ব্ৰজ জীৱন দয়াল দীন দানু এ নন্দকুমাৰ
।। ৰাগঃ গৌৰী।। তালঃ পৰি।।
ধ্ৰুং।। ব্ৰজ-জীৱন দয়াল দীন-দয়ালু এ
নন্দ-কুমাৰ মনোমোহনু।
কোমল কেলি-কলাৰস নাগৰ
মনোহৰ শ্যাম-কাম-দোহনু।।
পদ।। নীল মৃণাল ললিত ভুজ কোমল
কঙ্কণ কনক-ভূষণ ৰঞ্জনু।
শৰত-সুজাত কমল-কোষ-গঞ্জনু
পদযুগ-ভকত-ভীতি ভঞ্জনু।।
শাৰদ ইন্দু কোটি ৰুচিৰানন
সুন্দৰ তিলক ৰাজীৱ-লোচনু।
মঞ্জুল মধুৰ মূৰুতি সুখ সাগৰ
মাধৱ কহ-প্ৰভু ভৱ-মোচনু
হৰি দুঃখ মোচনু।।