মোহন বাৱত মুৰুৰী ৰে কানু

ৰাগ-আশোৱাৰী (পৰিতাল)

ধ্ৰুং||


মোহন বাৱত মুৰুৰী ৰে কানু|

শুনি ব্ৰজ ৰমণীক নৰহে পৰাণু||

পদ --


মধুৰ বাঁশীৰ স্বৰে অমিয়া ঝুৰয়|

পাষাণ দ্ৰবয় মৃত তৰু মঞ্জৰয়||

সচেতন সৱ থিক অচেতন হোই|

তৰঙ্গিণী সবৰহু অচলিত তোই||

সচৰ অচৰে হোই অচৰেচৰ-গতি|

ঐচন মোহন বেণু পূৰে যদুপতি||

ত্ৰিভুবন বিমোহন গোবিন্দক বেণু|

কহয় মাধৱ গতি কানু পদ ৰেণু||