ভাই দেখো পৰমানন্দ পৰম সাদৰে
।। ৰাগঃ সিন্ধুৰা পৰমানন্দ সাদৰে।।
ধ্ৰুং।। ভাই দেখো পৰমানন্দ সাদৰে।
বৈকুণ্ঠেৰ পতি বৃন্দাবনে কেলি কৰে।।
পদ।। কহিতে বিস্ময় বিপৰীত শুনিবাৰ।
কোথা শুনিয়াছা ভাই ব্ৰহ্মৰ বিহাৰ।।
অনুমানে কহে যাক সকল নিগমে।
সোহি হৰি কেলি কৰে গোপশিশু সমে।।
নিত্য শুদ্ধ বুদ্ধ নিৰঞ্জন নিৰাকাৰ।
শুনিতে কৌতুক বৰ ব্ৰহ্মেৰ বিহাৰ।।
যিটো জগতৰ অন্তৰ্যামী সৰ্বসাখী।
তাহেৰ ভূষণ গুঞ্জা গেৰু মৈৰা পাখি।।
যাহাৰ প্ৰকাশে চৰাচৰ প্ৰকাশয়।
গোপ বেশে কাছে দেখো সেহি কৃপাময়।।
আত্মাৰ বিনোদ শুনিবাৰ বিপৰীত।
হৰি-পদে মজি ৰহু মাধৱেৰ চিত।।