ব্যৱসা কৰিয়ো ভাই হৰি চৰণ ধন সাৰ
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। ব্যৱসা কৰিয়ো ভাই হৰিৰ চৰণ ধন সাৰ।
অৰুণ চৰণ বিনে ধন নাহি আৰ।।
পদ।। ব্যৱসা কৰিতে পাইলা নৰতনু নাৱ।
যাৱে নাই পচে নাৱ মাণিক বেসাৱ।।
ৰত্নেৰ পাইলা দ্বীপ ভাৰতে আসিয়া।
লৈয়ো ৰাম নাম ভাই মাণিক বাচিয়া।।
কৰিয়ো ব্যৱসা হৰি ভকতৰ কাছে।
ৰাম নাম ৰত্নেৰ ভাণ্ডাৰ মেলি আছে।।
যতন কৰিয়া লৈয়ো ভাই যাব যত লাগে।
শীঘিৰ কৰিয়ো বাৱ ৰাম ভৰা হাট ভাগে।।
সংসাৰ তৰিতে লাগে নাৱ পচে ঘাটে।
চলিতে নিকট ভৈল ভৰা দিয়ো ঝান্তে।।
যি নৰ চতুৰ মুখে ৰাম নাম ধৰ।
মূল ৰাখি লাব কৰি ভৱ নদী তৰ।।
ৰাম নাম লৈয়ো আন আশা কৰ দূৰ।
মিছা দিয়া সঞ্চা লৈয়ো তেবেসে চতুৰ।।
ৰাম নাম ৰত্নে ভৰা দিয়ো তনু নাৱ।
হৰিগুণ গায় যমেৰ ঘাটি মাৰি যাৱ।।
ভকতৰ ধন হৰি-নামে নৱ-নিধি।
চাৰি বেদ বিচাৰিয়ো কৈয়া আছে বিধি।।
কহয় মাধৱ দাস দীন মতিহীনা।
আন ধন অকাৰণ ৰাম-নাম বিনা।।