আগতে কোৱাৰ দৰে ৱিকিমিডিয়া প্ৰকল্পসমূহত ব্যৱহাৰ কৰিবলগীয়া মিডিয়া ফাইলৰ ভঁৰাল হৈছে ৱিকিমিডিয়া কমন্স। যদি আপোনাৰ কম্পিউটাৰত বা ইণ্টাৰনে'টৰ কোনো ৱেবছাইটত মুকলিকৈ কিতাপৰ ডিজিটেল প্ৰতিলিপি আছে তেন্তে আপুনি ৱিকিমিডিয়া কমন্সলৈ আপল'ড কৰিব লাগিব। ইয়াৰ বাবে কেইবাটাও উপায় আছে। আপল'ড কৰাৰ আগতে অনুগ্ৰহ কৰি "সহায়:কপিৰাইট" পৃষ্ঠাত চকু ফুৰাওক। এই পৃষ্ঠাৰ স্থানীয় ৱিকিত আপল'ড কৰাৰ চৰ্তসমূহো লিখা আছে।

আপল'ড সঁজুলিসমূহ সম্পাদনা কৰক

আপল'ড প্ৰক্ৰিয়া (Upload wizard) সম্পাদনা কৰক

ৱিকিমিডিয়া কমন্সলৈ ফাইল আপল'ড কৰাৰ প্ৰথম উপায়টো হৈছে "আপল'ড প্ৰক্ৰিয়া"। অসমীয়া ৱিকিউৎসৰ বাওঁহাতে "ফাইল আপল'ড" লিংকত ক্লিক কৰিলে এই পৃষ্ঠালৈকে লৈ যাব। ইয়াৰ আপোনাৰ কম্পিউটাৰৰ পৰা একেবাৰতে ৫০টা ফাইল আপল'ড কৰিব পাৰে। অধিক জানিবলৈ কমন্সৰ এই সম্পৰ্কীয় পৃষ্ঠা চাওক। Description ক্ষেত্ৰত আগৰে পৰা থকা সাঁচটোৰ সলনি {{book}} সাঁচ ব্যৱহাৰ কৰিব ([https://commons.wikimedia.org/wiki/Template:Book ইয়াত পাব)।

IA-upload সঁজুলি সম্পাদনা কৰক

এই সঁজুলিৰ সহায়ত ইণ্টাৰনেট আৰ্কাইভৰ (https://archive.org/) পৰা কোনো ফাইল স্বয়ংক্ৰিয়ভাৱে কমন্সলৈ আপল'ড কৰিব পাৰি। এই সঁজুলিয়ে কেৱল DjVu ফৰ্মেটতহে কমন্সলৈ ফাইল আপল'ড কৰিব।

 
IA-upload সঁজুলিৰ স্ক্ৰীনশ্বট

IA-Uploadলৈ যাওক আৰু লগ্‌‌ ইন কৰক। তেতিয়া সঁজুলিটোৱে আপোনাৰ কমন্স একাউণ্টৰ পৰা “OAuth” (সীমিত প্ৰৱেশৰ অনুমতি) বিচাৰিব। "Allow" বুটামটোত ক্লিক কৰিব।

ID of the file on Internet Archive ক্ষেত্ৰত কিতাপখনৰ ID (archive.org/details/$ID ঠিকনাৰ detailsৰ পাছৰ $ID অংশ) কপী-পে'ষ্ট কৰিব।

File name on Commons ক্ষেত্ৰত কমন্সত আপল'ড কৰোঁতে বিচৰা ফাইল নাম লিখিব (File: উপসৰ্গ বা .djvu অনুসৰ্গ অবিহনে)।

‘Get metadata’ বুটামটোত ক্লিক কৰিব।

মেটাডে'টাখিনি ঠিকে আছেনে নাই পৰীক্ষা কৰিব আৰু প্ৰয়োজনীয় সালসলনি কৰিব।

ইণ্টাৰনেট আৰ্কাইভৰ কিছুমান ফাইল DjVu ফৰ্মেটত থাকে আৰু কিছুমান নাথাকে। যদি DjVu ফৰ্মেটত নাই কিন্তু আপুনি এই ফৰ্মেটতহে আপল'ড কৰিব খুজিছে, তেন্তে উৎস হিচাপে JP2 বা PDF বাছনি কৰিব। তেতিয়া ৰূপান্তৰৰ বাবে কিছু সময় লাগিব। সঁজুলিৰ মূল পৃষ্ঠাটোত আপুনি ৰূপান্তৰ আৰু আপল'ডিঙৰ অগ্ৰগতি চাই থাকিব পাৰে।
আৰ্কাইভত কিতাপখন DjVu ফৰ্মেটত ইতিমধ্যে থাকিলে আপুনি উৎস হিচাপে এইটো বাছনি কৰিব আৰু খন্তেক পাছত ই কমন্সলৈ আপল'ড হ'ব।

URL2Commons সঁজুলি সম্পাদনা কৰক

এই সঁজুলিৰে যিকোনো ৱেবছাইটৰ পৰা ফাইল কমন্সলৈ আপল'ড কৰিব পাৰি। IA-upload সঁজুলিয়ে কেৱল ইণ্টাৰনেট আৰ্কাইভৰ পৰা DjVu ফৰ্মেটতহে কমন্সলৈ ফাইল আপল'ড কৰে, কিন্তু এই সঁজুলিয়ে যিকোনো ৱেবছাইটৰ পৰা যিকোনো অনুমোদিত ফৰ্মেটত ফাইল আপল'ড কৰিব পাৰে।

