিঃ স্বয়ং॥

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণে সন্তুষ্ট হৈ যাক কন্যা দান দিয়ে তেওঁ ধনী বা ৰজা হয়।

স্বপ্নে সৰোবৰ ন্দৃষ্ট্বা সমুদ্ৰম্বা নদীং নদং।
শুক্লাহিং শুক্ল শৈলঞ্চ দৃষ্ট্বাশ্ৰিয় মবাপ্নূয়াৎ।

স্বপ্নত সৰোবৰ, সমুদ্ৰ, নদী, বগা সাপ, আৰু বগা পৰ্ব্বত দেখিলে ধন পায়। [ ১৭ ]

যঃ পশ্যতি মৃতং স্বপ্নেস চিৰায়ুৰ্ভবিষ্যতি।
আৰোগী ৰোগীণং দুঃখী সুখিনঞ্চ সুখী ভবেৎ॥

স্বপ্নত যাক মৰা দেখে সি দীৰ্ঘজীবি হয়, নিৰোগী লোকে ৰুগীয়া মানুহ দেখিলে ৰুগীয়া, ও সুখীয়া লোক দেখিলে সুখী হয়।

ক্ষাৰ কুণ্ডেষু চুৰ্ণেষু মৃত্যু স্তেষাং নসংশয়ঃ।
বলাৎ গৃহ্লাতি বস্ত্ৰঞ্চ ছত্ৰঞ্চ তস্য মস্তকাৎ।
পিৰ্ন্নাত্তশো ভবেত্তস্য গুৰোৰ্ব্বাপিনৃপস্যচ॥

খাৰ ও চুনৰ কুণ্ডত পৰিলে মৃত্যু হয়, আৰু যদি কোনো লোকে গাৰ বস্ত্ৰ বা মুৰৰ ছাতি কাঢ়িলৈ যায় তেন্তে তেওঁৰ পিতা গুৰু নতুবা সেই দেশৰ ৰজাৰ মৃত্যু হয়।

ৰথ গেহ বৃক্ষ শৈল গোহস্তি তুৰগাম্বৰাৎ।
ভূমৌ পততি যঃ স্বপ্নে বিপত্তিস্তস্য নিশ্চিতং॥

ৰথ, ঘৰ, গছ, পৰ্ব্বত, গৰু, হাতি, ঘোৰা আকাশ এই বিলাকত উঠি তাৰ পৰা মাটিত খহি পৰিলে তেওঁৰ বিপদ হয় ,

ছিন্ন বৃক্ষং পতন্তঞ্চ শিলা বৃষ্টিং তুষ ক্ষুৰং।
ৰক্তাঙ্গৰ ভষ্ম বৃষ্টিং দৃট্বা দুঃখ মবাপ্নুয়াৎ।৷

[ ১৮ ]

গুৰি কটা বা আপুনি উভলি পৰা গছ, শিলা বৃষ্টি তূহ, খুৰ তেজ আঙ্গাৰ, আৰু ছাই বৰষুণ, এই বিলাক দেখিলে দুখ পাব লাগে।

স্বপ্নেচ বালিকা ন্দৃষ্ট্বা লদ্ধা স্ফটিক মালিকাং
ইন্দ্ৰছাপং শুক্ল ঘনং সুপ্ৰতিষ্ঠাং লভেদ্ধ্ৰবং॥

স্বপ্নত ছোৱালী লৰা দেখিলে আৰু স্ফটিকৰ মালা পালে, ইন্দ্ৰ ধনু আৰু বগা মেঘ দেখিলে তেওঁৰ কীৰ্ত্তি লাভ হয়।

দিব্যা স্ত্ৰি যং প্ৰবদতি মম স্বামী ভব প্ৰভো।
স্বপ্নে দৃষ্ট্বাচ চি জাগত্তিস চ ৰাজালভেদ্ধ্ৰবং।৷

