বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
বিশিষ্টা শিক্ষাবিদ
ইন্দিৰা মিৰি
হিৰণ্ময়ী দেৱী
প্ৰকাশক : হেমন্ত কুমাৰ শৰ্ম্মা, প্ৰবক্তা, গুৱাহাটী বিশ্ববিদ্যালয়।
প্ৰথম প্ৰকাশ : জুন, ২০০১ চন।
© লেখিকাৰ
ডি টি পি কম্পোজ : দীপা দাস, ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজ।
মুদ্ৰণ : ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজ
যোগেন বৰুৱা উপপথ
শিলপুখুৰী, গুৱাহাটী।
পৰম শ্ৰদ্ধেয়া শাহু-আইৰ পবিত্ৰ |
স্মৃতিত |
পুথিখনি অৰ্পিত হ'ল। |
লেখিকা |
আগকথা
নেফা তথা অসমৰ শিক্ষা জগতলৈ স্বনামধন্যা শিক্ষাবিদ্ ইন্দিৰা মিৰিৰ অৱদান অবিস্মৰণীয়। চল্লিশৰ দশকত নেফাত শিক্ষা বিভাগৰ মুৰব্বী বিষয়াৰূপে এমুঠি নিষ্ঠাবান অসমীয়া শিক্ষক-বিষয়াৰ সহযোগত শিক্ষাৰ প্ৰথম ভেটিটো বান্ধোতে তেওঁ অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ আৰু অসমীয়া লিপি প্ৰৱৰ্ত্তনৰ ব্যৱস্থা কৰি পৰ্ব্বত-ভৈয়ামৰ মাজত পুৰণি স্নেহবন্ধন দৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে অসমীয়া কলা-কৃষ্টিকো পাহাৰীয়া ভাই-ভণীসকলৰ মাজত জনপ্ৰিয় কৰি তুলি অসমীয়া জাতি, অসমীয়া ভাষালৈ উৎকৃষ্ট সেৱা আগবঢ়াইছিল। এইগৰাকী মহিলাৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্জ্বল দৃষ্টান্ত; ই প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে অজেয় মানৱাত্মাৰ সংগ্ৰামৰো এক ইতিহাস। এনে এক জীৱন সৰ্ব্বসাধাৰণ মানুহৰ বাবে, ঘাইকৈ উঠি অহা প্ৰজন্মৰ বাবে নিঃসন্দেহে প্ৰেৰণাৰ উৎস। এই ক্ষয়িষ্ণু পৃথিবীত মানুহৰ নিষ্ঠা, সততা, একাগ্ৰতা, নিৰ্ম্মল সেৱাই উপযুক্ত স্বীকৃতি পোৱা উচিত। এনে এক বৰেণ্য জীৱন কালৰ সোঁতত পাহৰণিৰ গৰ্ভত যাতে হেৰাই নেযায় তেনে এক সদিচ্ছাৰেই এই জীৱনী ৰচনাৰ নিঃকিন প্ৰচেষ্টা।
মানুহ হিচাপে জীৱন-চৰিতৰ নায়ক বা নায়িকাগৰাকীৰ ব্যক্তিত্ব, চিন্তাধাৰা আৰু কৰ্ম্মৰাজি তাৰ পটভূমিৰ সৈতে পোহৰাই তুলি সেইজনাৰ এক হুবহু প্ৰতিকৃতি পাঠকৰ আগত দাঙি ধৰাই হৈছে আধুনিক জীৱনী ৰচনাৰ উদ্দেশ্য। অতি ওচৰৰ পৰা ব্যক্তিগৰাকীৰ জীৱনৰ খুটি-নাটি, কথা-বতৰা, আচাৰ-আচৰণ লক্ষ্য কৰি যত্ন সহকাৰে প্ৰস্তুত কৰিলে জীৱনী-সাহিত্য জীৱনৰ সঁচা ছবি হোৱাৰ লগতে উপন্যাসৰ দৰে সৰস ও মনোগ্ৰাহীও হব পাৰে। হয়তো তেনে ধাৰণাৰ বশৱৰ্ত্তী হৈয়েই প্ৰথিতযশা ইংৰাজ সাহিত্যিক ডঃ ছেমুৱেল জনচনৰ জীৱনী লিখাৰ সংকল্প লৈ জীৱনীকাৰ জেম্চ্ বছৱেলে সুদীৰ্ঘকাল তেওঁৰ লগত ছাঁৰ দৰে ঘূৰি ফুৰিছিল। অৱশ্যে তেনে তৎপৰতা সকলোৰে পক্ষে সম্ভৱপৰ নহয়। তথাপিতো, ব্যক্তিগৰাকী ইহসংসাৰ ত্যাগ কৰি যোৱাৰ পিছত তেওঁৰ বিষয়ে পঢ়ি বা ইজন-সিজনৰ মুখ বাগৰি অহা কথা শুনি লিখাতকৈ জীৱিত কালতে তেওঁৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব পাৰিলে সেই ৰচনা অধিক প্ৰামাণ্য, অধিক জীৱন্ত হোৱাৰ থল থাকে।
তেনে বিশ্বাসেৰেই বয়োবৃদ্ধা মহিলাগৰাকীৰ ওচৰ চাপিছিলো। মোৰ অভিপ্ৰায় জনাই সেই ক্ষেত্ৰত তেখেতৰ সহায় বিচৰাত প্ৰচাৰ বিমুখ মানুহগৰাকীয়ে পোনতে তেখেতৰ হাতত কোনো তথ্য-পাতি নাই বুলি মোক সেই সংকল্প ত্যাগ কৰিবলৈ কৈছিল। কিন্তু [ ৬ ] তেখেতৰ ভাষাৰেই কবলৈ গ’লে, মই “চেলাপেটী জোক লগাদি লাগি থকাত” অবশেষত মিৰি বাইদেৱে তেখেতৰ ব্যক্তিগত জীৱন সম্পৰ্কে মোৰ এলানি প্ৰশ্নৰ উত্তৰ হিচাপে কিছু টোকা প্ৰস্তুত কৰি দিয়াই নহয়, তেখেতৰ সংগ্ৰহৰ পৰা কিতাপ-আলোচনী দিও মোক সহায় কৰিলে। সেই টোকাসমূহ জীৱনীখনৰ অ’ত-ত’ত মই উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছো।
শ্ৰীযুতা মিৰিৰ ঘৰৰ পিছপিনৰ বাৰাণ্ডাত বহুদিন ঘন্টাৰ পিছত ঘন্টা বহি তেখেতৰ মুখৰ পৰাই মই অধিকাংশ তথ্য সংগ্ৰহ কৰিছিলো। সেই ক্ষেত্ৰত মই কিছু সমস্যাৰো সন্মুখীন হৈছিলো। বাইদেউৰ হাতত তেখেতৰ ঘটনা-বহুল অতীত জীৱন সম্পৰ্কে কোনো লিখিত বিৱৰণ নাই। ডায়েৰী লিখাৰ অভ্যাসো তেখেতৰ নাছিল। গতিকে মৌখিক তথ্য- পাতিৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হ'লো। তেখেতৰ স্মৰণীয় অতীতক ধৰি ৰখা কোনো পুৰণি ফটোও হেনো বাইদেউৰ হাতত নাই। গতিকে বেটুপাতৰ বাবে নতুনকৈ তোলা ফটোখনত বাদে অন্য ফটো গ্ৰন্থখনত দিব পৰা নগ’ল। সম্প্ৰতি বাইদেউৰ বয়স একানব্বৈ বছৰ পূৰ হওঁ হওঁ। এই বয়সত হয়তো বহু পুৰণি কথা স্মৃতিৰ পৰা মচ খাই গৈছে। যিখিনি সমল তেখেতৰ মুখৰ পৰা পোৱা গৈছে তাতো ক'ৰবাত তথ্যৰ ইফাল সিফাল হব পাৰে। নেফাত তেখেতৰ সৈতে কাম কৰা লোকসকলৰ অধিকাংশই ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় লৈছে। আমাৰ অজ্ঞতাবশতঃ তেনে কোনো লোকৰ কথা এই জীৱনীৰ পৰা বাদ যাবও পাৰে। গতিকে গ্ৰন্থখনিৰ সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈ সকলো চ্যুতি-বিচ্যুতিৰ বাবে আগতীয়াকৈ কৰযোৰে ক্ষমা বিচাৰিছো।
যি কেইজন লেখকৰ গ্ৰন্থ ও কাকত-আলোচনীত প্ৰকাশিত প্ৰৱন্ধৰ তথ্য-পাতি আৰু উদ্ধৃতি এই পুথিত সন্নিবিষ্ট হৈছে সেইসকলৰ ঋণ নতশিৰে স্বীকাৰ কৰি জীৱিত-মৃত আটাইকেইজনলৈকে শ্ৰদ্ধা ও কৃতজ্ঞতা জ্ঞাপন কৰিছো। জীৱনীৰ সমল বিচাৰি মই মিৰি বাইদেউৰ দুই চাৰিগৰাকী আত্মীয়ৰো ওচৰ চাপিছিলো। তথ্য-পাতিৰে মোক সহায় কৰা সেইসকলৰ ভিতৰত বাইদেউৰ ভতিজা শ্ৰীলাবু সেনাপতি আৰু ভণী, মোৰ একালৰ সহপাঠী শ্ৰীমতী মৃণালিনী বৰবৰাৰ নাম বিশেষ ভাবে উল্লেখযোগ্য। দুয়োলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো। পুথিখনিৰ শেষৰ অধ্যায়ত, শ্ৰীযুতা মিৰিৰ ব্যক্তিত্ব সম্পৰ্কে, বিভিন্ন সময়ত তেখেতৰ সান্নিধ্যলৈ অহা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগতে পৰিয়ালৰ দুগৰাকী লোকৰ অভিমত সংযোজন কৰা হ'ল। যিসকলে সময় খৰচ আৰু কষ্টস্বীকাৰ কৰি লিখনি আগবঢ়ালে, যি কেইগৰাকীয়ে বাৰ্দ্ধক্যজনিত অসুস্থতাবশতঃ লেখা দিব নোৱাৰিলেও মৌখিক ভাবে নিজ অভিজ্ঞতা মোক জনালে সেইসকললৈ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছো। দুই এগৰাকীৰ লেখা দীঘলীয়া হোৱাত ভাৱৰ কোনো বিসংগতি নঘটোৱাকৈ [ ৭ ] কিছু অংশ বাদ দিয়া হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছো। পুথিখনি পাণ্ডুলিপি অৱস্থাতে, মোৰ ভাই, স্থানীয় প্ৰাগজ্যোতিষ কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মূৰব্বী শ্ৰীঅনিল শৰ্ম্মাই বৰ্ণাশুদ্ধি আদি চাই দি মূল্যবান দিহা-পৰামৰ্শ আগবঢ়োৱা বাবে তেওঁলৈ আন্তৰিক স্নেহ ও কৃতজ্ঞতা জনাইছো। পুথিখনিৰ মুদ্ৰণৰ দায়িত্বত থকা প্ৰেছৰ কৰ্ম্মীসকলকো ধন্যবাদ জনাইছো।
সদৌ শেষত স্বীকাৰ কৰিব লাগিব, শ্ৰদ্ধেয়া ইন্দিৰা মিৰি বাইদেউৰ সহায়-সহযোগ অবিহনে মোৰ পক্ষে এই কাম সম্ভৱ নহলহেঁতেন। তেখেতে সহৃদয়তাৰে তথ্য-পাতি যোগান ধৰাৰ উপৰিও শিক্ষা-সংস্কৃতি বিষয়ক মোৰ এলানি প্ৰশ্নৰ উত্তৰ বিস্তৃত ভাৱে লিখিত ৰূপত আগবঢ়াইছে। তেখেতৰ বয়সত কেইজনৰ পৰা এনে মানসিক সক্ৰিয়তা, সজীৱতা আমি আশা কৰিব পাৰো? তেখেতলৈ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো। আমাৰ কৰ্ম্মপ্ৰেৰণা হৈ, আমাৰ মাৰ্গ দৰ্শক ৰূপে তেখেত আৰু বহুবছৰ সুস্থ শৰীৰে জীয়াই থাকক—এই আন্তৰিক শুভকামনাৰে সামৰিলো।
হিৰণ্ময়ী দেৱী
গুৱাহাটী
১০ মে, ২০০১ চন।
* * *
পৃষ্ঠা | ||
১) | গুৰি শিপাৰ সন্ধান | ১ |
২) | শৈশৱৰ আঁত ধৰি যৌৱনলৈ | ৮ |
৩) | জীৱনৰ কষটি শিলত | ১৪ |
৪) | ভেটি গঢ়োতাৰ ভূমিকাত | ২১ |
৫) | পোহৰৰ অভিযান | ২৯ |
৬) | দুৰ্যোগৰ ক'লা ছাঁ | ৩৬ |
৭) | অসমৰ শিক্ষা জগতত | ৪৩ |
৮) | সৰু সৰু কথাৰে | ৫১ |
৯) | উত্তৰ বিচাৰি | ৫৮ |
১০) | বিভিন্ন জনৰ দৃষ্টিত | ৬৫ |
●●●
এক
গুৰি শিপাৰ সন্ধান
গুৱাহাটী মহানগৰীৰ শিলপুখুৰী অঞ্চলৰ একে নামৰ ৰজাদিনীয়া পুখুৰীটোৰ দক্ষিণ পাৰে আহল বহল চৌহদত সুদৃশ্য অসম আৰ্হিৰ এটি ঘৰ।সমুখত নানাবিধ ফুলেৰে এখন ধুনীয়া ফুলনি। সেই ঘৰটোতে বাস কৰে এগৰাকী বয়োবৃদ্ধা, বিদুষী মহিলা। বয়সৰ লেখেৰে নব্বৈৰ ডেওনা চেৰাই গৈছে যদিও স্বাস্থ্য-পাতি সুন্দৰ, কথা-বতৰা নিৰ্ভুল, স্পষ্ট; মগজু এতিয়াও সুস্থ, সক্ৰিয়; তেওঁৰ ঘটনাবহুল সুদীৰ্ঘ অতীত সম্পৰ্কে যি কোনো প্ৰশ্নৰে
উত্তৰ সঠিক ভাৱে দিব পাৰে। সৰ্ব্বশুক্লা সৰস্বতীৰ দৰে চিৰকাল শুভ্ৰবসনা সেই নাৰীৰ কণ্ঠতো সৰস্বতী। চাকৰি জীৱনৰ পৰা অৱসব লৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাৰে পৰা যোৱা তিনিটা দশকৰ ওপৰকাল মহানগৰীৰ অজস্ৰ শিক্ষা-সংস্কৃতিমূলক সভাত তেওঁ সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসন অলংকৃত কৰি জ্ঞানগৰ্ভ, মনোজ্ঞ ভাষণেৰে শ্ৰোতাৰ মন পুলকিত কৰি আহিছে; আজি চাৰি পাঁচ বছৰ মান আগলৈকে অকল গুৱাহাটীতে নহয়,
তেনে জাতীয় সভা-সমিতিলৈ আমন্ত্ৰিত অতিথিৰূপে তেওঁ ৰাজ্যখনৰ ইমুৰ সিমুৰ ঘুৰি ফুৰিছিল। মহিলাগৰাকী হ'ল অসম তথা পূৰ্ব্বাঞ্চলৰ শিক্ষা- জগতৰ এক পুৰোধা ব্যক্তি শ্ৰীমতী ইন্দিৰা মিৰি। কুৰি শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিতে, যি সময়ত অসমৰ জনসাধাৰণে ছোৱালীক আনুষ্ঠানিক শিক্ষা দিয়াৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিল, যি সময়ত ঘৰতে দুটা ‘ক-খ, ম-ম' শিকাই বা নিশিকোৱাকৈয়ে এঘৰলৈ উলিয়াই দিয়া ছোৱালীহঁতৰ গৃহ-কৰ্ম্ম, সন্তানৰ জন্ম দান আৰু লালন-পালনেই স্বপ্নৰ শেষ সীমা আছিল তেনে সময়তে ইন্দিৰা নামৰ এই অসমীয়া ছোৱালীগৰাকীয়ে কলিকতাৰ হোষ্টেলত থাকি স্কুলত পঢ়িছিল আৰু পিছলৈ কলেজীয়া শিক্ষা সফলতাৰে সমাপ্ত কৰি বিলাতত উচ্চ শিক্ষাৰে শিক্ষিতা হৈ নেফাৰ (আজিৰ অৰুণাচল প্ৰদেশ) পৰ্ব্বতীয়া জনজাতিৰ মাজত শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী বিদূষী মহিলাই নিজ ব্যক্তিত্ব আৰু কৰ্ম্মৰাজিৰ গুণত আজিও অসমীয়া নাৰী সমাজৰ মস্তক-মণি ৰূপে জিলিকিব লাগিছে।
ইন্দিৰা মিৰিৰ জন্ম হৈছিল গুৱাহাটীৰ শিলপুখুৰী অঞ্চলতে, ১৯১০ চনত। তেওঁৰ পিতৃৰ আছিল অসমৰ অনুন্নত সম্প্ৰদায়সমূহৰ মুক্তি-সংগ্ৰামৰ অগ্ৰণী যোদ্ধা, একনিষ্ঠ সমাজসেৱী স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু মাতৃ যোৰহাটৰ স্বৰ্গীয়া দিব্যকান্তি দাস। [ ১০ ] ‘সেনাপতি পুৰী’ নামে জনাজাত, পুখুৰীটোৰ পূৱ দিশত অৱস্থিত তেওঁলোকৰ পুৰণি বাসভৱনত আহিন মাহৰ শুক্লা দশমী তিথি অৰ্থাৎ বিজয়া দশমীৰ দিনা যেতিয়া ইন্দিৰাই পৃথিৱীৰ পোহৰ দেখিছিল সেইদিনা একে সময়তে ঘৰখনৰ আন এটা কোঠাত তেওঁৰ ককাদেউতাক ভদৰাম সেনাপতিৰ মৃত্যু ঘটিছিল। এহাতে পিতৃক হেৰুৱাই আনহাতে লাভ কৰা এই কন্যা ৰত্নটিক দেউতাক সোণাধৰ সেনাপতিয়ে ‘পিতৃ বিনিময়ী মা' বুলি আদৰ কৰিছিল। পিছে তেনে দুৰ্যোগৰ মুহূৰ্ত্তত পৃথিৱীলৈ অহা কথাষাৰে জনা হবৰে পৰা ছোৱালীটি মনোজগতত এটা মুছিব নোৱাৰা দাগ বহুৱাইছিল।
সোণাধৰ সেনাপতিৰ প্ৰথমা পত্নীৰ নিঃসন্তান অৱস্থাতে মৃত্যু ঘটাত তেওঁ পুনৰ্বিবাহ কৰায়। দুৰ্ভাগ্যক্ৰমে এটি পুত্ৰ সন্তান জন্ম দি সেই গৰাকীও মৃত্যুমুখত পৰে। পিছত তেওঁ যোৰহাটৰ ৰায়চাহাব সভাৰাম দাসৰ ভনীয়েক দিব্যকান্তিক বিয়া কৰায়। ইন্দিৰা তেওঁৰেই প্ৰথম সন্তান। দুৰ্দৈবাৎ পেটমোছা ল’ৰা সন্তানটিৰ জন্মৰ তিনিদিনৰ পিছতে চাৰিটি সন্তান এৰি দিব্যকান্তি দাসেও ইহলীলা সামৰে। সেইকালত উন্নত চিকিৎসা আৰু উপযুক্ত তদাৰকৰ অভাৱত তিৰোতাৰ প্ৰসৱকালীন মৃত্যু সাধাৰণ কথা আছিল। কিছুদিনৰ পিছত সেনাপতিয়ে নগাঁৱৰ শিঙিয়া পোতনি গাঁৱৰ পৰা কুৰংগনী নামে চতুৰ্থ গৰাকীক বিয়া কৰাই আনে। সেই গৰাকী পত্নীয়ে পাচোটি পুত্ৰ আৰু তিনি গৰাকী কন্যা জন্ম দিয়ে। সংস্কৃতজ্ঞ পিতৃ সোণাধৰে ইন্দিৰাৰে আৰম্ভ কৰি তেওঁৰ তেৰটি সন্তানৰ অধিকাংশৰে পদুম ফুলৰ বিভিন্ন নামেৰে নামকৰণ কৰে। 'ইন্দিৰা' শব্দৰ এটা অৰ্থ হ’ল নীলা পদুম। তেওঁৰ এই পদুম প্ৰীতি নাতি-পুতিৰ নামলৈকে বাগৰে। ইন্দিৰা মিৰিৰ পুত্ৰ দুটিৰ নাম উৎপল আৰু মৃণাল। বিয়াৰ পিছত ইন্দিৰা সেনাপতি ইন্দিৰা মিৰি নামে পৰিচিত হয়।
সোণাধৰ সেনাপতিৰ পূৰ্ব্ব-পুৰুষৰ বাসস্থান আছিল পূৰ্ব্বৰ অবিভক্ত শিৱসাগৰ জিলাৰ সদৰ ঠাই, একে নামৰ চহৰখনৰ গাতে লগা অৰ্জ্জুনগুৰি নামে গাঁৱত। তেওঁলোক জাতত বনিয়া, বৃত্তিত সোণাৰী আছিল। তেওঁলোকৰ স্বৰ্ণ শিল্পৰ বৈশিষ্ট্য আছিল বাখৰ পতোৱা সোণৰ আ-অলংকাৰ গঢ়া। সোণাধৰ সেনাপতিৰ উপৰি পুৰুষ ‘দাস’ উপাধিধাৰী আছিল। ৰজা গৌৰীনাথ সিংহৰ দিনৰ এজন ৰাজ বিষয়াই লিপিবদ্ধ কৰি থৈ যোৱা এটি টোকাৰ পৰা জনা যায় যে সোণাধৰৰ পিতৃ ভদৰাম সেনাপতিৰ আজোককাক ভোটোং নামৰ ব্যক্তিগৰাকীয়ে মৰাণ বিদ্ৰোহৰ সময়ছোৱাতে আহোম ৰজাৰ পৰা ‘সেনাপতি’ উপাধি লাভ কৰে। সেই বিদ্ৰোহৰ সময়ত আহোম ৰজাৰ সৈন্যবল টুটি অহাত প্ৰজাক উপযুক্ত ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ্থ হৈছিল আৰু ৰাইজে নিজৰ মাজৰে একোজনক সেনাপতি পাতি লৈ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিছিল। তেনেদৰে পাতি লোৱা দহজন সেনাপতিৰ ওপৰত ভোটোং বৰ সেনাপতি নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰা পৰিয়ালটিয়ে সেনাপতি উপাধি [ ১১ ] লিখিবলৈ লয়।
সোণাধৰ সেনাপতিৰ ককাদেউতাক সুগম সেনাপতিও আহোম ৰজাৰ আমোলত এজন ৰাজখোৱা বিষয়া আছিল। তেওঁৰ পুত্ৰ ভদৰাম সেনাপতি শিৱসাগৰ অঞ্চলৰ এজন নিপুণ সোণাৰী আৰু সোণ ৰূপৰ অলংকাৰৰ সফল ব্যৱসায়ী আছিল। অঞ্চলটোৰ মধ্যবিত্ত শ্ৰেণীৰ এজন প্ৰভাৱশালী ব্যক্তি ভদৰাম সেনাপতি আনহাতে আছিল এজন নিষ্ঠাবান সমাজ সেৱক। গাঁৱত কলেৰা, টাইফয়েড আদি মহামাৰীয়ে দেখা দিলে আতুৰ গঞালোকে ’ভদৰাম কাই’ৰ ওচৰলৈ ঢাপলি মেলিছিল; তেওঁ ততালিকে গৈ ঘটনাস্থলীত উপস্থিত হৈ ঘৰুৱা চিকিৎসা আৰু দিহা-পৰামৰ্শৰে ৰোগীক সকাহ দিবলৈ যথাসাধ্যে চেষ্টা কৰিছিল। তেওঁৰে পুত্ৰ, উপযুক্ত পিতৃৰ উপযুক্ত সন্তান সোণাধৰে ১৮৬৮ খৃষ্টাব্দত অৰ্জ্জুনগুৰিত জন্ম লাভ কৰে। ভদৰাম সেনাপতিৰ তিনিজন পুত্ৰৰ কনিষ্ঠ দিবাধৰৰ ন বছৰ বয়সতে অকাল মৃত্যু ঘটে। দ্বিতীয়জন দীনাধৰৰো, ঢাকাত উচ্চ শিক্ষা লৈ থকা অৱস্থাতে আকস্মিক বিয়োগ ঘটে৷ সোণাধৰৰ সৰুৰে পৰা লিখা পঢ়াৰ প্ৰতি অতি ধাউতি আছিল; তেওঁ পৈত্ৰিক সোণাৰী বৃত্তি লবলৈ ইচ্ছা নকৰি লিখা পঢ়াৰ পিনেহে মনোযোগ দিলে। ফলত ১৯১০ চনত ভদৰাম সেনাপতিৰ মৃত্যুৰ লগে লগে স্বৰ্ণ শিল্পৰ অনুৰাগী উত্তৰাধিকাৰীৰ অভাৱত পৈত্ৰিক ব্যৱসায় লোপ পালে।
[ ১২ ] সেই সময়ত অসম সচিবালয় আৰু অন্যান্য বিভাগতো অসমীয়া কৰ্ম্মচাৰীৰ সংখ্যা নগণ্য আছিল, সকলোতে বঙালী লোকৰে প্ৰাধান্য। সেনাপতিদেৱে তেওঁৰ চৰকাৰী প্ৰভাৱ খটুৱাই ভালেমান অসমীয়া ডেকাক শ্বিলঙত চাকৰি দিয়াইছিল। শ্বিলঙত স্থায়ীভাৱে চাকৰি কৰিবলগীয়া হোৱাত তেওঁ লাবানত ঘৰ-মাটি কিনিছিল৷ এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল আৰু সমাজ সচেতন, দায়িত্বশীল নাগৰিক হিচাপে শ্বিলঙৰ সমাজখনত তেওঁৰ এক বিশিষ্ট স্থান আছিল। সুদীৰ্ঘ প্ৰায় দুকুৰি বছৰ বিভিন্ন চৰকাৰী পদত কৃতিত্বেৰে সেৱা আগবঢ়াই ১৯৩১ চনত সোণাধৰ সেনাপতিয়ে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ কৰ্ম্ম দক্ষতা আৰু ৰজাঘৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতি স্বৰূপে বৃটিছ চৰকাৰে তেওঁক সন্মানসূচক ‘ৰায় বাহাদুৰ’ খিতাপ প্ৰদান কৰে। অৱসৰৰ পিছত তেওঁ লাবানৰ ঘৰ মাটি বেচি কেঞ্চেছ ট্ৰেছত ভালেখিনি মাটি কিনি প্ৰকাণ্ড হাউলি সাজে।
হিন্দু ধৰ্ম্মৰ ঘোৰ কলঙ্ক হিচাপে অস্পৃশ্যতা, জাতিভেদ আদিৰ দৰে নানা কুসংস্কাৰ কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধলৈকে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰৱল ভাৱে চলিছিল। সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰ গুৰুৰ ঐক্য-প্ৰেম-সমতাৰ বাণীৰ প্ৰভাৱত এই ক্ষেত্ৰত অসমৰ ছবিখন কিছু উন্নত আছিল যদিও উচ্চ হিন্দু আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মাজত সামাজিক আৰু মানসিক বৈষম্যৰ পৰিবেশ আমাৰ ৰাজ্যতো আছিল। তেনে বৈষম্যৰ মনোভাৱ দূৰ কৰি অনুন্নত সম্প্ৰদায় আৰু পাহাৰ-ভৈয়ামৰ জনজাতীয় লোকসকলৰ বাবে সামাজিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে সা-সুবিধা লাভৰ পৰিবেশ সৃষ্টি কৰাৰ প্ৰচেষ্টাতে সেনাপতিদেৱে জীৱন পাত কৰিলে। উল্লেখযোগ্য যে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতে অসমৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলে ‘অনুসূচিত জাতি’ আৰু ‘অনুসূচিত জনজাতি’ ৰূপে স্বীকৃতি আৰু সা-সুবিধা লাভ কৰি আত্মবিকাশ আৰু উন্নয়নৰ পথত অগ্ৰসৰ হবলৈ সুযোগ পালে।
কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষলৈকে সমাজৰ বিভিন্ন অনুন্নত সম্প্ৰদায়ৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা কোনো উমৈহতীয়া অনুষ্ঠান গঢ় লৈ উঠা নাছিল। অৱশ্যে সম্প্ৰদায় ভেদে ভিন ভিন অনুষ্ঠানে তেনে উন্নয়নমূলক কাম কাজ চলাই আছিল। অনুষ্ঠান বিভিন্ন হ'লেও সকলো অনগ্ৰসৰ সম্প্ৰদায়ৰ সমস্যাসমূহ প্ৰায় একেই আছিল। সকলোৱে একে ধৰণৰ সামাজিক শোষণ-নিপীড়ন আৰু ৰাজনৈতিক বঞ্চনাৰ বলি হবলগীয়া হৈছিল। শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক পিছপৰা আছিল। গতিকে নিজ পুৰুষাৰ্থৰ বলত তেওঁলোকৰ মাজৰ পৰা যি দুই চাৰিজন শিক্ষিত নেতৃস্থানীয় লোক ওলাইছিল তেওঁলোকেই নিজ নিজ সমাজৰ সমস্যা দূৰীকৰণৰ প্ৰচেষ্টাত আগভাগ লবলগীয়া হৈছিল। সোণাধৰ সেনাপতি এনেবোৰ কামত সদায় আগৰণুৱা আছিল। সেনাপতিদেৱে লালুং, কছাৰী, মিৰিকে আদি কৰি ভৈয়ামৰ জনজাতীয়সকল আৰু বনিয়া, কৈবৰ্ত্ত, হীৰা আদি অন্ত্য জাতিসকলক একেখন পতাকাৰ [ ১৩ ] তলত সমবেত কৰিলে। এইসকলক সংগঠিত কৰি অসমত যি Depressed Class Association গঢ় দিয়া হৈছিল সেই সংগঠনৰ তেওঁ সভাপতি আছিল।
ভাৰতীয় শাসন-তন্ত্ৰত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব বিবেচনা কৰিবৰ বাবে বৃটিছ চৰকাৰে ১৯২৮ চনত ছাইমন কমিছন নামে এটি ছজনীয়া আয়োগ গঠন কৰিছিল। আয়োগক সহায় কৰিবলৈ ভাৰতীয় লোকেৰে গঠিত এখন কেন্দ্ৰীয় কমিটি আৰু প্ৰতিখন প্ৰদেশতে একোখন প্ৰাদেশিক ভোটাধিকাৰ কমিটিও গঠন কৰি দিছিল। সোণাধৰ সেনাপতিৰ নেতৃত্বত ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মুখিয়াল লোকসকল লগ হৈ শ্বিলঙত ছাইমন কমিছনৰ হাতত তেওঁলোকৰ অভিযোগ আৰু দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিয়ে। এই দলটোত মিৰি সমাজক প্ৰতিনিধিত্ব কৰিছিল উদীয়মান মিৰি ডেকা মহীচন্দ্ৰ মিৰিয়ে। এই সুশিক্ষিত জনজাতীয় যুৱকজনলৈকে পিছত সেনাপতিদেৱে তেওঁৰ বৰ জীয়ৰী ইন্দিবাক বিয়া দিছিল। কমিছনৰ আগত সাক্ষ্য প্ৰদান প্ৰসংগত তেওঁলোকে সামাজিক অনুষ্ঠান, শিক্ষা-দীক্ষা, চাকৰি সকলো ক্ষেত্ৰতে অনগ্ৰসৰ সম্প্ৰদায়সমূহে ভোগ কৰিবলগীয়া হোৱা বৈষম্যৰ কথা বিশদ ভাৱে ব্যাখ্যা কৰি মত প্ৰকাশ কৰিছিল যে ৰাজনৈতিক ক্ষমতা লাভৰ দ্বাৰাহে তেওঁলোকৰ সমস্যাৰ সমাধান হব পাৰে। সেনাপতিয়ে পিছত শ্বিলঙতে অসম প্ৰাদেশিক ভোটাধিকাৰ কমিটীত আৰু কলিকতাত অনুন্নত সম্প্ৰদায়সমূহৰ সৰ্ব্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ সৈতে কেন্দ্ৰীয় ভোটাধিকাৰ কমিটীতো সাক্ষ্যদান কৰিছিল।
১৯৩২ চনৰ আগষ্ট মাহত বৃটিছ চৰকাৰে পিছপৰা সম্প্ৰদায়সমূহৰ বাবে সুকীয়া নিৰ্ব্বাচন নীতি ঘোষণা কৰিছিল। কিন্তু চতুৰ শাসককুলৰ ভেদ নীতিৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰাত চৰকাৰে সেই নীতি সংশোধন কৰিবলগীয়া হয়। পিছত পুনেত স্বাক্ষৰিত চুক্তিমৰ্ম্মে অনুন্নতসকলে সুকীয়া নিৰ্বাচনৰ দাবী প্ৰত্যাহাৰ কৰি অধিক সংখ্যক সংৰক্ষিত আসনৰ সুবিধা গ্ৰহণ কৰি সাধাৰণ নিৰ্বাচনকে মানি ললে।
চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত সেনাপতিদেৱে অসম চৰকাৰৰ মনোনীত সদস্য ৰূপে অসম ব্যৱস্থাপক সভাত যোগদান কৰিছিল। সেই সভাতো তেওঁ অনগ্ৰসৰ শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ হকে মাত মাতিছিল। ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত এইজন সমাজ-সেৱকৰ নিৰলস প্ৰচেষ্টাৰ ফলতে অসমৰ অনুন্নতসকলে এদিন শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ, বিধানসভা, লোক-সভা সকলোতে আসন-সংৰক্ষণৰ সুবিধা লাভ কৰিলে।