 
URL2Commons সঁজুলি

সঁজুলিটোৰ মূল পৃষ্ঠালৈ গৈ প্ৰথম শাৰীৰ "authorise" লিংক বা ইয়াত ক্লিক কৰি আপোনাৰ হৈ আপল'ড কৰিবৰ বাবে অনুমতি দিয়ক।

URLs লিখা থকা প্ৰথম ক্ষেত্ৰত ফাইলৰ ৱেব ঠিকনাবোৰ এটা শাৰীত এটাকৈ লিখক। ৱেব ঠিকনাটোৰ পাছত এবাৰ space টিপি কমন্সত ৰাখিবলগীয়া ফাইল নামটো লিখক; নামৰ পিছত .pdf থাকিব লাগিব।

Description ক্ষেত্ৰত আগৰে পৰা থকা সাঁচটোৰ সলনি {{book}} সাঁচ ব্যৱহাৰ কৰা ভাল।

  • ফাইলৰ নাম আৰু পাছত সৃষ্টি কৰিবলগীয়া সূচীৰ শিৰোনাম একে হ'ব লাগিব। গতিকে আপল'ড কৰাৰ আগতে ফাইলৰ নাম শুদ্ধ হৈছেনে নাই পৰীক্ষা কৰিব।
  • লেখক, প্ৰকাশক, প্ৰকাশৰ বৰ্ষ, অনুজ্ঞাপত্ৰ আদিকে ধৰি ফাইলৰ শুদ্ধ বিৱৰণ দিব।
  • কিতাপখনৰ লিপি অনুসৰি ফাইলৰ নাম আৰু বিৱৰণ দিলে ভাল। অসমীয়া কিতাপৰ ক্ষেত্ৰত অসমীয়াতে নাম বিৱৰণ আৰু বিৱৰণ দিব।
  • বিচাৰিবলৈ সুবিধা হ'বৰ বাবে ফাইলবোৰ নিৰ্দিষ্ট শ্ৰেণীত ৰাখিব। যেনে- কমন্সৰ অসমীয়া কিতাপবোৰ Category:Books in Assamese শ্ৰেণীত আছে।
  • Upload wizard আৰু URL2Commons ৰে বহু ফাইল একেলগে আপল'ড কৰিব পাৰি। প্ৰত্যেক ফাইলৰে কপিৰাইট স্থিতি পৰীক্ষা কৰি ল'ব। কপিৰাইট উলঙ্ঘন হ'লে ফাইলবোৰ বিলোপ কৰা হ'ব আৰু সদস্যজনকো বাৰণ কৰা হ'ব পাৰে।
  • অধিক আপল'ড সঁজুলিৰ বিষয়ে জানিবলৈ Commons:Upload_tools পৃষ্ঠা চাব পাৰে।

কপিৰাইটযুক্ত সৃষ্টিৰ আপল'ড সম্পাদনা কৰক

ইমান সময়ে আমি কপিৰাইটৰ পৰা মুক্ত কিতাপৰ কথা কৈ আহিছোঁ যদিও কমন্সত কপিৰাইটযুক্ত কিতাপো আপল'ড কৰিব পাৰি। কিন্তু ইয়াৰ বাবে কপিৰাইট থকা ব্যক্তিজনে তেওঁৰ সৃষ্টি তলত দিয়া প্ৰক্ৰিয়াৰে মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত মুকলি কৰিব লাগিব।

কমন্সত কিতাপখন আপল'ড কৰক।

যি অনুজ্ঞাপত্ৰৰ আধাৰত কিতাপখন মুকলি কৰিব খুজিছে সেয়া বাছনি কৰক।

permissions-commons@wikimedia.org ঠিকনালৈ এখন ইমেইল পঠিয়াওক। এই ইমেইলত মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত কিতাপখন প্ৰকাশ কৰাৰ প্ৰমাণ থাকিব লাগিব। সেয়া Wikimedia OTRS release generator tool-ৰ পৰা লাভ কৰিব পাৰি।

ফাইলৰ বিৱৰণত {{subst:OP}} সাঁচটো যোগ কৰিব। ই সময়, তাৰিখৰ সৈতে ফাইলটোত {{OTRS pending}} জাননী সংযোগ কৰিব।

এই অনুৰোধ Open-source Ticket Request System (OTRS)ৰ স্বেচ্ছাসেৱক গোটে পৰী‌ক্ষা কৰিব।

  • তেওঁলোকে এই অনুৰোধৰ বাবে এক অদ্বিতীয় টিকেট নং দিব।
  • তেওঁলোকে অনুৰোধ পুনৰীক্ষণ কৰি প্ৰয়োজন অনুসৰি অধিক প্ৰমাণ বিচাৰিব।
  • অধিক প্ৰমাণৰ প্ৰয়োজন হ'লে তেওঁলোকে {{OP}} টেগ্‌‌ {{OTRS received}} টেগেৰে সলনি কৰিব নাইবা প্ৰমাণত সন্তুষ্ট হ'লে {{PermissionOTRS}} সাঁচটো যোগ কৰিব।

সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি Commons:OTRS পৃষ্ঠাটো পঢ়ক।