বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/শৈশৱৰ আঁত ধৰি যৌৱনলৈ

[  ]

দুই
শৈশৱৰ আঁত ধৰি যৌৱনলৈ

 গুৱাহাটীৰ পূৱ প্ৰান্তত অৱস্থিত শিলপুখুৰী অঞ্চল নগৰখনৰ অতি পুৰণি অঞ্চলসমূহৰ অন্যতম। আজিৰ পৰা প্ৰায় আঢ়ৈ শ বছৰ পূৰ্ব্বে ১৭৫২ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্ম্মাণ কৰোৱাৰ পিছৰ বছৰতে মন্দিৰৰ পূজা-সেৱাৰ অৰ্থে আৱশ্যকীয় পানীৰ বাবে অঞ্চলটোত এটি পুখুৰী খন্দাইছিল। পুখুৰী পাৰত স্থাপিত শিলালিপি ‘নৱগ্ৰহাশয়’নামে বৰ্ণিত সেই ন-কোণীয়া পুখুৰীটোৱেই পিছলৈ শিলপুখুৰী নামে জনাজাত হয়। সেই পুখুৰীটোক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত জনবসতি আৰম্ভ হৈছিল বুলি অনুমান কৰা হয়। অঞ্চলটোৰ বাসিন্দাসকল আছিল ঘাইকৈ জনজাতীয় লোক। অ’ত ত’ত দুই এঘৰ নেপালী আৰু বিহাৰী মানুহো আছিল। আজিৰ পৰা পঞ্চাশ ষাঠি বছৰ আগলৈকে অঞ্চলটো হাবি-জংঘল আৰু পিতনিৰে ভৰা আছিল। তাৰ মাজে মাজে থকা পথাৰ অঞ্চলত ৰাইজে খেতি-বাতি কৰি পেটৰ ভাত মোকোলাইছিল। সেই সময়ত এইবোৰ মাটি তেনেই মূল্যহীন আছিল। এইটো অঞ্চলতে সোণাধৰ সেনাপতিয়ে চৰকাৰৰ ঘৰত ‘কবুলা’ আৰু নাম মাত্ৰ খাজনা আদায় দি বহু মাটি নিজৰ দখললৈ আনিছিল। উপায়ুক্তৰ অফিচৰ কৰ্ম্মচাৰী হিচাপে চৰকাৰৰ ভূমি-নীতিৰ তলা-নলা বুজি পোৱা বাবেই তেওঁৰ পক্ষে সেই কাম সম্ভৱ হৈছিল। পুখুৰীটোৰ দক্ষিণ পাৰৰ সীমাৰ পৰা বৰ্ত্তমানৰ গড়কাপ্টানী বিভাগৰ কাৰ্য্যালয়ৰ কাষলৈকে তেওঁৰ মাটি। ৰাজহুৱা আলিবাটৰ দক্ষিণ দিশে, এতিয়াৰ গোস্বামী চাৰ্ভিচ পেট্ৰল পাম্পৰ পোনে পোনে সেনাপতিৰ বঙলা আছিল। বিবিধ গছ-লতা, নানা তৰহৰ ফুল, সেউজীয়া ঘাঁহনিৰে চালে চকু ৰোৱা আছিল সেনাপতি-পুৰী নামে খ্যাত সেই চৌহদটো। সেয়াই ইন্দিৰা মিৰিৰ জন্মস্থান। তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে ৰাস্তাৰ দুয়োকাষে আছিল জনজাতীয় লোকৰ বসতি। সেইবোৰ পৰিয়ালৰ ল’ৰা ছোৱালীহঁতৰ সৈতে ধূলি-বালি খেলিয়েই ডাঙৰ হৈছিল সেনাপতি পুৰীৰ শিশুহঁত। গতিকে তেওঁলোকৰ ঘৰুৱা নামবোৰত জনজাতীয় প্ৰভাৱ পৰিছিল। ইন্দিৰাৰ ঘৰত মতা নাম আছিল ‘মেৰেং’।
