ভাল কলীয়া কানু খেলন খেলায়
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। ভাল কলীয়া কানু খেলন খেলায়।
খেড়াৰ মাধুৰী হৰি ভুৱন ভুলায়।।
পদ।। লয়লাসে ৰাঙ্গা দুই চৰণ চলায়।
ৰুণুঝুণু কৰিয়া নূপূৰ বাজে পায়।।
আভীৰ বালকে বেঢ়ি চাপৰি বজায়।
পাক ফিৰিয়া নাচয় যদুৰায়।।
চন্দনে লেপিত অঙ্গ দোলায়ে গোপাল।
উৰে ঝলমল কেলি কদম্বকু মাল।।
গজমুকুাৰ হাৰ গাণ্ঠি গলে লুলে।
পিন্ধন নেতেৰ ধড়া কাটি বেঢ়ি দুলে।।
মোহন কনক বেণু উৰিয়া ধৰে হাতে।
ময়ুৰেৰ চূড়া ঝলমল কৰে মাথে।।
নেতৰ আঞ্চলখানি হালয় বাতাসে।
সুহৃদ গোপেৰ মুখ চায়া চায়া হাসে।।
মাণিক জিনিয়া জ্বলে দন্ত দুই পান্তি।
দিশ-পাশ শোহে শ্যাম শৰীৰৰ কান্তি।।
বঙ্কিম নয়নে চায়া অমিয়া বৰিষে।
মাধৱেৰ মন ৰহু এৰূপ হৰিষে।।