বিগত শতিকাৰ আৰম্ভনি কালছোৱালৈকে অনুন্নত সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে, উচ্চ শিক্ষাৰ প্ৰতি হাবিয়াস থাকিলেও গুৱাহাটী বা কলিকতাৰ হোষ্টেলত চিট পোৱাটো দুঃসাধ্য আছিল; কাৰণ বৰ্ণ হিন্দুৰ সন্তানসকলে এনে সম্প্ৰদায়ৰ ল’ৰা ছোৱালীৰ সৈতে [ ১৪ ] একেলগে খোৱা-লোৱা কৰাৰ নিয়ম সেইকালত নাছিল। গতিকে তেনে ছাত্ৰসকলে খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলবোৰত থকা খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। সেনাপতি ডাঙৰীয়াই মিছনেৰীসকলৰ সৈতে যোগাযোগ কৰি ভালেমান অনুন্নত সম্প্ৰদায়ৰ ল’ৰাক চহৰৰ হোষ্টেলত থাকি পঢ়া শুনাৰ কৰাৰ সুবিধা কৰি দিছিল। কলিকতাত পঢ়িবলৈ যোৱা নিম্ন জাতিৰ ল’ৰাক তাত থকা সুবৰ্ণ-বনিক সমাজৰ জৰিয়তেও থকা-খোৱাৰ বন্দবস্ত কৰি দি তেওঁলোকৰ উচ্চ শিক্ষাৰ পথ সুগম কৰি দিছিল। কুৰি শতিকাৰ তৃতীয় দশকলৈকে নিম্ন বৰ্ণৰ লোকৰ বাবে চৰকাৰী চাকৰিও দুষ্প্ৰাপ্য আছিল। তেতিয়াৰ দিনতে ডিগ্ৰী লাভ কৰা তেনে যি দুই চাৰিজন যুৱক আছিল তেওঁলোকে ওকালতি বা অন্য কোনো স্বাধীন ব্যৱসায় কৰি পেটৰ ভাত মোকোলাব লগীয়া হৈছিল। সোণাধৰ সেনাপতিৰ ভাগিনীয়েক স্বৰ্গীয় মহেন্দ্ৰ লাল দাস অনুসূচিত জাতিৰ প্ৰথম স্নাতক আৰু প্ৰথম আইনৰ ডিগ্ৰীধাৰী আছিল। মহেন্দ্ৰ লাল দাসৰ মাতৃ সেনাপতিদেৱৰ মাজু বায়েক অকালতে বিধৱা হোৱাত তেওঁৰ পৰিয়ালটোকো সেনাপতিদেৱে নিজৰ লগলৈ আনি তেওঁলোকৰ ভৰণ-পোষণ আৰু ল'ৰা ছোৱালীহঁতৰ শিক্ষাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল। মহেন্দ্ৰ লাল দাস অসম ব্যৱস্থাপক সভা আৰু ৰাজ্য সভাৰো সদস্য আছিল। পিছলৈ তেওঁ ৰেলৱে বোৰ্ডৰো চেয়াৰমেন হৈছিল। পৰিয়ালৰ ল’ৰা ছোৱালীৰ উপৰিও বাহিৰৰ কেইবাজনকো পৰিয়ালভুক্ত কৰি লৈ সেনাপতিদেৱে তেওঁলোকক শিক্ষা-দীক্ষাৰে উপযুক্তকৈ গঢ়ি তুলিছিল।
সাংসাৰিক দিশতো সোণাধৰ সেনাপতি অতি সফল ব্যক্তি আছিল। তেওঁৰ তেৰটি সন্তানৰ আটাইকে ল’ৰা ছোৱালী নিৰ্বিশেষে সমানে শিক্ষাৰ সুবিধা কৰি দিয়াত তেওঁ কাহানিও কাৰ্পণ্য কৰা নাছিল। ইন্দিৰা মিৰিৰ উপৰিও তেওঁৰ তৃতীয়া কন্যা বনজ সেনাপতিয়ে বিলাতত সুখ্যাতিৰে সমাজ-বিজ্ঞানত উচ্চ শিক্ষা সমাপ্ত কৰি সমাজকল্যাণ বিভাগৰ উচ্চ বিষয়াৰূপে ভাৰতৰ বিভিন্ন ঠাইত চাকৰি কৰি অৱশেষত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ ডেপুটি ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আন এগৰাকী কন্যা মৃণালিনী বৰবৰা এগৰাকী বিশিষ্টা গায়িকা; নুমলীয়া জীয়ৰী অচলা বৰা তেজপুৰ বি. টি. কলেজৰ অধ্যক্ষা হৈছিল। তেওঁৰ এজন পুত্ৰ আই এ এছ বিষয়া অষ্টদল সেনাপতি নেফাত ডি ছি আছিল। বৰপুত্ৰ স্বৰ্গীয় জীতেন সেনাপতি অসম চৰকাৰৰ আৱকাৰী বিভাগৰ অধীক্ষক আৰু দ্বিতীয় পুত্ৰ অৰবিন্দ সেনাপতি শ্বিলং সচিবালয়ৰ ডেপুটি চেক্ৰেটাৰী হৈছিল। অসমৰ আগশাৰীৰ সাহিত্যিক স্বৰ্গীয় প্ৰফুল্ল দত্ত গোস্বামীয়ে ‘মনৰ পখী উভতি উৰে' নামৰ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থত সোণাধৰ সেনাপতিৰ বিষয়ে এইদৰে লিখিছে, “শাস্ত্ৰত আছে – ‘সংস্কাৰৈৰ্দ্বিজ উচ্যতে'। যদিহে এই কথা সত্য তেনেহলে মিৰি বাইদেউৰ পিতৃ আছিল শূদ্ৰ হৈও দ্বিজ বা ব্ৰাহ্মণ। এওঁ নিজৰ ল'ৰা ছোৱালীক যি আৰ্হি বা শিক্ষা দিছিল তাৰ ৰিজনি [ ১৫ ] অসমত দুৰ্লভ। পৰিস্কাৰ-পৰিচ্ছন্নতা, নম্ৰ-ব্যৱহাৰ, বিবিধ গছ-ফুলেৰে ঘৰ-বাৰী চকুত লগাকৈ ৰখা, ভাল সঁচৰ গৰু-গাই পোহা, সংগীত-চৰ্চা – সকলো সেনাপতি পৰিয়ালৰ আকষৰ্ণীয় লক্ষণ আছিল”।
সেনাপতিদেৱ আহাৰ-বিহাৰত সংযত আছিল, ধূমপান নকৰিছিল, সকলো প্ৰকাৰৰ ৰাগীয়াল বস্তুৰ পৰা আতৰত আছিল। চাৰিকুৰি বছৰত মৃত্যুৰ সময়লৈকে তেওঁৰ দাঁত সৰা নাছিল, চুলিও পক ধৰা নাছিল। জাত-কুলৰ সমস্যা লৈয়ে ওৰেটো জীৱন সংগ্ৰাম কৰা মানুহজনে তেওঁৰ ল'ৰা ছোৱালীহঁতক কৈছিল, “মই জাতত মজিছো; তহঁতে মোৰ দৰে জাতত ডুব দি নাথাকিবি, পানীত মাখন ওপঙাৰ দৰে ওপঙি থাকিবি।” সুখৰ কথা, তেওঁৰ ল’ৰা-ছোৱালীহঁতৰ দিনলৈ আমাৰ সমাজত জাত-পাতৰ ব্যৱধান ক্ৰমে টুটি আহি বিয়া বাৰুৰ ক্ষেত্ৰতহে বৰ্ত্তি থাকিল। সম্প্ৰতি নতুন সহস্ৰাব্দত খোজ আগবঢ়োৱা আমাৰ সমাজ ব্যৱস্থাত অসবৰ্ণ বিবাহৰ প্ৰতিও অধিকাংশ লোকে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা গৈছে।
জীৱনৰ বিয়লি পৰত সেনাপতিদেৱে তেওঁৰ সতি-সন্ততিলৈ আগবঢ়োৱা আন এক বহুমূলীয়া উপদেশ আছিল “ Each one teach one” – অৰ্থাৎ প্ৰতিজন লোকে অন্ততঃ এজনকৈ হলেও অসমৰ্থ, দৰিদ্ৰ লোকক শিক্ষাৰ পোহৰ দিয়াৰ দায়িত্ব লব লাগে। কোৱা বাহূল্য এই মহানুভৱ পুৰুষজনে এজনক নহয়, কেইবাজনো দুখীয়া, পিতৃ-মাতৃহীন ল’ৰা-ছোৱালীক শিক্ষা-দীক্ষা দি মানুহ কৰিছিল।
সন্তানৰ জীৱনত পিতৃ-মাতৃৰ ব্যক্তিত্বৰ প্ৰভাৱ অপৰিসীম। সৰুৰে পৰা ল’ৰা ছোৱালী যি ধৰণৰ ঘৰুৱা পৰিবেশত ডাঙৰ দীঘল হয়, তেওঁলোকে পিতৃ-মাতৃৰ যেনে আচাৰ আচৰণ দেখে সেইবোৰ কথাই সাধাৰণতে সন্তানৰ ব্যক্তিত্ব গঠনত অজানিত ভাৱেই ক্ৰিয়া কৰে। ইন্দিৰা মিৰিক, জীৱনত সবাতোকৈ বেছি প্ৰভাৱিত কৰা ব্যক্তিগৰাকী কোন বুলি প্ৰশ্ন কৰাত বয়োবৃদ্ধা মহিলাগৰাকীয়ে আবেগ-বিহবল কণ্ঠে কৈছিল, “সেইজন আছিল মোৰ পিতৃদেৱ – যি মোৰ ব্যক্তিত্ব গঠনত শ্ৰেষ্ঠ অৱদান যোগাইছিল। তেখেত আছিল মোৰ দুখত সুখ, নিৰাশাত আশা, দুৰ্ব্বলতাত বল, চকুৰ পানীত হাঁহিৰ ৰেঙনি; মোৰ জীৱন ৰথৰ সাৰথি আছিল মোৰ পিতৃ দেৱ।”
দুই
শৈশৱৰ আঁত ধৰি যৌৱনলৈ
গুৱাহাটীৰ পূৱ প্ৰান্তত অৱস্থিত শিলপুখুৰী অঞ্চল নগৰখনৰ অতি পুৰণি অঞ্চলসমূহৰ অন্যতম। আজিৰ পৰা প্ৰায় আঢ়ৈ শ বছৰ পূৰ্ব্বে ১৭৫২ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্ম্মাণ কৰোৱাৰ পিছৰ বছৰতে মন্দিৰৰ পূজা-সেৱাৰ অৰ্থে আৱশ্যকীয় পানীৰ বাবে অঞ্চলটোত এটি পুখুৰী খন্দাইছিল। পুখুৰী পাৰত স্থাপিত শিলালিপি ‘নৱগ্ৰহাশয়’নামে বৰ্ণিত সেই ন-কোণীয়া পুখুৰীটোৱেই পিছলৈ শিলপুখুৰী নামে জনাজাত হয়। সেই পুখুৰীটোক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত জনবসতি আৰম্ভ হৈছিল বুলি অনুমান কৰা হয়। অঞ্চলটোৰ বাসিন্দাসকল আছিল ঘাইকৈ জনজাতীয় লোক। অ’ত ত’ত দুই এঘৰ নেপালী আৰু বিহাৰী মানুহো আছিল। আজিৰ পৰা পঞ্চাশ ষাঠি বছৰ আগলৈকে অঞ্চলটো হাবি-জংঘল আৰু পিতনিৰে ভৰা আছিল। তাৰ মাজে মাজে থকা পথাৰ অঞ্চলত ৰাইজে খেতি-বাতি কৰি পেটৰ ভাত মোকোলাইছিল। সেই সময়ত এইবোৰ মাটি তেনেই মূল্যহীন আছিল। এইটো অঞ্চলতে সোণাধৰ সেনাপতিয়ে চৰকাৰৰ ঘৰত ‘কবুলা’ আৰু নাম মাত্ৰ খাজনা আদায় দি বহু মাটি নিজৰ দখললৈ আনিছিল। উপায়ুক্তৰ অফিচৰ কৰ্ম্মচাৰী হিচাপে চৰকাৰৰ ভূমি-নীতিৰ তলা-নলা বুজি পোৱা বাবেই তেওঁৰ পক্ষে সেই কাম সম্ভৱ হৈছিল। পুখুৰীটোৰ দক্ষিণ পাৰৰ সীমাৰ পৰা বৰ্ত্তমানৰ গড়কাপ্টানী বিভাগৰ কাৰ্য্যালয়ৰ কাষলৈকে তেওঁৰ মাটি। ৰাজহুৱা আলিবাটৰ দক্ষিণ দিশে, এতিয়াৰ গোস্বামী চাৰ্ভিচ পেট্ৰল পাম্পৰ পোনে পোনে সেনাপতিৰ বঙলা আছিল। বিবিধ গছ-লতা, নানা তৰহৰ ফুল, সেউজীয়া ঘাঁহনিৰে চালে চকু ৰোৱা আছিল সেনাপতি-পুৰী নামে খ্যাত সেই চৌহদটো।
সেয়াই ইন্দিৰা মিৰিৰ জন্মস্থান। তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে ৰাস্তাৰ দুয়োকাষে আছিল জনজাতীয় লোকৰ বসতি। সেইবোৰ পৰিয়ালৰ ল’ৰা ছোৱালীহঁতৰ সৈতে ধূলি-বালি খেলিয়েই ডাঙৰ হৈছিল সেনাপতি পুৰীৰ শিশুহঁত। গতিকে তেওঁলোকৰ ঘৰুৱা নামবোৰত জনজাতীয় প্ৰভাৱ পৰিছিল। ইন্দিৰাৰ ঘৰত মতা নাম আছিল ‘মেৰেং’।
ইন্দিৰাৰ জন্মৰ পিছত দেউতাকে চাকৰি সূত্ৰে নগাঁও, ধুবুৰী আদি ঠাই ঘুৰি, শ্বিলঙত থিতাপি লৈছিলগৈ। গতিকে ইন্দিৰাৰ সবাতোকৈ পৰিচিত ঠাই আছিল শ্বিলং। [ ১৭ ] শ্বিলং গুৱাহাটীৰ দুয়োখন ঘৰৰ মাজতে ইন্দিৰাৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল। তেওঁলোকৰ তেৰটা ভাই-ভনীৰ উপৰিও বিধৱা জেঠায়েকৰ ল'ৰা ছোৱালীও সেইখন গৃহস্থীতে ডাঙৰ দীঘল হৈছিল। এনে এখন জাকৰুৱা ঘৰৰ বৰ জী হিচাপে ইন্দিৰা সৰুৰে পৰাই গহীন-গম্ভীৰ আৰু দায়িত্ব সচেতন আছিল। ইন্দিৰাই ন বছৰ বয়সতে মাকক হেৰুৱায়। চতুৰ্থ সন্তান খান্নাৰ জন্মৰ তিনি দিনৰ পিছতে দিব্যকান্তি দাসৰ মৃত্যু হৈছিল। খাছীয়া আয়াৰ স্তনপান কৰাই জীয়াই ৰখা অসুখীয়া সেই ভায়েকক ইন্দিৰাই ওৰেটো জীৱন মাতৃ-স্নেহেৰে আৱৰি ৰাখিছিল। শ্বিলঙত মহিলা গৰাকীৰ মৃত্যুৰ সময়ত শৱদেহ সৎকাৰৰ বাবে কোনো অসমীয়া মানুহ হেনো আগবাঢ়ি অহা নাছিল, কাৰণ সেনাপতি পৰিয়াল অন্ত্য জাতিৰ লোক। সেই সময়ত শ্বিলঙত বহু বঙালী পৰিয়াল বাস কৰিছিল। তেনে পৰিস্থিতিত সহায়ৰ হাত
আগবঢ়াইছিল বঙালী ব্ৰাহ্ম সমাজৰ লোকসকলে। তেওঁলোকে সৎকাৰ কাৰ্য্যত আগভাগ লোৱাৰ উপৰিও এমাহ ধৰি দুয়ো বেলা মৃতকৰ ঘৰত প্ৰাৰ্থনা, উপাসনা আদি কৰিছিল। শোকাভিভূত সেনাপতিদেৱে হেনো খবৰ লবলৈ অহা সচিৱালয়ৰ বিষয়া সকলক কৈছিল, “আমাৰ মানুহক ইয়াত চাকৰি দিয়ক, নহলে আমি মৰিলে নিওঁতা কোনো নাই।” তেতিয়াৰে পৰা মানুহজনৰ ব্ৰাহ্ম সমাজৰ প্ৰতি আকৰ্ষণ অতি গভীৰ হৈছিল। প্ৰতি দেওবাৰে তেওঁ ব্ৰাহ্ম মন্দিৰৰ প্ৰাৰ্থনাত যোগ দিছিলগৈ।
লগুৱা-লিক্চৌ, আশ্ৰিত লোকেৰে গিজগিজাই থকা এখন আঢ্যবন্ত গৃহস্থী যদিও সেনাপতিৰ ঘৰখনত বস্তুবাদী চিন্তাধাৰাৰ পৰিবৰ্ত্তে এটি আধ্যাত্মিকতাৰ পৰিবেশহে বিৰাজ কৰিছিল। মহাপুৰুষীয়া ধৰ্ম্মমতৰ অনুগামী মানুহজনৰ বৰগীত, কীৰ্ত্তন, নামঘোষা এক প্ৰকাৰ কণ্ঠস্থ আছিল। ব্ৰহ্মপুৱাতে উঠি তেওঁ সুললিত কণ্ঠে গীত-পদ গাইছিল; ল’ৰা ছোৱালীহঁতকো গাবলৈ শিকাইছিল। ধৰ্ম্ম বিষয়ত অতি উদাৰ সেনাপতিদেৱে চুবুৰীৰ দূৰ্গা পূজাখনলৈকো নোযোৱাকৈ থকা নাছিল। নগাঁৱত থাকোতে তেওঁ হেনো মাজে সময়ে গীৰ্জালৈকো গৈছিল। ল’ৰা ছোৱালীহঁতক সংগীত শিকাবৰ বাবে তেওঁ শ্বিলঙৰ ঘৰত ভূপেন
ঘোষ নামে এজন গৃহ শিক্ষক নিয়োগ কৰিছিল। তেওঁলোকৰ ঘৰত মাজে সময়ে পতা 'জলসা’ত চহৰৰ বিশিষ্ট সংগীত শিল্পীয়েও যোগদান কৰিছিল। গতিকে ইন্দিৰাৰ সৰুৰে পৰা সংগীত, বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বৰ ধাউতি। এই বয়সতো যেতিয়াই তেতিয়াই তেওঁক ৰবীন্দ্ৰ নাথৰ গীতৰ কলি গুণগুণাই থকা শুনা যায়।
ইন্দিৰাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শ্বিলঙৰ এক বঙালী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত। সেই স্কুলৰ শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া সাৰদা মঞ্জৰী দাস। তেওঁক ছাত্ৰ-ছাত্ৰীসকলে ‘গুৰু-মা’ বুলি সম্বোধন কৰিছিল। সেই মৰমীয়াল শিক্ষয়িত্ৰী গৰাকীৰ বাবেই হেনো স্কুলখন শিশুসকলৰ বাবে আনন্দৰ ঠাই হৈ পৰিছিল। বন্ধৰ দিনত ল’ৰা ছোৱালীহঁতক তেওঁ শ্বিলঙৰ [ ১৮ ] অপূৰ্ব্ব প্ৰাকৃতিক শোভা দেখুৱাবলৈ উলিয়াই লৈ গৈছিল। সেইকালত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠা নাছিল। সেইখন স্কুলৰ শিক্ষা সাং হোৱাত তেওঁক জেইলৰোড এম ই স্কুলত নাম লগাই দিয়া হয়। তাতো তেওঁ বঙলা মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। তেনে পৰিস্থিতিত দেউতাকে চিন্তা কৰিলে, ছোৱালীয়ে যদি বঙলা মাধ্যমতে লিখা পঢ়া শিকিব লাগে তেন্তে কলিকতাৰ স্কুলতে ভৰ্ত্তি হৈ উন্নত শিক্ষাৰ সোৱাদ লওকগৈ। অসমত সেইকালত ছোৱালীৰ উচ্চ শিক্ষাৰ কথা মানুহে ভাবিবই পৰা নাছিল৷ গতিকে কলিকতাত পঢ়িবলৈ ল'লে ভৱিষ্যতে তেওঁৰ উচ্চ শিক্ষাৰ পথো সুগম হব। তদুপৰি ব্ৰাহ্মসমাজ বা মিছনেৰীসকলৰ স্কুলত পঢ়িলে ছোৱালীয়ে থকা-খোৱাৰ ক্ষেত্ৰত জাত-পাতৰ তিতা-কেহা অভিজ্ঞতাৰ পৰাও হাত সাৰি চলিব পাৰিব। কথাষাৰ সকলো দিশৰ পৰা বিবেচনা কৰি তেওঁ বৰজীয়েকক কলিকতাত পঢ়িবলৈ পঠোৱাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই কথা গম পাই ইন্দিৰাৰ শিশু প্ৰাণ আনন্দত নাচি উঠিল। অচিন অজান ঠাই কলিকতা দেখা পাব, হোষ্টেলত থাকিব, ডাঙৰৰ দৰে বাকচৰ চাবি, পইছা নিজৰ লগত থাকিব— এনেবোৰ কল্পনাত তেওঁ আপোন পাহৰা হৈছিল; অৱশ্যে মাতৃহাৰা কণমানি ভায়েকৰ বাবে তেওঁৰ প্ৰাণে কান্দিছিল। ১৯২১ চনৰ শিক্ষা বছৰৰ আৰম্ভনিতে ইন্দিৰাক লগত লৈ সোণাধৰ সেনাপতি কলিকতামুখী ৰেলত উঠিল। শ্বিলঙৰ মনোৰম প্ৰাকৃতিক পৰিবেশ এৰি থৈ, পাইন গছৰ মাজে মাজে লৰি ঢাপৰি ফুৰা, ওখ-চাপৰ আলিবাটত চাইকেল চলাই ফুৰা শৈশৱৰ দিনবোৰৰ স্মৃতি বুকুত বান্ধি দহ এঘাৰ বছৰীয়া ছোৱালীজনীয়ে এক অপৰিচিত অনাগত ভবিষ্যতৰ পিনে ভৰি আগবঢ়ালে। তেওঁ তাৰ আগতে ৰেলত উঠা দূৰৰে কথা, ৰেলখন ওচৰৰ পৰা দেখাই নাছিল। ৰেলৰ খিড়িকিৰে বাহিৰলৈ চাই দুয়ো কাষৰ গছ-বন, ঘৰ-দুৱাৰবোৰ ওলোটা মুখে লৰি যোৱা দেখি তেওঁৰ বিস্ময়ৰ সীমা নাছিল। কলিকতাত পঢ়ি থকা গুৱাহাটীৰ ছাত্ৰ তিনিজনে তেওঁলোকক শিয়ালদহ ষ্টেচনৰ পৰা আগবঢ়াই নিবলৈ আহিছিল। দেউতাকৰ সৈতে কলিকতাৰ হোটেলত সাদিন মান ৰাখি তেওঁক ভিক্টোৰীয়া মেমোৰিয়েল, চিৰিয়াখানা আদি দৰ্শনীয় ঠাইবোৰ দেখুৱাবলৈ নিয়া হৈছিল। কলিকতাত ট্ৰাম–বাছ, দোকান-পোহাৰ, অট্টালিকা, বিজুলী চাকি দেখি তেওঁথৰ লাগিছিল।
কলিকতাৰ আপাৰ চাৰ্কুলাৰ ৰোডত থকা ব্ৰাহ্ম গাৰ্লচ স্কুলত তেওঁৰ প্ৰৱসুৱা শিক্ষা জীৱন আৰম্ভ হয়। বিৰাট দুমহলীয়া স্কুল ঘৰ, আহল বহল চৌহদ; স্কুলৰ লগতে পিছফালে প্ৰকাণ্ড হোষ্টেল। হোষ্টেলত এশগৰাকীমান ছাত্ৰী আছিল। ছোৱালীহঁতৰ তদাৰক কৰিবলৈ কেইবাগৰাকী শিক্ষয়িত্ৰীও তেওঁলোকৰ লগতে আছিল। স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া জ্যোতিৰ্ম্ময়ী গাংগুলী। এইগৰাকী ব্যক্তিত্বশালী মহিলাই ইন্দিৰাক আকৰ্ষিত [ ১৯ ]
আৰু পৰবৰ্ত্তী জীৱনত বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল।ব্ৰাহ্ম গাৰ্লচ স্কুলৰ পোনে পোনে ৰাস্তাটোৰ সিফালে আছিল ছায়েঞ্চ কলেজ আৰু বিশিষ্ট বিজ্ঞানী চাৰ জগদীশ বসুৰ ঘৰ। তালৈ আহি থকা বিজ্ঞানীসকল আৰু কলিকতাৰ গণ্য-মান্য লোকসকল স্কুলৰ ছোৱালীহঁতৰ
বাবে প্ৰায় পৰিচিতৰ দৰে হৈছিল।
সেই যুগৰ এজনী কণমানি অসমীয়া ছোৱালীৰ বাবে ঘৰৰ পৰা বহু নিলগত কলিকতাৰ হোষ্টেল জীৱন সম্পূৰ্ণ আচহুৱা আছিল। মাতৃহীনা ছোৱালীটিক তেনে অপৰিচিত পৰিবেশত হঠাতে এৰি থৈ আহিবলৈ দেউতাকৰো সত যোৱা নাছিল। গতিকে তেওঁ আৰু
কেইদিনমান হোটেলতে থাকি প্ৰতিদিনে একোবাৰ হোষ্টেলত জীয়েকক লগ ধৰিছিলগৈ। দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত কন্দা-কটা কৰিছিল যদিও সমনীয়া ছোৱালীহঁতৰ সংগ পাই লাহে লাহে তেওঁৰ হোষ্টেলত মন বহিল।
ব্ৰাহ্ম গাৰ্লচ স্কুলৰ হোষ্টেলৰ নিয়মানুসৰি ওপৰ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিম্ন বৰ্গৰ কুমলীয়া বয়সৰ একো গৰাকী ছাত্ৰীৰ বায়েক পাতি দিয়া হৈছিল। সেই বায়েকেই গা-ধোৱা, মূৰ ফনিওৱা, কাপোৰ পিন্ধা আদি কামত কণমানি জনীক সহায় কৰি দিছিল। এইটো নিঃসন্দেহে এটা সুন্দৰ নিয়ম; ই এহাতে যিদৰে ছোৱালীহঁতক ত্যাগ আৰু সেৱাৰ শিক্ষা দিয়ে আনহাতে সেইদৰে ভবিষ্যতৰ ব্যৱহাৰিক জীৱনটোৰ বাবে প্ৰস্তুতিতো সহায় কৰে।ছাত্ৰী সকলে প্ৰত্যুষতে বিছনা এৰি হোষ্টেলৰ সমূহীয়া প্ৰাৰ্থনাত যোগ দিব লাগিছিল। ব্ৰহ্ম মুহূৰ্ত্ততে উঠি গোৱা সেই ব্ৰহ্ম সংগীতে ইন্দিৰাৰ মন প্ৰাণ ভৰাই তুলিছিল। স্কুলৰ নিয়মিত প্ৰাৰ্থনাৰ উপৰিও ৰবিবাৰে ইন্দিৰাই ওপৰ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে গাড়ীত উঠি নিলগত থকা ব্ৰাহ্ম মন্দিৰ এটালৈ প্ৰাৰ্থনাৰ বাবে গৈছিল। সেই প্ৰাৰ্থনা বাধ্যতামূলক নাছিল যদিও সংগীতৰ প্ৰতি স্বাভাবিক আকৰ্ষণবশতঃ তেওঁ তালৈ গৈছিল। সেই স্কুলত ছাত্ৰীসকলক সংগীতৰ শিক্ষাও দিয়া হৈছিল। পিছলৈ দেউতাকে এখন এচ্ৰাজ কিনি দি হোষ্টেলতে সুকীয়াকৈ তেওঁৰ যন্ত্ৰ-সংগীত শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। স্কুলত গান আৰু সংস্কৃতত বাদে আন সকলো বিষয় শিক্ষয়িত্ৰী সকলেই পঢ়ুৱাইছিল। ছাত্ৰীসকলক তলৰ শ্ৰেণীতে লাঠি-খেল, চুৰি-খেল আদিৰ শিক্ষা দিয়া হৈছিল। ১৯০৫ চনৰ বংগ-ভংগ আন্দোলনৰ দিনৰ পৰাই বংগ দেশত জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠিছিল। স্বাধীনতাকামী ভাৰতীয়সকলৰ নতুন প্ৰজন্মক শাৰীৰিক, মানসিক উভয় দিশতে শক্তিমান ৰূপত গঢ় দিয়াৰ চিন্তাৰে, লগতে স্ত্ৰীজাতিৰ আত্মৰক্ষাৰ লক্ষ্যও আগত ৰাখিয়েই হয়তো স্কুলত অস্ত্ৰ শিক্ষাৰ ব্যৱস্থা ৰখা হৈছিল। পুলিন বিহাৰী দেৱ নামৰ নিপুণ লাঠি খেলুৱৈ এজনে তেওঁলোকক সেইবোৰ খেল শিকাইছিল। আবেলি পৰত ছাত্ৰী সকলে হৈ-গুদু,কাবাদি, বেডমিন্টন আদি খেল খেলিছিল। ইন্দিৰা সৰুৰে পৰা এগৰাকী দক্ষ খেলুৱৈ আছিল।
[ ২০ ] স্কুলত ইন্দিৰাৰ সবাতোকৈ প্ৰিয় বিষয় আছিল অঙ্ক। মাতৃভাষা হিচাপে বঙলাকেপঢ়িছিল। সেইকালৰ শিক্ষা ব্যৱস্থাত গৃহ-শিক্ষকতাৰ কোনো ধাৰণাই সোমোৱা নাছিল; বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেই পুৱাৰ ভাগত, নহলে স্কুল ছুটীৰ পিছত ছাত্ৰীসকলৰ পঢ়া শুনা চাই দিছিল। ব্ৰাহ্ম গাৰ্লচ হোষ্টেলত তেওঁৰ সৈতে থকা অসমীয়া ছাত্ৰী কেইগৰাকীৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱৰ বায়েক নিৰ্ম্মলা চলিহা আৰু লোকনায়ক অমিয় কুমাৰ দাসৰ দুগৰাকী ভতিজা জীয়েক আশা দাস আৰু প্ৰতিমা দাসৰ কথা তেওঁৰ মনত পৰে।
১৯২৮ চনত ইন্দিৰাই মেট্ৰিক পৰীক্ষা দিয়াৰ বছৰতে কলিকতাত জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশন বহিছিল। সেই অধিবেশনত তেওঁলোকে স্বেচ্ছাসেৱক বাহিনীৰসদস্যা হিচাপে যোগদান কৰিছিল। সেই বাহিনীৰ সৰ্বাধিনায়ক আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তেজী ঘোৰাত উঠি স্বেচ্ছাসেৱক বাহিনীৰ কুচ্-কাৱাজ চাবলৈ অহা উদ্দীপ্ত কণ্ঠৰ সেই সুদৰ্শন তেজস্বী পুৰুষগৰাকীক নিচেই ওচৰৰ পৰা দেখাৰ সৌভাগ্য তেওঁৰ সৰুতেই হৈছিল। দেশৰ কেন্দ্ৰীয় ৰাজনৈতিক নেতৃবৃন্দ আৰু মুধা ফুটা শিক্ষাবিদ, সাহিত্যিক,বৈজ্ঞানিক সকলৰ কলিকতালৈ সঘন আহ-যাহ আছিল। কলিকতাত পঢ়িবলৈ যোৱাৰ ফলত ইন্দিৰাৰ এক বিশেষ সুবিধা হৈছিল যে তেওঁ মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, ৰবীন্দ্ৰ নাথ ঠাকুৰ, প্ৰফুল্ল চন্দ্ৰ ৰয়, জগদীশ বসু প্ৰমুখ্যে স্বনামধন্য লোকসকলৰ সততে দৰ্শন লাভ কৰিছিল। সভাই -সমিতিয়ে শুনা সৰোজিনী নাইডুৰ মৰ্ম্মস্পৰ্শী সুললিত বক্তৃতা যেন আজিও তেওঁৰ কাণত
বাজি থাকে।
১৯২৮ চনত হাই স্কুলীয়া শিক্ষা সফলতাৰে সমাপ্ত কৰি ইন্দিৰাই মহানগৰৰে স্কটিছ চাৰ্চ কলেজত নাম লগায়। সেই সময়ত গুৱাহাটীৰ অমল প্ৰভা দাস, উজনি অসমৰ বেদৱতী বুঢ়াগোহাঁই, কুঞ্জ গগৈ, নৰ্ম্মদা সিঙকে ধৰি কেইবাগৰাকীও অসমীয়া ছোৱালী ছাত্ৰীৰ আছুতীয়া শিক্ষানুষ্ঠান বেথুন কলেজত পঢ়ি আছিল। তেনেস্থলত সোণাধৰ সেনাপতিয়ে তেওঁৰ ছোৱালীক লৰাৰ সৈতে একেলগে পঢ়িবলৈ স্কটিছ চাৰ্চ কলেজলৈ পঠিয়াই তেওঁৰ প্ৰগতিশীল চিন্তাধাৰাৰ পৰিচয় দাঙি ধৰে। সেইখন কলেজত ইন্দিৰা সেনাপতি সোমোৱাৰ দুই এবছৰ আগৰ পৰাহে ছাত্ৰীক প্ৰবেশৰ অনুমতি দিয়া হৈছিল।গতিকে ছাত্ৰী সংখ্যা আছিল তেনেই নগণ্য আৰু অসমীয়া ছাত্ৰী বুলিবলৈ একমাত্ৰ তেঁৱেই আছিল। কলেজখনৰ অধ্যক্ষ ডঃ আৰ্কহাৰ্ট (Dr. Arquohart) এজন অভিজ্ঞ শিক্ষাবিদ আৰু অতি সুদক্ষ প্ৰশাসক আছিল। তেওঁ পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হৈছিল।ইন্দিৰাৰ জীৱন আৰু ব্যক্তিত্ব গঠনত এইজন বৰেণ্য ব্যক্তিৰ প্ৰভাৱ তেওঁ স্বীকাৰ কৰে।
[ ২১ ] ইন্টাৰমিডিয়েট শ্ৰেণীত তেওঁৰ বিষয় আছিল অঙ্ক, সংস্কৃত আৰু লজিক, স্নাতক শ্ৰেণীত আছিল দৰ্শন আৰু সংস্কৃত। ইংৰাজীত অনাৰ্চ লৈছিল যদিও পৰীক্ষা দিয়া নহ’ল। স্কুলত মাতৃভাষা হিচাপে বঙলাকে পঢ়িবলগীয়া হৈছিল যদিও কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া বিষয়টোও আছিল বাবে কলেজত তেওঁ অসমীয়া লৈছিল। সেই
সময়ত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষক আছিল বিশিষ্ট অসমীয়া কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱ। অসমীয়া বিষয় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিল বাবে তেওঁ কেইবাখনো কলেজৰ লৰা ছোৱালীক একেলগে বহুৱাই পাঠদান কৰিছিল। ইন্দিৰাই এইজন শিক্ষকৰ তলতে প্ৰথম অসমীয়া বিষয়ৰ পাঠ গ্ৰহণ কৰিছিল। সৰুৰে পৰা বঙলা পঢ়ি অসমীয়া বিষয়ৰ পৰীক্ষা দিবলগীয়া হোৱাত তেওঁৰ কিছু অসুবিধা হৈছিল। বন্ধত ঘৰলৈ আহোতে দেউতাকৰ অনুৰোধক্ৰমে সুসাহিত্যিক সূৰ্য্য কুমাৰ ভূঞাদেৱে সেই বিষয়ত তেওঁক কিছু চাই চিতি দিছিল। ভূঞাদেৱ দেউতাকৰ বন্ধু আছিল আৰু সেই সূত্ৰে মাজে সময়ে তেওঁলোকৰ ঘৰলৈ আহিছিল।
