মোহন মনোহৰ মুৰতি মাধৱ
।। ৰাগঃ গৌৰী।। তালঃ পৰি।।
ধ্ৰুং।। মোহন মনোহৰ মূৰুতি মাধৱ
মোহন বালকে সঙ্গীয়া।
নানান ৰসে খেলে ৰসিক শিৰোমণি
মদন মোহে ভ্ৰূৱ ভঙ্গিয়া।।
পদ।। শাৰদ নিৰমল প্ৰফুল্ল পঙ্কজ
বয়ন সুন্দৰ শোহেয়া।
অলক চঞ্চৰ যৈচে উৰি পৰে
ভ্ৰমৰকুল মধু লোহেয়া।।
বিধিয়ে নিৰমিল যতনা ৰূপ গুণ
যৱহু সৱ একু ঠামুৱা।
সুন্দৰ কানুক ৰূপ একু তিল
তৱহু কৈছে উপমুৱা।।
জগত তাৰণ হেতু ভয়ো হৰি
বেকত আনন্দ সিন্ধুৱা।
দীন মাধৱে মাগে পাৱে পৰি
ভকতি ৰতি একু বিন্দুৱা।।