 ইন্দিৰাৰ জন্মৰ পিছত দেউতাকে চাকৰি সূত্ৰে নগাঁও, ধুবুৰী আদি ঠাই ঘুৰি, শ্বিলঙত থিতাপি লৈছিলগৈ। গতিকে ইন্দিৰাৰ সবাতোকৈ পৰিচিত ঠাই আছিল শ্বিলং। [  ] শ্বিলং গুৱাহাটীৰ দুয়োখন ঘৰৰ মাজতে ইন্দিৰাৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল। তেওঁলোকৰ তেৰটা ভাই-ভনীৰ উপৰিও বিধৱা জেঠায়েকৰ ল'ৰা ছোৱালীও সেইখন গৃহস্থীতে ডাঙৰ দীঘল হৈছিল। এনে এখন জাকৰুৱা ঘৰৰ বৰ জী হিচাপে ইন্দিৰা সৰুৰে পৰাই গহীন-গম্ভীৰ আৰু দায়িত্ব সচেতন আছিল। ইন্দিৰাই ন বছৰ বয়সতে মাকক হেৰুৱায়। চতুৰ্থ সন্তান খান্নাৰ জন্মৰ তিনি দিনৰ পিছতে দিব্যকান্তি দাসৰ মৃত্যু হৈছিল। খাছীয়া আয়াৰ স্তনপান কৰাই জীয়াই ৰখা অসুখীয়া সেই ভায়েকক ইন্দিৰাই ওৰেটো জীৱন মাতৃ-স্নেহেৰে আৱৰি ৰাখিছিল। শ্বিলঙত মহিলা গৰাকীৰ মৃত্যুৰ সময়ত শৱদেহ সৎকাৰৰ বাবে কোনো অসমীয়া মানুহ হেনো আগবাঢ়ি অহা নাছিল, কাৰণ সেনাপতি পৰিয়াল অন্ত্য জাতিৰ লোক। সেই সময়ত শ্বিলঙত বহু বঙালী পৰিয়াল বাস কৰিছিল। তেনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াইছিল বঙালী ব্ৰাহ্ম সমাজৰ লোকসকলে। তেওঁলোকে সৎকাৰ কাৰ্য্যত আগভাগ লোৱাৰ উপৰিও এমাহ ধৰি দুয়ো বেলা মৃতকৰ ঘৰত প্ৰাৰ্থনা, উপাসনা আদি কৰিছিল। শোকাভিভূত সেনাপতিদেৱে হেনো খবৰ লবলৈ অহা সচিৱালয়ৰ বিষয়া সকলক কৈছিল, “আমাৰ মানুহক ইয়াত চাকৰি দিয়ক, নহলে আমি মৰিলে নিওঁতা কোনো নাই।” তেতিয়াৰে পৰা মানুহজনৰ ব্ৰাহ্ম সমাজৰ প্ৰতি আকৰ্ষণ অতি গভীৰ হৈছিল। প্ৰতি দেওবাৰে তেওঁ ব্ৰাহ্ম মন্দিৰৰ প্ৰাৰ্থনাত যোগ দিছিলগৈ।
 লগুৱা-লিক্‌চৌ, আশ্ৰিত লোকেৰে গিজগিজাই থকা এখন আঢ্যবন্ত গৃহস্থী যদিও সেনাপতিৰ ঘৰখনত বস্তুবাদী চিন্তাধাৰাৰ পৰিবৰ্ত্তে এটি আধ্যাত্মিকতাৰ পৰিবেশহে বিৰাজ কৰিছিল। মহাপুৰুষীয়া ধৰ্ম্মমতৰ অনুগামী মানুহজনৰ বৰগীত, কীৰ্ত্তন, নামঘোষা এক প্ৰকাৰ কণ্ঠস্থ আছিল। ব্ৰহ্মপুৱাতে উঠি তেওঁ সুললিত কণ্ঠে গীত-পদ গাইছিল; ল’ৰা ছোৱালীহঁতকো গাবলৈ শিকাইছিল। ধৰ্ম্ম বিষয়ত অতি উদাৰ সেনাপতিদেৱে চুবুৰীৰ দূৰ্গা পূজাখনলৈকো নোযোৱাকৈ থকা নাছিল। নগাঁৱত থাকোতে তেওঁ হেনো মাজে সময়ে গীৰ্জালৈকো গৈছিল। ল’ৰা ছোৱালীহঁতক সংগীত শিকাবৰ বাবে তেওঁ শ্বিলঙৰ ঘৰত ভূপেন ঘোষ নামে এজন গৃহ শিক্ষক নিয়োগ কৰিছিল। তেওঁলোকৰ ঘৰত মাজে সময়ে পতা 'জলসা’ত চহৰৰ বিশিষ্ট সংগীত শিল্পীয়েও যোগদান কৰিছিল। গতিকে ইন্দিৰাৰ সৰুৰে পৰা সংগীত, বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বৰ ধাউতি। এই বয়সতো যেতিয়াই তেতিয়াই তেওঁক ৰবীন্দ্ৰ নাথৰ গীতৰ কলি গুণগুণাই থকা শুনা যায়।
