সহায় আৰু নিৰ্দেশাৱলী: সূচীকৰণ
মুদ্ৰণ সংশোধন কৰাৰ বাবে সূচী পৃষ্ঠা কেনেকৈ সাজু কৰিব।
Screenshot of an Index page
গোটেইকেইটা ক্ষেত্ৰ পূৰণ কৰাৰ পাছত এটা সূচী পৃষ্ঠা।

ৱিকিউৎসত মুদ্ৰণ সংশোধন (প্ৰুফৰিডিং) কৰিবলৈ ব্যৱহৃত মূল পৃষ্ঠাবোৰেই সূচী পৃষ্ঠা। ইয়াৰ এটা উদাহৰণ "সূচী:কীচক বধ (Kichak badh).pdf"। সূচীত গ্ৰন্থ, আলোচনী বা তেনে পাঠ্যৰ সকলোবোৰ পৃষ্ঠালৈ সংযোগ থাকে। এই সংযোগবোৰত ক্লিক কৰি নিৰ্দিষ্ট পৃষ্ঠালৈ গৈ প্ৰুফৰিডিং কৰিব পাৰি। সূচী পৃষ্ঠাত পাঠ্যৰ সবিশেষৰ সাৰাংশ লিখা থাকে (যেনে- শিৰোনাম, লেখক আদি) আৰু তলত প্ৰুফৰিডিঙৰ অগ্ৰগতি দেখুওৱা হয়। এই সবিশেষবোৰত ক্লিক কৰি মূল নামস্থানত থকা চূড়ান্ত পৃষ্ঠা, লেখক পৃষ্ঠা আদিলৈ যাব পাৰি।

সোনকালে কৰিবলৈ সম্পাদনা কৰক

প্ৰয়োজনীয় বস্তু: ৱিকিমিডিয়া কমন্স বা স্থানীয় ৱিকিউৎসত থকা স্কেন কৰা পাঠ্য। যেনে- File:অমুক.djvu

সদায় সম্পূৰ্ণ আৰু খুঁত নথকা ফাইল আপল'ড কৰিবলৈ চেষ্টা কৰিব। পৃষ্ঠা নোহোৱা, ধুঁৱলি-কুঁৱলি ছবি থকা, একেটা পৃষ্ঠা দুবাৰকৈ থকা আৰু আন খুঁত থকা ফাইলৰ মুদ্ৰণ সংশোধনত যথেষ্ট সমস্যা হয়। গতিকে আপল'ড কৰাৰ আগতেই এইবোৰ মন কৰিব লাগে।

ৱিকিউৎসত কাম:

  1. "File" শব্দটোৰ সলনি "Index" বা "সূচী" লিখি সেই পৃষ্ঠালৈ যাওক। যেনে- ফাইলটোৰ নাম File:অমুক.djvu হ'লে, সূচী:অমুক.djvu বুলি ৱিকিউৎসৰ সন্ধান বক্সত লিখক আৰু "enter টিপক।
  2. সন্ধান ফলাফলত আপুনি ৰঙা লিংকৰ পৃষ্ঠাটো "সৃষ্টি কৰক" বুলি দেখিব। লিংকটোত ক্লিক কৰক।
  3. পৃষ্ঠাটো সাঁচি থওক।

টোকা: সূচী পৃষ্ঠাত থকা ঘৰবোৰ (যেনে- শিৰোনাম, লেখক, প্ৰকাশক, প্ৰকাশৰ বছৰ আদি) যিকোনো সময়তে পূৰণ কৰিব পাৰিব। সাঁচি থোৱাৰ পাছত সূচী পৃষ্ঠাত নিজে নিজে পাঠ্যৰ পৃষ্ঠাবোৰৰ তালিকা এখন আহিব আৰু ফাইলটোৰ প্ৰথম পৃষ্ঠাৰ (সাধাৰণতে বেটুপাত) ছবি এখন ওলাব। তলত দিয়া ধৰণে এইবোৰ সলাবও পাৰি।

উৎস ফাইলত কিবা খুঁত থাকিলে সেয়া সূচীৰ মন্তব্য (সমলৰ তালিকা) বা সূচীৰ আলোচনা পৃষ্ঠাত লিখি থ'ব।