১৯৩২ চনত তেওঁ বি এ পৰীক্ষা দি স্নাতক ডিগ্ৰী লাভ কৰে। সেই যুগৰ অসমীয়া ছোৱালীৰ বাবে সেয়া এক ডাঙৰ সাফল্য বুলিয়েই কব পাৰি। ১৯২১ চনৰ পৰা ৩২ চনলৈকে সুদীৰ্ঘ কালছোৱা কলিকতাত কটাই তেওঁ ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুতিৰ চিন্তাৰে অসমলৈ উভতি আহিল। কলিকতাৰ সৈতে এই দীৰ্ঘ দিনৰ সম্পৰ্কৰ বাবেই হয়তো তেওঁ
অনুভৱ কৰে বংগীয় ভাষা সাহিত্য, বিশেষকৈ ৰবীন্দ্ৰনাথৰ গীত ও কবিতাৰ প্ৰতি এক গভীৰ আকৰ্ষণ। কলেজীয়া জীৱনৰ বছৰকেইটা তেওঁ খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলত কটোৱা বাবে শিক্ষা জীৱনত ইন্দিৰাই কোনো দিনেই জাতি বৈষম্যৰ তিক্ততা অনুভৱ কৰিবলগীয়া
নহ’ল।
•••
তিনি
জীৱনৰ কষটি শিলত
প্ৰাচীন ভাৰতৰ ছাত্ৰ সকলে জ্ঞান আহৰণৰ স্বাৰ্থত গুৰু গৃহত বাৰ বছৰ কটোৱাৰ দৰে ইন্দিৰা সেনাপতিয়েও পঢ়া শুনাৰ বাবে কলিকতা মহানগৰীত এটা দশকৰো ওপৰ কাল কটাই অসমলৈ উভতি আহে। ইতিমধ্যে দেউতাকে তেওঁৰ বিয়া বাৰু সম্পৰ্কে চিন্তা কৰিবলৈ লৈছিল; মাতৃহীনা তেওঁৰ সুশিক্ষিতা ছোৱালীটিক এক উপযুক্ত সুপাত্ৰত অৰ্পণ কৰিব পাৰিলেহে তেওঁৰ প্ৰাণে শান্তি পাব। কিন্তু তেওঁলোকৰ সম্প্ৰদায়ত ইন্দিৰাক বিয়া দিব পৰাৰ জোখেৰে উপযুক্ত ল’ৰা তেওঁৰ চকুত পৰাই নাছিল। আনহাতে সেই সময়ত সমাজত অসবৰ্ণ বিবাহৰো প্ৰচলন হোৱা নাছিল; প্ৰেমত পৰি কোনোবা ল'ৰা বা ছোৱালীয়ে তেনে বিবাহ বন্ধনত সোমালেও তেওঁলোক সমাজৰ গৰিহণা বা শাস্তিৰ সন্মুখীন হবলগীয়া হৈছিল। তেনে পৰিস্থিতিত ছোৱালীৰ বিয়াৰ সমস্যাই সেনাপতিদেৱক বিশেষ ভাবে চিন্তিত কৰি তুলিছিল।
ইতিমধ্যে পঢ়া-শুনাৰ সামৰণি পৰাত ইন্দিৰাই শ্বিলঙৰ ঘৰত শুই বহি দিন কটাবলগীয়া হৈছিল। সেই সময়ত মণিপুৰৰ মহাৰাজৰ শ্বিলঙতো এটি প্ৰাসাদ আছিল আৰু সেই সূত্ৰে ৰাজপৰিয়ালে গ্ৰীষ্মকালৰ দিনকেইটা শ্বিলঙত কটাইছিল। সেনাপতিৰ উচ্চ শিক্ষিতা কন্যা ঘৰত নিষ্কৰ্ম্মা হৈ বহি থকা বুলি গম পাই মণিপুৰৰ ৰজাই তেওঁলৈ খবৰ পঠিয়ালে যে তেওঁৰ পুত্ৰ আৰু কন্যা দুটিৰ পঢ়া শুনা চাই দিবৰ বাবে ইন্দিৰাক গৃহ শিক্ষয়িত্ৰী ৰূপে পালে অতি আনন্দিত হব। এনেয়ে সময় কটোৱাতকৈ ৰজা ঘৰত গৃহ-শিক্ষকতাৰ সোৱাদ লবলৈকে মনস্থ কৰি ইন্দিৰাই সেই প্ৰস্তাৱত সন্মতি জনালে। ৰাণীয়ে তেওঁক নিবলৈ এখন হালধীয়া ৰঙৰ গাড়ী পঠিয়াই দিয়ে; ঘৰত থবলৈ আহোতে গাড়ীত পাচি ভৰাই আম, প্লাম, নাচপতি আদি বিবিধ ফল দি পঠিয়ায়। ঘৰৰ লৰা ছোৱালীহঁতে বায়েক উভতি আহোতে কি আনিছে চাবলৈ আৰু খাবলৈ ৰৈ থাকে। তেওঁক অনা নিয়া কৰা গাড়ীখনক ৰাজপৰিয়ালে ‘ওজাৰ গাড়ী’ বুলি কৈছিল। মণিপুৰীসকলে শিক্ষা গুৰুক হেনো 'ওজা’ বোলে। কেইবামাহো আন্তৰিকতাৰে গৃহ শিক্ষকতা কৰাৰ পিছতো পাৰিশ্ৰমিকৰ মুখ নেদেখি শিক্ষয়িত্ৰীৰ মন বিমৰিষ। তেনে সময়তে গুৱাহাটীৰ পানবজাৰ স্কুলত শিক্ষয়িত্ৰীৰ পদ এটি যোগাব হোৱাত তেওঁ যেতিয়া শ্বিলং এৰি আহিবলৈ ওলাল তেতিয়া ৰাজপৰিয়ালে [ ২৩ ] তেওঁক তেৰতোলা সোণৰ এধাৰ বকুল ফুলৰ মালা আৰু এযোৰ দামী কাপোৰেৰে বিদায় সম্ভাষণ জনালে। পিছত বিয়াৰ সময়তো ইন্দিৰালৈ মূল্যবান উপহাৰ পঠোৱাত বাদেও শ্বিলঙৰ পৰা গুৱাহাটীলৈ মানুহ অনা নিয়া কৰিবৰ বাবে ৰজাঘৰে বিনাভাড়াই দুখন গাড়ী পঠিয়াইছিল।
সোণাধৰ সেনাপতিয়ে বৰজীয়েক ইন্দিৰাৰ বাবে পাত্ৰ নিৰ্বাচন কৰে মহীচন্দ্ৰ মিৰি নামে এজন জনজাতীয় যুৱকক। মহীচন্দ্ৰ ভৈয়াম জনজাতিৰ অন্তৰ্ভুক্ত মিৰি সম্প্ৰদায়ৰ এজন অগ্ৰণী ডেকা। মিৰি সকল পূৰ্ব্বতে নেফাৰ পৰ্ব্বতীয়া জনজাতিৰ লোক আছিল। কিন্তু পাৰ্ব্বত্য অঞ্চলত খেতি পথাৰৰ বাবে মাটিৰ অভাৱ হেতুকে এসময়ত তেওঁলোকে সেউজীয়া বনাঞ্চলৰ সন্ধানত পাহাৰৰ পৰা নামি আহি ভৈয়ামত নৈৰ পাৰে পাৰে বসতি কৰিবলৈ লয়। কালক্ৰমত মিৰি সকলে হিন্দু ধৰ্ম্ম লৈ অসমীয়া মাত কথা শিকে যদিও নিজস্ব জাতীয় সংস্কৃতিও অক্ষুন্ন ৰাখে। আজিকালি মিৰিসকলে নিজকে মিচিং নামেৰে পৰিচয় দিয়ে। ঢকুৱাখানা অঞ্চলৰ মৌখোৱা গাৱঁৰ মহীচন্দ্ৰ মিৰি তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰথম বিজ্ঞান স্নাতক আৰু প্ৰথমজন প্ৰশাসনীয় সেৱাৰ বিষয়া। অন্ত্যজাতি আৰু জনজাতীয়সকলৰ উমৈহতীয়া সংগঠনৰ সক্ৰিয় সদস্যৰূপে সংগঠনটোৰ সভাপতি সেনাপতিদেৱৰ ঘৰলৈ তেওঁৰ আহ-যাহ আছিল। ইতিমধ্যে ফৰেষ্ট ই এ.চি ৰূপে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা সেই মিৰি ডেকাজনৰ সুন্দৰ সপ্ৰতিভ চেহেৰা, সৎচৰিত্ৰ আৰু মাৰ্জিত আচৰণে সেনাপতি দেৱক মুগ্ধ কৰিছিল। দুয়ো আছিল একেখন সামাজিক সংগ্ৰামৰে সহযোদ্ধা। গতিকে সেনাপতিদেৱে মনস্থিৰ কৰিলে – এই জনৰ হাততেই তেওঁৰ বিদূষী কন্যাক অৰ্পণ কৰিব। কিন্তু এগৰাকী প্ৰাপ্তবয়স্কা, সুশিক্ষিতা কন্যাৰ বিয়াৰ বাবে কেৱল পিতৃৰ মতামত, পছন্দ অপছন্দই জানো যথেষ্ট? এই ক্ষেত্ৰত কন্যাৰ ভূমিকা জানো নাই? নিশ্চয় আছে; পিতৃৰ সৈতে ঘনিষ্ঠতা সূত্ৰে মহীচন্দ্ৰক ইন্দিৰাই ভালদৰে জানিছিল। মহীচন্দ্ৰ চাকৰিত সোমোৱাৰ পিছত প্ৰশিক্ষণৰ বাবে ৰেংগুনলৈ যাওঁতে বাটতে কলিকতাত ইন্দিৰাক লগ ধৰি গৈছিল। সেই বিয়াত ছোৱালীৰ কোনো আপত্তি নাছিল। কিন্তু আপত্তি আহিছিল দুয়ো পিনৰ বংশ পৰিয়ালৰ পৰা। নিজৰ বিয়া সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “১৯৩২ চনত বি. এ. পাছ কৰাৰ পিছতে মোৰ বিবাহ হৈছিল। পিতৃৰ ইচ্ছামতে মোৰ বিবাহ হৈছিল মহীচন্দ্ৰ মিৰিৰ লগত। তেতিয়াৰ দিনত এনে অসবৰ্ণ বিবাহৰ সমৰ্থক নাছিল বুলিলেও অত্যুক্তি নহব; মিৰি আৰু বনিয়া দুয়োকুলৰে দুৰ্ঘোৰ আপত্তি। পিছে পিতৃদেৱ আছিল সময়ৰ বহু আগতে ওপজা অতি জ্ঞানী ব্যক্তি। তেওঁৰ প্ৰগতিশীল মনক কোনেও বাধা দিব নোৱাৰিলে। এই বিবাহে অকল মিৰি আৰু বনিয়া কুলকে যে যুক্ত কৰিছিল এনে নহয়, বৃন্দাবন গোস্বামী, ডাঃ ভুবনেশ্বৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট বৰ্ণ হিন্দুসকলেও আন্তৰিকতাৰে এই বিয়াত যোগ [ ২৪ ] দিছিল; ভুবনেশ্বৰ বৰুৱা স্বয়ং বৰকৰ্ত্তা আছিল”। মহীচন্দ্ৰৰ জ্ঞাতি ভাইসকলে তেওঁ অন্ত্যজাতিৰ ছোৱালী বিয়া কৰাবলৈ ওলোৱাত তেওঁলোকৰ ঘৰখনকে এঘৰীয়া কৰিবলৈ ওলাইছিল; পিছত যেনিবা তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হৈছিল। আনহাতে ‘ট্ৰাইবেল’ লৰাক জোঁৱাই পাতিবলৈ ওলোৱাত সেনাপতিৰ বংশ পৰিয়ালো ক্ষুন্ন হৈছিল। কিন্তু স্বয়ং কন্যাদাতাৰ দৃঢ় সংকল্পই সকলো ওজৰ-আপত্তি উটুৱাই লৈ গ’ল। শুভকাৰ্য্য সুকলমে ধুমধামেৰে সম্পন্ন হ’ল। বিবাহ কাৰ্য্য সম্পন্ন কৰিবলৈ অসমৰ পুৰোহিতৰ উপৰিও বাহিৰৰ পৰা বেদজ্ঞ ব্ৰাহ্মণ অনা হৈছিল। মহীচন্দ্ৰই ইতিমধ্যে ৰেংগুনত প্ৰশিক্ষণ সমাপ্ত কৰি গুৱাহাটীতে চাকৰিত যোগদান কৰিছিল। গুৱাহাটীৰ চেনিকুঠি অঞ্চলত এটি ঘৰ ভাড়া লৈ তেওঁলোকে সাংসাৰিক জীৱনৰ পাতনি মেলিলে। মহীচন্দ্ৰৰ পিতৃ-মাতৃয়েও বিয়াৰ পিছত কিছুদিন পুত্ৰৰ ঘৰত কটাই গ’লহি। এই ঐতিহাসিক বিয়াখনৰ পৰবৰ্ত্তী পৰিস্থিতি সম্পৰ্কে ইন্দিৰা মিৰিয়ে এইদৰে কৈছিল, “মই সৰুৰে পৰা শ্বিলং, কলিকতাত ডাঙৰ হৈ আধুনিকতাৰ কোনো পৰশ নোপোৱা মিৰি চাঙত খাপ খোৱাটো এটা জটিল সমস্যা হৈছিল যদিও খাপ খাওঁতে বেছি সময় নেলাগিল; তেওঁলোকে মোৰ অন্তৰ জয় কৰিছিল আৰু ময়ো তেওঁলোকৰ অন্তৰ জয় কৰিবলৈ সমৰ্থ হৈছিলো। সেই সৌহাৰ্দ্য আজিলৈকে বৰ্ত্তি আছে।”
বিয়াৰ আগতেই ইন্দিৰাই গুৱাহাটীৰ অতি পুৰণি শিক্ষানুষ্ঠান পানবজাৰ ছোৱালী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী ৰূপে কামত সোমাইছিল। সেই সময়তো এটা সমস্যাই দেখা দিছিল। তেওঁ সৰুৰে পৰা মাতৃভাষা ৰূপে বঙলা ভাষাকে পঢ়িবলগীয়া হৈছিল; কিন্তু তেওঁৰ নিযুক্তি পত্ৰত উল্লেখ আছিল ‘অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী' হিচাপেহে। অসমীয়া বিষয়টো কেনেকৈ পঢ়ুৱাব ভাবি চিন্তি তেওঁৰ টোপনি নহা হৈছিল। পিছে হেম বাবু নামে পৰিচিত, স্কুলখনৰ সুদক্ষ বঙালী প্ৰধান শিক্ষকজনে তেওঁক ঘাইকৈ ইংৰাজী, অঙ্ক আৰু সংস্কৃতৰ ক্লাচ লবলৈ দি সমস্যাৰ সমাধান কৰিলে।
১৯৩৩ চনত ইন্দিৰা মিৰিৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ লৰাটি বাচি নেথাকিল। ১৯৩৪ চনত মহীচন্দ্ৰ মিৰিয়ে ‘একষ্ট্ৰা এছিষ্টেন্ট কনজাৰভেটৰ অৱ ফৰেষ্ট' হিচাপে কাজিৰঙা অভয়াৰণ্যৰ কাষৰ বাগুৰিত কাৰ্য্যভাৰ গ্ৰহণ কৰেগৈ। সেই সময়তে বিখ্যাত প্ৰকৃতিবিদ্ E.P. Gee চাহাব কাজিৰঙা ভ্ৰমণৰ উদ্দেশে অসমলৈ আহিব খোজাত এজন ইংৰাজ ফৰেষ্ট অফিচাৰে আহিবলৈ মানা কৰি কাজিৰঙা সম্পৰ্কে তেওঁলৈ এইদৰে লিখিছিল, ‘- - - No one can enter the place, it is all swamps and leeches and even elephants cannot walk there” – সেই ঠাইত সোমাব কাৰো সাধ্য নাই, পিতনিৰে ভৰা, জোকৰ ৰাজ্য, আনকি হাতীয়েও তাত খোজ দিব নোৱাৰে। অথচ সেইটো বছৰতে কাজিৰঙা অভয়াৰণ্যত 'চাৰ্ভে' চলাবৰ কাৰণে মিৰিদেৱক বাগুৰিত [ ২৫ ] নিযুক্তি দিয়া হয়। পিছত প্ৰকৃতিবিদ্ E.P.Gee চাহাবে মহীচন্দ্ৰ মিৰি সম্পৰ্কে এইদৰে উচ্চ মত প্ৰকাশ কৰিছিল, “He is the man who put Kajiranga in the map of the world,” – মহীচন্দ্ৰ মিৰিৰ চেষ্টাতে পৃথিৱীৰ মানচিত্ৰত কাজিৰঙাই স্থান লাভ কৰিছিল। কথাষাৰ তিলমানো অতিৰঞ্জিত নাছিল। সেই সময়ত কাজিৰঙা চোৰাং চিকাৰীৰ স্বৰ্গ আছিল। বহু দূৰ-দূৰণিৰ পৰা অসংখ্য চিকাৰী তালৈ গৈ নিৰ্বিবাদে গড় নিধন কৰি আপুৰুগীয়া খড়গ সংগ্ৰহ কৰিছিল। মহীচন্দ্ৰই অভাৱনীয় কষ্ট স্বীকাৰ কৰি চোৰাং চিকাৰ পাৰ্য্যমানে বন্ধ কৰিছিল আৰু অঞ্চলটোৰো যথেষ্ট উন্নতি সাধন কৰিছিল। তেওঁ হেনো পুৱা তিনি বজাতে শোৱাপাটী এৰি হাতীৰ পিঠিত উঠি অঞ্চলটোত তহল দিছিল। ওচৰৰে এটা টিলাৰ বিশেষ এডোখৰ ঠাইত বহি তেওঁ বাইনোকুলাৰৰ সহায়ত চতুৰ্দিশ নিৰীক্ষণ কৰিছিল আৰু ক’ৰবাত চোৰাং চিকাৰীৰ দল দেখা পালেই নিজৰ বিপদৰ কথা চিন্তা নকৰি সাহসেৰে সিহঁতৰ পিছ লৈছিল। সম্প্ৰতি সেই টিলাটোতে এটি নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰি মহীচন্দ্ৰ মিৰিৰ নামেৰে নামকৰণ কৰা হৈছে। এইদৰে দুৰ্গম অঞ্চলত সপৰিয়ালে কিছুদিন থকাৰ পিছত চোৰাং চিকাৰীৰ দৌৰাত্ম্য কিছু নিয়ন্ত্ৰনলৈ অহাত মিৰিদেৱে গোলাঘাটলৈ তেওঁৰ কাৰ্য্যালয় স্থানান্তৰিত কৰে। কিছুদিন তেওঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ হিচাপে যোৰহাটতো আছিল। সেই সময়তে কাজিৰঙা অভয়াৰণ্যৰ বুৰঞ্জীত পোন প্ৰথম বাৰৰ বাবে এটি জীয়া গড় ধৰি আমেৰিকা যুক্তৰাজ্যলৈ চালান দিয়া হয়।
এসময়ত চিকাৰত মহীচন্দ্ৰৰ বিশেষ চখ আছিল। সাপ ধৰা, হাতী ধৰা, বৰশী বোৱা আদি বিদ্যাত তেওঁ পাকৈত আছিল। পিছলৈ তেওঁ চিকাৰী বৃত্তি সম্পূৰ্ণ ভাৱে এৰি দি বন্য প্ৰাণী সংৰক্ষণত দেহে কেহে লাগে। নগাঁও জিলাৰ কুঠৰিৰ, বিশিষ্ট অভিনেতা, ঘনিষ্ঠ বন্ধু চন্দ্ৰ ফুকন এইবোৰ কামত তেওঁৰ সহযোগী আছিল। যোৰহাটত কিছুদিন কটোৱাৰ পিছত তেওঁ পুনৰ গোলাঘাটলৈ আহে। সপৰিয়ালে গোলাঘাটত বাস কৰি থকা অৱস্থাতে তেওঁ হঠাতে জ্বৰত পৰে। ডাক্তৰে সেই জ্বৰ ‘ব্লেক ৱাটাৰ ফিভাৰ’ (Black water fever) বুলি চিনাক্ত কৰে। বনাঞ্চলত কাম কৰা লোকৰহে হেনো সেই জ্বৰ হয়। হাবিৰ মাজত ঘূৰি ফুৰোতে কেতিয়াবা সেই ৰোগৰ সংক্ৰমন ঘটে। চিকিৎসাৰ বাবে ডাক্তৰ সকল আহিল; যোৰহাটৰ পৰা অহা চিভিল চাৰ্জনজনে ‘আহই’ নামৰ এবিধ গছৰ পাত সিজাই ৰস চেপি খুৱাবলৈ নিৰ্দ্দেশ দিলে। কিয়নো ডাক্তৰৰ মতেও সেইবিধ বনদৰৱ সেই জ্বৰৰ অব্যৰ্থ ঔষধ। আচৰিত কথা, যিবোৰ অঞ্চলত এই ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ থাকে সেইবোৰ অঞ্চলতে হেনো ‘আহই’ গছো থাকে। বিচাৰ খোচাৰ কৰি পাত আনি যেতিয়া ৰস প্ৰস্তুত কৰি ৰোগীৰ মুখত দিয়া হ’ল তেতিয়ালৈ তেওঁৰ অৱস্থা জটিল; কোনো বস্তু পেটলৈ নেযায়, যি খুৱায় সেয়ে বমি হৈ ওলাই যায়; গতিকে ঔষধ পেটলৈ নগ’ল। [ ২৬ ] জ্বৰৰ তৃতীয় দিনা একপ্ৰকাৰ বিনা চিকিৎসাই সেইগৰাকী প্ৰতিভাধৰ নিষ্ঠাবান বন বিষয়াই মৃত্যুক সাৱটি ল’লে। গোলাঘাটৰ ধনশিৰি নৈৰ পাৰত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। মহীচন্দ্ৰৰ সৰুতে মাতৃ বিয়োগ ঘটিছিল; তেওঁক বুঢ়ীমাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। বহু কষ্ট স্বীকাৰ কৰি অশেষ শ্ৰম আৰু অহোপুৰুষাৰ্থৰ মাজেৰে মিৰি চাঙৰ সেই ল’ৰাজনে পঢ়ি শুনি নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ পিছত সংকল্প লৈছিল নিজৰ ভাই-ভতিজাহঁতক মানুহ কৰাৰ, মিৰি সমাজখনক উন্নয়নৰ পথেৰে আগবঢ়াই নিয়াৰ। কিন্তু সেই স্বপ্ন আধৰুৱাকৈয়ে এৰি সাতত্ৰিশ বছৰ বয়সতে তেওঁ ইহসংসাৰ ত্যাগ কৰিলে। তেওঁৰ মৃত্যুত যে কেৱল মিচিং সমাজ বা অসমে এজন সুসন্তান হেৰুৱালে এনে নহয়, সমগ্ৰ ভাৰতে হেৰুৱালে এজন দেশপ্ৰেমিক মহৎ ব্যক্তি, এজন নিষ্ঠাবান, সুদক্ষ বন বিষয়া।
মিৰি দম্পতীৰ বিবাহিত জীৱন অতি সুখৰ আছিল। স্বামীৰ প্ৰতিভা, সততা আৰু নাৰীৰ প্ৰতি সন্মানবোধে ইন্দিৰাক মুগ্ধ কৰিছিল। কিন্তু নিয়তিৰ নিৰ্ম্মম বিচাৰত বিয়াৰ সাতোটা বছৰ পাৰ নৌ হওঁতেই সোণৰ সংসাৰ নিমিষতে চাৰখাৰ হৈ গ’ল। সেই সময়ত তেওঁলোকৰ প্ৰথমটি লৰা সন্তানৰ বয়স তিনি বছৰ, দ্বিতীয় ছোৱালীটি ডেৰ বছৰীয়া আৰু তৃতীয়টি মাতৃ গৰ্ভত। পিতৃৰ মৃত্যুৰ ছমাহ পিছতহে শ্বিলঙত ইন্দিৰাৰ পিতৃগৃহত সেই দুৰ্ভগীয়া পুত্ৰ সন্তানটিৰ জন্ম হয়। দেৱতুল্য স্বামীক এইদৰে আচম্বিতে হেৰুৱাই ইন্দিৰাই চৌদিশে এন্ধাৰ দেখিলে; তেওঁৰ ভৰিৰ তলৰ পৃথিৱীখন যেন হেৰাই গ’ল। কিন্তু ভাঙি পৰিলে তো নচলিব, তেওঁৰ কান্ধত যে তিনিটি সন্তানৰ গধুৰ বোজাহ্ল পৰবৰ্ত্তী ঘটনা ক্ৰম ইন্দিৰা মিৰিয়ে এইদৰে বৰ্ণাইছে, ‘মোৰ নিচেই সৰুতে মা ঢুকাইছিল। দেৱতুল্য পিতৃৰ তত্ত্বাৱধানত দিন কটাবলৈ পুনৰ ঘৰলৈ উভটি আহিলো। পিতৃদেৱৰ অক্লান্ত যত্নতে ভাঙি যোৱা মেৰুদণ্ড যোৰা লগাই থিয় হ’লো। তিনিটি সন্তানৰ লালন পালনৰ সুব্যৱস্থা কৰিবৰ বাবে সাজু হ’লো।”
বিয়াৰ পিছতে তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰীৰ পদ এৰি থৈ স্বামীৰ কৰ্ম্মস্থানলৈ ঢাপলি মেলিছিল। কিন্তু এতিয়া স্বামীহীন জীৱনত তেওঁক তো অৱলম্বন হিচাপে পুনৰ চাকৰি এটাৰ প্ৰয়োজন হবহ্ল অকল সেয়েই নহয়, দুখ শোক পাহৰি থাকিবলৈ তেওঁক ব্যস্ততাও লাগিব। গতিকে ৩য় সন্তানৰ জন্মৰ তিনি মাহমান পিছত তেওঁ শ্বিলঙৰে এখন স্কুলত ‘পাৰ্ট-টাইম’শিক্ষয়িত্ৰী ৰূপে কামত সোমায়। কিছুদিন পিছত গুৱাহাটীৰ পানবজাৰ স্কুলৰ তদানীন্তন প্ৰধান শিক্ষয়িত্ৰী ৰাজবালা দাসে তেওঁৰ স্কুলত সহ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লবলৈ ইন্দিৰাক মাতি পঠায়। গুৱাহাটীত তেওঁলোকৰ নিজা ঘৰ দুৱাৰ থকা বাবে নতুন কাৰ্য্যভাৰ গ্ৰহণ কৰাত তেওঁৰ বিশেষ অসুবিধা নহ’ল। কিন্তু বেছিদিন তেওঁ সেই পদত থাকিবলগীয়া নহ’ল; শ্বিলঙৰ অসমীয়া ছোৱালী হাই স্কুলখনত প্ৰধান শিক্ষয়িত্ৰীৰ পদ খালি হোৱাত তেওঁ গুৱাহাটীৰ চাকৰি এৰি থৈ সেই দায়িত্ব ভাৰ গ্ৰহণ কৰেগৈ। সেই [ ২৭ ] চাকৰিত থকা কালছোৱাতে তেওঁ স্থানীয় চেন্ট মেৰীজ কলেজৰ নৈশ শাখাত বি টি শ্ৰেণীত ভৰ্ত্তি হয়। স্কুলৰ দায়িত্ব, ঘৰত লৰা ছোৱালীৰ দায়িত্ব, নিজৰ পঢ়া শুনা— তিনিওটা সমানে বজাই ৰাখি এবছৰীয়া প্ৰশিক্ষণৰ অন্তত তেওঁ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু প্ৰথম শ্ৰেণী লৈ বি টি পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষক প্ৰশিক্ষণৰ ডিগ্ৰী লোৱাৰ কিছুদিন পিছতে ইন্দিৰাই কেন্দ্ৰীয় চৰকাৰৰ জলপানী লৈ গুজৰাট মহাবিদ্যাপীঠত ছমহীয়া মন্টেশ্বৰী শিক্ষা-পদ্ধতিৰো প্ৰশিক্ষণ লয়গৈ। গুজৰাটৰ বিখ্যাত সাৰাভাই পৰিয়ালৰ তদাৰকত অনুষ্ঠিত সেই প্ৰশিক্ষণত শিক্ষাদান কৰিবৰ বাবে মন্টেশ্বৰী শিক্ষা পদ্ধতিৰ উদ্ভাৱিকা স্বয়ং মেডাম মন্টেশ্বৰীকে মতাই অনা হৈছিল। সেই প্ৰশিক্ষণো সফলতাৰে সমাপ্ত কৰি ইন্দিৰা মিৰিয়ে পূবৰ্বৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদত যোগদান কৰেগৈ।
ইতিমধ্যে আমি পাই আহিছো যে সবৰ্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত সমগ্ৰ ভাৰততে চলা দীৰ্ঘ দিনীয়া সংগ্ৰামৰ ফল স্বৰূপে দেশৰ অনুন্নত আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰাৰ্থী সকলে শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ আদি ক্ষেত্ৰত আসন সংৰক্ষণৰ সুবিধা লাভ কৰিছিল। গতিকে সেই সম্প্ৰদায়সমূহৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেশ বা বিদেশত উচ্চ শিক্ষা লাভৰ বাবে বৃত্তি লাভ কৰাটো কিছু সহজ হৈ পৰিছিল। কন্যাৰ বৈধব্য দুখ পাতলাবৰ বাবেই হয়তো সেনাপতিদেৱে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পাৰ্য্যমানে উধাবলৈ তেওঁক সততে অনুপ্ৰেৰণা যোগাই আছিল। পিতৃৰ চেষ্টাতে ইন্দিৰা মিৰিয়ে বিলাতত শিক্ষক-প্ৰশিক্ষণৰ উচ্চ পৰ্য্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰৰ ঘৰৰ পৰা এটি বৃত্তি লাভ কৰিলে। এক উজ্জ্বল ভবিষ্যতৰ চিন্তাত ইন্দিৰা মিৰিৰ মন উৎফুল্ল হৈছিল যদিও সুদীৰ্ঘ দুবছৰৰ বাবে পিতৃহীন সন্তানকেইটিক এৰি থৈ যোৱাৰ চিন্তাই তেওঁক ব্যাকুল কৰিলে। গুজৰাটত ছমহীয়া মন্টেশ্বৰী প্ৰশিক্ষণ লবলৈ যাওঁতে ডাঙৰ লৰা উৎপলক দেউতাকৰ দায়িত্বত থৈ সৰু দুটিক ভনীয়েক পঙ্কজ বনিয়াক গটাই থৈ গৈছিল। পঙ্কজৰ বিয়া হৈছিল উচ্চপদস্থ প্ৰশাসনীয় বিষয়া লক্ষীমপুৰৰ নন্দেশ্বৰ বনিয়াৰ সৈতে। বনিয়া দম্পতী নিঃসন্তান আছিল। কিন্তু এই উদাৰ, মৰমীয়াল মানুহহালে তেওঁলোকৰ দুয়োপক্ষৰে ভালে কেইটিও লৰা ছোৱালী লগত ৰাখি নিজৰ সন্তানৰ দৰে বুকুৰ মৰম দি ডাঙৰ দীঘল কৰিছিল। ইন্দিৰাৰ ছোৱালী চপলা আৰু সৰু পুত্ৰ মৃণালৰ শৈশৱৰ কালছোৱা এইগৰাকী মমতাময়ী মাহীয়েকৰ লগতে অতিবাহিত হৈছিল। পিছলৈ ইন্দিৰা মিৰিয়ে নেফাত চাকৰি কৰি থকা সময়ছোৱাত বৰপুত্ৰ উৎপলক লগত ৰাখিছিল যদিও সৰু দুটিক ভনীয়েক পঙ্কজৰ লগতে থৈছিল। চাকৰি সূত্ৰে নন্দেশ্বৰ বনিয়াদেৱ অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোতে নিজৰ কেইবাটিও ভাই-ভনীৰ লগতে জেশাহুয়েকৰ ল'ৰা-ছোৱালী দুটিকো লগত লৈ ফুৰাইছিল; ফলত তেওঁলোকৰ ছয়গাওঁ, কমলাবাৰী, সোনাৰি, ডিফু আদি কেবা ঠাইতো স্কুলীয়া শিক্ষা গ্ৰহণৰ অভিজ্ঞতা হৈছিল। দেউতাক আৰু এইগৰাকী ভনীয়েকেই তেওঁৰ ল'ৰা-ছোৱালীৰ দায়িত্ব নিজৰ কান্ধত লৈ ইন্দিৰা মিৰিব বিদেশ যাত্ৰাৰ পথ সুগম কৰি দিলে। [ ২৮ ] ১৯৪৫ চনত ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদ এৰি ইন্দিৰা মিৰি বিলাতলৈ যাত্ৰা কৰে আৰু স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত দুবছৰীয়া B.Ed. কোৰ্চৰ শিক্ষা আৰম্ভ কৰে। তাত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে প্ৰশিক্ষাৰ্থী সকলক এটি চমু প্ৰশিক্ষণৰ বাবে অফোৰ্ড বিশ্ববিদ্যালয়লৈ নিয়া হৈছিল। তাতে ইন্দিৰাই তেওঁৰ স্কুলীয়া দিনৰে সহপাঠী সুসাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাদেৱক অপ্ৰত্যাশিত ভাৱে লগ পাই বৰ আনন্দিত হৈছিল। বৰুৱাদেৱ সেই সময়ত অধ্যয়ন-গৱেষণাৰ খাতিৰতে অক্সফোৰ্ডত আছিলগৈ। কটন কলেজৰ প্ৰথম জনা অধ্যক্ষ চুদমাৰ্ছন চাহাবৰ জোঁৱায়েক এজনেও ইন্দিৰাৰ লগতে অক্সফোৰ্ডত প্ৰশিক্ষণ লৈছিল। চুদমাৰ্ছন চাহাব সেই সময়ত আলৰ বুঢ়া, কাণেৰে একেবাৰে নুশুনে। জোঁৱায়েকৰ মুখে অসমৰ পৰা ইন্দিৰা মিৰি অধ্যয়নৰ বাবে স্কটলেণ্ডলৈ অহা বুলি শুনি তেওঁ বৰ সন্তোষ পাইছিল আৰু মহিলাগৰাকীক এবাৰ তেওঁৰ ঘৰলৈ নিবৰ বাবে
জোঁৱায়েকক অনুৰোধ কৰিছিল। নিমন্ত্ৰণ ৰক্ষা কৰি ইন্দিৰা মিৰি এদিন মিঃ চুদমাৰ্ছনৰ ঘৰ ওলালগৈ। একালৰ বন্ধু কন্যাক লগ পাই উল্লসিত বুঢ়া মানুহজনে কৈছিল, “এসময়ত মই তোমালোকৰ ঘৰলৈ গ’লে ঘৰৰ ছোৱালীহঁত চাহাবৰ ভয়তে কেনিবা পলাইছিল; আজি তুমি চাহাবৰ দেশত পঢ়িবলৈ আহিলা।” এইখিনিতে উল্লেখযোগ্য, এসময়ত কটন কলেজৰ অধ্যক্ষ ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা চুদমাৰ্ছন চাহাবক অসমীয়া ভাষা শিকোৱাৰ দায়িত্ব পৰিছিল সেই সময়ৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্ম্মচাৰী সোণাধৰ সেনাপতিৰ ওপৰত। সেই সূত্ৰে দুয়োৰে মাজত চিনা-পৰিচয় আৰু একপ্ৰকাৰ ঘনিষ্ঠতাও হৈছিল। চুদমাৰ্ছন চাহাবে নিয়মিত সান্ধ্য ভ্ৰমণত ওলাই শিলপুখুৰীৰ ৰাজহুৱা ৰাস্তাৰে (বৰ্তমানৰ গোপীনাথ বৰদলৈ পথ) অহা যোৱা কৰোতে একোদিনা সেনাপতিপুৰীত সোমাই গৃহস্থৰ সৈতে দুআষাৰ কথা-বতৰা পাতি খন্তেক জিৰাই গৈছিল। চাহাব অহা বুলি গম পালে ইন্দিৰাৰ
