মোহেৰে মন মদন গোপালা
।। ৰাগঃ মাহুৰ-ধনশ্ৰী।। একতাল।।
ধ্ৰুং।। মোহেৰ মন মদন গোপালা।
হৃদয়ে হেমহাৰ বনমালা।।
পদ।। মোহন কদম্বতলে মোহন কানাই।
মোহন মধুৰ বেণু পঞ্চম গাই।।
মোহন বিৰিন্দাবনে মোহন কালিনী।
পেখি মোহন কানু ভুলল গোপিনী।।
বেদ শিৰোমণি যাৰ চৰণ বিকাশে।
সো হৰি গোকুলমহ পৰকাশে।।
হৰিকো চৰণ ৰেণু অভিলাষা।
কহতু মাধৱ হৰিদাসকু দাসা।।