লাহে-ধীৰে কৰিবলৈ সম্পাদনা কৰক

  1. আপোনাৰ ব্ৰাউজাৰত http://as.wikisource.org/wiki/Index:ইতিমধ্যে আপল'ড কৰা ফাইলৰ নাম টাইপ কৰক। উদাহৰণস্বৰূপে আপুনি কমন্সত আপল'ড কৰা ফাইলৰ নাম দন্দুৱা দ্ৰোহ.pdf হ'লে আপুনি http://as.wikisource.org/wiki/Index:দন্দুৱা_দ্ৰোহ.pdf টাইপ কৰক। নাইবা ৱিকিউৎসৰ সোঁহাতে ওপৰত থকা চাৰ্ছ বক্সত এই নামটো সন্ধান কৰক। ফাইলৰ নাম কপী/পে'ষ্ট কৰিলে একো ভুল হোৱাৰ সম্ভাৱনা নাথাকে।
  2. ৱিকিউৎসই জনাব যে "এই অনুসন্ধানৰ কোনো ফলাফল নাই"। এই ৱিকিত "সূচী:অমুক.pdf" পৃষ্ঠাটো সৃষ্টি কৰক বুলি অহা ৰঙা লিংকটোত ক্লিক কৰক।
  3. এই পাঠ্যৰ বিষয়ে জনাবলগীয়া তথ্যৰ ঘৰ থকা এটা পৃষ্ঠা খোল খাব। উদাহৰণৰ বাবে এইটো পৃষ্ঠা চাওক
  4. ঘৰবোৰ তলত দিয়া ধৰণেৰে পূৰণ কৰিব।
  5. পৃষ্ঠাৰ তলত থকা "খচৰা চাওক" বুটামটোত ক্লিক কৰিব। আপুনি টাইপ কৰা কিতাপৰ নামটোৰে এটা সূচী: পৃষ্ঠা দেখা পাব। এইটো নেদেখিলে কমন্সৰ ফাইলৰ নামৰ লগত আপুনি দিয়া নামটো মিলিছে নে নাই নিশ্চিত কৰক। পৃষ্ঠাটোত ঠিক-ঠাক যেন দেখিলে "প্ৰকাশ কৰক" বুটামটোত ক্লিক কৰিব।
  6. অভিনন্দন! ৱিকিউৎসত লিখিবলগীয়া পাঠ্যৰ বাবে আপুনি এটা সূচী: পৃষ্ঠা তৈয়াৰ কৰিলে।


সূচী: পৃষ্ঠাৰ ক্ষেত্ৰবোৰ
ক্ষেত্ৰৰ নাম বিৱৰণ উদাহৰণ
ধৰণ (Type) কি ধৰণৰ পাঠ্য সেয়া ড্ৰপডাউন মেন্যুৰ পৰা বাছনি কৰক, যেনে- গ্ৰন্থ, জাৰ্ণাল, গৱেষণাপত্ৰ আদি গ্ৰন্থ (Default: Book)
গ্ৰন্থৰ নাম (Title) পাঠ্যৰ শিৰোনাম। ৱিকিউৎসত এই নামৰ এটা পৃষ্ঠা (যেনে দন্দুৱা দ্ৰোহ) থাকিলে ই নিজে নিজে তালৈ সংযোজিত হ'ব। দন্দুৱা দ্ৰোহ ; ([[]] সংকেতৰ প্ৰয়োজন নাই)
লেখক (Author) লেখকজনৰ নাম। ই নিজে নিজে ৱিকিউৎসৰ লেখক: পৃষ্ঠাৰ লগত সংযোজিত হৈ যাব, যেনে লেখক:ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈ ; ([[]] সংকেতৰ প্ৰয়োজন নাই)
প্ৰকাশক (Publisher) এই কামৰ প্ৰকাশক। নামটো লিখাৰ পাছত ই নিজে নিজে ৱিকিউৎসৰ প্ৰকাশক নামস্থানৰ নিৰ্দিষ্ট পৃষ্ঠাৰ লগত সংযোজিত হ'ব। ৰজনীপ্ৰভা এজেন্সী
প্ৰকাশৰ বৰ্ষ (Year of Publication) এই কৰ্মৰ মূল প্ৰকাশৰ বৰ্ষ। ইয়াৰ বাবে কপিৰাইট সুৰক্ষা আছেনে নাই চাই ল'ব লাগে (সহায়:কপিৰাইট)। ১৯২৮
ছাবি (Key) ক্ৰমৰ ছাবি। এইটো পূৰণ নকৰিলেও একো ক্ষতি নহয়।
স্কেন (Scan) ফাইলৰ প্ৰকাৰ: djvu, pdf, jpg, jpeg, gif, আদি। দন্দুৱা দ্ৰোহৰ বাবে pdf
বেটুপাত (Cover image) ফাইলটোত থকা বেটুপাতৰ পৃষ্ঠাৰ সংখ্যা। সৰহ ক্ষেত্ৰতে ই 1 হ'ব; কোনো ক্ষেত্ৰত পাছৰ সংখ্যাও হ'ব পাৰে।