সুন্দৰী তিৰোতাই যাক তুমি মোৰ স্বামী হোৱা বুলি কয়, এই সপ্ন দেখি সাৰ পালে নিশ্চয়ে তেওঁ ৰজা হব লাগে।

স্বপ্নে বিপ্ৰো প্ৰবদতি মম দাসো ভবেতিচ।
হৰিদাসস্য তদ্ভক্তিং লব্ধা স বৈষ্ণবো ভবেৎ।

স্বপ্নত ব্ৰাহ্মণে যদি কোনো লোকক কয় যে তুমি মোৰ দাস হোৱাঁ তেনেহলে তেওঁ বৈষ্ণবৰ সেৱা কৰি হৰি ভক্তি পায় বৈষ্ণব হব লাগে। [ ১৯ ]

ক্ষীৰং পিবতি যঃ স্বপ্নে স্বগৌশ্চ দোহকৈৰ্যুতা।
তোয় পানাদপিতথা কীৰ্ত্তিঞ্চ পুন্য মাদিশেৎ।

স্বপ্নত যি গাখীৰ খায়, আপোনাৰ গৰু খিৰোৱা দেখে ও পানী পি-খায় তেওঁৰ কীৰ্ত্তি আৰু পুন্য বাঢ়ে

ৰাজ্যভিষেকশ্চ তথাছেদনং শিৰসো পিবা।
মৰণং বহ্নি লাভশ্চ বহ্নি দাহো গৃহাদিষু।
লব্ধেশ্চ ৰাজ লিঙ্গাণং তন্ত্ৰী বাদ্যভি বাদনং।

উদকো ত্তৰণস্তদ্বাত্তথা বিষয় লঙ্ঘনং।
হস্তিনীনাং গবাঞ্চৈব নাৰীনাং প্ৰসবো গৃহে।
আৰোহণম্বাশ্বৰথে ৰোদনঞ্চ শুভপ্ৰদং।

বপুঃ স্ত্ৰী শত লাভঞ্চ তথা লিঙ্গণ মেবচ।৷
নিগড়ৈৰ্ব্বন্ধনং ধন্যতথা বিষ্ঠানুলেপন।

ৰাজ্যত আপোনাক ৰজা পতা, নিজৰ মুৰ কটা, মৰণ হোৱা জুইএ পোৰা, জুয়ে নিজৰ ঘৰ পোৰা, ৰাজ অলঙ্কাৰপোৱা, বীনা বজোৱা, পানী বা গড় পাৰ হোৱা, ঘৰত মাখুন্দি হাতী, গাই গৰু বা তিৰুতা মানুহ প্ৰসৱ হোৱা, গাড়ী ঘোৰাত উঠা, কন্দা, অনেক তিৰোত, পাৱ স্ত্ৰী লোকে আলিঙ্গন কেৰা, ভৰিত [ ২০ ]

লোৱেৰে বন্ধা, আৰু গাত বিষ্ঠা লেপা, এই সকল অতিশয় শুভ।

আসনে শয়নে যানে শৰীৰে বাহনে গৃহে॥
জ্বল মানে বিবুদ্ধ্যেত তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং॥

নিজৰ আসন, বিচনা, গাড়ি, যান, গাৰ কাপোৰ,ঘৰ এই বিলাক জুই লগা দেখি সাৰ পালে তেওঁৰ শ্ৰী, সম্পত্তি ও সুখ বাঢ়ে।

দধিদৃষ্টা ভবেদ্ধদ্ধিঃ গোধুমেন ধনা গমঃ।
যবৈৰ্য্য জ্ঞাগমো বিদ্যালাভঃ সিদ্ধাৰ্থ কেনচ।
ফলিতং ফলিতে বিদ্যাৎ পুষ্পিনে বৃদ্ধি মাপ্নুয়াত।