পেহীয়েকহঁতে ভয়তে লৰমাৰি গৈ পিছপিনৰ পুখুৰী পাৰ পাইছিলগৈ।
ইন্দিৰা মিৰিৰ মতে, তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা দুবছৰীয়া বি এড পাঠ্যক্ৰম সম্প্ৰতি আমাৰ ইয়াত প্ৰবৰ্ত্তিত বি এড পাঠ্যক্ৰমতকৈ বহু উন্নত স্তৰৰ আছিল। তাত শিক্ষাৰ তাত্ত্বিক দিশতকৈ শিক্ষণ পদ্ধতিত বহু গুণে বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল। শিশু মনস্তত্ত্বৰ সকলো দিশলৈকে তীক্ষ্ণ দৃষ্টি ৰখা তেওঁলোকৰ শিক্ষাদান পদ্ধতি, শিক্ষক সকলৰ নিষ্ঠা আৰু নিয়মানুবৰ্ত্তিতা দেখি ইন্দিৰা মিৰি বিস্ময়-বিমুগ্ধ হৈছিল। তাত তেওঁৰ গৱেষণা পত্ৰৰ বিষয় আছিল Factorial Analysis of Children of the Age group of Thirteen. সুদীৰ্ঘ দুটা বছৰ ল’ৰা ছোৱালী, ঘৰ এৰি থৈ বিদেশত নিবিষ্ট চিত্তে অধ্যয়ন কৰি তেওঁ কৃতকাৰ্য্যতাৰে শিক্ষা সমাপ্ত কৰে।
•••
চাৰি
ভেটি গঢ়োতাৰ ভূমিকাত
এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা B. Ed. ডিগ্ৰী লৈ ইন্দিৰা মিৰি ১৯৪৭ চনত অসমলৈ উভতি আহে। সেই বছৰৰে ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰে। বিদেশৰ পৰা অহাৰ পিছত তেওঁ বহি থাকিব লগীয়া নহ’ল। লগে লগে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইন্দিৰা মিৰিক নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া পদত নিযুক্তি দিয়া হয়। যি সময়ত অসমত কোনো বিষয়া পৰ্য্যায়ৰ মহিলা চাকৰিয়াল নাছিল বুলিলেও ভুল কৰা নহয় সেই সময়তে তেনে এক গুৰুত্বপূৰ্ণ পদবী লাভ কৰি তেওঁ এহাতে যিদৰে গৌৰৱ অনুভৱ কৰিছিল আনহাতে সেই দায়িত্ব সুচাৰু ৰূপে পালন কৰিব পাৰিবনে নোৱাৰে সেই কথা লৈ বাৰুকৈয়ে
চিন্তান্বিত হৈছিল। কিন্তু সততে পাই অহা দৰে দেউতাকৰ উৎসাহ-উদগনিয়ে তেওঁৰ অন্তৰত সাহস আৰু আত্মবিশ্বাস জগাই তুলিলে। বৰ ল’ৰা উৎপলক লগতে ৰাখি শদিয়া হাইস্কুলত নাম লগাই দিয়াৰ সিদ্ধান্ত লৈ বাকী দুটিৰ দায়িত্ব পূৰ্ব্বৰ দৰে মৰমৰ ভনীয়েক পঙ্কজক গতাই দি ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিত যোগদান কৰেগৈ।
অসমৰ উত্তৰ-পূৱ সীমান্ত আৱৰি থকা, সেইকালত উত্তৰ-পূৱ সীমান্ত ভূ-ভাগ (North East Frontier Agency), চমুকৈ NEFA নামেৰে জনাজাত প্ৰায় ত্ৰিশ হেজাৰ বৰ্গমাইলৰো অধিক মাটি কালিৰ অঞ্চলটো সেই সময়ত অসমৰে অংগ ৰাজ্য আছিল। নেফাৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক অতি পুৰণি। অকা, ডফলা, মিছিমি, নগা আদি পৰ্ব্বতীয়া জাতিসমূহৰ সৈতে অসমীয়াৰ মৰম-চেনেহ আৰু দিয়া-নিয়াৰ সম্পৰ্ক মনত নপৰা দিনৰে পৰা চলি আহিছে। নেফাত অলেখ জাতি-উপজাতি, অলেখ দোৱান। ইজনে সিজনৰ দোৱান বুজি নোপোৱা পৰিস্থিতিত নেফাৰ অধিবাসীসকলে অসমীয়া ভাষাকে পাৰস্পৰিক ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। একাংশ পাহাৰীয়া জনজাতিয়ে শ্ৰীমন্ত শংকৰকে গুৰু মানি মহাপুৰুষীয়া ধৰ্ম্ম গ্ৰহণ কৰাৰো নজিৰ আছে।
নেফাৰ ভূমিভাগ অসমান, ওখোৰা মোখোৰা; বৰষুণ বেছি, বাট পথ দুৰ্গম। বাৰিষা ৰাস্তা-ঘাট বোকাময়, পিছল হয়। নানা বিধ বিষাক্ত সৰীসৃপ, বিশেষকৈ জোক আৰু ডাম্ডিম্ নামে এবিধ মহ জাতীয় পোকৰ বৰ উপদ্ৰৱ। কুৰি শতিকাৰ চল্লিশ পঞ্চাশৰ দশকলৈকে নেফা অঞ্চল অটব্য অৰণ্যৰে ভৰা আছিল। পাহাৰ ও অৰণ্যৰ মাজে মাজে অ’ত ত’ত [ ৩০ ] সেৰেঙা জনবসতি। নেফাৰ মানুহে তেতিয়ালৈ শিক্ষা-দীক্ষা নেলাগে, সভ্যতাৰ পোহৰেই ভালকৈ পোৱা নাছিল। বহুতে লজ্জা নিবাৰণৰ আৱশ্যকতাও তেতিয়ালৈকে অনুভৱ কৰা নাছিল। একেবাবে অজ্ঞ, হিংস্ৰ পাহাৰীয়া জাতিবোৰৰ মাজত সেইকালত মানুহৰ মূৰ কটা (Head hunting) অতি সাধাৰণ কথা আছিল। তেওঁলোকৰ কিছুসংখ্যকে ককালত কাপোৰ নেৰাখিলেও ককালৰ পৰা এখন বা দুয়োফালে দুখন দা ওলোমাই লৈ ফুৰিছিল। অকা, ডফলা, নগা, আবৰ, মিচিমি, চিংফৌ, খাটি, মন্পা, চাৰদুক্পেন আদি বিভিন্ন জনজাতিৰ বাসস্থান এই নেফা অঞ্চল। ইংৰাজৰ শাসনাধীন হোৱাৰ পিছত বিদেশী শাসক সকলে অঞ্চলটোত জৰীপ কাৰ্য্য চলাইছিল; জিলাৰ সদৰ আৰু প্ৰধান ঠাইবোৰলৈ যাতায়তৰ সুচলাৰ্থে কিছু ৰাস্তা-ঘাট নিৰ্ম্মাণ কৰিছিল; আবৰ পাহাৰৰ পাছীঘাট, মিছিমি পাহাৰৰ দেনিং
আদি ঠাইত ডাক-বঙলা সজাইছিল। কিন্তু তেওঁলোকে সেই দুৰ্গম অঞ্চলত নিকপকপীয়া শাসন ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিব পৰা নাছিল; স্থানীয় মুখিয়াল লোকসকলক ভাৰ-ভেটীৰে সন্তুষ্ট কৰি তেওঁলোকৰ সহায়তে নাম মাত্ৰ শাসন ব্যৱস্থা বৰ্ত্তাই ৰাখিছিল। দেশৰ শাসনভাৰ জাতীয় চৰকাৰৰ হাতলৈ অহাৰ পিছত নেফা অঞ্চল ভাৰত চৰকাৰৰ বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত ৰখা হৈছিল, কিয়নো ভাষা, সংস্কৃতি, সামাজিক পৰিবেশ সকলো ক্ষেত্ৰতে দেশৰ বাকী অঞ্চলতকৈ সম্পূৰ্ণ বেলেগ সেই জনজাতীয় অঞ্চলসমূহত ভাৰতীয় প্ৰশাসন ব্যৱস্থাত প্ৰযোজ্য নিয়ম-নীতি, আইন-কানুন থিতাতে প্ৰয়োগ কৰাটো উচিত নহব বুলিয়েই কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিছিল। নেফা সম্পৰ্কে ভাৰত চৰকাৰৰ নীতি নিৰ্দ্ধাৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। পোনতে, ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে অসমৰ ৰাজ্যপালেই শ্বিলঙত কাৰ্য্যালয় পাতি নেফাৰ শাসনৰ দায়িত্ব বহন কৰিছিল। ৰাজ্যপালৰ এজন উপদেষ্টাৰ অধীনত আইন উপদেষ্টা, অৰ্থনৈতিক উপদেষ্টা, জনজাতি বিষয়ক উপদেষ্টা আৰু স্বাস্থ্য, কৃষি, শিক্ষা, অভিযান্ত্ৰিক, বন আদি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলে নিজ নিজ ক্ষেত্ৰত শাসন কাৰ্য্য পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকলৰ হাতত অপৰ্য্যাপ্ত ক্ষমতা আছিল।
পোনতে নেফা অঞ্চল বালিপাৰা সীমান্ত ভূভাগ আৰু শদিয়া সীমান্ত ভূভাগ— এই দুই খণ্ডত বিভক্ত আছিল। ১৯৪২ চনত শদিয়া সীমান্ত অঞ্চলৰ পৰা একাংশ ফালি নি টিৰাপ সীমান্ত ভূভাগ গঠন কৰা হয়। পিছলৈ বালিপাৰা অঞ্চলো দুভাগ হয়। ১৯৪৮ চনৰ পৰা শদিয়া অঞ্চলৰ বাকী অংশ আবৰ পাহাৰ আৰু মিচিমি পাহাৰ নামে জনাজাত হয়। অৱশেষত শাসনৰ সুবিধাৰ্থে ১৯৫৪ চনত সমগ্ৰ নেফা অঞ্চলক নতুনকৈ কামেং, সোৱনশিৰি, ছিয়াং, লোহিত, টিৰাপ আৰু টুৱেনচাং – এই ছখন জিলাত বিভক্ত কৰা হয়। প্ৰতিখন জিলাৰ শাসনৰ মূল দায়িত্ব একোজন পলিটিকেল অফিচাৰৰ হাতত। নগা বসতি [ ৩১ ] প্ৰধান টুৱেনচাং জিলা পিছত নগালেণ্ডৰ অন্তৰ্ভুক্ত হয়। ১৯৭২ চনৰ জানুৱাৰী মাহৰ পৰা নেফা অঞ্চল অৰুণাচল প্ৰদেশ নামেৰে ’ইউনিয়ন টেৰিটৰি’ ৰূপে পৰিগণিত হয়। ১৯৭৮ চনত ইয়াক পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্যৰূপে ঘোষণা কৰা হয়। শেহতীয়াকৈ অৰুণাচল প্ৰদেশত কেইবাখনো নতুন জিলা গঠিত হৈছে৷
স্বাধীনতা লাভৰ পঞ্চাশ বছৰৰ পিছৰ আজিৰ অৰুণাচল প্ৰদেশ আৰু ইন্দিৰা মিৰি চাকৰিত সোমোৱা দিনৰ নেফাৰ মাজত যেন বহু যুগৰ ব্যৱধান। তেতিয়াৰ দিনৰ, শিক্ষা কি বস্তু বুজি নোপোৱা সম্পূৰ্ণ অজ্ঞ, অৰ্দ্ধ উলংগ জনজাতীয় এচাম মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ সপোন বুকুত বান্ধি ইন্দিৰা মিৰিয়ে ১৯৪৭ চনৰ পহিলা ছেপ্তেম্বৰত আৰম্ভ হোৱা নেফাৰ শিক্ষা-বিভাগৰ জন্ম লগ্নতে তাত শীৰ্ষ শিক্ষা-বিষয়া ৰূপে যোগদান কৰেগৈ।
নেফাত ভাৰত চৰকাৰৰ আদিবাসী সম্পৰ্কীয় উপদেষ্টা ৰূপে বহুকাল কাৰ্য্য নিৰ্ব্বাহ কৰা প্ৰসিদ্ধ নৃতত্ত্ববিদ ডঃ ভেৰিয়াৰ এলউইনৰ মতে “নেফাৰ জনজাতীয় সকলৰ মাজত শিক্ষা বিস্তাৰ কৰিবলৈ যোৱাটো অকল কষ্ট সাধ্যই নহয় বিপদজনকো।” এইগৰাকী পশ্চিমীয়া নৃতত্ত্ববিদে নেফাৰ চুকে কোণে সুদীৰ্ঘ কাল ঘূৰি পকি জনগোষ্ঠীসমূহৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি, আইন-কানুন আদি বিভিন্ন বিষয়ত অধ্যয়ন চলাই নিজ অভিজ্ঞতা গ্ৰন্থাকাৰে লিপিবদ্ধ কৰি গৈছে। নেফা সংক্ৰান্তত তেওঁৰ সংগৃহীত তথ্য আৰু পৰামৰ্শাৱলী নেহৰু চৰকাৰৰ দ্বাৰা বিশেষ ভাৱে সমাদৃত হৈছিল। ১৯৫৭ চনত প্ৰকাশিত এলউইন চাহাবৰ Philosophy for NEFA নামৰ মূল্যবান গ্ৰন্থখনে ভাৰত চৰকাৰৰ নেফা সম্পৰ্কীয় নীতি নিৰ্দ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল। নেফাত শিক্ষাৰ প্ৰচাৰ সম্পৰ্কে তেওঁ কিছু বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছিল। তেওঁ কৈছিল যে নেফাৰ শিক্ষা ব্যৱস্থাত সাধাৰণ বুদ্ধিৰ শিকাৰৰ স্বাৰ্থত শৈক্ষিক বিষয়ৰ লগতে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় অভাৱ পূৰাব পৰাকৈ খেতি-বাতিকে ধৰি বিভিন্ন হস্তশিল্প স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হব লাগে। শিক্ষাৰ মাধ্যম সম্পৰ্কে এলউইনে পৰামৰ্শ দিছিল যে যথা সম্ভৱ শীঘ্ৰে জনজাতীয় দোৱান শিক্ষাৰ মাধ্যম ৰূপে গ্ৰহণ কৰিব লাগে। মন কৰিবলগীয়া কথা যে এলউইন নেফাত নিযুক্ত হোৱাৰ বহু দিন আগতে ১৯৪৭ চনতে ইন্দিৰা মিৰিৰ আমোলত প্ৰবৰ্ত্তিত নেফাৰ শিক্ষা-নীতিত উপৰোক্ত দুয়োটা কথাতে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। জনজাতীয় সকলৰ কৃষ্টি ওপৰম্পৰা ৰক্ষা কৰাৰ দিশত ডঃ এলউইনে বিশেষ ৰক্ষণশীল মনোভাৱৰ পৰিচয় দিছিল। তেওঁৰ কথাতে সুৰ মিলাই পণ্ডিত নেহৰুৱেও সতৰ্ক বাণী শুনাইছিল “জনজাতিসকলক যেন আমাৰ দ্বিতীয়সংস্কৰণ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা চলোৱা নহয়।”
১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন [ ৩২ ] পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল। পৰীক্ষা-পাতিও অসমৰ শিক্ষা বিভাগৰ নীতি নিয়ম অনুসৰি চলোৱা হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰসকলে আহি শদিয়াৰ চৰকাৰী হাইস্কুলত নাম লগাই অসমীয়া মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিছিল। সেই সময়ত শদিয়া হাইস্কুলৰ শিক্ষাৰ মান যথেষ্ট উন্নত আছিল। স্কুলৰ শিক্ষা দানৰ দায়িত্বত আছিল তেজপুৰৰ গোপী মেধী, যোৰহাটৰ মদন বৰদলৈ, গোপাল বৰদলৈ, নৰেন বৰদলৈ, বিদ্যা শৰ্ম্মা প্ৰমুখ্যে নিষ্ঠাবান শিক্ষকসকল।
সহকাৰী শিক্ষা-বিষয়া মেলিন চাইমনৰ সৈতে শ্বিলঙৰ পৰা যাত্ৰা কৰি ভৰা ব্ৰহ্মপুত্ৰ মাৰ নাৱেৰে পাৰ হৈ ইন্দিৰা মিৰি নেফাত উপস্থিত হয়; তাত কেইদিন মান ঘূৰি পকি পৰিবেশ আৰু পৰিস্থিতি অধ্যয়নৰ অন্তত তেওঁ পলিটিকেল অফিচাৰ্ব্বয় পি. এল. জেম্ছ্ আৰু ইমদাদ আলীৰ সৈতে আলোচনা কৰি ৰাজ্যপালৰ উপদেষ্টা ৱাকাৰ চাহাবলৈ এক লিখিত প্ৰতিবেদন পঠিয়ালে, তাৰ লগতে ভবিষ্যৎ কাৰ্য্যপন্থাৰ আঁচনি এখনো গাথি দিলে। তেওঁ জনালে যে জনজাতিৰ ল’ৰা-ছোৱালীৰ শিক্ষা-ব্যৱস্থা ফলপ্ৰসূ কৰিবলৈ হ'লে পোনতে সিহঁতক ভালদৰে জানি বুজি লব লাগিব। জনজাতীয় সকলৰ আচাৰ-আচৰণ, আশা-আকাঙ্খা, অভাৱ-অভিযোগ ভালদৰে বুজি পাবলৈ হ'লে শিক্ষা-বিষয়া তেওঁলোকৰ মাজত বা নিচেই কাষতে থাকিব লাগিব। অসম আৰু নেফাৰ সীমাৰেখাত অৱস্থিত শদিয়ালৈ যিহেতুকে জনজাতীয় লোকৰ অতি সঘন অহাযোৱা গতিকে শিক্ষা-বিষয়া হিচাপে তেওঁ শদিয়াতে থাকিব খোজে। দ্বিতীয়তে, যিহেতু জনজাতীয় ল’ৰা ছোৱালীক শিক্ষা দিব পৰা তেওঁলোকৰ নিজ জনগোষ্ঠিৰ কোনো লোক তেতিয়ালৈকে ওলোৱা নাই সেয়ে অসমীয়া বা অন্ততঃ অসমীয়া জনা মানুহকহে পোনতে শিক্ষক হিচাবে নিযুক্ত দিব লাগিব, কাৰণ তেওঁৰ তালৈ গৈ অভিজ্ঞতা হৈছিল যে পৰ্ব্বতীয়া জাতিয়ে নিজৰ নিজৰ দোৱানৰ বাহিৰে বুজি পোৱা একমাত্ৰ ভাষা আছিল অসমীয়া। তদুপৰি উপযুক্ত প্ৰশিক্ষণ অবিহনে ভৈয়ামৰ অজনজাতীয় লোকে থলুৱা জনজাতীয়সকলক শিক্ষা দিয়াটো সম্ভৱপৰ কথা নহব। গতিকে শদিয়াত পোনতে এটি শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তুলিব লাগিব। সেই অনুষ্ঠান শদিয়াতে পতাৰ যুক্তিযুক্ততা দেখুৱাই তেওঁ কৈছিল যে শদিয়াৰ পৰা যে অকল আবৰ আৰু মিচিমি পাহাৰেই ওচৰ হব এনে নহয়, ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ ভাল ব্যৱস্থা হলে টিৰাপ, সোৱনশিৰি, বালিপাৰা আদি অঞ্চললৈকো সহজে যাব পৰা হব। সুখৰ কথা, চৰকাৰে শিক্ষা-বিষয়া গৰাকীৰ সেই [ ৩৩ ] আটাইকেইটা পৰামৰ্শ মানি লৈছিল।
শিক্ষাৰ আঁচনি সম্পৰ্কে প্ৰতিবেদনত কোৱা হৈছিল যে— (১) শিক্ষাৰ মূল লক্ষ্য হব লাগিব জীৱন আৰু জীৱিকা। আৰ্থ-সামাজিক দিশত অতি পিছ পৰা জনজাতীয় সমাজখনৰ প্ৰথম সমস্যা হ’ল জীয়াই থকা। গতিকে যি শিক্ষাই তেওঁলোকক সুস্থ জীৱিকাৰ দ্বাৰা ভালদৰে জীয়াই থকাৰ অৱলম্বন দিয়ে সেয়াহে তেওঁলোকৰ বাবে উপযুক্ত শিক্ষা হব। (২) তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ শিশুৰ সম্পূৰ্ণ শিক্ষা হব লাগিব অৰ্থাৎ পাঠ্যপুথি আয়ত্ব কৰোৱাতে ক্ষান্ত নেথাকি শিশুৰ দেহ, মন, আত্মাৰ সামগ্ৰিক উন্নতি আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। (৩) অকল শিশু কেইটিক নহয়, সমগ্ৰ জনজাতীয় সমাজখনকে শিক্ষা সচেতন কৰি তুলিব নোৱাৰিলে শিক্ষাৰ উদ্দেশ্য সফল নহব। কাৰণ স্কুলত শিকি অহা ভাল কথাবোৰ ঘৰ আৰু সমাজৰ প্ৰতিকূল পৰিবেশে সিহঁতৰ মনত স্থায়ী হবলৈ নিদিব। গতিকে ল’ৰা ছোৱালীৰ শিক্ষাৰ লগে লগে সমাজখনকো শিক্ষিত কৰিবলৈ চেষ্টা চলাব লাগিব।
এনেবোৰ মহান লক্ষ্য সমুখত ৰাখিয়েই ইন্দিৰা মিৰি আৰু তেওঁৰ তলতীয়া শিক্ষা-বিষয়াসকলে নেফাত শিক্ষা বিস্তাৰৰ প্ৰস্তুতি চলালে। ইন্দিৰা মিৰিৰ তত্ত্বাৱধানত ১৯৪৮ চনত শদিয়াত এটি শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভ হয়। শদিয়াতে শিক্ষা-বিভাগৰ মূল কাৰ্য্যালয়ো স্থাপিত হ’ল। লুইতৰ পাৰত আহল বহল খোলা পথাৰত বাঁহ বেতেৰে ধুনীয়াকৈ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ (T.T.I) ঘৰবোৰ নিৰ্ম্মিত হ'ল। ইন্দিৰা মিৰিৰ অধীনত এজন অধ্যাপক, এগৰাকী হস্ত-শিল্প প্ৰশিক্ষিকা আৰু চাৰিজন শিল্প-শিক্ষকক লৈ অনুষ্ঠানটিত প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণ কাৰ্য্যসূচীত খেতিৰ কাম, বোৱা-কটা, উল গোথা, বাঁহ-বেতৰ কাম, বাঢ়ৈৰ কাম, কাগজ তৈয়াৰ আদি হস্ত-বিদ্যাৰ লগতে, ভাষা-শিক্ষা, মনোবিজ্ঞান, শিক্ষা-তত্ত্ব আৰু জনজাতিৰ সেৱা সম্পৰ্কেও শিক্ষা দি এচামক নেফাৰ ছাত্ৰৰ উপযুক্ত শিক্ষক হিচাপে গঢ় দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছিল৷ পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ, মাজতে এঘন্টাৰ আহাৰ-বিৰতিৰে প্ৰশিক্ষণ-কেন্দ্ৰৰ দৈনন্দিন কাৰ্য্যক্ৰম চলিছিল। বন্ধৰ দিনতো সমূহীয়া ভাৱে খৰি লুৰা, মাছ মৰা, গীত নাটৰ আখৰা, সভা সমিতি পতাৰ দৰে কামবোৰ চলিছিল প্ৰশিক্ষাৰ্থীসকলক জনজাতিৰ সেৱাৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰি তোলাই আছিল প্ৰশিক্ষণৰ মূল উদ্দেশ্য। সেই উদ্দেশ্য আগত ৰাখি প্ৰতিজন শিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে শীৰ্ষ শিক্ষা-বিষয়াগৰাকীৰ সৈতে সহযোগৰ মনোভাৱেৰে পাৰস্পৰিক মৰম-চেনেহ বুজাবুজিৰে এটি পৰিয়াল যেন হৈ নিজ নিজ কাম কৰি গৈছিল। সেই অনুষ্ঠানৰে এগৰাকী কৃতবিদ্য অধ্যাপক স্বৰ্গীয় মুক্তিনাথ বৰদলৈদেৱে ১৯৬৮ চনত অসম বাতৰি কাকতৰ ‘পৰ্ব্বতে পাষণ্ডে’ শিতানত ‘অথাতো নেফা জিজ্ঞাসা' শীৰ্ষক এলানি প্ৰৱন্ধ লিখিছিল। [ ৩৪ ] সেই মূল্যবান প্ৰৱন্ধকেইটিয়ে বিগত শতিকাৰ চতুৰ্থ দশকত নেফাত প্ৰৱৰ্ত্তিত শিক্ষা পদ্ধতিৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰিছে। তেনে এটি প্ৰৱন্ধৰে এঠাইত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত ইন্দিৰা মিৰিৰ ভূমিকা সম্পৰ্কে তেওঁ এইদৰে লিখিছে, “গুৰিয়াল গৰাকীৰ নিস্বাৰ্থ সেৱা, ত্যাগ, গভীৰ সহানুভূতিৰ আদৰ্শই প্ৰশিক্ষাৰ্থী সকলক এনেভাৱে অনুপ্ৰাণিত কৰিছিল যে সকলোৱে কায়মনোবাক্যে নিজকে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। --- এমুঠি ধুলি লৈ চেনেহৰ প্ৰেৰণাৰে সোণ-ৰেণু কৰাৰ যাদু জনা এই গৰাকী মহিলাৰ সাহচৰ্য্যত মোৰ হে ঘাইকৈ প্ৰশিক্ষণ হ’ল। মোৰ দৰে আন সহকৰ্ম্মী আৰু শিক্ষকো তেওঁৰ আদৰ্শৰ প্ৰেৰণাত আগবাঢ়িবলৈ ধৰিলে। আমি আটায়ে বিশ্বাস আৰু সাহসেৰে নেফাৰ সেৱা কৰিবলৈ যে সাজু হব পাৰিলো তাৰ মূলতে আছিল তেওঁৰ বিৰাট মানবীয় হৃদয়বত্তা আৰু ত্যাগৰ আদৰ্শ। আজি এই নেত্ৰীগৰাকীৰ কথা ভাবিলে তেওঁ খুঁত দোষবোৰ মনত নপৰে, মাথোন কবৰ মন যায় - তুমি যেন শ্বেত সাগৰৰ ঘাটে নামি শুচি স্নান কৰা শ্বেতব্ৰতা কল্যাণী।” নেফাৰ শিক্ষা বিভাগত উনৈশ বছৰ কাল যোগ্যতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা স্বৰ্গীয় মুক্তিনাথ বৰদলৈ নেফাত ইন্দিৰা মিৰিৰ সোঁহাত স্বৰূপ আছিল। পোনতে টি টি আইৰ অধ্যাপক ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা বৰদলৈদেৱ পিছলৈ সহকাৰী শিক্ষা-বিষয়া হৈছিল আৰু তেওঁক পাঠ্যপুথি উৎপাদন বিভাগৰ দায়িত্ব দিয়া হৈছিল। অসমৰ প্ৰখ্যাত সংগীতজ্ঞ স্বৰ্গীয় কীৰ্ত্তিনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ মুক্তিনাথ বৰদলৈয়ে নেফাৰ উপযোগীকৈ ভালেমান গীত লিখি সুৰ দি নিজে গাইছিল আৰু আনকো গোৱাইছিল। প্ৰশিক্ষণ-কেন্দ্ৰৰ শিক্ষাৰ্থী সকলক, ভবিষ্যতে ছাত্ৰ-ছাত্ৰীক শিকাব পৰাকৈ গাবলৈ শিকোৱা গীতৰ এটি স্তৱক আছিল —
“আমি গাওঁ মিলনৰ গান
এক ভাষা, এক জাতি, এক প্ৰাণ;
ইয়াতে মিলিছে ভাই পৰ্ব্বত ভৈয়াম আহি
ইয়াতে বাজিছে ভাই সুখৰ মোহন বাঁহী
এই যে মিলন ভূমি স্বৰ্গৰ সমান
এক জাতি, এক ভাষা, এক প্ৰাণ। ”
মুক্তি বৰদলৈয়ে টি টি আইৰ প্ৰধান অধ্যাপক ৰূপে শিক্ষা-তত্ত্ব, শিশু-মনস্তত্ত্ব, বিষয় -শিক্ষণ পদ্ধতি আৰু সংগীত শিকাইছিল। বাঁহ-বেত, কাঠ, কুমাৰ-শিল্প আদি বিষয়ৰ শিক্ষা দানৰ বাবে সেই সেই বিষয়ত অভিজ্ঞলোকক নিয়োগ কৰা হৈছিল। তাঁত-সূতৰ কাম শিকাইছিল কল্যাণী বৰুৱাই। কৃষি আৰু স্বাস্থ্য সম্পৰ্কীয় শিক্ষা শদিয়াৰ চৰকাৰী কৃষি-বিষয়া আৰু স্বাস্থ্য-বিষয়াই দিছিল। অনুশাসন আৰু শৃঙ্খলাৰ জ্ঞানৰ বাবে শৰীৰ-চৰ্চ্চাৰ [ ৩৫ ] (P.T.) প্ৰশিক্ষণ দিবলৈ ‘আসাম ৰাইফল্চ’ৰ অভিজ্ঞ সৈনিক এজনকে দায়িত্ব দিয়া হৈছিল।
জনজাতীয় দোৱান শিকোৱাৰ বাবে লোৱা হৈছিল কেইজনমান স্থানীয় জনজাতীয় লোক। কোনজন প্ৰশিক্ষাৰ্থীক শিক্ষক হিচাপে কোনটো অঞ্চললৈ পঠিওৱা হব সেই সিদ্ধান্ত আগতীয়াকৈ লৈ সেইমতে তেওঁলোকক সেই অঞ্চলৰ দোৱানৰ শিক্ষা দিয়া হৈছিল, কিয়নো জনজাতীয় শিশুক শিক্ষাদানৰ বাবে দোৱানৰ জ্ঞান অপৰিহাৰ্য্য। তদুপৰি শিক্ষক সকলে যাতে ভিতৰুৱা গাওঁ বিলাকলৈ গৈ আচহুৱা অনুভৱ নকৰে, জনজাতীয় ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে অন্তৰৰ ভাৱ বিনিময় কৰি তেওঁলোকৰ আপোন যেন হৈ উঠিব পাৰে সেই উদ্দেশ্যে প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন অঞ্চলৰ দোৱান জনাটো আৱশ্যকীয় কথা আছিল।
শদিয়াৰ পশ্চিমাঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত এখনি আশ্ৰমৰ দৰে গঢ় লৈ উঠা সেই শিক্ষা-সত্ৰখনে সমগ্ৰ নেফাৰ ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিছিল। শিক্ষক প্ৰশিক্ষাৰ্থী আটায়ে মিলি মাজে সময়ে গীত-মাত নাটক আদিৰে সাংস্কৃতিক অনুষ্ঠান পাতিছিল। শদিয়া হাইস্কুলৰ শিক্ষক, ছাত্ৰ সকলেও এনে কাৰ্য্যসূচীত তেওঁলোকলৈ সহযোগিতা আগবঢ়াইছিল। মাজে সময়ে শিক্ষাবিদ্, জননেতা সকলক আমন্ত্ৰণ কৰি প্ৰশিক্ষাৰ্থীসকল উপকৃত হব পৰা বিষয়ৰ ওপৰত বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। স্বামী ৰংগনাথানন্দ, কাকা কালেলকাৰ, ভগিনী ৰাজন প্ৰমুখ্যে সৰ্ব্ব ভাৰতীয় নেতা-নেত্ৰীসকলৰ বক্তৃতা শুনাৰ সৌভাগ্য তেওঁলোকৰ হৈছিল। এই সকলো শুভ প্ৰচেষ্টাৰ গুৰিতে আছিল ত্যাগ আৰু সেৱাৰ আদৰ্শৰে অনুপ্ৰাণিতা শিক্ষাৰ বেদীত সমৰ্পিতপ্ৰাণ শীৰ্ষ বিষয়াগৰাকীৰ মাতৃ সুলভ মৰম-চেনেহ, উছাহ-উদগনি আৰু অফুৰন্ত কৰ্ম্ম প্ৰেৰণা৷ কেন্দ্ৰৰ কোনেও তেওঁক ‘মেডাম’ নুবুলিছিল, সকলোৰে বাবে তেওঁ আছিল ‘বাইদেউ’, ‘মা’ নাইবা ‘নানে’ (আইতা)। ১৯৪৮ চনটো ঘাইকৈ তেওঁ প্ৰশিক্ষণ কেন্দ্ৰৰ তদাৰকতে কটালে।