 ইন্দিৰাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শ্বিলঙৰ এক বঙালী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত। সেই স্কুলৰ শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া সাৰদা মঞ্জৰী দাস। তেওঁক ছাত্ৰ-ছাত্ৰীসকলে ‘গুৰু-মা’ বুলি সম্বোধন কৰিছিল। সেই মৰমীয়াল শিক্ষয়িত্ৰী গৰাকীৰ বাবেই হেনো স্কুলখন শিশুসকলৰ বাবে আনন্দৰ ঠাই হৈ পৰিছিল। বন্ধৰ দিনত ল’ৰা ছোৱালীহঁতক তেওঁ শ্বিলঙৰ [ ১০ ] অপূৰ্ব্ব প্ৰাকৃতিক শোভা দেখুৱাবলৈ উলিয়াই লৈ গৈছিল। সেইকালত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠা নাছিল। সেইখন স্কুলৰ শিক্ষা সাং হোৱাত তেওঁক জেইলৰোড এম ই স্কুলত নাম লগাই দিয়া হয়। তাতো তেওঁ বঙলা মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। তেনে পৰিস্থিতিত দেউতাকে চিন্তা কৰিলে, ছোৱালীয়ে যদি বঙলা মাধ্যমতে লিখা পঢ়া শিকিব লাগে তেন্তে কলিকতাৰ স্কুলতে ভৰ্ত্তি হৈ উন্নত শিক্ষাৰ সোৱাদ লওকগৈ। অসমত সেইকালত ছোৱালীৰ উচ্চ শিক্ষাৰ কথা মানুহে ভাবিবই পৰা নাছিল৷ গতিকে কলিকতাত পঢ়িবলৈ ল'লে ভৱিষ্যতে তেওঁৰ উচ্চ শিক্ষাৰ পথো সুগম হব। তদুপৰি ব্ৰাহ্মসমাজ বা মিছনেৰীসকলৰ স্কুলত পঢ়িলে ছোৱালীয়ে থকা-খোৱাৰ ক্ষেত্ৰত জাত-পাতৰ তিতা-কেহা অভিজ্ঞতাৰ পৰাও হাত সাৰি চলিব পাৰিব। কথাষাৰ সকলো দিশৰ পৰা বিবেচনা কৰি তেওঁ বৰজীয়েকক কলিকতাত পঢ়িবলৈ পঠোৱাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই কথা গম পাই ইন্দিৰাৰ শিশু প্ৰাণ আনন্দত নাচি উঠিল। অচিন অজান ঠাই কলিকতা দেখা পাব, হোষ্টেলত থাকিব, ডাঙৰৰ দৰে বাকচৰ চাবি, পইছা নিজৰ লগত থাকিব— এনেবোৰ কল্পনাত তেওঁ আপোন পাহৰা হৈছিল; অৱশ্যে মাতৃহাৰা কণমানি ভায়েকৰ বাবে তেওঁৰ প্ৰাণে কান্দিছিল। ১৯২১ চনৰ শিক্ষা বছৰৰ আৰম্ভনিতে ইন্দিৰাক লগত লৈ সোণাধৰ সেনাপতি কলিকতামুখী ৰেলত উঠিল। শ্বিলঙৰ মনোৰম প্ৰাকৃতিক