দৈ গাখীৰ দেখিলে উন্নতি হয়, ঘেহুঁ দেখিলে ধন য-ধান দেখিলে যজ্ঞ ভাগ পায়, সেৱা সৰীয়হত অৰ্থ-লাভ হয়, ফলিত গছ দেখিলে কামনা পূৰ্ণ হয়, আৰু ফুল গছ দেখিলে উন্নতি বাঢ়ে।

উৰগো বৃশ্চিকো বাপি জলৌকা দৃশ্যতে যদি।
বিজয়ঞ্চাৰ্থ লাভশ্চ পুত্ৰ লাভো ভবে দিতি॥

সাপ, বিছা, জোক, এই বিলাক দেখিলে বিবাদত তেওঁৰ জয়, অৰ্থ ও পুত্ৰ লাভ হয়। [ ২১ ]

ক্ষীৰং পিবতি যঃ স্বপ্নে সফেনঃ দোহনী কৃতং।
সোম পানং ভবেত্তস্য তৎ পূৰ্ব্বং হেতুমাদিশে॥

সপোনত যি বেগেতে খিৰোৱা ফেন উঠি থকা গৰুৰ গাখীৰ পি খাই তেওঁৰ যজ্ঞ ভাগ পাবৰ পৃৰ্ব্ব লক্ষণ।

ৰুধিৰং পিবতি স্বপ্নে সুৰাম্বাপি কথঞ্চন।
ব্ৰাহ্মণো লভতে বিদ্যা মিতৰো লভতেধনং।৷

স্বপ্নত নিজে মদ বা তেজ খোৱা দেখিলে ব্ৰাহ্মণে বিদ্যা আৰু অন্য জাতিয়ে ধন পায়।

আদিত্য মণ্ডলং স্বপ্নে চন্দ্ৰম্বা যদি পশ্যতি।
পুত্ৰশ্চ জায়তে তস্য প্ৰতিষ্ঠাঞ্চ বিনিদ্দিশেৎ॥

স্বপ্নত সূৰ্য্য বা চন্দ্ৰ মণ্ডল দেখিলে তেওঁৰ পুত্ৰ আৰু বিদ্যাদিৰে যশস্যা লাভ হয়।

বানৰীং কুক্কটীং ক্ৰৌঞ্চীং লব্ধাযং প্ৰতি বুদ্ধ্যতে
সভাৰ্যং লভতে হৃদ্যাং সৰলাং প্ৰিয় দৰ্শনাং॥

স্বপ্নত বান্দৰী, মাইকী কুকুৰা, মাইকী কৰ্চ্চন চৰাই দেখি সাৰ পালে, তেওঁ সুন্দৰী কন্যা বিয়া কৰাবলৈ পায়। [ ২২ ]

লিঙ্গ মভ্যৰ্চ্চণন্দৃষ্টা প্ৰতিমাবাহনস্তথা।
বিবাদে বিজয়ন্তন্য ধনঞ্চ বিপুলং লভৎ॥

যি শিব লিঙ্গ বা প্ৰতিমা পূজা কৰা দেখে বিবাদত তেওঁৰ জয় হয় আৰু বহুত ধন পায়।

নৰ যানেৰোহেদ্যস্তু নৌকায়ান্তৰতে পিবা।
প্ৰবাসং নিৰ্দ্দিশেত্তস্য শীঘ্ৰ মাগমন ম্পূনঃ।৷

মানুহৰ কানত উঠা বা নাৱেৰে পাৰ হোৱা দেখিলে তেওঁৰ প্ৰবাস হয় আৰু শীঘ্ৰে ঘূৰি আহিবলৈ পায়।

উপানহৌচ ছত্ৰঞ্চ লধ্বাযঃ প্ৰতি বুদ্ধ্যতে।
অসিঞ্চ নিৰ্ম্মলং তীক্ষ্ন মধ্বানন্তস্য নিৰ্দ্দিশেৎ॥