১৯৪৮ চনৰ ১৫ জুলাই তাৰিখে ইন্দিৰা মিৰিৰ পিতৃ বিয়োগ ঘটে। জীৱনৰ চৰম দুৰ্যোগৰ মুহূৰ্ত্ততো বটবৃক্ষ সদৃশ যিজনাৰ ব্যক্তিত্বৰ ছাঁত তেওঁ শান্তি আৰু স্বস্তি লাভ কৰিছিল, যাৰ অবিৰত উৎসাহ-অনুপ্ৰেৰণাই খলা-বমা জীৱনৰ বাটত আগবাঢ়ি যোৱাত তেওঁক সাহস আৰু আত্মবিশ্বাস যোগাইছিল সেই গৰাকী পিতৃদেৱৰ দেহাৱসানে তেওঁৰ মনোজগতত এক প্ৰকাৰ শূণ্যতাৰ সৃষ্টি কৰিছিল। কিন্তু অতি দুখৰ কথা, পিতৃৰ মৃত্যুৰ দহ দিনৰ পিছতহে তেওঁ ঘৰলৈ উভতিব পাৰিলে। সেই সময়ত ভৰ বাৰিষা, ব্ৰহ্মপুত্ৰৰ বুকুত দোকোল-টকা বানৰ তাণ্ডৱ লীলা। নৈৰ বুকুত ইপাৰ সিপাৰ হবলৈ তেতিয়াৰ দিনত জাহাজৰ ব্যৱস্থা নাছিল, মাৰ নাৱেৰেহে পাৰ হব লাগিছিল। কিন্তু নৈৰ সোঁত প্ৰৱল হলে মাৰ নাৱঁৰ চলাচলো বন্ধ থাকে।
১৯৪৯ চনত শদিয়াত এখন শিক্ষা-সন্মিলন বহিছিল। সেই উপলক্ষে এখন [ ৩৬ ] প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। ৰাজ্যপালৰ উপদেষ্টা এন কে ৰুস্তম্জীৰ সভাপতিত্বত বহা সেই সন্মিলনত পোন প্ৰথমবাৰৰ বাবে নেফাৰ ৰাইজক নেফাৰ বাবে হাতত লোৱা শিক্ষা আঁচনিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সেই সময়ত শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰমত নেফাত শিক্ষা বিস্তাৰৰ উদ্দেশ্যসমূহ ফঁহিয়াই দেখুওৱা হৈছিল। তাত কোৱা হৈছিল, “নেফাৰ শিক্ষা-ব্যৱস্থা নেফাৰ উপযোগী আৰু সেই অঞ্চলৰ শিশুৰ বাতাবৰণৰ সম্পূৰ্ণ অনুকূল হব লাগিব। লিখা-পঢ়া, অঙ্কৰ বাহিৰেও শিশুৰ বয়স, দক্ষতা আৰু ৰাপ অনুসৰি শিক্ষা পদ্ধতি ৰচনা কৰিব লাগিব। পাঠ্যক্ৰমত খেতিৰ কাম, জনজাতীয় কুটীৰ শিল্প, স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু নৃত্য-গীতক প্ৰাধান্য দিয়া হব।” কোৱা
নিষ্প্ৰয়োজন, শীৰ্ষ শিক্ষা-বিষয়া আৰু তেওঁৰ সহকাৰী বিষয়া সকলে শিক্ষা-আঁচনি অনুসৰি কাৰ্য্য ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল।
•••
পাঁচ
পোহৰৰ অভিযান
১৯৪৮ চনৰ শেষৰ পিনে শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰৰ দহজনীয়া প্ৰথম দলটোৰ প্ৰশিক্ষণ সমাপ্ত হয়। তাৰ পিছতে আৰম্ভ হ'ল পোহৰৰ অভিযান— পাহাৰত স্কুল স্থাপনৰ পৰ্ব্ব। আবৰ পাহাৰতে পোনতে স্কুল খোলা কাম আৰম্ভ হ’ল। প্ৰথম বছৰ তেওঁলোকে সাতখন স্কুল খুলিছিল। চিয়াং জিলাৰ পাছিঘাট, বালেক, মেবো আৰু আলঙত, লোহিত জিলাৰ নিজামঘাট আৰু দেনিঙত আৰু টিৰাপ জিলাৰ পৰ্ব্বতৰ নামনিত এখন স্কুল পাতি তেওঁলোকে নেফাত শিক্ষা-অভিযান আৰম্ভ কৰে। সেই ক্ষেত্ৰত ইন্দিৰা মিৰিলৈ অকুণ্ঠ সহযোগিতা আগবঢ়াইছিল সহকাৰী শিক্ষা বিষয়াসকলে। তেওঁলোক আছিল মুক্তি বৰদলৈ,
ৰাম প্ৰসাদ খাউণ্ড, মেলিন চাইমন, বীৰেন চাংকাকতি, বিমান বৰা, মহেশ হাজৰিকা প্ৰমুখ্যে বিষয়া সকল। ইন্দিৰা মিৰিৰ নেতৃত্বত এওঁলোকে নানা প্ৰতিকূল পৰিস্থিতিৰ সমুখতো হতাশ নহৈ অন্ধকাৰ নেফাত শিক্ষাৰ পোহৰ বিলাবলৈ উঠি পৰি লাগিছিল। সেই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “নেফাৰ চাকৰি এক অপূৰ্ব্ব অভিজ্ঞতা; দুৰ্গম পাহাৰীয়া ঠাই—হাবি-বননিৰে ভৰা। আধুনিক জগতৰ কোনো সা-সুবিধাই তাত নাই। মানুহ বিলাক জনজাতি, আধুনিকতাৰ কোনো পৰশ নোপোৱা। ৰাস্তা-পদূলি, যান-
বাহন একোৱেই নাই। এনে এখন ঠাইত স্কুল খুলি জনজাতিৰ ল’ৰা ছোৱালীৰ শিক্ষা আৰম্ভ কৰা এক কঠিন কাম আছিল। জনজাতি এটা নহয়, অসংখ্য, তাৰ উপৰিও অসংখ্য উপজাতি কোনোৱে কাৰো নিজ সত্ত্বা এৰিব নোখোজে। তেওঁলোকৰ ভাষা নাই, সকলোৰে নিজা নিজা দোৱান; দোৱানক ভাষালৈ উন্নীত কৰি শিক্ষা আৰম্ভ কৰা এক সুকঠিন কাম।”
সেই কালত নেফাৰ পাহাৰীয়া অঞ্চলবোৰত অৰণ্যৰ মাজে মাজে বিভিন্ন উচ্চতাত গাঁও পাতি জনজাতীয় লোকসকল বাস কৰিছিল। জনবসতি অতি পাতল আছিল। ৰাস্তা পদূলিৰ ব্যৱস্থা নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিতো নিৰুৎসাহ নহৈ শিক্ষা-বিষয়াসকল পদব্ৰজে, নাঁৱত, ঘোৰা বা হাতীৰ পিঠিত উঠি দিনে দহ পোন্ধৰ মাইল বাট পাহাৰ, হাবি-বননি ভাঙি নেফাৰ ভিতৰুৱা গাঁওবোৰত উপস্থিত হৈছিল। দুৰ্গম ঠাইবোৰলৈ যাওঁতে তেওঁলোকে গাম বুট পিন্ধিছিল, মানুহৰ গোন্ধ পালে গছৰ পৰা তলতলকৈ সৰি পৰা জোকৰ [ ৩৮ ] ভয়ত গা মূৰ ঢাকি যাবলগীয়া হৈছিল। কেতিয়াবা দুই তিনিদিনৰ মূৰতহে তেওঁলোকে গন্তব্য স্থান পায়গৈ। পূৰ্ব্বতে শিক্ষা-বিষয়াই খবৰ দি থোৱা মতে গাঁৱৰ লোকসকল এঠাইত গোট খায়। সেই ঠাইত সভা পাতি শিক্ষাৰ আৱশ্যকতা, সুফল আদি ব্যাখ্যা কৰাব লগতে স্বাস্থ্য-নীতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱা পানীৰ বিশুদ্ধতা, কানি খোৱাৰ অপকাৰিতা আদিৰ বিষয়ে বক্তৃতাৰ দ্বাৰা জনতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। উল্লেখযোগ্য যে সেই কালত নেফাৰ বহুলোক, বিশেষকৈ মিচিমি আৰু খাম্টি লোকসকল কানিৰ প্ৰতি আসক্ত আছিল। সহজ-সৰল জনজাতীয় লোকসকলে অৱশ্যে শিক্ষা-বিষয়াসকলৰ দিহা পৰামৰ্শ প্ৰায়ে মানি লয় আৰু ৰাইজৰ পিনৰ পৰাই স্কুল ঘৰ, শিক্ষকৰ ঘৰ, ছাত্ৰ সকলৰ বাবে বাগান, খেল পথাৰ আদি পাতি দিয়াত আগভাগ লৈছিল।
নতুনকৈ খোলা প্ৰাথমিক স্কুলসমূহত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰা হৈছিল আৰু শিক্ষাৰ আৱশ্যকীয় সা-সঁজুলি চৰকাৰৰ তৰফৰ পৰাই যোগান ধৰা হৈছিল। ছাত্ৰ ছাত্ৰীৰ বাবে ঔষধ পাতি, ‘ফাৰ্ষ্ট এইড বক্স্', দাঁত ঘঁহা সজুলি, গা মোছা টাৱেল, চাবোন পৰ্যন্ত চৰকাৰেই দিছিল। ল'ৰা-ছোৱালীহঁতক পাঠ শিকোৱাতকৈ স্বাস্থ্য নীতিৰ শিক্ষা দিয়া, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঠন কৰোৱাটোহে প্ৰধান কাম হৈছিল। খেতি- বাতি আৰু অন্য হস্ত-শিল্প শিক্ষাৰ বাবে দা, কোৰ, কটাৰীকে আদি কৰি সকলো আৱশ্যকীয় সজুলি চৰকাৰেই যোগান ধৰিছিল। মুঠ কথাত, নেফাত শিক্ষা বিস্তাৰৰ নামত ভাৰত চৰকাৰে দুহাত উজাৰি ধন ঢালিছিল। শিক্ষকসকলে প্ৰশিক্ষণৰ সময়ত শিকি অহা মতে প্ৰাথমিক স্বাস্থ্য সেৱা অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, সমগ্ৰ গাওঁবাসীলৈকে আগবঢ়োৱা হৈছিল। সেইমতে শিক্ষক আৰু শিক্ষা-বিষয়াসকলৰ উদ্যোগত মাহেকে পষেকে গাঁৱত চাফাইৰ কাম চলিছিল। পুৱাতে প্ৰভাত ফেৰীৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। উদ্যোক্তা সকলে গাইছিল ⸺
“দেশৰ কাৰণে ৰণ
আমি ৰাখিব লাগিব জননীৰ মান
জাগা জাগা জনগণ।”
প্ৰভাত ফেৰীৰ অন্তত হাতে হাতে কোৰ, কুঠাৰ, দা, বাঢ়নী আদি লৈ আটায়ে চাফাই কামত লাগিছিল। স্কুল চৌহদৰ উপৰিও, হাবি বন কাটি গাঁওখনো সাৰি পুছি চাফা কৰা হৈছিল, ৰাস্তা ঘাট মেৰামতিৰ কামো চলিছিল। এইবোৰ কামত শিক্ষক, ছাত্ৰ, গাঁৱৰ ৰাইজ, শিক্ষা-বিষয়া আনকি গাঁৱত থকা আন চৰকাৰী বিষয়াসকলেও আনন্দেৰে ভাগ লৈছিল। স্কুলত সন্ধিয়া বয়স্ক শিক্ষাৰ ব্যৱস্থাও কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ হতুৱাই মাজে সময়ে নৃত্য-গীতৰ আয়োজন কৰি গাওঁবাসীৰ মনোৰঞ্জনৰ দিহা কৰা হৈছিল। গাঁৱৰ [ ৩৯ ] উৎসৱ-পাৰ্ব্বনতো সেই গাঁৱৰ শিক্ষকজনে সক্ৰিয় ভাৱে যোগ দিছিল, গঞা ৰাইজৰ বিপদে
আপদেও তেওঁ মাতষাৰ দিছিল। ফলস্বৰূপে, ৰাইজে শিক্ষকজনকো ৰাইজৰে এজন বুলি
আকোৱালি লৈছিল আৰু সেই জনৰ হাতত নিজৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব গটাই দি
নিশ্চিন্ত হৈছিল। খেতিৰ বতৰ নাইবা গাঁৱৰ সুবিধালৈ লক্ষ্য ৰাখি শিক্ষাদানৰ সময়-তালিকা
প্ৰস্তুত কৰা হৈছিল।
স্কুলীয়া পাঠ্যক্ৰমত লিখা-পঢ়া, অঙ্কৰ উপৰিও স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু
গীত-মাত, নাচ আদি অন্তৰ্ভুক্ত কৰা হৈছিল; খেতি-বাতিৰ কাম, জনজাতীয় কুটীৰ শিল্প
তথা হাতৰ কামত গুৰুত্ব দিয়া হৈছিল; কিয়নো শিক্ষাৰ দ্বাৰা কেৱল জ্ঞান লাভ হলেই নহব,
সৎ, সন্মানিত জীৱন যাপনৰ বাবে ই সুস্থ জীৱিকাৰ উপায়ো দিব লাগিব, আৰ্থ-সামাজিক
দিশত নিতান্তই পিছপৰা নেফাত সেইকালত জীয়াই থকাটোহে প্ৰধান সমস্যা আছিল।
তাৰ পিছতেই আহিল শিক্ষাৰ মাধ্যমৰ সমস্যা। এই ক্ষেত্ৰত শিক্ষা বিভাগ বিশেষ
জটিলতাৰ সন্মুখীন হবলগীয়া হৈছিল, কাৰণ নেফা বিভিন্ন জনজাতি, বিভিন্ন উপজাতিৰ
বাসস্থান। সেইসকলৰ প্ৰায় প্ৰত্যেকৰে নিজা নিজা দোৱান আছিল। একে জাতিৰ এটা
উপজাতিয়ে আন এটা উপজাতিৰ দোৱানেৰে নিজৰ ল'ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটো
বাঞ্চা নকৰিছিল৷ জনজাতীয়সকলৰ মাজত সংযোগী ভাষা হিচাপে অতি পুৰণি কালৰে
পৰা অসমীয়া ভাষাৰ প্ৰচলন আছিল। নেফাৰ জনজাতীয় সমাজত এই ভাষা কোনেও
জোৰকৈ প্ৰৱৰ্ত্তন কৰা নাছিল, কিন্তু অসমৰ সৈতে অতীজৰে পৰা থকা আবেগিক সম্পৰ্কৰ
উপৰিও ঘাইকৈ বানিজ্যিক লেন-দেনৰ সুচলাৰ্থে পাহাৰীয়া ভাই-ভনীসকলে নিজৰ স্বাৰ্থতে
অসমীয়া ভাষাক আপোন কৰি লৈছিল। শিক্ষা দানৰ প্ৰসংগত পোনেই ভাষাৰ প্ৰশ্ন আহি
পৰে। নেফাত কোনো লিখিত ভাষা নাছিল বাবে শিক্ষাৰ মাধ্যম হিচাপে পোনতে অসমীয়া
ভাষাকে গ্ৰহণ কৰাত বাদে গত্যন্তৰ নাছিল। এই প্ৰসংগত শ্ৰীযুতা মিৰিয়ে কৈছে, “ক্ষিপ্ৰগতিত
শিক্ষা আগবঢ়াবলৈ প্ৰথমতে অসমীয়া ভাষাকে মাধ্যম হিচাপে লৈছিলো, অৱশ্যে লগতে
তেওঁলোকৰ দোৱানৰ উন্নতিৰ চেষ্টাও কৰিছিলো যাতে শিশুক শীঘ্ৰে মাতৃ ভাষাত শিক্ষা
দিয়াৰ ব্যৱস্থা কৰিব পাৰি। কাৰণ মাতৃভাষা মাতৃদুগ্ধ সম, শিশুৰ সুস্থ, সবল মনোবিকাশৰ
অত্যুত্তম মাধ্যম। চৰকাৰেও এই ক্ষেত্ৰত অনুমোদন দিছিল।”
ৰঙ্চঙীয়া ছবি, সাধুকথা, গীত-মাতেৰে শিশুৰ মনোৰঞ্জন তথা শিক্ষাদানৰ ব্যৱস্থা
কৰা হৈছিল। শিক্ষক প্ৰশিক্ষণৰ কালছোৱাতে অঞ্চল বিশেষৰ দোৱানৰ শিক্ষা লৈ অহা
শিক্ষক সকলে সহজে তাক আয়ত্ব কৰি পাৰ্যমানে জনজাতীয় ভাষাৰেই শিক্ষা দিবলৈ
যত্নপৰ হৈছিল।
ভাষাৰ লগতে সাঙোৰ খাই থকা আনটো সমস্যা আছিল লিপিৰ। দোৱানক লিখিত [ ৪০ ] ভাষালৈ ৰূপান্তৰিত কবিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য্য। ইন্দিৰা মিৰিৰ পৰামৰ্শক্ৰমে নেফাৰ শিক্ষা বিভাগে অসমীয়া লিপিকে গ্ৰহণ কৰিলে। শিশুসকলৰ শিক্ষা সহজসাধ্য কৰাৰ উদ্দেশ্যে থলুৱা জীৱ-জন্তু, ফুল-ফল আদিৰ ৰঙীন ছবিৰে কিছুমান ‘চাৰ্ট’ তৈয়াৰ কৰা হৈছিল। জনজাতীয় দোৱানত সেইবোৰৰ নাম অসমীয়া আখৰেৰে লিখি তাৰ অসমীয়া প্ৰতি-শব্দও কাষতে লিখি দিয়া হৈছিল। কোনো কোনো শিক্ষকে আকৌ জনপ্ৰিয় অসমীয়া ফকৰা-যোজনা কিছুমান জনজাতীয় ভাষালৈ ভাঙনি কৰি অসমীয়া আখৰেৰে লিখি ছাত্ৰৰ চকুত পৰাকৈ স্কুল ঘৰৰ বেৰত আঁৰি দিছিল। আবৰ পাহাৰৰ এজন শিক্ষকে “পঢ়ে পঢ়ায় ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন” – এই ফকৰাটি এনেদৰে জনজাতীয় দোৱানলৈ ভাঙনি কৰিছিল, “পঢ়িনে পঢ়িদ দিদ্ আম, আওম চক্কে আতি মিমাং”। এনেবোৰ অনূদিত ফকৰা-যোজনাই অকল ছাত্ৰৰ মাজতে নহয়, তেওঁলোকৰ সমাজতো জনপ্ৰিয়তা লাভ কৰিছিল আৰু জনজাতীয় ভাষা সমৃদ্ধ হোৱাত সহায় কৰিছিল। শিশুৰ মাতৃভাষাৰ
প্ৰতি শিক্ষককুলৰ এনে আগ্ৰহে শিক্ষা ব্যৱস্থাৰ প্ৰতি জনজাতীয় ৰাইজক বিশেষ ভাৱে আকৰ্ষিত কৰিছিল।
বৰ্হিজগতৰ সৈতে কোনো সম্পৰ্ক নথকা, অজ্ঞ, জনজাতীয় লোকসকলক শিক্ষা-সচেতন কৰিবলৈ যাওঁতে শিক্ষাবিদসকল কিছুমান সমস্যাৰো সন্মুখীন হবলগীয়া হৈছিল। ল’ৰাহঁতক ঘৰুৱা কাম-বনৰ পৰা এৰুৱাই আনি স্কুললৈ পঠিওৱাটো বহু অভিভাৱকে অৰ্থনৈতিক ক্ষতি হিচাপে গণ্য কৰিছিল, স্কুলত পঢ়িলে কিমান টকা পাব বুলি প্ৰশ্ন তুলিছিল। স্কুলত অকল লিখা-পঢ়া নিশিকাই খেতিৰ কাম, হাতৰ কাম শিকোৱাতো বহুতৰে আপত্তি “সেইবোৰ কাম আমাৰ ল’ৰাই ঘৰতে শিকিব, তাকে শিকিবলৈ আকৌ স্কুললৈ যাব লাগে কিয়?” কণ কণ ছাত্ৰৰ সৈতে ১৫/১৬ বছৰীয়া ল’ৰাকো একেলগে প্ৰাথমিক শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছিল। ছোৱালীক সাধাৰণতে তেওঁলোকে স্কুললৈ নপঠিয়াইছিল, ক’ৰবাত দুই এজনী ছোৱালীয়েহে পঢ়াৰ সুবিধা পাইছিল। এদিন ইন্দিৰা মিৰিক হেনো এজন অভিভাৱকে সুধিছিল, “নানে, আজি তো মোৰ ল’ৰাটো খেতিত যাব লাগে, ল’ৰাটোৰ বদলি মই স্কুলত আহিলে হব না?” এনেবোৰ সমস্যাই অৱশ্যে চিন্তাৰ লগতে তেওঁলোকক হাঁহিৰ খোৰাকো যোগাইছিল। আনহাতে কিছুমান কঠিন সমস্যাই শিক্ষা-বিষয়াসকলক সততে উদ্বিগ্ন কৰি ৰাখিছিল। নেফাত অসংখ্য জাতি-উপজাতিৰ অসংখ্য দোৱান। প্ৰতিটো দোৱানক শিক্ষাৰ মাধ্যম ৰূপেলোৱাটো সম্ভৱপৰ কথা নাছিল। যিসকলৰ দোৱান স্কুলত ব্যৱহাৰ নহৈছিল সেইসকল অসন্তুষ্ট হৈছিল। পোনতে নেফাৰ স্কুল সমূহত পুৱাৰ প্ৰাৰ্থনা-সংগীত হিচাপে ৰামধুন গোৱাৰ ব্যৱস্থা আছিল। ছাত্ৰসকলক ভজন, বৰগীত, নামঘোষা আদি গাবলৈ আৰু বেদৰ দুই চাৰিটা শ্লোকৰ আবৃত্তি শিকোৱা হৈছিল। নেফাৰ ৰাইজে [ ৪১ ] তেনে ভক্তিমূলক গীত-মাত সাদৰে গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ দিল্লীৰ পৰা নিৰ্দ্দেশ আহিছিল যে ‘ৰঘুপতি ৰাঘৱ’ৰ ঠাইত স্থানীয় গীত-মাত, প্ৰাৰ্থনা মন্ত্ৰ আদিহে গোৱাব লাগে। ফলস্বৰূপে সমস্যা বাঢ়িলহে, নকমিল। কাৰণ এক উপজাতিৰ ছাত্ৰই অন্য উপজাতিৰ পূজাৰ মন্ত্ৰ বা ভক্তিমূলক গীত গোৱাত আপত্তি তুলিছিল। তদুপৰি তেওঁলোকৰ পূজাৰ মন্ত্ৰবোৰ ৰাজহুৱাকৈ স্কুলত গোৱাটো তেওঁলোকে মুঠেই পছন্দ নকৰিছিল। ফলত স্কুলত পুৱাৰ প্ৰাৰ্থনাৰ ব্যৱস্থাটোৱেই সোলোক ঢোলোক হৈ পৰিছিল। জনজাতীয়সকলৰ মাজত প্ৰচলিত অন্ধ বিশ্বাস, কুসংস্কাৰবোৰক ভুল বুলি কলেও তেওঁলোকৰ বহুতে বেয়া পাইছিল। এবাৰ তেওঁলোকৰ মৃতকৰ সংস্কাৰ প্ৰথাক সমালোচনা কৰা এজন চাহাবক হত্যা কৰা
হৈছিল।
এইদৰে এশ এবুৰি সমস্যাৰ মাজেৰেই শিক্ষা বিষয়াসকলে তেওঁলোকৰ পোহৰৰ অভিযান অব্যাহত ৰাখিছিল। সেই সফলতাৰ মূলতে আছিল শীৰ্ষ শিক্ষা-বিষয়া গৰাকীৰ চাৰিত্ৰিক দৃঢ়তা, কৰ্ম্ম তৎপৰতা, সৰ্বোপৰি তেওঁৰ সম্পূৰ্ণ নিকা ভাৱমূৰ্ত্তি। শিক্ষা বিভাগত সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা তেওঁৰ হাততে ন্যস্ত আছিল যদিও সেই ক্ষমতাৰ অপব্যৱহাৰ তেওঁ কোনোদিনেই কৰা নাছিল। তেওঁ অৰ্হতাসম্পন্ন, নিষ্ঠাবান লোকক মাতি নি এবছৰীয়া কঠোৰ প্ৰশিক্ষণৰ অন্ততহে শিক্ষাদান কাৰ্য্যত নিয়োগ কৰিছিল। সেইকালত শিক্ষকৰ নিযুক্তি- প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ শিক্ষাগত আৰু অন্যান্য অৰ্হতাৰ কথাহে আহিছিল, আজিৰ দৰে অৰ্থলোভ আৰু ব্যক্তি-স্বাৰ্থৰ চিন্তাই সেই প্ৰক্ৰিয়াক কলুষিত কৰিব পৰা নাছিল। অনুশাসনৰ দিশত দৃঢ় আছিল যদিও শিক্ষক আৰু তলতীয়া শিক্ষা-বিষয়াসকলক তেওঁ পুত্ৰ বা ভাতৃসম জ্ঞান কৰিছিল। মূৰব্বী বিষয়া গৰাকীৰ সজ দৃষ্টান্ত, কৰ্ম্ম-প্ৰেৰণা আৰু মৰম-স্নেহেৰে অনুপ্ৰাণিত হৈ শিক্ষক তথা শিক্ষা-বিষয়াসকলে ব্যক্তিগত স্বাৰ্থলে পিঠি দি নেফাৰ প্ৰকৃত সেৱক হিচাপে অশেষ কষ্ট স্বীকাৰ কৰি অঞ্চলটোৰ প্ৰতিটো শিশুকে সুশিক্ষিত আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলাৰ মহান উদ্দেশ্য সাধনত ব্ৰতী হৈছিল; বিনিময়ত তেওঁলোকে পাইছিল সহজ সৰল জনজাতীয় ৰাইজৰ আস্থা আৰু নিৰ্ভেজাল মৰম চেনেহ। শিক্ষক বদলি হ’লে বা অৱসৰ পালে ল’ৰাৰ পৰা বুঢ়ালৈকে গাঁৱৰ সকলোৱে চকু পানী টুকি টুকি গাঁৱৰ মূৰলৈকে বিদায়ী শিক্ষাগুৰুক আগবঢ়াই দিবলৈ আহিছিল।
১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ অভিশপ্ত দিনটোত আততায়ীৰ হাতত মহামানৱ মহাত্মা গান্ধীৰ নিধনৰ সংবাদে সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। তেওঁৰ চিতা ভষ্ম পবিত্ৰ স্থানত নিক্ষেপনৰ বাবে ভাৰতৰ বিভিন্ন স্থানলৈ নিয়া হৈছিল। পৰশুৰাম কুণ্ডত বিসৰ্জ্জনৰ বাবে চিতা ভষ্মৰ পাত্ৰ নেফালৈকো কঢ়িয়াই নিয়া হৈছিল। অসমৰ শিক্ষা মন্ত্ৰী অমিয় কুমাৰ দাস, লোকবন্ধু ভুবনেশ্বৰ বৰুৱা, দিহিং সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে গণ্য মান্য লোকসকলে মাৰ [ ৪২ ] নাঁৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ তিমাই নামে ঠাইত ৰাতিটো খপি পিছদিনা প্ৰত্যুষতে পৰশুৰামকুণ্ডত পূত চিতা ভষ্ম বিসৰ্জ্জন দিছিল। দিহিং সত্ৰাধিকাৰে সেই অনুষ্ঠানত পৌৰোহিত্য কৰিছিল। ইন্দিৰা মিৰি আৰু তেওঁৰ বিষয়াসকলে সেই কাৰ্য্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। সমগ্ৰ নেফাৰ লোকেৰে সেই দিনা পৰশুৰাম কুণ্ডথলী লোকাৰণ্য হৈছিল। একেটা বছৰৰে আন এক বেদনা দায়ক ঘটনা আছিল মিছিমি পাহাৰৰ এছিষ্টেন্ট পলিটিকেল অফিচাৰ কেম্পবেল চাহাবৰ, ৩০/৪০ জন মিছিমি লোকৰ সৈতে ভূমিস্খলনত মৃত্যু। ৩০/৩৫ বছৰীয়া সেই এংলো-ইণ্ডিয়ান বিষয়াগৰাকীয়ে মিছিমি পাহাৰৰ ভিতৰুৱা মাইনুটাং গাঁৱৰ এটা টিলাত বহি ৰাইজৰ গোচৰৰ বিচাৰ কৰি আছিল, এনেতে হঠাতে ভূমিস্খলন হৈ টিলাটো খহি পৰে আৰু বিচাৰক, ৰাইজ আটায়ে জীৱন্তে সমাধিস্থ হয়। এই ভয়াবহ ঘটনা নেফাৰ প্ৰশাসন তথা ৰাইজৰ বাবে এক ডাঙৰ প্ৰত্যাহবান আছিল। এই ঘটনাৰ পৰাই বুজিব পাৰি কিমান অনিশ্চয়তাৰ মাজেৰে, কিমান দুৰ্যোগৰ সন্মুখীন হৈ ভৈয়ামৰ পৰা যোৱা মানুহখিনিয়ে সেই পাৰ্ব্বত্য অঞ্চলত শাসন তথা শিক্ষাদান কাৰ্য্য চলাবলগীয়া হৈছিল। নেফাত পলিটিকেল অফিচাৰ হিচাপে দীৰ্ঘকাল চৰকাৰী দায়িত্ব পালন কৰি অহা কৰ্ণেল স্বৰ্গীয় উমা শৰ্ম্মাদেৱে তেওঁৰ জীৱন সোঁৱৰণত এইদৰে লিখিছে, “নেফাত শিক্ষক সকলে ইমান আন্তৰিকতাৰে কাম কৰিছিল যে সৰ্ব্বসাধাৰণ ৰাইজে তেওঁলোকক দেৱতা জ্ঞান কৰিছিল। শিক্ষক সকলে কেৱল ল'ৰা-ছোৱালীকে নহয়, গাঁৱৰ প্ৰাপ্ত বয়স্কসকলকো বিনা পাৰিশ্ৰমিকেৰে লিখা পঢ়া শিকাইছিল। ভৈয়ামত নিজৰ ঘৰ দুৱাৰ এৰি থৈ আহি দুৰ্গম পাৰ্ব্বত্য এলেকাত বছৰেকীয়া ছুটীও নোলোৱাকৈ কিছু শিক্ষকে কাম কৰিছিল। ভাল মনৰ মানুহ হ’লে নেফাত কাম কৰিবলৈ একো অসুবিধা নাছিল। মানুহবিলাক আছিল অত্যন্ত সৎ” (তপস্যা জীৱনৰ কষটি শিলত উমানাথ শৰ্ম্মা — সঞ্জীৱ সভাপণ্ডিত)। সেইখন নেফাতেই শিক্ষাবিদ ইন্দিৰা মিৰিৰ নেতৃত্বত এচাম নিষ্ঠাবান শিক্ষক আৰু শিক্ষা-বিষয়াই জ্ঞান বিস্তাৰৰ মাধ্যমেৰে অসম আৰু নেফাৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেতু নিৰ্ম্মাণ কৰাই নহয়, সেই ঠাইত কিদৰে অসমীয়া কলা-কৃষ্টি চৰ্চাৰো বাট মুকলি কৰিছিল সেই সম্পৰ্কে বাগ্মীবৰ কবি নীলমণি ফুকনদেৱে, সোণাধৰ সেনাপতি শতবাৰ্ষিকী অনুষ্ঠানৰ সভাপতিৰ অভিভাষণত এইদৰে কৈছিল, “ইন্দিৰা মিৰিয়ে ট্ৰাইবেল এডুকেশ্যনৰ অফিচাৰ হৈ নেফাত শিক্ষা বিস্তাৰৰ কামত ব্ৰতী হ'ল। অলপ দিনৰ ভিতৰতে শিক্ষা-সংস্কৃতিৰ মাধ্যমেৰে তেওঁ পৰ্ব্বত-ভৈয়ামৰ মাজত যিটো সংহতিৰ সৃষ্টি কৰিছিল ৰাজনৈতিক চাকনৈয়াত নপৰা হ'লে সংহতিৰ শক্তিশালী সেতু ৰচিত হ'লহেতেন। সেই সময়ত ভূমিকম্পত আবৰ পাহাৰ বিধ্বস্ত হোৱাত শদিয়াৰ পৰা শিক্ষাক্ষেত্ৰ মাৰ্ঘেৰিটালৈ তুলি আনিলে।
“সেই সময়ত মই ডিগবইৰ আই এন টি ইউ চিৰ সন্মিলনলৈ যাওঁ, তাতে শ্ৰীমতী [ ৪৩ ] ইন্দিৰা মিৰিয়ে ভাগৱতী প্ৰমুখ্যে আমাক তেওঁৰ শিক্ষা অনুষ্ঠানলৈ নিমন্ত্ৰণ দি আগবাঢ়ি যায়। দুই তিনি ঘণ্টাৰ ভিতৰতে তেওঁ যিটো আয়োজন কৰি প্ৰায় দহ বছৰীয়া আদি ল’ৰা এটিৰ হতুৱাই মৌখিক ভাৱে আদৰণি জনালে সেয়ে আমাক আচৰিত কৰিলে। তাৰ পিছত সেই ল’ৰা বিলাকৰ দল এটিয়ে যি সত্ৰীয়া নাচ দেখুৱালে, বৰগীত গালে তাকে দেখি আমি স্তম্ভিত হ’লো। সেই সময়ত মোৰ মনত স্বৰ্গীয় সোণাধৰ সেনাপতিৰ অমোঘ বাণীয়ে থৌকি-বাথৌকি লগালে। মনতে ভাবিলো—আজি সোণাধৰৰ প্ৰাণৰ কথা তেওঁৰ সুযোগ্যা বিদূষী কন্যাই বাস্তৱ কৰি তুলিছে।”
স্বাধীনতা লাভৰ পৰবৰ্ত্তী কালছোৱাত নেফাত ভালে কেইজন সৎ অসমীয়া বিষয়াৰ সমাবেশ ঘটিছিল। সেই প্ৰসংগত নেফাত ৰাজ্যপালৰ উপদেষ্টা ৰূপে কাম কৰা সুলেখক এন কে ৰুস্তমজীয়ে তেওঁৰ From Enchanted Frontiers শীৰ্ষক গ্ৰন্থত এইদৰে লিখিছে, “Sir Akbar Haidari and Gopinath Bardalai had envisaged the ultimate ‘integration' of the hills and plains of Assam and the policy pursued therefore was of posting Assamese plains officers to the hills and the hill tribal officers to the plains. They felt that really good officers should be selected so that the first impact of Assam plains officers on the tribal mind should be favourable. Sir Akbar left it entirely to the Chief Minister Bardalai. The Assamese plains officers Laksheshwar Sarmah, Bipin Buragohain and Bharat Bhunya were appointed Political officers and Indira Miri, an exceptionally able lady from the Assam plains tribal community of Miri's as NEFA's Education officer."