পৰিবেশ এৰি থৈ, পাইন গছৰ মাজে মাজে লৰি ঢাপৰি ফুৰা, ওখ-চাপৰ আলিবাটত চাইকেল চলাই ফুৰা শৈশৱৰ দিনবোৰৰ স্মৃতি বুকুত বান্ধি দহ এঘাৰ বছৰীয়া ছোৱালীজনীয়ে এক অপৰিচিত অনাগত ভবিষ্যতৰ পিনে ভৰি আগবঢ়ালে। তেওঁ তাৰ আগতে ৰেলত উঠা দূৰৰে কথা, ৰেলখন ওচৰৰ পৰা দেখাই নাছিল। ৰেলৰ খিড়িকিৰে বাহিৰলৈ চাই দুয়ো কাষৰ গছ-বন, ঘৰ-দুৱাৰবোৰ ওলোটা মুখে লৰি যোৱা দেখি তেওঁৰ বিস্ময়ৰ সীমা নাছিল। কলিকতাত পঢ়ি থকা গুৱাহাটীৰ ছাত্ৰ তিনিজনে তেওঁলোকক শিয়ালদহ ষ্টেচনৰ পৰা আগবঢ়াই নিবলৈ আহিছিল। দেউতাকৰ সৈতে কলিকতাৰ হোটেলত সাদিন মান ৰাখি তেওঁক ভিক্‌টোৰীয়া মেমোৰিয়েল, চিৰিয়াখানা আদি দৰ্শনীয় ঠাইবোৰ দেখুৱাবলৈ নিয়া হৈছিল। কলিকতাত ট্ৰাম–বাছ, দোকান-পোহাৰ, অট্টালিকা, বিজুলী চাকি দেখি তেওঁথৰ লাগিছিল।
 কলিকতাৰ আপাৰ চাৰ্কুলাৰ ৰোডত থকা ব্ৰাহ্ম গাৰ্লচ স্কুলত তেওঁৰ প্ৰৱসুৱা শিক্ষা জীৱন আৰম্ভ হয়। বিৰাট দুমহলীয়া স্কুল ঘৰ, আহল বহল চৌহদ; স্কুলৰ লগতে পিছফালে প্ৰকাণ্ড হোষ্টেল। হোষ্টেলত এশগৰাকীমান ছাত্ৰী আছিল। ছোৱালীহঁতৰ তদাৰক কৰিবলৈ কেইবাগৰাকী শিক্ষয়িত্ৰীও তেওঁলোকৰ লগতে আছিল। স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া জ্যোতিৰ্ম্ময়ী গাংগুলী। এইগৰাকী ব্যক্তিত্বশালী মহিলাই ইন্দিৰাক আকৰ্ষিত [ ১১ ] আৰু পৰবৰ্ত্তী জীৱনত বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল।ব্ৰাহ্ম গাৰ্লচ স্কুলৰ পোনে পোনে ৰাস্তাটোৰ সিফালে আছিল ছায়েঞ্চ কলেজ আৰু বিশিষ্ট বিজ্ঞানী চাৰ জগদীশ বসুৰ ঘৰ। তালৈ আহি থকা বিজ্ঞানীসকল আৰু কলিকতাৰ গণ্য-মান্য লোকসকল স্কুলৰ ছোৱালীহঁতৰ বাবে প্ৰায় পৰিচিতৰ দৰে হৈছিল।
 সেই যুগৰ এজনী কণমানি অসমীয়া ছোৱালীৰ বাবে ঘৰৰ পৰা বহু নিলগত কলিকতাৰ হোষ্টেল জীৱন সম্পূৰ্ণ আচহুৱা আছিল। মাতৃহীনা ছোৱালীটিক তেনে অপৰিচিত পৰিবেশত হঠাতে এৰি থৈ আহিবলৈ দেউতাকৰো সত যোৱা নাছিল। গতিকে তেওঁ আৰু কেইদিনমান হোটেলতে থাকি প্ৰতিদিনে একোবাৰ হোষ্টেলত জীয়েকক লগ ধৰিছিলগৈ। দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত কন্দা-কটা কৰিছিল যদিও সমনীয়া ছোৱালীহঁতৰ সংগ পাই লাহে লাহে তেওঁৰ হোষ্টেলত মন বহিল।
