ব্ৰজেৰ বালক সঙ্গে ৰঙ্গে মনে নচতু এ সদাশিৱ

॥ ৰাগঃ বৰাড়ী॥ তালঃ পৰি॥

ধ্ৰুং॥ ব্ৰজৰ বালক সঙ্গে ৰঙ্গমনে
নাচতু এ সদাশিৱ।
ওহি অৱতাৰে নিজ যশচয়
প্ৰচাৰি তাৰিলা জীৱ॥

পদ॥ ওহি যেবে নোহে নিজানন্দ সুখে
সদায়ে ৰমণ যাৰ।
সে সুখ তেজিয়া কমন কাৰণে
কৰতু নৃত্য বিহাৰ॥
বেদেশিৰোভাগে যন্ত্ৰ মন্ত্ৰ মাজে
যাহেৰ পদ বিৰাজে।
সোহি মহেশ্বৰ বনেৰ ভিতৰ
নাচত কমন কাজে॥
অবিদ্যামোহিত হুৱা জীৱ যত
তৰিতে পথ নপাৱে।
মোৰ যশ শুনি সুখে নিস্তৰোক
নাচতু এমন ভাৱে॥
জীৱৰ তৰণ হেতু নাৰায়ণ
বৈকুণ্ঠ তেজিয়া আসি।
কহয় মাধৱ নানাবিধ ৰসে
প্ৰচাৰিলা যশৰাশি॥