পৃষ্ঠা:ময়না.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ময়না

কলে, ‘তুমি অকলে আছা দেখিছোঁ, বহিব পাৰোঁ নে?’ ম‍ই বহিবলৈ কোৱাত, তেওঁ মোৰ সমুখতে থকা মূঢ়া এটাত বহি কবলৈ ধৰিলেঃ—


( ৪ )

 “তুমি মোৰ নাম নাজানা; তোমাৰ নাৱৰীয়ায়ো নাজানে, সি মোক ভূত বুলিছে। মই ভূত নহওঁ, মই মানুহ। তোমাৰ যৌৱন দৃপ্ত প্ৰাণত জীৱনৰ যি অপূৰ্ব স্পন্দন অনুভৱ কৰিছা,মোৰ প্ৰাণত জীৱনৰ সেই স্পন্দন যে কিমান খৰ আছিল, তাক তোমাক বুজাব নোৱাৰোঁ। মোৰ প্ৰাণত জোনৰ জোনাক, বেলিৰ পোহৰ, ডাৱৰৰ অহা যোৱা, ধুমুহাৰ তাণ্ডৱ নৃত্য, বতাহৰ খেলা, ফুলৰ গন্ধ, ভিন ভিন্ন সময়ৰ ব্ৰহ্মপুত্ৰৰ ভিন্‌ ভিন্‌ শোভা— এই সকলোএ এক অজানিত সুৰৰ ঢউ খেলাই দিছিল। মই জোনৰ লগত হাঁহিছিলোঁ, ফুলৰ লগত নাচিছিলোঁ আৰু বতাহৰ লগত ধেমালি কৰিছিলোঁ। মই মানুহ, মানুহৰ শৰীৰৰ সকলো আনন্দ, মই অতি তীব্ৰ ৰূপে অনুভৱ কৰিছিলোঁ।

 ভাঙা বঙলা ঘৰটো দেখিছা, এয়ে এদিন মোৰ সুখৰ আলয় আছিল। ইয়াৰে বহল বাৰাণ্ডাত বহি মই এদিন সুনীল আকাশত কিৰণৰ বিনন্দীয়া ৰেখাপাত দেখিছোঁ, ব্ৰহ্মপুত্ৰৰ প্ৰাণ মতলীয়া কৰা মনোৰম গীতি শুনিছোঁ, মৃদু বতাহৰ ছাত লাগি বননিৰ ফুলময়ী লতাৰ নিচিনা নাচি উঠিছোঁ। বাৰিষা ব্ৰহ্মপুত্ৰৰ দুই পাৰ যেতিয়া পানীএ পানীএ ভৰি পৰে আৰু আশ্চৰ্য্য শক্তিৰে সেই আকুল পানী পশ্চিমলৈ লৰ’ ধৰে, তেতিয়া মোৰ অন্তৰতো কি যেন এটা মত্ত আনন্দই উন্মত্ততাৰ তৰঙ্গ তুলি কি মদত মতলীয়া কৰি তুলিছিল, তাক এতিয়া মুঠে সুৱঁৰিব হে পাৰোঁ। আৰু যেতিয়া শীতৰ আগমনত ক্ষীণ পানী ৰেখাই বহল বালি চৰবোৰক চেনেহতে সাবোটা মাৰি ধৰে, আৰু তেনে চেনেহতো পমি নগই উদাস ভাৱে চৰবোৰ আকাশলৈ চাই ৰয়,তেতিয়া তাহাঁতৰ এই প্ৰেমৰ অভিনয় দেখি মোৰ মনত যে কিমান আকুল উদাস হৈছিল, সি এতিয়া স্মৰণৰো অতীত হল। মোৰ প্ৰথম যৌৱনৰ আনন্দত এই ঠাই স্বৰ্গপুৰতকৈয়ো মনোৰম আছিল; আৰু ইয়াতেই মই বিশ্বৰ এটা অব্যক্ত মধুৰ সঙ্গীত শুনিছিলোঁ। বহু দিন হল, সেইদিন অতীত হৈছে; তাৰ মধুৰ স্মৃতিখিনি মাথোন মনৰ কোনোবা নিভৃত চুকত সঞ্চিত আছে। মোৰ দুখ, মোৰ জীৱনৰ দুখময় কাহিনী কাৰো আগত কব নোৱাৰোঁ; কোনো মানুহ,—প্ৰাণথাকা,জীৱনীশক্তিৰে ভৰপূৰ, আনন্দৰ নৃতনত মনোহৰ, আচল কোনো মানুহ – এই অভাগিনীৰ ঘৰৰ ওচৰলৈ নাহে। নাহে, নাহিবৰ কথাই; মানুহৰ সমাজত যি কাজ ঘৃ্ণিতৰো ঘৃণনীয়, মই তেনে অপৰাধত অপৰাধী।

 “কিন্তু মোৰেই নে অকল দোষ! মানুহৰ ধী শক্তিৰ ওপৰতো কিবা এটা অনুভূতি কিবা এটা প্ৰবল পৰাক্ৰমে মানুহটোক লৈ খেলা নকৰে নে? কি জানো আনৰ কথা! মই হলে অন্তৰৰ গভীৰতম আত্মাৰে অনুভৱ কৰিছোঁ, মানুহৰ প্ৰবল আকাঙ্ক্ষাৰ কৰবাত এট। উহ আছে,যাক পৰ্বত পৰিমাণ যুক্তি-তৰ্ক-বুধিৰেও ছাপ দি ৰাখিব নোৱাৰি।


( ৫ )

 “মই তোমালোকৰ দেশৰ ছোৱালী নহওঁ, মই বঙালী মই হিন্দুও নহওঁ, ব্ৰাহ্মিকা। মোৰ পিতা এজনা আঢ্যৱন্ত মানুহ আছিল। তেওঁ কলিকাতাত থাকিছিল। সৰু কাল ডোখৰ যে কি আনন্দত গল তাক তোমাক কবই নোৱাৰোঁ। পিতৃৰ পালন, মাতৃৰ মৰম, ওচৰচুবুৰীয়াৰ