জোতা, ছাতি, নিৰ্ম্মল দা-কটাৰি পাই সাৰ পালে তেওঁ শীঘ্ৰে প্ৰবাসলৈ যাব লগা হয়।

অভ্ৰৈৰ্ব্বিতিয়ন্তু যস্তু গ্ৰামং নগৰমেথবা।
গ্ৰামে মাণ্ডলিকো ৰাজা নগৰে পাৰ্থিবোভবেৎ।৷

নগৰ বা গাঁৱত ডাৱৰে নিজক বেষ্টন কৰা দেখিলে নগৰত ৰজা ও গাঁৱত ক্ষুদ্ৰ ৰজা হবলৈ পায়।

ছিদ্যতে বাশিৰো যস্য পূৰ্য্যতে ৰুধিৰেণচ।
সূৰ্যোদয়েচ বেলায়াং ভবেন্দ্ৰাজা নসংশয়ঃ।৷

[ ২৩ ]

পুৱা বেলিকা নিজৰ মূৰ ছিগা, ও তেজেৰে গা লিপ্ত দেখিলে তেওঁ নিশ্চয় ৰাজ পদ পায়।

মানুষস্যচ মাংসানি স্বপ্নান্তে যস্তু ভক্ষয়েৎ।
হৰিতানিচ পক্কানি শৃনুতস্যচ যৎ ফলং।৷

পাদে পঞ্চ শতি লাভঃ সহস্ৰং বাহু ভক্ষণে।
ৰাজং সত সহস্ৰং বা লভতে মুণ্ডভক্ষণাৎ॥

স্বপ্নত যি হালধি দি ৰন্ধা মানুহৰ মঙ্গহ খাবলৈ পায় তাৰ ফলৰ কথা কওঁ শুনা। ভৰি খোৱা দেখিলে পাঁচশ, বাহু খালে হাজাৰ, মুৰ খালে ৰাজ্য বা লক্ষ টাকা প্ৰাপ্তি হয়।

দধিভুক্ত্বা ভবেৎ বৃদ্ধিঃ গোক্ষীৰেণ ধনাগমঃ।
জলে মীনা গমন্দৃষ্টা লাভো ভবতি নিশ্চয়ঃ॥

দৈ গাখীৰ খালে ধন বাঢ়ে, এৱাঁ গাখীৰ খালে ধন পায় পানীত মাছ ফুৰা দেখিলে লাভ হয়।

পূৰ্ণ কুম্ভং দ্বিজং হৰ্ম্মং তাম্বুলং পুষ্প পাদপং।
লাস্যং ছত্ৰোপানহঞ্চ দৃষ্ট্বাশ্ৰিয় মবাপ্নুয়াৎ॥

যি ভৰুণ কলহ, ব্ৰাহ্মণ, পকাঘৰ, তামোল, ফুল, [ ২৪ ]

গছ নাচ, ছাতি, জোতা এই বিলাক দেখে তেওঁৰ লক্ষ্মী বাঢ়ে।

দীপমন্নং ফলং পুষ্পং কন্যাং চক্ৰং ৰথং ধ্বজং।
যস্তু পশ্যতি স্বপ্নান্তে সলভেদুত্তমাং স্ত্ৰীয়ং॥

প্ৰদীপ, অন্ন, ফল, বগাফুল, কন্যা, চক্ৰ, ৰথ, ধ্বজ,এই বিলাক স্বপ্নত দেখিলে উত্তম স্ত্ৰী লাভ হয়।

যন্তু মধ্যে তড়াগস্য ভুঞ্জতে দধিপায়সং।
বিস্তীৰ্ণে পদ্ম পত্ৰেচ পাৰ্থিবোহসৌ নসংশয়ঃ।৷

যি জনে পুখুৰিৰ মাজত থাকি পদ্মপাত মেলি তাতে দৈ আৰু পায়স খায় তেওঁ ৰজা হয়।

॥ ★॥ অন্ত॥ ★॥

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।