এই সৎ আৰু নিষ্ঠাবান বিষয়াসকলৰ সমন্বিত প্ৰচেষ্টাতে নেফাই শৈক্ষিক, সামাজিক দুয়োটা দিশতে প্ৰগতিৰ মুখে দৃঢ় পদক্ষেপে আগবাঢ়িছিল। ইন্দিৰা মিৰিয়ে নেফাত নিযুক্তি লাভ কৰাত এচাম বিষয়াই সন্দেহ প্ৰকাশ কৰিছিল, মহিলা এগৰাকীয়ে এই অৰণ্যৰ মাজত কি কাম কৰিব? কিন্তু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সততা, মানসিক দৃঢ়তা আৰু কৰ্ম্মৰ প্ৰতি ঐকান্তিক আগ্ৰহ থাকিলে নাৰী পুৰুষ নিৰ্ব্বিশেষে মানুহৰ বাবে অসম্ভৱ একো নাই।
•••
ছয়
দুৰ্যোগৰ ক’লা ছাঁ
১৯৫০ চনটো অসম তথা নেফাৰ বাবে এটা অভিশপ্ত বছৰ বুলিব পাৰি। সেইটো বছৰৰে ৫ আগষ্টৰ বাতি অবিভক্ত অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ আকস্মিক ভাৱে মৃত্যু হৈছিল। এই সৎ, ত্যাগী, অভিজ্ঞ ৰাজনীতিবিদ্জনৰ মৃত্যু সমগ্ৰ ভাৰতৰে, বিশেষকৈ অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ মুখ্য মন্ত্ৰীত্বৰ কালছোৱাত, পৰ্ব্বত আৰু ভৈয়ামৰ মাজত থকা ভাতৃত্ববোধ আৰু সংহতিৰ পুৰণি শিপাদাল সুদৃঢ় কৰিবলৈ ভালেমান কাৰ্য্য-ব্যৱস্থা হাতত লোৱা হৈছিল। মৃত্যুয়ে তেওঁক সেইদৰে অকালতে, আচম্বিতে দেশমাতৃৰ বুকুৰ পৰা কাঢ়ি লৈ নোযোৱা হ’লে এসময়ত অভিসন্ধিমূলক গ্ৰুপিং ব্যৱস্থাৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ দৰে উত্তৰ পূৰ্ব্বাঞ্চলত ক্ৰমে গা কৰি উঠা বিভেদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধেও হয়তো সবল প্ৰতিৰোধ গঢ়ি তুলিবলৈ তেওঁ সক্ষম হ’লহেঁতেন।
বৰদলৈদেৱৰ মৃত্যুৰ দহ দিন পাৰ নৌ হওঁতেই ৫০ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতৰ পূৰ্ব্বাঞ্চল কঁপাই আহিছিল এক প্ৰলয়ঙ্কৰী ভূমিকম্প, যি অসম আৰু নেফালৈ অভাৱনীয় দুৰ্যোগ কঢ়িয়াই আনিলে। সেই ভূমিকম্পত নেফাৰ বহু ঠাই আৰু শদিয়া অঞ্চল সমূলঞ্চে বিধ্বস্ত হৈছিল; ভূমিকম্পৰ ফলত মাটি ফাটি পানী ওলাল। ঠায়ে ঠায়ে একোটা অঞ্চল তললৈ বহি গ’ল। বনাঞ্চলৰ গছ গছনি উভালি পৰিল। ব্ৰহ্মপুত্ৰৰ কোবাল সোতত ভাঁহি অহা গছ, অলেখ মৰা মাছ-কাছই নৈৰ বুকুত অভাৱনীয় দৃশ্যৰ সৃষ্টি কৰিছিল। মনোমোহা সেউজীয়া পাহাৰবোৰ খহি বীভৎস ৰূপ ধাৰণ কৰিছিল। অসমত তেতিয়াৰ উত্তৰ লক্ষীমপুৰৰ বিস্তীৰ্ণ অঞ্চল, চৈখোৱাঘাট, ধেমাজি, মাজুলী আৰু তাৰ আশে পাশে থকা অসংখ্য গাঁও এই ভূমিকম্পত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পৰ্ব্বতীয়া নৈৰ বাট পাহাৰ খহি নাইবা প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰি বন্ধ কৰাত নৈয়ে গতি সলালে। ফলত ঠায়ে ঠায়ে মানুহ পানীৰ মাজত আৱদ্ধ হৈ আছিল, সেইসকলক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। এনে অভাৱনীয় দুৰ্যোগে শদিয়া আক মিছিমি পাহাৰক প্ৰায় দহ দিন ধৰি বহিঃজগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। নৈত প্ৰলয়ঙ্কৰী বান, পাৰত প্ৰৱল গৰাখহনীয়া আৰু পাহাৰ অঞ্চলত ভূমিস্খলন হৈ গাঁৱৰ পিছত গাঁও নিশ্চিহ্ন হৈ গৈছিল। দলে দলে শৰণাৰ্থী [ ৪৫ ] পাহাৰ এৰি শদিয়া অঞ্চল ভৰি পৰিছিলহি। দুৰ্গতসকলক শদিয়া চৰকাৰী হাইস্কুল আৰু শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰত থকা-খোৱাব ব্যৱস্থা কৰি দিয়া হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলত সংঘটিত এই দুৰ্যোগে সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দেশ-বিদেশৰ পৰা দুৰ্দ্দশাগ্ৰস্তসকলৰ বাবে টেমাৰ গাখীৰ ও অন্যান্য খাদ্য সামগ্ৰী, কাপোৰ, দৰৱ আদি পঠিওৱা হৈছিল।
তেতিয়াৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে উৰা জাহাজেৰে দুৰ্দ্দশাগ্ৰস্ত ৰাইজক চাই গৈছিল। ঠায়ে ঠায়ে আকাশী যানেৰে খাদ্য সামগ্ৰী বিতৰণ কৰিবলগীয়া হৈছিল। বানপানী আৰু খহনীয়াত বিপৰ্য্যস্ত ৰাইজৰ দুৰ্গতি মোচনৰ বাবে যি সাহায্য অভিযান চলোৱা হৈছিল তাত ইন্দিৰা মিৰিৰ নেতৃত্বত শিক্ষক, কৰ্ম্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শীৰ্ষ শিক্ষা-বিষয়াগৰাকীক ‘ৰিলিফ চেক্ৰেটাৰী' পাতি সাহায্য সামগ্ৰী বিতৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ নিকা ভাৱমূৰ্ত্তিৰ প্ৰভাৱত বিতৰণ ব্যৱস্থাত কোনো ধৰণৰ দুৰ্নীতিয়ে প্ৰবেশৰ সুৰুঙা বিচাৰি পোৱা নাছিল। ভূঁইকঁপৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাত পিছলৈ এজাক বৰষুণতে শদিয়া তল যোৱা হ'ল। বানপানীৰ দৌৰাত্ম্য ক্ৰমে বাঢ়ি আহিবলৈ ধৰাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ স্থানান্তৰ বিনে উপায় নোহোৱা হ’ল। পানী আহিলে কেন্দ্ৰৰ সা-সম্পত্তি, কাগজ-পত্ৰ অ’ৰ পৰা ত’লৈ কঢ়িয়াই নিওঁতে একোদিনা কৰ্ম্মীসকলৰ জীৱনো বিপদাপন্ন হৈছিল। গতিকে ১৯৫২ চনত শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰ আৰু শিক্ষা-দপ্তৰৰ কাৰ্য্যালয় মাৰ্ঘেৰিটালৈ তুলি নিয়া হয়। বিষয়া-কৰ্ম্মচাৰী সকলৰ তৎপৰতাত মাৰ্ঘেৰিটাৰ নিউ কলনীত পুনৰ অনুষ্ঠান দুটি মূৰ দাঙি উঠে। কিন্তু শদিয়াৰ সুন্দৰ শান্তিময় প্ৰাকৃতিক পৰিবেশ এৰি আহি যান-বাহন, কল-কাৰখানাৰ শব্দৰে মুখৰ মাৰ্ঘেৰিটা চহৰৰ যান্ত্ৰিক পৰিবেশত শিক্ষক, শিক্ষা-বিষয়া আটাইৰে পূৰ্ব্বৰ উৎসাহ, আনন্দ, কৰ্ম্ম স্পৃহা যেন টুটি আহিল।
ভূঁইকঁপৰ সময়ত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা ২০/২৫টি মান শিশুক লৈ মাৰ্ঘেৰিটাত এখন অনাথ আশ্ৰম খোলা হ'ল। শিক্ষা-সত্ৰৰ লগতে প্ৰতিষ্ঠা কৰা সেই অনাথ গৃহৰ ল’ৰা-ছোৱালীহঁতক ইন্দিৰা মিৰিয়ে মাতৃসুলভ স্নেহেৰে ৰক্ষণাবেক্ষণ দি সিহঁতৰ শিক্ষাৰ দায়িত্ব টি টি আইৰ দুজনমান কৃতী শিক্ষকৰ হাতত তুলি দিছিল। সেই শিশুসকলৰ শিক্ষাৰ বাবে লগতে এখন স্কুলো খোলা হৈছিল। সেইখন পিছত হাইস্কুললৈ উন্নীত হৈছিল আৰু অনাথ আশ্ৰমৰ বাহিৰৰ ছাত্ৰও তাত পঢ়িবলৈ আহিছিল। শিক্ষকসকলৰ যত্নৰ ফলত কেবাটিও অনাথ ল’ৰা ছোৱালী পঢ়াই শুনাই, কামে কাজে, আচাৰ-আচৰণে প্ৰশংসনীয় হৈ উঠিছিল। জমিন টায়েং নামৰ তাৰে এটি অনাথ শিশু স্বকীয় প্ৰতিভাৰ গুণত উচ্চ শিক্ষা লাভ কৰি জনজাতীয়সকলৰ ভিতৰত প্ৰথম সৰ্ব্বভাৰতীয় প্ৰশাসনিক বিষয়া হৈছিলগৈ। দিছি মিহু নামৰ আন এজনী মিছিমি ছোৱালী বৰ্ত্তমান অৰুণাচলত সমাজ কল্যাণ বিভাগৰ [ ৪৬ ] ডাইৰেক্টৰ পদত অধিষ্ঠিত হৈছে। অলপতে তেওঁৰে কন্যা ইন্দিৰা মাল'ই আই এ এছ পাইছে। কোৱা বাহুল্য, ইন্দিৰা মিৰিৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁ নিজ কন্যাৰ নাম ইন্দিৰা ৰাখিছিল। কোনোবাই দেৱতাৰ থানত বলি দিবলৈ নিয়া ৬/৭ বছৰীয়া ছোৱালী এটিক অঞ্চলটোৰ পলিটিকেল অফিচাৰ বিপিন বৰগোঁহায়ে উদ্ধাৰ কৰি ইন্দিৰা মিৰিক গতাই দিছিল। অনাথ গৃহত ডাঙৰ হোৱা কমথুন নামৰ সেই ছোৱালীটিয়ে সম্প্ৰতি পাছীঘাটৰ হস্পিটালত নাৰ্চৰ কাম কৰি আছে। এই সকলে ইন্দিৰা মিৰিক আজিও মাতৃজ্ঞান কৰি তেওঁৰ সৈতে প্ৰেম-প্ৰীতিৰ সম্পৰ্ক ৰক্ষা কৰি চলি আছে।
পৰিবৰ্ত্তনশীল জগতখনৰ কোনো কথাই সদায় একে হৈ নাথাকে। সময় যোৱাৰ লগে লগে নেফাৰ শিক্ষা জগতখনতো পৰিবৰ্ত্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছিল। নেফা অঞ্চল পোনতে বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে তাত কিছুসংখ্যক বাহিৰৰ, ঘাইকৈ উত্তৰ ভাৰতৰ লোকক নিযুক্তি দিছিল। তেওঁলোকে নেফাৰ ৰাইজৰ হৃদয়-সংবাদ পঢ়িবলৈ চেষ্টা কৰাৰ পৰিবৰ্ত্তে নেফাত হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰতহে অধিক গুৰুত্ব দিবলৈ ধৰিলে। স্বাধীনতা লাভৰ পিছৰে পৰা ভাৰতত বুনিয়াদী শিক্ষা জনপ্ৰিয় হৈ উঠিছিল। দৰিদ্ৰ মানুহৰ দেশ ভাৰতবৰ্ষৰ শিশুসকলক ভবিষ্যতে অৰ্থনৈতিক স্বাৱলম্বিতা দিব পৰাকৈ পঢ়া শুনাৰ লগতে হাতে কামে শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি প্ৰাথমিক স্তৰত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন হৈছিল। ১৯৫৩ চনৰ মে’ মাহত নেহৰু মন্ত্ৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে নেফাতো বুনিয়াদী শিক্ষা প্ৰৱৰ্ত্তন হব। সেই সন্দৰ্ভতে ৱাৰ্দ্ধাৰ হিন্দুস্থানী তালিমি সংঘৰ সম্পাদক আৰ্য্যনায়কম্ আৰু তেওঁৰ পত্নী আশা দেৱী আৰ্য্যনায়কম্ নেফাত উপস্থিত হৈ নেফাৰ প্ৰচলিত শিক্ষা পদ্ধতি তথা তাত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন সম্পৰ্কে শিক্ষা-বিষয়া সকলৰ সৈতে এলানি আলোচনা চলায়। উল্লেখযোগ্য যে আলোচনাৰ অন্তত আশা দেৱীয়ে নেফাত ইতিমধ্যে চলি থকা ‘হাতে কলমে’ শিক্ষা ব্যৱস্থাক সেই ঠাইৰ উপযোগী আৰু সিও বুনিয়াদী শিক্ষাৰে এটা ৰূপ বুলি মত প্ৰকাশ কৰে। আনহাতে, তেওঁৰ স্বামী আৰ্য্যনায়কমে পূৰ্ব্বৰ শিক্ষা ব্যৱস্থাৰ ঠাইত ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বুনিয়াদী শিক্ষা ষোল্ল অনাই প্ৰৱৰ্ত্তনৰ সপক্ষে অভিমত দিয়ে।
১৯৫৪ চনৰ জুন মাহত, নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন সম্পৰ্কে আলোচনা কৰিবলৈ শ্বিলঙত এখন সন্মিলন অনুষ্ঠিত হয়। সেই সন্মিলনত কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ যুটীয়া সচিৱ কে. জি. চৈয়দীন আৰু তালিমি সংঘৰ আৰ্যনায়কমে যোগ দিছিল। আলোচনা বিলোচনাৰ অন্তত দিল্লীৰ চৰকাৰে সিদ্ধান্ত ল’লে ⸺ নেফাৰ শিক্ষা ব্যৱস্থা বুনিয়াদী হব, লিপি হিচাপে সৰল দেৱনাগৰী লিপি গ্ৰহণ কৰা হব। যিমান দূৰ সম্ভৱ জনজাতীয় দোৱান শিক্ষাৰ মাধ্যমৰূপে ব্যৱহৃত হব। যিটো স্তৰত সেই মাধ্যমেৰে শিক্ষা দিব পৰা নেযাব তাত হিন্দী মাধ্যমৰ [ ৪৭ ] ব্যৱহাৰ হব। নেফাৰ শিক্ষা বিভাগৰ পৰা কেইজনমানক ৱাৰ্দ্ধাৰ সেৱাগ্ৰাম আৰু দিল্লীৰ জামিয়া মিলিয়াত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লবলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ল। তাহানি কালৰে পৰা পাহাৰীয়া অঞ্চলত সংযোগী ভাষা ৰূপে আৰু স্বাধীনোত্তৰ কালত নেফাৰ শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহৃত অসমীয়া ভাষাক এইদৰে তাৰ মৰ্য্যাদাপূৰ্ণ স্থানৰ পৰা অপসাৰিত কৰা হ’ল। এতিয়া সমস্যা হ’ল হিন্দী শিকাব কোনে? ইন্দিৰা মিৰিৰ পৰামৰ্শ অনুসৰি বাহিৰৰ পৰা হিন্দী শিক্ষক অনাৰ কথাও চৰকাৰে চিন্তা কৰিলে। মিৰি বাইদেৱে নিজে এলাহবাদলৈ গৈ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লৈ নেফাত নিযুক্তিৰ বাবে হিন্দী শিক্ষক নিৰ্বাচন কৰিলে। এইদৰে নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন আৰম্ভ হ’ল আৰু পূৰ্ব্বৰ অসমীয়া
ভাষাৰ স্থান হিন্দীয়ে দখল কৰিলে। কিন্তু নেফাত আৰম্ভনিৰে পৰা যি শিক্ষা-ব্যৱস্থা চলোৱা হৈছিল তাত বুনিয়াদী পদ্ধতিয়ে বিশেষ একো নতুনত্ব আনিব নোৱাৰিলে। পূৰ্ব্ব প্ৰচলিত পাঠ্যক্ৰমৰ লগতে ডায়েৰী লিখা, সমূহীয়া আলোচনা আদি দুটামান নতুন কথা সুমুৱাই দি তাকেই বুনিয়াদী শিক্ষাৰূপে চলাই দিয়া হ’ল। লাভৰ মূৰত নেফাৰ শিক্ষা ব্যৱস্থাত বুনিয়াদী আৰু অ-বুনিয়াদী এই দুই ধাৰণা সোমাই কিছু খেলিমেলিৰহে সৃষ্টি কৰিলে। বুনিয়াদী শিক্ষাত হস্তশিল্প হিচাপে সূতা কটাত বিশেষ প্ৰাধান্য দিয়া হৈছিল। তদুপৰি যিবোৰ হস্তশিল্পৰ বাবে কেচা মাল ঠাইতে পোৱা যায় বুনিয়াদী পাঠ্যক্ৰমত সাধাৰণতে তেনে শিল্পৰহে নিৰ্বাচন কৰা হয়। নেফাৰ ক’তো কপাহ খেতি নাই, তাৰ মাটি এই খেতিৰ উপযোগী নহয়। আনহাতে আৱশ্যকীয় কপাহ বাহিৰৰ পৰা আনিবৰ জোখাৰে যোগাযোগ ব্যৱস্থাও সুচল নহয়। গতিকে সূতা কটা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাত অসুবিধা। নেফাত বুনিয়াদী পাঠ্যক্ৰম প্ৰৱৰ্ত্তনৰ সিও এক অন্তৰায়। গতিকে নামত বুনিয়াদী শিক্ষাৰ প্ৰচলন হ’ল যদিও কামত ’৪৭ চনতে নেফাত জীৱন আৰু জীৱিকাৰ উদ্দেশ্য আগত ৰাখি শিশুক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে যি শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তিত হৈছিল তাকে সামান্য ইফাল সিফাল কৰি চলাই থকা হ'ল। মাৰ্ঘেৰিটাৰ পৰা টি টি আই পিছত চাংলাঙলৈ উঠাই
নিয়া হয়। বুনিয়াদী শিক্ষা ভৱন (বি এছ বি) নামেৰে সেই অনুষ্ঠান আজিও তাতে আছে। ভূমিকম্পৰ ধ্বংসলীলাৰ ফলত নেফাৰ বহুতো স্কুল জহি খহি প্ৰায় নোহোৱা হৈছিল। ভূমিকম্পৰ পিছত সেইবোৰ নতুনকৈ পাতিবলগীয়া হৈছিল। সেই কামতে বহু সময় ব্যয় কৰিবলগীয়া হোৱাত পিছলৈ নেফাত শিক্ষা অভিযানৰ গতি মন্থৰ হৈছিল।
শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ’লৈ একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰিও আৰু এটা বস্তুৰ আৱশ্যক, সি হ’ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হব পৰাকৈ সহজ সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ। নেফাৰ ল’ৰা ছোৱালীৰ উপযোগীকৈ পাঠ্যপুথি প্ৰণয়নৰ বাবে [ ৪৮ ] ১৯৫৫ চনত পাঠ্যপুথি উৎপাদন শাখা এটা খোলা হৈছিল। শিক্ষা বিভাগৰ ঘাই অফিচ আগৰ বছৰতে শ্বিলঙলৈ স্থানান্তৰিত হৈছিল যদিও পাঠ্যপুথি উৎপাদন বিভাগটো নৱ নিযুক্ত উন্নয়ন আয়ুক্ত লোথ্ৰা চাহাবৰ অধীনত নেফাতে ৰখা হ’ল। টি টি আইৰ অধ্যাপক মুক্তিনাথ বৰদলৈক সহকাৰী শিক্ষা-বিষয়ালৈ পদোন্নতি দি তেওঁকে পাঠ্যপুথি প্ৰণয়নৰ দায়িত্ব দিয়া হৈছিল। এতিয়া সমস্যা হ’ল পুথি প্ৰণয়নৰ বাবে কি ভাষা ব্যৱহাৰ কৰা যায়। নেফাৰ শিক্ষকসকলে জনজাতীয় ভাষা আয়ত্ব কৰি অতদিনে সেই ভাষাৰ মাধ্যমেৰেই যথাসাধ্যে শিক্ষা দান কাৰ্য্য চলাই আছিল। সেই ব্যৱস্থা কিছুদিন চলি থাকিবলৈ দিয়া হ’লে লাহে লাহে জনজাতীয়সকলৰ মাজৰ পৰাই তেওঁলোকৰ ভাষাত পুথি লেখক ওলালহেঁতেন। কিন্তু ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত ভাৱে নেফাত হঠাতে অসমীয়া ভাষাৰ ব্যৱহাৰ বন্ধ কৰি তাৰ ঠাইত হিন্দী চলোৱা হ’ল। নেফাৰ জনসাধাৰণৰ বাবে হিন্দী ভাষা একেবাবে অপৰিচিত
আছিল। বৰঞ্চ শাসনৰ দায়িত্বত থকা চাহাবসকলৰ সংস্পৰ্শলৈ অহা হেতুকে ইংৰাজী ভাষাৰ সৈতেহে তেওঁলোকৰ কিছু চিনাকী আছিল। এনে পৰিস্থিতিত, হিন্দীক শিক্ষাৰ মাধ্যম হিচাপে লোৱা হৈছিল যদিও সেই ব্যৱস্থা স্থায়ী নহল আৰু ইংৰাজীয়ে পিছত সেই স্থান অধিকাৰ কৰিলে। শেহতীয়াকৈ নেফাৰ উচ্চ ইংৰাজী স্কুলসমূহত চি বি এছ ই পাঠ্যক্ৰম প্ৰৱৰ্ত্তিত হৈছে।
প্ৰাথমিক পৰ্য্যায়ত মাতৃভাষা বাধ্যতামূলক হোৱা বাবে সেই পৰ্য্যায়ত কিতাপবোৰ জনজাতীয় মাধ্যমতে হব লাগিছিল। কিন্তু জনজাতীয় মাধ্যমত কিতাপ লিখিব কোনে? গতিকে অভিজ্ঞ লেখকৰ হতুৱাই ইংৰাজী ভাষাতে মাতৃ ভাষা, গণিত আৰু সমাজ শিক্ষা বিষয়ক পুথি ‘ক’ মানৰ পৰা ৩ য় মানলৈকে ব্যৱহাৰৰ বাবে ৰচনা কৰাই সেইবোৰ বিভিন্ন জনজাতীয় দোৱানলৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল। অনুবাদক সকলৰ প্ৰায়ভাগেই আছিল ইংৰাজী ভাষাত বিশেষ হাত থকা অজনজাতীয় লোক। তত্ৰাচ সমস্যাৰ ওৰ পৰা নাছিল। নেফাত প্ৰচলিত দোৱানৰ সংখ্যা ডেৰকুৰিৰো ওপৰ হব। সকলোবোৰ দোৱানতে পাঠ্যপুথি ৰচনা সম্ভৱপৰ কথা নহয়। গতিকে তাৰ মাজৰ পৰাই চৈধ্যটা দোৱান বাচি লৈ কিতাপ লিখাৰ দিহা কৰা হৈছিল, কিন্তু যিসকলৰ দোৱান এই নিৰ্বাচনত নুঠিল সেইসকল ক্ষুণ্ণ হ’ল
আৰু তাৰে অজুহাত লৈ ভাষাগত অনৈক্য আৰু বিভেদৰ ভাৱে নেফাত গা কৰি উঠিল।
লিপিৰ সমস্যা লৈয়ো জটিলতাৰ সৃষ্টি হৈছিল। দোৱানক লিখিত ভাষাৰ স্তৰলৈ নিবলৈ লিপি অপৰিহাৰ্য্য। ভাষা শিক্ষাৰ প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে ইন্দিৰা মিৰিয়ে অসমীয়া লিপিৰে জনজাতিৰ দোৱানৰ কিছুমান 'চাৰ্ট’প্ৰকাশ কৰিছিল। কিন্তু মাধ্যম হিচাপে অসমীয়া ভাষা আৰু লিপি নাকচ হোৱাত সেইবোৰৰ কাম নোহোৱা হ’ল। এচামে আকৌ ৰোমান লিপিৰ বাবে দাবী তুলিলে। নেফাত চাকৰি কৰি থকা নগা, মিজো, খাচীয়া আবৰ [ ৪৯ ] আদি খ্ৰীষ্টিয়ান বিষয়াসকলৰ মতে ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে ৰোমান লিপিহে অধিক গ্ৰহণযোগ্য। কিন্তু ইন্দিৰা মিৰিয়ে যুক্তি দিছিল যে উচ্চাৰণৰ শুদ্ধতাৰ বাবে দেৱনাগৰী লিপিতকৈ অধিক কাৰ্য্যকৰী একো হব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰেও দেৱনাগৰী লিপিৰ সপক্ষেই মত প্ৰকাশ কৰিলে। নেফাৰ জনসাধাৰণে লিপি সম্পৰ্কে স্বকীয় মতামত ব্যক্ত কৰিব পৰা পৰ্য্যায় তেতিয়াও পোৱাগৈ নাছিল। গতিকে নেফা চৰকাৰে দেৱনাগৰী লিপিকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ সেই লিপিৰ সৰলীকৰণৰ বাবে দুজনমান বিষয়া নিয়োগ কৰিলে।
স্বাধীনতা লাভৰ পিছৰে পৰা নেফাত তিনিখলপীয়া শাসন ব্যৱস্থাৰ প্ৰবৰ্ত্তন হৈছিল। ৰাজ্যপালৰ অধীনত এজন উপদেষ্টা নিয়োগ কৰি তেওঁৰ তলৰ খাপত এহাতে পলিটিকেল অফিচাৰ সকলে শাসন কাৰ্য্য, আনহাতে উন্নয়নমুখী বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে সেই বিভাগ সমূহ পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকল স্বাভাবিকতে প্ৰভূত ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ১৯৫৪ চনত পূৰ্ব্বৰ শাসন ব্যৱস্থাৰ ঠাইত Single Line Administration প্ৰৱৰ্ত্তন কৰা হয়। নতুন ব্যৱস্থা মতে উপদেষ্টাৰ পিছতে
উন্নয়ন আয়ুক্তৰ পদ এটি সৃষ্টি কৰি উন্নয়নমূলক বিভাগ সমূহ সেইজন বিষয়াৰ অধীনলৈ অনা হয়। এই ব্যৱস্থাই প্ৰশাসনৰ ক্ষেত্ৰত তুলনামূলক ভাৱে পূৰ্ব্বতকৈ কিছু শৃংখলা আনে; আনহাতে ই বিভাগীয় মূৰব্বী বিষয়াসকলৰ ক্ষমতা ভালেখিনি খৰ্ব্ব কৰে। ফলত সেইসকলে পূৰ্ব্বৰ দৰে মুকলিমূৰীয়া ভাৱে কাম কৰিব নোৱাৰা হ’ল আৰু তেওঁলোকৰ মনত অসন্তুষ্টিৰ ভাৱ জাগি উঠিল। পৰিস্থিতিৰ তাড়নাত কিছুসংখ্যক সৎ, সুদক্ষ অসমীয়া বিষয়া আতৰি
আহিল, কিছুমানক বিদায় দিয়া হ’ল। নতুনকৈ যিসকল পলিটিকেল অফিচাৰে নিযুক্তি পালে তেওঁলোকৰ অধিকাংশই আছিল অৱসৰ প্ৰাপ্ত সামৰিক বিষয়া; সেইসকলৰ অসামৰিক প্ৰশাসন সম্পৰ্কে কোনো অভিজ্ঞতা নাছিল। তদুপৰি জনজাতীয় ভাষাৰ কোনো জ্ঞান তেওঁলোকৰ নাছিল। সেই সময়ত নেফাৰ সৰ্ব্বসাধাৰণে বুজি পোৱা অসমীয়া ভাষাৰ দুই চাৰিটা শব্দত বাদে তেওঁলোকে থলুৱা ভাষাৰ একোকে বুজি নেপাইছিল৷ গতিকে পূৰ্ব্বৰ বিষয়াসকলৰ দৰে নেফাৰ ৰাইজৰ বুকুৰ আপোন তেওঁলোক হব পৰা নাছিল, কিন্তু নেফাক
হিন্দী ভাষী ৰাজ্যৰূপে পুনৰ্নিৰ্ম্মাণ কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছিল।
ইতিমধ্যে ভালেমান অসমীয়া বিষয়াই নেফা এৰি অহাত ইন্দিৰা মিৰিয়ে একপ্ৰকাৰ নিঃসংগতা অনুভৱ কৰিছিল। উন্নয়ন আয়ুক্তৰ তলতীয়া হবলগীয়া হোৱাত পূৰ্ব্বৰ দৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁ নিজাববীয়াকৈ কোনো সিদ্ধান্ত লব নোৱাৰা হ’ল। তেনে অস্বস্তিকৰ পৰিবেশতে চৰকাৰৰ এক নতুন নীতিয়ে তেওঁক মানসিক ভাৱে বিপৰ্য্যস্ত কৰি তুলিলে। সেই নীতি অনুসৰি শিক্ষা বিভাগত শিক্ষা-সঞ্চালকৰূপে সৰ্ব্বোচ্চ পদবী এটাৰ সৃষ্টি কৰা হয়। সেই পদৰ বাবে ইন্দিৰা মিৰিকো প্ৰাৰ্থী হিচাপে আবেদন কৰিবলৈ দিয়া হৈছিল যদিও [ ৫০ ] সাক্ষাৎকাৰৰ ভেকো ভাওনা এখন অনুষ্ঠিত কৰি শ্যামলাল ছোনী নামৰ বাহিৰৰ হিন্দী ভাষী
এজনকহে সঞ্চালক ৰূপে নিযুক্তি দিয়া হ'ল। দহ বছৰৰ ক্লান্তিহীন, নিষ্কলঙ্ক সেৱাৰ বিনিময়ত
এনে পুৰষ্কাৰ লাভ কৰাৰ পিছত তেওঁৰ সেই চাকৰিৰ প্ৰতি কি মোহ থাকিব পাৰে? গতিকে
তেওঁ চাকৰি ইস্তফা দি ভৈয়ামৰ মানুহ ভৈয়ামলৈ গুছি অহাৰে সিদ্ধান্ত লয়। অৱশ্যে তেওঁ
নেফাৰ প্ৰতি কোনো বিদ্বেষ বা বিতৃষ্ণাৰ ভাৱ লৈ গুছি অহা নাছিল। তেওঁৰ প্ৰতি কৰা সেই
অবিচাৰ কেন্দ্ৰীয় শাসিত নেফাত চলা ‘অসমীয়া হাটাও' অভিযানৰে স্বাভাবিক পৰিণতি
বুলি তেওঁ নিঃসন্দেহ আছিল। সেয়ে আতৰি আহিলেও তেওঁৰ মনৰ মণিকোঠাত আজিও
সযতনে সংৰক্ষিত হৈ আছে নেফাৰ সহজ সৰল জনগণৰ সান্নিধ্যত কটোৱা দহোটা বছৰৰ
অলেখ মিঠা স্মৃতি। নেফাৰ কৰ্ম্মজীৱন সুঁৱৰি তেওঁ লিখিছে, “কাম কৰিছিলো তন্ময় নিষ্ঠাৰে,
অসীম সাহসেৰে, ক্লান্তিহীন উদ্যমেৰে, অনন্ত আশাৰে, অপাৰ আনন্দেৰে; যিমানেই কৰিছিলো
সিমানেই কৰাৰ আগ্ৰহ বাঢ়িছিল। ----- শাৰীৰিক ক্লেশ-ক্লান্তি, মানসিক-দুশ্চিন্তা, কৰ্ম্মৰ
কাঠিন্যই মোক কোনো দিনেই কৰ্ম্ম বিৰত কৰিব পৰা নাছিল। চৰকাৰৰ ফালৰ পৰাও মই
কোনো দিনেই কোনো কথাত বাধা পোৱা নাছিলো। মই শুদ্ধ, সত্য, শিক্ষা দৃষ্টিকোণৰ পৰা
আগবঢ়োৱা সকলো পৰামৰ্শকে চৰকাৰে যথোচিত গুৰুত্ব দি গ্ৰহণ কৰিছিল।”
বাস্তবিকতে চল্লিশৰ দশকৰ শেষাৰ্দ্ধলৈকে শিক্ষাৰ কোনো আও ভাও নোপোৱা
