পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )


যমদূত বা ম্লেচ্ছ জাতিয়ে যাক বান্ধি নিবলৈ ধৰে সেই জনৰ নিশ্চয় মৃত্যু ঘটে।

স্বপ্নে দদাতি মন্ত্ৰম্বা প্ৰতিম্বা শিলাময়ীং।
যস্মৈ দদাতি বিপ্ৰ শ্চেমন্ত্ৰ সিদ্ধিস্তদা ভবেৎ॥

স্বপ্নত ব্ৰাহ্মণে যাক মন্ত্ৰ বা শিলৰ প্ৰতিমা দিয়ে তেওঁৰ মন্ত্ৰ সিদ্ধি হয়।

স্বপ্নে বিপ্ৰো ৰথে বৃত্বা নানা স্বৰ্পং প্ৰদৰ্শয়েৎ।
চিৰায়ুৰ্দ্ধন বৃদ্ধিশ্চ সভবে ন্নাত্ৰ সংশয়।৷

স্বপ্নত ব্ৰাহ্মণে যাক ৰথত তুলি নানা স্বৰ্গ দেখাই লৈ ফুৰায় তেওঁ দীৰ্ঘজীবী আৰু ধনী হয়।

বিপ্ৰা বিপ্ৰশ্চ সন্তুটো যস্মৈ কন্যান্দদাতিচ।
স্বপ্নেচ সভবে ন্নিতং ধনাঢ়্যো ভূপতিঃ স্বয়ং॥

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণে সন্তুষ্ট হৈ যাক কন্যা দান দিয়ে তেওঁ ধনী বা ৰজা হয়।

স্বপ্নে সৰোবৰ ন্দৃষ্ট্বা সমুদ্ৰম্বা নদীং নদং।
শুক্লাহিং শুক্ল শৈলঞ্চ দৃষ্ট্বাশ্ৰিয় মবাপ্নূয়াৎ।

স্বপ্নত সৰোবৰ, সমুদ্ৰ, নদী, বগা সাপ, আৰু বগা পৰ্ব্বত দেখিলে ধন পায়।