 ব্ৰাহ্ম গাৰ্লচ স্কুলৰ হোষ্টেলৰ নিয়মানুসৰি ওপৰ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিম্ন বৰ্গৰ কুমলীয়া বয়সৰ একো গৰাকী ছাত্ৰীৰ বায়েক পাতি দিয়া হৈছিল। সেই বায়েকেই গা-ধোৱা, মূৰ ফনিওৱা, কাপোৰ পিন্ধা আদি কামত কণমানি জনীক সহায় কৰি দিছিল। এইটো নিঃসন্দেহে এটা সুন্দৰ নিয়ম; ই এহাতে যিদৰে ছোৱালীহঁতক ত্যাগ আৰু সেৱাৰ শিক্ষা দিয়ে আনহাতে সেইদৰে ভবিষ্যতৰ ব্যৱহাৰিক জীৱনটোৰ বাবে প্ৰস্তুতিতো সহায় কৰে।ছাত্ৰী সকলে প্ৰত্যুষতে বিছনা এৰি হোষ্টেলৰ সমূহীয়া প্ৰাৰ্থনাত যোগ দিব লাগিছিল। ব্ৰহ্ম মুহূৰ্ত্ততে উঠি গোৱা সেই ব্ৰহ্ম সংগীতে ইন্দিৰাৰ মন প্ৰাণ ভৰাই তুলিছিল। স্কুলৰ নিয়মিত প্ৰাৰ্থনাৰ উপৰিও ৰবিবাৰে ইন্দিৰাই ওপৰ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে গাড়ীত উঠি নিলগত থকা ব্ৰাহ্ম মন্দিৰ এটালৈ প্ৰাৰ্থনাৰ বাবে গৈছিল। সেই প্ৰাৰ্থনা বাধ্যতামূলক নাছিল যদিও সংগীতৰ প্ৰতি স্বাভাবিক আকৰ্ষণবশতঃ তেওঁ তালৈ গৈছিল। সেই স্কুলত ছাত্ৰীসকলক সংগীতৰ শিক্ষাও দিয়া হৈছিল। পিছলৈ দেউতাকে এখন এচ্‌ৰাজ কিনি দি হোষ্টেলতে সুকীয়াকৈ তেওঁৰ যন্ত্ৰ-সংগীত শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। স্কুলত গান আৰু সংস্কৃতত বাদে আন সকলো বিষয় শিক্ষয়িত্ৰী সকলেই পঢ়ুৱাইছিল। ছাত্ৰীসকলক তলৰ শ্ৰেণীতে লাঠি-খেল, চুৰি-খেল আদিৰ শিক্ষা দিয়া হৈছিল। ১৯০৫ চনৰ বংগ-ভংগ আন্দোলনৰ দিনৰ পৰাই বংগ দেশত জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠিছিল। স্বাধীনতাকামী ভাৰতীয়সকলৰ নতুন প্ৰজন্মক শাৰীৰিক, মানসিক উভয় দিশতে শক্তিমান ৰূপত গঢ় দিয়াৰ চিন্তাৰে, লগতে স্ত্ৰীজাতিৰ আত্মৰক্ষাৰ লক্ষ্যও আগত ৰাখিয়েই হয়তো স্কুলত অস্ত্ৰ শিক্ষাৰ ব্যৱস্থা ৰখা হৈছিল। পুলিন বিহাৰী দেৱ নামৰ নিপুণ লাঠি খেলুৱৈ এজনে তেওঁলোকক সেইবোৰ খেল শিকাইছিল। আবেলি পৰত ছাত্ৰী সকলে হৈ-গুদু,কাবাদি, বেডমিন্টন আদি খেল খেলিছিল। ইন্দিৰা সৰুৰে পৰা এগৰাকী দক্ষ খেলুৱৈ আছিল।