নেফাৰ অজ্ঞ, অৰ্দ্ধসভ্য জনগণৰ বাবে শিক্ষাৰ বুনিয়াদ গঢ়ি তোলাত ইন্দিৰা মিৰিৰ গুৰুত্বপূৰ্ণ
ভূমিকা অনস্বীকাৰ্য্য। নিজৰ ঘৰ-সংসাৰ, ল'ৰা ছোৱালীৰ পৰা বহু আতৰত থাকি, কৰ্ম্মকেই
জীৱনৰ ব্ৰত হিচাপে লৈ দুৰ্গম অৰণ্য অঞ্চলত নিজৰ জীৱন বিপন্ন কৰিও তেওঁ আৰু
সহযোগী সকলে শিক্ষাৰ ক্ষেত্ৰত ৰাইজলৈ সেৱা আগবঢ়াইছিল। শিক্ষা-বিষয়াসকলে শিশু
শিক্ষাৰে কাম আৰম্ভ কৰিছিল যদিও অভিভাৱকৰ শিক্ষা, সমাজৰ শিক্ষায়ো তেওঁলোকৰ
কৰ্ম্ম আঁচনিত ঠাই পাইছিল। নেফাত তেওঁলোকে কেইখনমান মধ্য-ইংৰাজী আৰু হাইস্কুলকে
ধৰি প্ৰায় ১৪০ খনমান স্কুল স্থাপন কৰিছিল। অন্তৰত গভীৰ দেশ প্ৰেম, সেৱাৰ মনোভাৱ
নেথাকিলে, আৰ্থ-সামাজিক দিশত পিছপৰা জনজাতীয়সকলৰ প্ৰতি সদিচ্ছা সহানুভূতি
নেথাকিলে মানুহে এইদৰে দেহমন উছৰ্গি কাম কৰিব নোৱাৰে।
•••
সাত
অসমৰ শিক্ষা জগতত
১৯৫৭ চনত ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিৰ পৰা অব্যাহতি লৈ লগে লগেই অসম চৰকাৰৰ শিক্ষা বিভাগত যোগদান কৰে। নেফাৰ চাকৰি জীৱন ক্ৰমে জটিল আৰু অশান্তিদায়ক হৈ উঠাত তেওঁ অসমৰ তদানীন্তন শিক্ষাধিকাৰ হিৰণ্য চন্দ্ৰ ভূঁঞাদেৱক আগতীয়াকৈ অনুৰোধ জনাইছিল—অসম চৰকাৰৰ শিক্ষা বিভাগতে ক'ৰবাত তেওঁক গোজ মাৰি থবলৈ। সেয়ে নেফাৰ চাকৰি এৰি থৈ আহি তেওঁ বহি থাকিবলগীয়া নহ'ল। সেই সময়ত অসমত স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান বুলিবলৈ এখনো নাছিল। গুৱাহাটীত বি টি শ্ৰেণী খোলা হৈছিল যদিও সি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এডুকেশান ডিপাৰ্টমেন্ট অন্তৰ্গত। বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক বি চি কৰৰ অধ্যক্ষতাত চলা সেইখন অনুষ্ঠানলৈ তেওঁৰ বিভাগৰ শিক্ষক সকলেই ‘পাৰ্টটাইম’ সেৱা আগবঢ়াইছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণৰ বাবে পঠোৱা স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ সেইকণ সুবিধা পৰ্য্যাপ্ত নাছিল। তদুপৰি হোষ্টেলৰ কোনো সা-সুবিধা নথকাত ‘ডেপুটেড’ শিক্ষকসকল বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। সেইকালত আজিৰ দৰে যি কোনো স্নাতকে বি টি (Bachelor of Training) ডিগ্ৰী লোৱাৰ কথা ভবা নাছিল। স্কুলত শিক্ষাদান কৰি থকা শিক্ষকসকলকহে দৰমহা ও প্ৰশিক্ষণৰ বাবদ বানচ সহ ছুটী দি এই প্ৰশিক্ষণ লবলৈ পঠোৱা হৈছিল। অৱশ্যে শ্বিলঙত বহু দিনৰ আগৰে পৰাই ছোৱালীৰ বাবে চেন্ট মেৰীজ কলেজত আৰু ল'ৰাৰ বাবে চেন্ট এডমাণ্ডচ্ কলেজত বি টি শ্ৰেণী চলি আছিল। সেই দুই অনুষ্ঠান কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। গতিকে অসমত এখন পূৰ্ণাংগ স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তোলা সম্পৰ্কে অসম চৰকাৰৰ শিক্ষা বিভাগে গুণাগথা কৰি আছিল। বিদেশত উচ্চশিক্ষা লৈ অহা, নেফাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিয়াৰ অভিজ্ঞতাৰে পৰিপুষ্ট ইন্দিৰা মিৰিক হাততে পাই তেওঁকেই অধ্যক্ষাৰূপে লৈ যোৰহাটত বি টি কলেজ স্থাপনৰ সিদ্ধান্ত খাটাং কৰা হয়।
এতিয়া সমস্যা হ’ল, মাটি নাই, ঘৰ-দুৱাৰ নাই – ক'ত কেনেকৈ কলেজ খোলে শিক্ষাবিদ গৰাকীৰ ভাষাত, “ঢাল নাই, তৰোৱাল নাই নিধিৰাম চৰ্দ্দাৰ; ঘৰ নাই, বাৰী নাই, প্ৰশিক্ষক নাই, কেনেকৈ কি কৰো?” তথাপিতো কলেজ আৰম্ভ কৰাৰ মনেৰে মিৰি বাইদেৱে [ ৫২ ] গুৱাহাটী এৰি যোৰহাটতে থিতাপি ললেগৈ। যোগেন শইকীয়া আৰু সিতাংশু মজুমদাৰ নামেৰে দুজনৰ পোনতে শিক্ষক হিচাপে নিযুক্তি হ'ল। কলেজখন গঢ়ি তোলাত এই দুগৰাকী শিক্ষকে তেওঁক দেহে কেহে সহায় কৰিছিল। সেই দুজন প্ৰশিক্ষক আৰু ১৫/২০ গৰাকীমান ‘ডেপুটেড' শিক্ষক-শিক্ষয়িত্ৰীক লৈ যোৰহাট নৰ্ম্মাল স্কুলতে কলেজখনৰ শুভাৰম্ভ হয়। দিনত নৰ্ম্মাল স্কুল, ৰাতি বি টি কলেজৰ ক্লাচ বহে। নৰ্ম্মাল স্কুলৰ হলঘৰটোতে এটা ‘পেট্ৰোমাক্সৰ পোহৰত শিক্ষাদান চলে। শিক্ষক বহিবৰ বাবে কোঠা নাই; এজন শিক্ষক শ্ৰেণী কোঠালৈ গ’লৈ কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি আনজন শিক্ষকৰ সৈতে এটা হাৰিকেন লেম্পৰ পোহৰত বাৰাণ্ডাতে বহি থাকে। যোৰহাটত তেতিয়া স্কুল ইন্সপেক্টৰ আছিল গোপাল শৰ্ম্মা বৰুৱা। তেওঁৰ কৃপাতে ইন্দিৰা মিৰিয়ে বি টি কলেজৰ কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ ইন্সপেক্টৰৰ অফিচতে এটা কোঠা পাইছিল। কিন্তু দূৰণিবটীয়া প্ৰশিক্ষাৰ্থী সকলৰ থকা-খোৱাৰ সমস্যাৰো সমাধান হব লাগিব। সেই সময়ত নৰ্ম্মাল স্কুলৰ অধ্যক্ষ আছিল চিৰাজুল হক বৰুৱা। তেওঁক বৰকৈ ধৰাত নৰ্ম্মাল স্কুলৰ হোষ্টেলতে আঁতৰৰ পৰা অহা শিক্ষক আৰু শিক্ষয়িত্ৰী সকলক ভাগে ভাগে থাকিবলৈ অনুমতি দিয়া হ'ল। ইতিমধ্যে যোৰহাট চৰকাৰী হাইস্কুলত কাম কৰা দুজন B.T. পাছ শিক্ষককো অংশকালীন হিচাপে কলেজখনত নিযুক্তি দিয়া হ'ল। তেওঁলোক দুজন আছিল যতীন গোস্বামী (অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি) আৰু গোপাল বৰদলৈ। এবাৰ যোৰহাটত স্কুল চাবলৈ আহোতে শিক্ষাধিকাৰ হিৰণ্য ভূঁঞাদেৱে কলেজখনৰ দুৰৱস্থা দেখা পাই দুদিনমান তাতে থাকি শ্ৰেণী কোঠাত পোহৰৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ অনুৰোধত নৰ্ম্মাল স্কুলৰ অধ্যক্ষই শিক্ষক বহিবলৈ কোঠা এটাও দিলে।
লাহে লাহে চৰকাৰী মাটিত কলেজৰ ঘৰ-দুৱাৰে মূৰ দাঙি উঠিল; কলা, বিজ্ঞান দুয়োটা শাখাতে প্ৰশিক্ষণ আৰম্ভ হ'ল। ইন্দিৰা মিৰিৰ সুদক্ষ পৰিচালনাত কলেজখনে যথেষ্ট উন্নতিৰ মুখ দেখিলে। তেওঁৰ মাতৃ সুলভ আচৰণ, নিকা প্ৰশাসন আৰু শিক্ষাৰ প্ৰতি ঐকান্তিক আগ্ৰহে শিক্ষকসকলক বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। যোৰহাটত এবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণৰ এই পূৰ্ণাংগ অনুষ্ঠান গঢ় লৈ উঠাত উজনি অসম আৰু উত্তৰৰ পাহাৰীয়া অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বাটকুৰি বাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ বাবে অহা কষ্টৰ পৰা অব্যাহতি পালে। শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত শিক্ষাৰ তাত্ত্বিক দিশতকৈ প্ৰায়োগিক দিশতহে অধিক গুৰুত্ব দিয়া উচিত। সেই বিষয়ত বিশেষ ভাৱে সচেতন অধ্যক্ষা গৰাকীয়ে শিক্ষণ পদ্ধতিতহে বেছি জোৰ দিছিল আৰু যোৰহাটৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠ সহযোগ ৰক্ষা কৰি প্ৰশিক্ষাৰ্থীসকলৰ ‘প্ৰেক্টিকেল ক্লাচ' ৰ সুব্যৱস্থা কৰি দিছিল। যোৰহাট বি টি কলেজৰ অধ্যক্ষা ৰূপে ইন্দিৰা মিৰিয়ে নিজৰ অভিজ্ঞতা এইদৰে বৰ্ণাইছে, “কলেজ গঢ়াৰ [ ৫৩ ] ক্ষেত্ৰত মোৰ সোঁহাত, বাওঁহাত আছিল সিতাংশু মজুমদাৰ আৰু যোগেন শইকীয়া, দুয়োজনেই
অতি সুদক্ষ, নিষ্ঠাবান কৰ্ম্মী। তেওঁলোকৰ সহায়-সহযোগ, চৰকাৰৰ আমাৰ ওপৰত বিশ্বাস আৰু সহায়ে কলেজখন অতি শীঘ্ৰে কলা, বিজ্ঞান দুয়োটা বিভাগতে এখন পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠান ৰূপে গঢ় লৈ উঠাত সহায় কৰিছিল। কম সংখ্যক প্ৰশিক্ষাৰ্থীৰে ৩/৪ বছৰলৈ উত্তীৰ্ণৰ হাৰ শতকৰা প্ৰায় এশভাগেই আছিল। আমাৰ আনন্দ চায় কোনে? ভাবিছিলো বৰ ভাল শিক্ষক তৈয়াৰ কৰিছো। এতিয়াহে দেখিছো, শিক্ষক নহয়, সৰহ সংখ্যকেই বেপাৰীহে।” শিক্ষাদানক তপস্যা জ্ঞান কৰা অভিজ্ঞা শিক্ষাবিদ্ৰাকীয়ে আজিৰ টিউচনসৰ্ব্বস্ব শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো এইদৰে খেদোক্তি কৰিবলগীয়া হৈছে।
যোৰহাটত থকা কালছোৱাত ইন্দিৰা মিৰিয়ে সেইখন চহৰতে অৱস্থিত State Institute of Education ৰো অধ্যক্ষাৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। সেই অনুষ্ঠানত বিভিন্ন শৈক্ষিক বিষয়ৰ ওপৰত গৱেষণা চলোৱা হৈছিল; তাৰ কেন্দ্ৰীয় কাৰ্য্যালয় দিল্লীত আছিল। দহবছৰ কাল নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াই ১৯৬৭ চনত ইন্দিৰা মিৰিয়ে যোৰহাট বি টি কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে। পিছৰ বছৰ ১৯৬৮ চনত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰ পৰাও অৱসৰ লৈ গুৱাহাটীলৈ উভতি আহে। ইতিমধ্যে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত তেওঁৰ পিতৃপ্ৰদত্ত মাটিত ঘৰ দুৱাৰ সজা কাম আৰম্ভ হয়। ৭০ চনৰ শেষৰ পিনে তেওঁ নিজ গৃহত প্ৰৱেশ কৰে।
চাকৰিকাল শেষ হোৱাৰ পিছতো আজিকালিৰ মানুহ বেছ কৰ্ম্মক্ষম হৈয়ে থাকে।
শাৰীৰিক মানসিকভাৱে সক্ষম হৈ থকা মানুহগৰাকীৰ শিক্ষাদান আৰু শিক্ষক-প্ৰশিক্ষণৰ সৈতে জড়িত কুৰি বছৰৰো ওপৰকালৰ পূৰঠ অভিজ্ঞতা এনেয়ে যাবলৈ দিয়াটো এক জাতীয় অপচয় বুলিয়েই গণ্য কৰিব পাৰি। তেনে অপচয় সমাজৰ কাম্য নাছিল বাবেই তেওঁক এইবাৰ গুৱাহাটীত ১৯৬৭ চনত অসমৰ শিক্ষা ও সাহিত্য জগতৰ কৰ্ণধাৰ ব্যক্তি বাণীকান্ত কাকতিদেৱৰ নামেৰে স্থাপিত হোৱা ৰাইজৰ অনুষ্ঠান বাণীকান্ত বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্বভাৰ লবলৈ আহবান জনোৱা হয়। কৰ্ম্মৰ মাজেৰেই জীৱনৰ আনন্দ আৰু পূৰ্ণতাবিচৰা অভিজ্ঞা শিক্ষাবিদ্ৰাকীয়ে সেই আহবানৰ প্ৰতি সঁহাৰি জনাই শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ অধ্যক্ষা ৰূপে কামত যোগদান কৰে। সেই সময়ত উলুবাৰী হাইস্কুলত বি টি কলেজৰ শ্ৰেণীসমূহ বহিছিল। অফিচ আৰু শিক্ষকৰ বহা কোঠা হিচাপে ব্যৱহাৰ কৰিবলৈ কলেজখনৰ মেনেজিং কমিটীয়ে নিজৰ খৰচত স্কুল চৌহদতে এটি সৰু ঘৰ সাজি লৈছিল। আৰম্ভনিতে অধ্যক্ষৰূপে অনুষ্ঠানটিৰ গুৰি ধৰিছিল কটন কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাধাকান্ত দাসে। তাৰ পিছত আহিল একেখন কলেজৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন্দ্ৰ মোহন আচাৰ্য্য। দুয়োজনেই কৃতবিদ্য শিক্ষক যদিও শিক্ষক-প্ৰশিক্ষণ সম্পৰ্কে কোনো [ ৫৪ ] অভিজ্ঞতা তেওঁলোকৰ নাছিল। দুয়োজনেই কেইমাহমানকৈ অনুষ্ঠান চলোৱাৰ পিছত বিদায় লৈছিল। ১৯৬৯ চনৰ মাৰ্চ মাহত ইন্দিৰা মিৰিয়ে নিগাজিকৈ সেই দায়িত্ব গ্ৰহণ কৰে। শদিয়া আৰু যোৰহাটৰ অনুষ্ঠান দুটিৰ দৰে এই অনুষ্ঠানৰ জন্ম তেওঁৰ হাতত হোৱা নাছিল যদিও এইখনো এক পূৰ্ণাংগ প্ৰশিক্ষণ কলেজ হিচাপে গঢ় দিয়াৰ কৃতিত্ব ইন্দিৰা মিৰিৰেই বুলিব পাৰি।
উলুবাৰী হাইস্কুলত কষ্টে মষ্টে কিছুদিন চলোৱাৰ পিছত লাচিত নগৰত মাটি যোগাৰ কৰি তাতে অস্থায়ী ঘৰ সাজি কলেজখন তালৈ স্থানান্তৰ কৰা হয়। পিছত স্থায়ী ঘৰ-দুৱাৰ হোৱাত পূৰ্ব্বৰ ঘৰ ল'ৰাৰ হোষ্টেলৰূপে ব্যৱহাৰ কৰা হয়। অভিজ্ঞা শিক্ষাবিদ্, দক্ষ প্ৰশাসক ইন্দিৰা মিৰিৰ সুপৰিচালনাত দোপত দোপে উন্নতি কৰি বাণীকান্ত বি টি কলেজ সম্প্ৰতি অসমৰ এখন নামজ্বলা স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত পৰিণত হৈছে। অধ্যক্ষা হিচাপে তেওঁ যে কেৱল প্ৰশাসনৰ দায়িত্বহে লৈছিল এনে নহয়, প্ৰতিখন কলেজতে তেওঁ প্ৰশিক্ষাৰ্থী সকলক নিয়মিত ভাৱে পাঠদান কৰিছিল। এইখন কলেজ ৰাইজে পতা অনুষ্ঠান; চৰকাৰেও কিছু টকা-পইচা দি সহায় কৰিছিল। কলেজৰ পৰিচালনা ঘাইকৈ মেনেজিং কমিটীৰ হাতত। শৈক্ষিক দিশটো অৰ্থাৎ পাঠ্যক্ৰম ‘ছিলেবাচ’, পৰীক্ষা পতা আদি কাৰ্য্য বিশ্ববিদ্যালয়ে পৰিচালনা কৰিছিল।
১৯৮০ চনত ইন্দিৰা মিৰিক সমাজ কল্যাণ বোৰ্ডৰ অসম শাখাৰ অধ্যক্ষাৰ দায়িত্ব দিয়া হয়। তেতিয়াৰে পৰা তেওঁ কলেজৰ কিছু দায়িত্ব বাধ্য হৈ এৰিবলগীয়া হয়। তথাপিতো মাজে সময়ে তেওঁ দুই এটা ক্লাছত পাঠদান কৰি আছিল। ১৯৮৩ চনত কলেজৰ শাসন-ভাৰ চৰকাৰে নিজৰ হাতলৈ নিয়ে; লগে লগে তেওঁ চাকৰিৰ পৰা সম্পূৰ্ণ ভাৱে অব্যাহতি লয়।
নিজৰ কৰ্ম্ম জীৱনৰ অভিজ্ঞতা বৰ্ণাই তেওঁ কৈছিল “চাকৰি জীৱনলৈ উভতি চালে দেখা পাওঁ প্ৰায় সকলো ঠাইতে মই বাটকটীয়াৰ দায়িত্বই বহন কৰিছিলো। -----অনুষ্ঠান পাতি যি বিমল আনন্দ লাভ কৰিছিলো সেই নিৰ্ম্মল, অক্ষয় আনন্দই মোৰ মন সদায় পৰিপূৰ্ণ কৰি ৰাখিছে।”---‘মোৰ কৰ্ম্মজীৱনৰ আটাইতকৈ স্মৰণীয় কথা, নেফাতো, অসমতো মোক যেন ‘অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণে' হাতত ধৰিহে আগবঢ়াই নিছিল। কোনো বাধা বিঘিনি নোহোৱাকৈ মোৰ সাধ্যানুসৰি দিব পৰা সকলোখিনি প্ৰাণ ঢালি দিছিলো আৰু মোৰ বিচাৰেৰে মই সাৰ্থকো হৈছিলো।”
পূৰ্ব্বৰ B.T. কোৰ্চটোৰ নাম সলনি কৰি বৰ্ত্তমান B.ED. কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত সম্প্ৰতি ব্যৱসায়িক ভিত্তিত অসংখ্য B.ED. কলেজ গঢ় লৈ উঠিছে। এতিয়া গুৱাহাটী মহানগৰীতে তেনে কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান আছে। আজিকালি ডেপুটেড শিক্ষকতকৈ সদ্য উত্তীৰ্ণ স্নাতকসকলেহে এনেবোৰ কলেজত ভিৰ কৰা দেখা [ ৫৫ ] কিন্তু দুখৰ কথা, শিক্ষক প্ৰশিক্ষণৰ ইমান সুবিধা হোৱা সত্ত্বেও শিক্ষাদানৰ মানৰ উন্নতি হওক চাৰি, দিনক দিনে অৱনতি হে হ'ব লাগিছে। সেই বিষয়ে অভিজ্ঞা শিক্ষাবিদ্ই ন্দিৰা মিৰিক প্ৰশ্ন কৰাত তেওঁ কৈছিল,” - মোৰ দিনত B.T. কলেজে বিশ্ববিদ্যালয়ৰ কট্টীয়া শৈক্ষিক নিয়ম-নীতি মানি চলিবলগীয়া হৈছিল। প্ৰশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সঁজুলি, উপযুক্ত প্ৰশিক্ষক, উপযুক্ত প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীৰ আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, প্ৰেক্টিচ্ টিচিং, প্ৰশিক্ষাৰ্থীৰ শিক্ষা পদ্ধতিৰ বিষয় বাচনি ক্ষেত্ৰতে তেতিয়া নিয়ম-নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ B.T. কলেজত তেনে নিয়ম নীতি নাই। B.T ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে একপ্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়ম পালনৰ দ্বাৰা বিশেষ সতৰ্কতা অৱলম্বন নকৰে তেতিয়া হ'লে শিক্ষকে B.T. ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো অৰ্থ নেথাকে। এনে B.T. ডিগ্ৰীয়ে ‘প্ৰাইভেট টিউটৰহে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে --- তেখেতে আন এঠাইত কৈছে, “জ্ঞান আহৰণ আৰু জ্ঞান দান যে দুটা বেলেগ পদ্ধতি তাক মানি নোলোৱাই শিক্ষাৰ অধোগতিৰ এটা মূল কাৰণ। শিক্ষা দান-গ্ৰহণৰ বিষয়, দান কৰিব লাগে হাত মুকলি কৰি আৰু গ্ৰহণ কৰিব লাগে হাত যোৰ কৰি।”
সত্তৰৰ দশকত গুৱাহাটীৰ পূৱ অঞ্চলৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ্থে কেইগৰাকীমান সমাজ সচেতন লোকৰ উদ্যোগত কন্যা মহাবিদ্যালয় নামে এখন ছোৱালী কলেজ স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া খনীন্দ্ৰ চন্দ্ৰ বৰুৱাক সভাপতি আৰু সমাজসেৱিকা শুচিব্ৰতা ৰায়চৌধুৰীক সম্পাদিকা হিচাপে লৈ এখন কমিটী গঠন কৰা হৈছিল। ইন্দিৰা মিৰিৰ ঘৰৰ মজিয়াতে পাটী পাৰি ছগৰাকী ছাত্ৰীৰে এই কলেজৰ শুভাৰম্ভ হৈছিল। স্থায়ী অধ্যক্ষৰ নিযুক্তি নোহোৱালৈকে ইন্দিৰা মিৰিয়েই অধ্যক্ষা ৰূপে কাম চলোৱাৰ উপৰিও পাঠদানো কৰিছিল। সুদীৰ্ঘকাল ধৰি শুচিত্ৰতা ৰায়চৌধুৰী আৰু ইন্দিৰা মিৰি কলেজ পৰিচালনা সমিতিৰ যথাক্ৰমে চেক্ৰেটাৰী আৰু প্ৰেছিডেন্ট আছিল। এতিয়া কলেজখন নিজ মাটি-ঘৰেৰে সুসংস্থাপিত এখন পূৰ্ণ পৰ্য্যায়ৰ স্নাতক কলেজ।
ইন্দিৰা মিৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক্জিকিউটিভ কাউঞ্চিলৰ সদস্যা ৰূপে তিনিটা টাৰ্ম কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় একজিকিউটিভ কাউঞ্চিলৰো দুটা টাৰ্মৰ সদস্যা আছিল। ১৯৬৪ চনত ভাৰত চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ [ ৫৬ ] অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডঃ ডি এছ কোঠাৰীৰ অধীনত এটি শিক্ষা-আয়োগ গঠন কৰিছিল। শিক্ষাৰ সকলো স্তৰতে প্ৰয়োজনীয় সংশোধন ঘটাই জাতীয় শিক্ষা-আঁচনি তৈয়াৰ কৰাই এই শিক্ষা-আয়োগৰ মূল উদ্দেশ্য আছিল। শিক্ষাৰ বিভিন্ন বিভাগৰ উন্নয়ন সাধনৰ লক্ষ্য আগত ৰাখি শিক্ষা-আঁচনি পৰিকল্পনাৰ বাবে এই আয়োগৰ অধীনত কেইটামান Task Force তৈয়াৰ কৰি দিয়া হৈছিল। ইন্দিৰা মিৰি সেই Task Force অৰ এগৰাকী সদস্যা আছিল।
১৯৮৩ চনত অসম চৰকাৰে গঠন কৰা জেল-আয়োগৰো তেওঁ সদস্যা আছিল। এই আয়োগৰ অধ্যক্ষ আছিল আই এ এছ বিষয়া ইমদাদ আলী। সেই দায়িত্বতে প্ৰফুল্ল শৰ্ম্মা, ৰমা দাস, ইন্দিৰা মিৰি, কমল কুমাৰী বৰুৱা, ডঃ দীপালী দত্ত প্ৰমুখ্যে আয়োগৰ সদস্য সদস্যাসকলে কলিকতা, লক্ষ্ণৌ, পশ্চিম বংগৰ কাৰাগাৰ সমূহ আৰু দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰি প্ৰতিবেদন আগবঢ়াইছিল। ১৯৭৭ চনত এই বিশিষ্টা শিক্ষাবিদ্ গৰাকীক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙনিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইন্দিৰা মিৰিক ডি লিট সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২ নং দুমহলীয়া ছাত্ৰী নিবাসটো ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিৰ্বাচনৰ বাবে গঠিত হোৱা কমিটীতো তেওঁক সদস্যা হিচাপে লোৱা হৈছিল। জ্ঞানদাভিৰাম বৰুৱা আইন কলেজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো তেওঁ গৰ্ভনিং বডীৰ সদস্যা আছিল। গুৱাহাটী পাব্লিক স্কুল, জালুকবাৰী শিশু সদনৰো তেওঁ বহু বছৰ ধৰি সভানেত্ৰী আছিল। অসম ৰেডক্ৰচ ছচাইটিৰ আজীৱন সভ্যা হিচাপে অনুষ্ঠানটিৰ কাম কাজৰ লগত তেওঁ বিশেষ ভাৱে জড়িত। গুৰুজনাৰ ধৰ্ম্ম ও কলা-কৃষ্টিৰ প্ৰসাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰত স্থাপিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সংঘৰো তেওঁ আজীৱন সদস্যা। সৰ্ব্বভাৰতীয় প্ৰাপ্ত বয়স্ক শিক্ষা বিভাগৰ অন্তৰ্গত নিৰক্ষৰতা দূৰীকৰণ কমিটীত তেওঁ আজিও সদস্যা হৈ আছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। ভাৰত স্কাউচ্ এণ্ড গাইড্চৰ অসম শাখাৰ তেওঁ উপ-সভানেত্ৰী।
আজিকালি অসমৰ শিক্ষাকেন্দ্ৰ গুৱাহাটীত অধ্যয়ন বা চাকৰি কৰিবলৈ অহা ছোৱালী বা মহিলাৰ বাবে অসংখ্য আবাস গৃহ গঢ় লৈ উঠিছে। কিন্তু আজিৰ পৰা তিনি চাৰি দশকৰ আগেয়ে, খ্ৰীষ্টিয়ান মিছনেৰীসকলে পতা দুই এখন হোষ্টেলত বাদে তেনে কোনো সা-সুবিধা ইয়াত নাছিল। সেই অসুবিধা দূৰ কৰাৰ প্ৰচেষ্টাৰে গুৱাহাটীত এটি ‘কৰ্ম্মৰতা মহিলাৰ আবাস গৃহ' স্থাপনৰ আঁচনি প্ৰস্তুত কৰি আগবাঢ়ি আহিছিল দুগৰাকী সমাজ সেৱী মহিলা – ইন্দিৰা মিৰি আৰু শুচিব্ৰতা ৰায়চৌধুৰী। তেওঁলোকৰ অক্লান্ত চেষ্টাতে অনুষ্ঠানটিৰ [ ৫৭ ] বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদান সংগ্ৰহ হ'ল আৰু গুৱাহাটীৰ নাৰেংগী অঞ্চলত স্থায়ী ঘৰ দুৱাৰেৰে অসমৰ প্ৰথম মহিলা আৱাস গৃহ গঢ় লৈ উঠিল। সুদীৰ্ঘকাল এই আৱাস গৃহৰ, মেনেজিং কমিটীৰো তেওঁলোক যথাক্ৰমে প্ৰেছিডেন্ট আৰু চেক্ৰেটাৰী আছিল।
অসম ৰাজ্যভাষা আইনৰ অনুমোদন মৰ্ম্মে অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃত হোৱাত পূৰ্ব্বৰে পৰা অফিচ-কাছাৰীত চলি থকা ইংৰাজী ভাষাৰ সুবৃহৎ শব্দভাণ্ডাৰৰ অসমীয়া প্ৰতিশব্দ নিৰূপণ কৰা লৈ এক জটিল সমস্যা উদ্ভৱ হৈছিল। সেই সমস্যা সমাধানৰ বাবে ‘অসম পৰিভাষা সমিতি' গঠিত হয়। ইন্দিৰা মিৰি সেইখন সমিতিৰো সদস্যা আছিল।
ইন্দিৰা মিৰি অকল অসমৰে নহয়, বাহিৰৰ ভালেমান সভালৈকো সন্মানিতা অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল। অসম সমাজ কল্যাণ বোৰ্ডৰ সভানেত্ৰী হিচাপে তেওঁ দিল্লী, হায়দৰাবাদ আৰু কাশ্মীৰত বহা সংস্থাটোৰ সৰ্ব্বভাৰতীয় সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰিছিল। ভূপালত অনুষ্ঠিত ‘বিশ্ব জনজাতি সন্মিলন' খনৰ সন্মানিত উদ্বোধকৰ দায়িত্বত আছিল ইন্দিৰা মিৰি। ব্যস্ত চাকৰি জীৱনৰ অন্তত অৱসৰৰ কালছোৱাও তেওঁ অতি সাৰ্থকভাৱে কটাইছে। নানা শিক্ষা-প্ৰতিষ্ঠানৰ উপৰিও শৰণীয়া আশ্ৰম, বিবেকানন্দ কেন্দ্ৰ, শঙ্কৰ মন্দিৰ, সাৰদা সংঘ, ব্ৰাহ্ম সমাজ, ৰেডক্ৰচ আদি বিভিন্ন মানৱ কল্যাণমূলক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ ঘনিষ্ঠ ভাৱে জড়িত। মহানগৰীৰ শিক্ষা-সংস্কৃতিমূলক সভাত এইগৰাকী মহিলাক প্ৰায়ে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনত উপবিষ্টা দেখা যায়। সম্প্ৰতি নব্বৈ বছৰৰ ডেওনা অতিক্ৰম কৰাৰ পিছতো তেনে সভা সমিতিৰ নিমন্ত্ৰণ আজিও ৰক্ষা কৰি আছে। অলপতে ইন্দিৰা মিৰিয়ে স্থানীয় বাতৰি কাকত ‘আজিৰ অসম'ৰ দেওবৰীয়া পৰিপূৰিকা আলোচনীখনত ‘নেফা আৰু মই' শীৰ্ষক জীৱন সোঁৱৰণ ধাৰাবাহিক ভাৱে লিখি শেষ কৰে।