আপুনি [[Image:দন্দুৱা_দ্ৰোহ.pdf|150px]] লিখি নিজে এখন ছবিও সৃষ্টি কৰিব পাৰে।

1
অগ্ৰগতি (Progress) সূচীৰ মুদ্ৰণ সংশোধন কিমান হৈছে তাৰে সূচনা। ড্ৰ্প্‌ডাউন মেন্যুখনৰ পৰা বাছনি কৰিব।* সম্পূৰ্ণ, বৈধকৰণ বাকী আছে আদি
পৃষ্ঠা (Pages) আপল'ড কৰা ফাইলত পৃষ্ঠাবোৰ সজাবলৈ <pagelist /> সংকেত ব্যৱহাৰ কৰিব। (সহজ উপায়)

কিন্তু ইয়াৰ সহায়ত সংখ্যা দিব নলগীয়া পৃষ্ঠাও চিহ্নিত কৰিব পাৰি। যেনে <pagelist 1to2=- 3=1 /> লিখিলে ১ আৰু ২ নং পৃষ্ঠা লেখত নাহে ('-'), আৰু পাঠ্যৰ তৃতীয় পৃষ্ঠাটো ১ নং হিচাপে আৰম্ভ হ'ব। ইয়াত সালসলনি কৰি "খচৰা চাওক" টিপি কেনেকুৱা হ'ব চাই ল'ব পাৰে।

সবিশেষ জানিবলৈ the Proofread Page documentation চাওক।

<pagelist
  1=বেটুপাত
  2=প্ৰকাশৰ তথ্য
  3=ঊছৰ্গা
  4=পাতনি
  5=1
/>

সূচীপত্ৰৰ টেবুল (Table of Contents) পাঠ্যৰ সমলৰ এখন তালিকা। সাধাৰণতে ই মূল নামস্থানত থকা অধ্যায়বোৰৰ লগত সংযোজিত হ'ব।

অধ্যায়ৰ তালিকা ইয়াত চিধাচিধি টাইপ কৰিব পাৰি। কিন্তু পাঠ্যত নিজা কোনো তালিকা থাকিলে সেয়া পাঠ্যৰ পৃষ্ঠা ট্ৰান্সক্লুড কৰি দেখুৱাব পাৰি (নিৰ্দিষ্ট পৃষ্ঠাৰ নাম দুয়োফালে ধেনুভিৰীয়া বন্ধনী দি লিখিব)।

* গ্ৰন্থ আপল'ডৰ পাছত প্ৰথম সূচী সাজু কৰোঁতে "উৎস ফাইলত OCR পাঠ্য স্তৰৰ প্ৰয়োজন" ডিফল্ট হিচাপে থাকিব। অ চি আৰ হোৱাৰ পাছত নিজে "মুদ্ৰণ সংশোধন বাকী আছে" বা পৰ্যায়ক্ৰমে "বৈধকৰণ বাকী আছে", "সম্পূৰ্ণ" আদি বাছনি কৰিব লাগিব।