[ ১২ ]  স্কুলত ইন্দিৰাৰ সবাতোকৈ প্ৰিয় বিষয় আছিল অঙ্ক। মাতৃভাষা হিচাপে বঙলাকেপঢ়িছিল। সেইকালৰ শিক্ষা ব্যৱস্থাত গৃহ-শিক্ষকতাৰ কোনো ধাৰণাই সোমোৱা নাছিল; বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেই পুৱাৰ ভাগত, নহলে স্কুল ছুটীৰ পিছত ছাত্ৰীসকলৰ পঢ়া শুনা চাই দিছিল। ব্ৰাহ্ম গাৰ্লচ হোষ্টেলত তেওঁৰ সৈতে থকা অসমীয়া ছাত্ৰী কেইগৰাকীৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱৰ বায়েক নিৰ্ম্মলা চলিহা আৰু লোকনায়ক অমিয় কুমাৰ দাসৰ দুগৰাকী ভতিজা জীয়েক আশা দাস আৰু প্ৰতিমা দাসৰ কথা তেওঁৰ মনত পৰে।
 ১৯২৮ চনত ইন্দিৰাই মেট্ৰিক পৰীক্ষা দিয়াৰ বছৰতে কলিকতাত জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশন বহিছিল। সেই অধিবেশনত তেওঁলোকে স্বেচ্ছাসেৱক বাহিনীৰসদস্যা হিচাপে যোগদান কৰিছিল। সেই বাহিনীৰ সৰ্বাধিনায়ক আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তেজী ঘোৰাত উঠি স্বেচ্ছাসেৱক বাহিনীৰ কুচ্-কাৱাজ চাবলৈ অহা উদ্দীপ্ত কণ্ঠৰ সেই সুদৰ্শন তেজস্বী পুৰুষগৰাকীক নিচেই ওচৰৰ পৰা দেখাৰ সৌভাগ্য তেওঁৰ সৰুতেই হৈছিল। দেশৰ কেন্দ্ৰীয় ৰাজনৈতিক নেতৃবৃন্দ আৰু মুধা ফুটা শিক্ষাবিদ, সাহিত্যিক,বৈজ্ঞানিক সকলৰ কলিকতালৈ সঘন আহ-যাহ আছিল। কলিকতাত পঢ়িবলৈ যোৱাৰ ফলত ইন্দিৰাৰ এক বিশেষ সুবিধা হৈছিল যে তেওঁ মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, ৰবীন্দ্ৰ নাথ ঠাকুৰ, প্ৰফুল্ল চন্দ্ৰ ৰয়, জগদীশ বসু প্ৰমুখ্যে স্বনামধন্য লোকসকলৰ সততে দৰ্শন লাভ কৰিছিল। সভাই -সমিতিয়ে শুনা সৰোজিনী নাইডুৰ মৰ্ম্মস্পৰ্শী সুললিত বক্তৃতা যেন আজিও তেওঁৰ কাণত বাজি থাকে।
 ১৯২৮ চনত হাই স্কুলীয়া শিক্ষা সফলতাৰে সমাপ্ত কৰি ইন্দিৰাই মহানগৰৰে স্কটিছ চাৰ্চ কলেজত নাম লগায়। সেই সময়ত গুৱাহাটীৰ অমল প্ৰভা দাস, উজনি অসমৰ বেদৱতী বুঢ়াগোহাঁই, কুঞ্জ গগৈ, নৰ্ম্মদা সিঙকে ধৰি কেইবাগৰাকীও অসমীয়া ছোৱালী ছাত্ৰীৰ আছুতীয়া শিক্ষানুষ্ঠান বেথুন কলেজত পঢ়ি আছিল। তেনেস্থলত সোণাধৰ সেনাপতিয়ে তেওঁৰ ছোৱালীক লৰাৰ সৈতে একেলগে পঢ়িবলৈ স্কটিছ চাৰ্চ কলেজলৈ পঠিয়াই তেওঁৰ প্ৰগতিশীল চিন্তাধাৰাৰ পৰিচয় দাঙি ধৰে। সেইখন কলেজত ইন্দিৰা সেনাপতি সোমোৱাৰ দুই এবছৰ আগৰ পৰাহে ছাত্ৰীক প্ৰবেশৰ অনুমতি দিয়া হৈছিল।গতিকে ছাত্ৰী সংখ্যা আছিল তেনেই নগণ্য আৰু অসমীয়া ছাত্ৰী বুলিবলৈ একমাত্ৰ তেঁৱেই আছিল। কলেজখনৰ অধ্যক্ষ ডঃ আৰ্কহাৰ্ট (Dr. Arquohart) এজন অভিজ্ঞ শিক্ষাবিদ আৰু অতি সুদক্ষ প্ৰশাসক আছিল। তেওঁ পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হৈছিল।ইন্দিৰাৰ জীৱন আৰু ব্যক্তিত্ব গঠনত এইজন বৰেণ্য ব্যক্তিৰ প্ৰভাৱ তেওঁ স্বীকাৰ কৰে।

[ ১৩ ]  ইন্টাৰমিডিয়েট শ্ৰেণীত তেওঁৰ বিষয় আছিল অঙ্ক, সংস্কৃত আৰু লজিক, স্নাতক শ্ৰেণীত আছিল দৰ্শন আৰু সংস্কৃত। ইংৰাজীত অনাৰ্চ লৈছিল যদিও পৰীক্ষা দিয়া নহ’ল। স্কুলত মাতৃভাষা হিচাপে বঙলাকে পঢ়িবলগীয়া হৈছিল যদিও কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া বিষয়টোও আছিল বাবে কলেজত তেওঁ অসমীয়া লৈছিল। সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষক আছিল বিশিষ্ট অসমীয়া কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱ। অসমীয়া বিষয় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিল বাবে তেওঁ কেইবাখনো কলেজৰ লৰা ছোৱালীক একেলগে বহুৱাই পাঠদান কৰিছিল। ইন্দিৰাই এইজন শিক্ষকৰ তলতে প্ৰথম অসমীয়া বিষয়ৰ পাঠ গ্ৰহণ কৰিছিল। সৰুৰে পৰা বঙলা পঢ়ি অসমীয়া বিষয়ৰ পৰীক্ষা দিবলগীয়া হোৱাত তেওঁৰ কিছু অসুবিধা হৈছিল। বন্ধত ঘৰলৈ আহোতে দেউতাকৰ অনুৰোধক্ৰমে সুসাহিত্যিক সূৰ্য্য কুমাৰ ভূঞাদেৱে সেই বিষয়ত তেওঁক কিছু চাই চিতি দিছিল। ভূঞাদেৱ দেউতাকৰ বন্ধু আছিল আৰু সেই সূত্ৰে মাজে সময়ে তেওঁলোকৰ ঘৰলৈ আহিছিল।
 ১৯৩২ চনত তেওঁ বি এ পৰীক্ষা দি স্নাতক ডিগ্ৰী লাভ কৰে। সেই যুগৰ অসমীয়া ছোৱালীৰ বাবে সেয়া এক ডাঙৰ সাফল্য বুলিয়েই কব পাৰি। ১৯২১ চনৰ পৰা ৩২ চনলৈকে সুদীৰ্ঘ কালছোৱা কলিকতাত কটাই তেওঁ ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুতিৰ চিন্তাৰে অসমলৈ উভতি আহিল। কলিকতাৰ সৈতে এই দীৰ্ঘ দিনৰ সম্পৰ্কৰ বাবেই হয়তো তেওঁ অনুভৱ কৰে বংগীয় ভাষা সাহিত্য, বিশেষকৈ ৰবীন্দ্ৰনাথৰ গীত ও কবিতাৰ প্ৰতি এক গভীৰ আকৰ্ষণ। কলেজীয়া জীৱনৰ বছৰকেইটা তেওঁ খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলত কটোৱা বাবে শিক্ষা জীৱনত ইন্দিৰাই কোনো দিনেই জাতি বৈষম্যৰ তিক্ততা অনুভৱ কৰিবলগীয়া নহ’ল।

•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।