জীৱনৰ আগভাগত এটি ব্যস্ত চাকৰি জীৱন কটাবলগীয়া হৈছিল যদিও ঘৰ- সংসাৰৰ দায়িত্বলৈ তেওঁ কোনোদিনে পিঠি দিয়া নাছিল। বৰঞ্চ পিতৃহীন সন্তান তিনিটিৰ জীৱনত তেওঁ পিতৃ-মাতৃ উভয়ৰে ভূমিকা পালন কৰিবলগীয়া হৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ প্ৰাতঃস্মৰণীয় পিতৃদেৱ, ভনী পঙ্কজ বনিয়াকে ধৰি পৰিয়ালবৰ্গৰ সহায়-সহযোগৰ কথা তেওঁ কৃতজ্ঞতাৰে সোঁৱৰে। তিনিওটি সন্তানকে উপযুক্ত শিক্ষা দীক্ষাৰে মানুহ কৰিবলৈ সমৰ্থ হোৱা বাবেতেওঁ অত্যন্ত সুখী। তেওঁৰ বৰপুত্ৰ শ্ৰীউৎপল মিৰিয়ে মাকৰ লগতে থাকি শদিয়া গভৰ্নমেন্ট হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। ইংলণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহি তেওঁ ৰুৰকি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা সফলতাৰে সমাপ্ত কৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্ম্মজীৱন আৰম্ভ কৰা শ্ৰীমিৰিয়ে পিছত যোৰহাট ইঞ্জিনীয়াৰিং [ ৫৮ ] কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু অৱশেষত অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ পদৰ পৰা অৱসৰ লয়। দ্বিতীয় সন্তান শান্তি নিকেতনৰ স্নাতক শ্ৰীমতী চপলা মিৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী লৈ বিদেশলৈ যায় আৰু আমেৰিকাৰ ওৱাছিংটন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি দ্বিতীয়বাৰ শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ডক্তৰেট ডিগ্ৰীৰ আশা বাদ দি অসমলৈ উভতি আহে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপনা আৰম্ভ কৰে। ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী শ্ৰীজ্ঞানেন্দু শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা চপলা মিৰি শইকীয়াই সম্প্ৰতি চাকৰিৰ পৰা অৱসৰ লৈছে। কনিষ্ঠ সন্তান, অসাধাৰণ তীক্ষ্ণধী শ্ৰীমৃণাল মিৰিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত দৰ্শনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ পিছত ইংলণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ‘ট্ৰিপোজ' আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। চিমলাৰ National Institute of Advance Studies ৰ দৰে ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ সঞ্চালক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা মৃণাল মিৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰো সদস্য আছিল। পিছলৈ শ্বিলঙৰ উত্তৰ পূৰ্ব্বাঞ্চলীয় পাৰ্ব্বত্য বিশ্ববিদ্যালয়ত (NEHU) দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপক পদত নিযুক্ত হৈ অৱশেষত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ আসনত অধিষ্ঠিত হয়। অলপতে তেঁৱো চাকৰিৰ পৰা অৱসৰ লৈছে। উল্লেখনীয় কথা যে ইন্দিৰা মিৰিৰ তিনিওটি সন্তানেই মাতৃৰ আদৰ্শেৰে শিক্ষাৰ ক্ষেত্ৰতে তেওঁলোকৰ জীৱনজোৰা বহুমূলীয়া সেৱা আগবঢ়ালে। এগৰাকী চাকৰিয়াল মাতৃৰ পিতৃহীন সন্তানে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গভীৰ আত্মবিশ্বাসেৰে আগবাঢ়ি গৈ নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ উপৰিও জাতিৰ জীৱনলৈকো উল্লেখনীয় বৰঙনি আগবঢ়াব পৰাটো কম কৃতিত্বৰ কথা নহয়। হয়তোবা, পিতৃ-মাতৃৰ পৰা জন্মসূত্ৰে পোৱা শিক্ষানুৰাগ, সততা, কৰ্ত্তব্যনিষ্ঠা আদি গুণৰ লগতে মাতৃৰ ব্যক্তিত্ব তথা সংঘাতময় জীৱন দৃষ্টান্তয়ো তেওঁলোকক অনুপ্ৰাণিত কৰিছিল। শিক্ষা-চাকৰি আদিৰ ক্ষেত্ৰত চৰকাৰৰ সংৰক্ষণ নীতিয়েও তেওঁলোকক যথেষ্ট সহায় কৰিছিল। উৎপল মিৰিৰ বৰপুত্ৰ ডঃ বাসৱ মিৰিয়েও দিল্লীৰ AIIMS অৰ পৰা M.S. ডিগ্ৰী লৈ পৰৱৰ্ত্তী শিক্ষা গ্ৰহণৰ বাবে ইংলণ্ডলৈ গৈ বৰ্ত্তমান তাতেই চাকৰি কৰি আছে।
•••
আঠ
সৰু সৰু কথাৰে
বাগ্মিতা ইন্দিৰা মিৰিৰ এক ঈশ্বৰ প্ৰদত্ত গুণ বুলিব পাৰি। স্কুল আৰু কলেজীয়া জীৱনত সংস্কৃতৰ ছাত্ৰী এই মহিলা গৰাকীৰ সংস্কৃততো দখল আছে। গীতা, উপনিষদ, ৰবীন্দ্ৰ সাহিত্য আদিৰ পৰা উদ্ধৃতি দি তেওঁ যেতিয়া বক্তৃতা দিয়ে সভাঘৰ কাঁহ পৰি জীন যায়। ভাষণ দিওঁতে তেওঁ কেতিয়াও প্ৰসংগৰ পৰা আতৰি নেযায়; তেওঁৰ ভাষা অলংকাৰময়, শব্দ চয়ন আৰু প্ৰকাশভংগী অতি মনোগ্ৰাহী। এনেবোৰ গুণৰ বাবেই সভা সমিতিত উপস্থিত থাকিলে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনখন তেওঁকেই যচা হয়। ইংৰাজী বা বঙলা ভাষাত কথা ক'লে সেয়া তেওঁৰ মাতৃভাষা যেনহে অনুভৱ হয়। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা তেওঁৰ কথিকা কেইটিও সুন্দৰ উচ্চাৰণ, অনন্য নিবেদন শৈলীৰ গুণত বিশেষ ভাৱে আকৰ্ষণীয় হৈছিল। স্বামী জীৱিত থকা সময়তে এবাৰ মিচিং জনগোষ্ঠীৰ বছৰেকীয়া সাংস্কৃতিক সভা ‘বানে কেবাঙ’ত তেওঁক সভানেত্ৰীত্ব কৰিবলৈ মতা হৈছিল। মিচিং সমাজৰ ইতিহাসত তেনে এখন বিশাল ৰাজহুৱা সভাত এগৰাকী মহিলা সভানেত্ৰীৰ আসনত বহা সেয়ে প্ৰথম।
প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল ইন্দিৰা মিৰি আজিৰ সমাজত মূল্যবোধৰ অবক্ষয়, আদৰ্শৰ স্খলন দেখি অত্যন্ত ব্যথিত। বহু প্ৰলোভনৰ পৰিস্থিতিতো সৎ নিকা পথৰ পৰা বিচ্যুত নোহোৱা পুৰণি দিনৰ এই লোকসকলে পৰবৰ্ত্তী প্ৰজন্মৰ ঘৃণনীয় অৰ্থলিপ্সা, ভ্ৰষ্টাচাৰ দেখি প্ৰমাদ গণে –“দেশৰ হিংসা জৰ্জৰিত অৱস্থাই মনলৈ খুবেই অশান্তি আনে, পিছে একো কৰাৰ উপায় নেদেখো, সামৰ্থ্যও নাই, মোৰ অনুভূতি অৰণ্যৰোদনহে।” নাৰী-মুক্তিৰ নামত তিৰোতাই জাতীয় কৃষ্টি-পৰম্পৰা বিসৰ্জন দিয়াটো তেওঁ মুঠেই নিবিচাৰে। ৰাষ্ট্ৰমাতা কস্তুৰবাৰ মৃত্যুতিথি উপলক্ষে ১৯৯৯ চনত স্থানীয় শৰণীয়া আশ্ৰমত আয়োজিত “মাতৃ দিৱসৰ’সভাত তেওঁ কৈছিল,” মাতৃ দিৱসৰ মূল কথা হৈছে মাতৃ চেতনা জাগ্ৰত কৰাৰ প্ৰচেষ্টা। স্বেচ্ছাসেৱীসকলে গাঁৱে ভূঁয়ে গৈ মাতৃৰ স্বাভাবিক গুণৰাশি বিকশিত কৰি তোলাত সহায় কৰিব লাগিব।---- আমাৰ দেশত বৰ্ত্তমান আদৰ্শৰ বিভ্ৰাট। নাৰী মুক্তি আন্দোলন তাৰ এটা প্ৰধান কাৰণ। নাৰীৰ স্বাভাবিক গুণবোৰ আজি আমি পাহৰি গৈছো; জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰত আমি তুংগত উঠিছো, আনহাতে হেৰুৱাইছো নাৰীৰ [ ৬০ ] স্বাভাবিক গুণ।” নাৰীৰ সামাজিক, শৈক্ষিক উন্নয়ন আৰু সনাতন ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ-দুয়োটা দিশত সমতা ৰক্ষা কৰি মহিলাসকল আগবঢ়াৰ সপক্ষে তেওঁ মত পোষণ কৰে। ইন্দিৰা মিৰিৰ স্বকীয় জীৱন-যাত্ৰাৰ প্ৰণালী এই ক্ষেত্ৰত এক দৃষ্টান্ত স্বৰূপ। অন্ন-সংস্থানৰ দায়ত তেওঁ ঘৰ-দুৱাৰ এৰি নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া ৰূপে দায়িত্বপূৰ্ণ চৰকাৰী চাকৰিত আছিল যদিও তেওঁ নিজৰ নাৰীসুলভ গুণবোৰ বজাই ৰাখিবলৈ সততে চেষ্টা কৰিছিল; ঘোৰাত উঠি, বুটজোতা পিন্ধি, হাবি-বননি ভাঙি স্কুল পাতিবলৈ বা পৰিদৰ্শন কৰিবলৈ গৈছিল যদিও তেওঁৰ মাতৃসুলভ আচৰণে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলোকে মুগ্ধ কৰিছিল। ঘৰৰ পৰা ইমান দূৰৈত থাকি চাকৰি কৰিবলৈ যোৱা শিক্ষক, বিষয়া, কৰ্ম্মচাৰী সকলোকে মৰম চেনেহৰ ডোলেৰে এটি পৰিয়ালৰ দৰে বান্ধি ৰাখি তেওঁ ৰাইজৰ সেৱাৰ বাবে কিদৰে উদ্বুদ্ধ কৰিছিল সেই কথা বৰ্ত্তমানে বাচি থকা তেওঁৰ তলতীয়া শিক্ষক-কৰ্ম্মচাৰীয়ে এতিয়াও সোঁৱৰে। সেয়ে তেওঁক নেফাত সকলোৱে মা, বাইদেউ, নানে আদি পাৰিবাৰিক সম্বোধনেৰেহে মাতিছিল। অৱশ্যে সেইবুলি তেওঁ শাসনৰ বাঘজৰিদালো ঢিলাই দিয়া নাছিল। ব্যস্ত চাকৰিয়াল বুলি ৰান্ধনীশালৰ সৈতে সম্পৰ্ক তেওঁ কাহানিও ছেদ কৰা নাছিল আৰু আজিও কৰা নাই। বয়সৰ লেখেৰে নব্বৈ পাৰ হোৱা মানুহ গৰাকীয়ে নিতৌ ৰন্ধা বঢ়াৰ বাবে পাচলি কাটি-কুটি দিয়ে, মাজে সময়ে পাকঘৰ সোমাই ইখন সিখন ৰান্ধে। ৰন্ধা বঢ়াত তেওঁৰ বৰ চখ। নিজে ৰান্ধি খাই, আনকো খুৱাই তেওঁ বৰ তৃপ্তি পায়।
আন এক উল্লেখযোগ্য কথা, ইন্দিৰা মিৰিয়ে ৮০/৮১ বছৰ বয়সলৈকে অসমীয়া তাঁতশালত কাপোৰ বৈছিল। সংস্থানহীনা কোনো মহিলাই ভাতমুঠিৰ বাবে বয়সলৈকে তাঁতশালখন চলাই থকাটো বেলেগ কথা, কিন্তু তেওঁৰ সেই সমস্যা নাছিল; অসমীয়া গৃহস্থীৰ সংস্কৃতি বজাই ৰখাৰ স্বাৰ্থতহে তেওঁৰ প্ৰিয় সেই শিল্পৰ অনুশীলন চলাই আছিল। তাহানি কলিকতাৰ স্কুলত পঢ়ি থকা অৱস্থাত বন্ধত ঘৰলৈ আহোতে ঘৰৰ তাঁতশালতে বোৱা-কটাৰ প্ৰাথমিক শিক্ষা লৈছিল যদিও স্বামীৰ কাৰ্য্যক্ষেত্ৰ বাগুৰিত, মাজে সময়ে তেওঁলোকৰ লগত থাকিবলৈ অহা ডাঙৰ জাগৰাকীৰ পৰাই সেই বিদ্যা ভালকৈ আয়ত্ব কৰে। শদিয়া আৰু মাৰ্ঘেৰিটাত শিক্ষা-বিষয়া হৈ থকা অৱস্থাতো তেওঁ ঘৰত তাঁতশাল পাতি আজৰি পৰত তাঁতত বহিছিল। অৱসৰৰ পিছতো গুৱাহাটীৰ ঘৰত তাঁতশাল পাতি গামোছা, নেপকিনৰ কাপোৰ আদি বৈ লৈছিল আৰু আনকো উপহাৰ দিছিল। অকল কাপোৰ বোৱাই নহয়, জাৰকালি উলশলা লৈ শ্বাল, চুয়েটাৰ আদি গোথাৰ অভ্যাস এতিয়াও এৰি দিয়া নাই।
১৯৩৯ চনত স্বামী ঢুকাবৰ সময়ত তেওঁৰ বয়স ডেৰকুৰি বছৰো পূৰা হোৱা নাছিল। কিন্তু কপাল উকা হোৱা দিন ধৰি তেওঁ সম্পূৰ্ণ বগা সাজেৰে যি মহাশ্বেতা ৰূপ [ ৬১ ] ধাৰণ কৰিলে আজিলৈকে তাৰ পৰা তিলমাত্ৰও ইফাল সিফাল নহ’ল। অ’লৈ ত’লৈ গলে কাচিৎ উকা পাটৰ মেখেলা এখন পিন্ধে যদিও তেওঁৰ সৰ্ব্বকালৰ সাজ হ’ল বগা পপলিন কাপোৰৰ মেখেলা, উকা পাৰিৰ চাদৰ আৰু শুধ বগা এটি ব্লাউজ। গহনা গাথৰি বুলিবলৈ বিদ্যাই তেওঁৰ একমাত্ৰ অলংকাৰ।
আমাৰ সমাজত এষাৰ কথা আছে, যি জীয়ৰীক ওচৰ চুবুৰীয়াই ভাল বোলে, যি বোৱাৰীক শহুৰৰ ঘৰৰ লোকে ভাল বোলে তেওঁলোক হে প্ৰকৃতাৰ্থত ভাল জীয়ৰী, ভাল বোৱাৰী। ১৯৩২ চনতে ইন্দিৰা মিৰিৰ এটি মিচিং পৰিয়ালৰ সৈতে বৈবাহিক সম্বন্ধ ঘটিছিল। আৰ্থিক, সাংস্কৃতিক দিশত দুয়োঘৰ মিতিৰৰ যথেষ্ট পাৰ্থক্য আছিল। তদুপৰি বিয়াৰ সাতবছৰ পিছতে তেওঁ স্বামীক হেৰুৱাইছিল। তত্ৰাচ ওৰেটো জীৱন যে তেওঁ স্বামীৰ পৰিয়ালৰ সৈতে সৌহাৰ্দ্য ৰক্ষা কৰি চলি আছে সেয়া সমন্বয়ৰ এক মহান দৃষ্টান্ত। মহীচন্দ্ৰ মিৰি ভায়েক আই এ এছ বিষয়া শ্ৰীৰজনীকান্ত পাতিৰদেৱে, স্বৰচিত Dawn in the East নামৰ গ্ৰন্থত তেওঁৰ জীৱন গঢ়াত ককায়েক-বৌয়েকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা তাক সুন্দৰ ভাৱে বৰ্ণাইছে। সেই ইংৰাজী গ্ৰন্থখনিৰ কিয়দংশৰ হুবহু অসমীয়া ভাঙনি পাঠকলৈ আগবঢ়োৱা হ’লঃ-
“আমাৰ শিক্ষা-দীক্ষা সম্পৰ্কে অতি সজাগ দাদা মহীচন্দ্ৰ আমি পঢ়ি থকা ঢকুৱাখানা স্কুলৰ শিক্ষা-ব্যৱস্থাত মুঠেই সন্তুষ্ট নাছিল। বিয়াৰ পিছত তেওঁ আমাক (দুই বৈমাত্ৰেয় ভাই ৰজনী আৰু ধনসিং) গুৱাহাটীৰ নিজৰ ভাড়া ঘৰলৈ আনে আৰু চহৰৰ নামজ্বলা শিক্ষানুষ্ঠান মানিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়ে।।----- দাদাৰ সতৰ্ক দৃষ্টি আৰু বৌদেউৰ মাতৃসুলভ মৰম-চেনেহ আৰু উদাৰতাৰ পৰিবেশত আমি দুয়োজনে শিক্ষাৰ এক দৃঢ় ভেটি গঢ়ি তুলিবলৈ সক্ষম হওঁ। বৌদেৱে আমাক অসমীয়া ভাষা শিকালে আৰু অসমীয়া সংস্কৃতিৰ সৈতেও পৰিচয় কৰাই দিলে। কিছুদিন পিছত আমি চেনিকুঠিৰ ভাড়াঘৰ এৰি শিলপুখুৰীত থকা বৌদেউহঁতৰ পিতৃগৃহলৈ আহো। তাত থকা সময়ছোৱাতে আমি সেনাপতি পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিলো। সেই আত্মীয়তাৰ সম্পৰ্ক আজিও অব্যাহত আছে। পিছত দাদা যোৰহাটলৈ বদলি হোৱাত তেওঁলোকে আমাকো লগতে লৈ যায় আৰু যোৰহাটৰ গভৰ্নমেন্ট হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত নাম লগাই দিয়ে। সেই সময়তে আমাৰ ভতিজা ৰামেশ্বৰো আহি আমাৰ লগ লাগে আৰু দাদা মহীচন্দ্ৰই দুই ভাই আৰু ভতিজাকক মানুহ কৰাৰ দায়িত্ব কান্ধ পাতি লয়। তেওঁৰ অভিভাৱকত্বত ইয়াতে আমি পোন প্ৰথমে হোষ্টেল জীৱনৰ সোৱাদ পাওঁ। ---- যোৰহাটত দুবছৰ কটোৱাৰ পিছত দাদাৰ চাকৰি গোলাঘাটলৈ স্থানান্তৰ হয়। তেওঁ আমাৰ দুই ভাই আৰু ৰামেশ্বৰকো স্কুল এৰুৱাই লগতে নি গোলাঘাটৰ বেজবৰুৱা হাইস্কুলৰ অষ্টম শ্ৰেণীত নাম ভৰ্ত্তি কৰি দিয়েগৈ। [ ৬২ ] এবছৰ পিছত আমাৰ পৰিয়াললৈ এক কাল দুৰ্যোগৰ অন্ধকাৰ নামি আহিল। ---- ১৯৩৯ চনৰ জুলাই মাহত দাদাৰ আকস্মিক মৃত্যুৰ পিছত শোকাকুল দিশহাৰা বৌদেৱে তেওঁৰ তিনিবছৰীয়া পুত্ৰ, এবছৰীয়া কন্যা আৰু গৰ্ভস্থ সন্তানটিৰে শ্বিলঙৰ পিতৃগৃহত আশ্ৰয় লয়গৈ।
“দাদা-বৌদেউৰ আশ্ৰয়ত আমাৰ নিশ্চিন্ত সুখৰ ছাত্ৰ-জীৱন এইদৰে থানবান হৈ যোৱাত ধনসিং আৰু ৰামেশ্বৰ ঢকুৱাখানা হাইস্কুলত পঢ়িবৰ বাবে ঘৰলৈ উলটি গ’ল। মই গোলাঘাটতে আমাৰ চিনাকী এটি কাৰ্বি পৰিয়ালত কেইমাহমান কটাই পিছত হোষ্টেললৈ যাওঁ আৰু ১৯৪০ চনত মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হওঁ।
১৯৪২ চনত মই শ্বিলঙলৈ গৈ চেন্ট এন্থনী কলেজত নাম লগালো আৰু বৌদেউৰ সৈতে তেওঁৰ পিতৃগৃহতে থাকিবলৈ ল’লো। কিন্তু বৌদেউ আৰু তেওঁৰ পিতৃৰ বোজা হৈ থাকিবলৈ ভাল নলগাত ভাৰতীয় সৈন্যবাহিনীত হাবিলদাৰ ক্লাৰ্ক হিচাপে সোমাই ট্ৰেইনিঙৰ বাবে জব্বলপূৰলৈ যাত্ৰা কৰিলো।
উপৰোক্ত বিবৰণৰ পৰাই অনুমান কৰিব পাৰি স্বামীৰ পৰিয়ালৰ প্ৰতি ইন্দিৰা মিৰিৰ মৰম-স্নেহ, দায়িত্ব ও কৰ্ত্তব্যবোধ কিমান আছিল। এইখিনিতে উল্লেখযোগ্য, শ্ৰীপাটিৰে কিছুদিন পিছত সৈন্যবাহিনী এৰি আহি চৰকাৰী বৃত্তি লৈ আগ্ৰাৰ কৃষি কলেজত পঢ়ি কৃষি স্নাতক হৈ ওলাই আহে আৰু বৌয়েকে নেফাৰ কৃষি বিভাগৰ মূৰব্বী বিষয়া আৰ এন গিডৱানীক কৈ তেওঁৰ বিভাগতে চাকৰি দিয়ায়। সুদীৰ্ঘ কাল অতি নিষ্ঠা আৰু দক্ষতাৰে সেৱা আগবঢ়াই অৱশেষত নেফাৰ চীফ্ চেক্ৰেটাৰী ৰূপে শ্ৰীপাটিৰে অৱসৰ গ্ৰহণ কৰে। ৰাজসেৱাত বাদেও নানা জনহিতকৰ কাৰ্য্যৰ দ্বাৰা অৰুণাচল প্ৰদেশত তেওঁ চিৰনমস্য হৈ ৰ’ল।
অৱসৰৰ পিছত তেওঁ গুৱাহাটীতে ঘৰ সাজিব খোজাত শ্ৰীমতী মিৰিয়ে সামান্য দামত নিজৰ ঘৰৰ দাঁতিতে এডোখৰ মাটি তেওঁক দিয়ে। বৌয়েকৰ ঘৰতে শ্ৰীপাটিৰ আৰু তেওঁৰ পত্নী সুৰবালা পাটিৰ কিছুদিন থাকি ঘৰ সজা কাম সম্পূৰ্ণ কৰে। সম্প্ৰতি বৌয়েক-দেওৰেক দুয়ো আপোন ভাই-ভনীৰ দৰে ইঘৰে সিঘৰৰ দুখ সুখৰ সমভাগী হৈ প্ৰতিবেশীৰূপে কাল কটাইছে।
জন্মৰ তিনিদিনৰ পিছতে মাতৃহাৰা হোৱা সহোদৰ ভাই কোকনদক ওৰেটো জীৱন ইন্দিৰা মিৰিয়ে মাতৃৰ মৰম দিছিল। সংস্থানহীন ভায়েকক বাইদেৱেকে নিজৰ মাটিতে হাঁহ-কুকুৰা পাম খোলাৰ ব্যৱস্থা কৰি দি অন্ন-সংস্থানৰ পথ উলিয়াই দিছিল, বিয়া-বাৰু পাতি দি নিজৰ মাটিতে থাকিবলৈ দিছিল। দুৰ্ভাগ্যবশতঃ ভায়েকৰ অকাল মৃত্যু হোৱাত শিশু কন্যাটিৰে বিধৱা গৰাকীক তেওঁ নিজৰ লগলৈ আনিছিল। পিছত অৱশ্যে ঘৰ-দুৱাৰ সাজি তেওঁলোকে নিজাকৈ থাকিবলৈ লয়। [ ৬৩ ] শিলপুখুৰী অঞ্চলৰ পৈত্ৰিক মাটিত সেনাপতি পৰিয়ালৰ ভাই-ভনী-ভতিজাসকলৰ অধিকাংশই ওচৰা ওচৰিকৈ বাস কৰে। ইন্দিৰা মিৰি তেওঁলোক আটাইৰে বাবে ভৰষাৰ থল – friend, philosopher and guide. কোনোবাজন কিবা জটিল সমস্যাৰ সন্মুখীন হলেই দিহা ভৰষা বিচাৰি তেওঁৰ ওচৰলৈ লৰি আহে। অকল পৰিয়ালৰ লোকক সহায় কৰাই নহয়, এইগৰাকী মহিলা তেওঁৰ সংস্পৰ্শলৈ অহা বহু দুখীয়া-নিচলা, সংস্থানহীন লোকৰ বাবেও ভগবান স্বৰূপ। তেনে বহুলোকক তেওঁ থাকিবলৈ মাটি দিছে; কোনোবাই সামান্য দাম দি কিনি লৈছে, অসমৰ্থ জনক হয়তো বিনামূল্যে দিছে। কোনোবাজনক নিজৰ প্ৰভাৱ খটুৱাই বা কাৰোবাক ধৰি-মেলি হলেও চাকৰি দিয়াইছে, আন এজনক হয়তো নিজেই সংস্থাপনৰ ব্যৱস্থা কৰি দিছে। শ্যামু শৰ্ম্মা, সেতু নেৱাৰ, শুকদেৱ যোশী নামৰ লোক কেইজনক তেওঁ বিনামূল্যে পাহাৰত থকা নিজৰ মাটিত সংস্থাপিত কৰিছে। তেওঁ যোৰহাটত থাকোতে চাকৰিত সুমুৱাই দিয়া শ্যামু শৰ্ম্মা নামৰ নেপালী ব্ৰাহ্মণৰ ল’ৰাজনক তেওঁৰ অৱসৰৰ অন্তত বহু চেষ্টাৰ মূৰত গুৱাহাটীলৈ বদলি কৰাই আনে। বিয়া-বাৰু পাতি দি নিজৰ মাটিতে সংস্থাপিত কৰা শ্যামু শৰ্ম্মাৰ এতিয়া উচ্চ শিক্ষিত ল’ৰা ছোৱালীৰে এখন সুখৰ গৃহস্থী। দহ বাৰ বছৰৰে পৰা তেওঁৰ ঘৰত বন কৰা লগুৱা হিচাপে থকা মতি নামৰ ল’ৰাজনক সংস্থানৰ পথ দি বিয়া-বাৰু কৰাই দি বহুদিন নিজৰ ঘৰতে ৰাখিছিল। মতিৰ কণ কণ ল’ৰা ছোৱালী দুটিয়ে তেওঁৰ কাষত আইতাকৰ মৰমেই পাইছিল। তেওঁলোকে ‘জয়কাই’ বুলি মতা এজন ডেকাক স্বৰ্গীয় মিৰিয়ে বাগুৰিত বন বিষয়া হৈ থাকোতে বন বিভাগত চাকৰি দি নিজৰ লগতে ৰাখিছিল। তেখেতৰ আকস্মিক মৃত্যুৰ পিছত পৰিয়ালটো শ্বিলঙলৈ গুছি আহিল; জয়ে সেই ঠাইত অকলশৰে থাকিবলৈ বেয়া পাই চাকৰিটো এৰি দি তেওঁলোকৰ লগতে গুছি আহে। বিলাতত পঢ়ি শুনি অহাৰ পিছত ইন্দিৰা মিৰি চাকৰি সূত্ৰে নেফালৈ যাবলৈ ওলোৱাত জয়কাই লগতে ওলাল। নেফাত উপস্থিত হৈ তেওঁৰ চিন্তা হ’ল - “এইখন ঠাইত আই অকলে কেনেকৈ থাকিব?” গতিকে জয়ো নেফাতে ৰৈ গ’ল। তেওঁক পোনতে পিয়ন হিচাপে ৰাখি শ্ৰীমতী মিৰিয়ে ড্ৰাইভিং শিকাই চৰকাৰী গাড়ীৰ ড্ৰাইভাৰৰ চাকৰি দিয়ালে। সেইদৰে ভাগ্য সুপ্ৰসন্ন হোৱাত গাঁৱৰ ঘৰলৈ আহি বিয়া-বাৰু কৰাই জয়কাই সংসাৰত প্ৰতিষ্ঠিত হ’ল। অৱসৰৰ পিছত সেইজন নিস্বাৰ্থ সেৱকৰ লীভাৰ কেঞ্চাৰত মৃত্যু হোৱাত তেওঁৰ স্নাতক ডিগ্ৰীধাৰী কন্যা এটিক ইন্দিৰা মিৰিয়েই কৈ মেলি মেডিকেল কলেজৰ দন্ত বিভাগত এটি চাকৰি দিয়ায়। সাধাৰণ মানুহৰ সমস্যাক এইদৰে নিজৰ সমস্যা হিচাপে লৈ সমাধানৰ পথ বিচাৰি দিয়া মানুহ আজিৰ পৃথিৱীত বিৰল। এতিয়ালৈকে তেওঁৰ ঘৰত বন কৰা প্ৰতিটো ল’ৰা ছোৱালীকে তেওঁ কিবা নহয় কিবা এটা সংস্থানৰ পথ উলিয়াই দিছে। “মই বন কৰা ল’ৰা-ছোৱালী ঘনাই সলাই নাথাকো, দোষে গুণেইতো মানুহহ্ল” [ ৬৪ ] সেয়া শ্ৰীমতী মিৰিৰ যুক্তিত তেওঁৰ লগত যোৱা ছয় সাত বছৰ ধৰি থকা সুখু নামৰ আদিবাসী সম্প্ৰদায়ৰ ল’ৰাজনেও এতিয়া মটৰ মেকানিকৰ কাম শিকি আছে।
ইন্দিৰা মিৰি আৰু ৰজনীকান্ত পাটিৰৰ উদ্যোগত মহীচন্দ্ৰ মিৰিৰ জন্মস্থান ঢকুৱাখানা অঞ্চলৰ সোনাৰি চাপৰি গাঁৱত সেইজনা বৰেণ্য ব্যক্তিৰ নামত ‘মহীচন্দ্ৰ মিৰি ছোৱালী হাই স্কুল’ স্থাপিত হয়। সেই স্কুললৈ শ্ৰীমতী মিৰিয়ে বুজন পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়ায়। শিলপুখুৰীৰ ভিতৰুৱা অঞ্চল কন্বাচলত আইসকলে নাম ল’বৰ কাৰণে এটি নামঘৰ সাজিবলৈকো তেওঁ মাটি দান কৰে।
স্বাৱলম্বিতা তেওঁৰ চৰিত্ৰৰ এক উল্লেখনীয় বৈশিষ্ট্য। ইন্দিৰা মিৰি এগৰাকী প্ৰকৃতাৰ্থত স্বাধীন নাৰী। তেওঁৰ বৰপো-বোৱাৰী একেটা চৌহদতে থাকে যদিও তেওঁ পৰাপক্ষত কাকো আমনি নকৰে, নিজাববীয়াকৈ সংসাৰ-যাত্ৰা চলায়। উচ্চ চিন্তা, সৰল জীৱন তেওঁৰ আদৰ্শ। শাসক ও শিক্ষক হিচাপে অনুশাসনৰ ক্ষেত্ৰত দৃঢ় আৰু নীতিনিষ্ঠ হোৱা বাবে তেওঁ কিছুসংখ্যক লোকৰ অপ্ৰিয়ভাজন হোৱাটো স্বাভাবিক কথা। কিন্তু টান খোলাৰে আৱৰা নাৰিকলটোৰ ভিতৰত কোমল শাহ, সুস্বাদু পানী থকাৰ দৰে বাহিৰত কঠোৰ যেন লগা গহীন গম্ভীৰ প্ৰকৃতিৰ মানুহগৰাকীৰ এখন মৰমে উপচি পৰা সুকোমল হৃদয় আছে। ঘৰত বন কৰা ল’ৰাটো বা ছোৱালীজনীকো ‘দেউতা’বা ‘মাজনী’ বুলি মৰমেৰে সম্বোধন কৰা মানুহ সমাজত কেইজন ওলাব? মানুহগৰাকী শান্ত প্ৰকৃতিৰ, ধৰ্ম্মপ্ৰাণ, নিৰহংকাৰী। সম্পূৰ্ণ প্ৰচাৰ বিমুখ এই গৰাকী গুণৱতী মহিলাই উপযাচি নিজৰ প্ৰসংগ কেতিয়াও নুলিয়ায়। আগশাৰীৰ আন কিছুসংখ্যক মহিলাৰ দৰে নিজকে জাহিৰ কৰাৰ প্ৰবৃত্তি তেওঁৰ নাই। এক যুক্তিনিষ্ঠ মনৰ অধিকাৰী ইন্দিৰা মিৰিয়ে কুসংস্কাৰ, অন্ধ বিশ্বাস,অৰ্থহীন আবেগক প্ৰশ্ৰয় নিদিয়ে। ৰাজনীতিৰ প্ৰতি তেওঁ সমূলি আগ্ৰহী নহয়।
১৯৮৮ চনতে হৃদযন্ত্ৰৰ অসুখত ভোগাত দিল্লীৰ আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ দেহত পেচ মেকাৰ স্থাপন কৰা হয়। সম্প্ৰতি তেওঁৰ সাধাৰণ স্বাস্থ্য ভালেই। এই বয়সতো ভালদৰে চলাফুৰা কৰি আছে, চশমাৰ সহায় নোলোৱাকৈয়ে কিতাপ কাগজ পঢ়ে। তেওঁ অধ্যয়নশীল, অলপ অচৰপ লিখা-মেলাও কৰে। ১৯৭৫ চনত আৰ্ন্তজাতিক নাৰীবৰ্ষ উপলক্ষে চৰকাৰী উদ্যোগত যিখন আটকধুনীয়া স্মৃতি গ্ৰন্থ প্ৰকাশিত হৈছিল সেইখনৰ সম্পাদিকাৰ দায়িত্বত ইন্দিৰা মিৰি আছিল। সেই কষ্টসাধ্য কামত তেওঁক সহায় কৰিছিল প্ৰীতি বৰুৱা, জাহানাৰা বেগম, শুচিব্ৰতা ৰায়চৌধুৰী প্ৰমুখ্যে লেখিকা সকলে৷
ইন্দিৰা মিৰিৰ দৈনিক ৰুটিনখন মন কৰিবলগীয়া। তেওঁ দিনটোৰ সকলো কাম সদায় একেটা পৰতে কৰে। পুৱাতে উঠি এগিলাচ পানী খাই গা-পা ধুই গোসাঁই ঘৰত সোমায়। পূৰা এঘন্টা সময় প্ৰাৰ্থনা-সংগীত, ঘোষা-পদ গাই, ধৰ্ম্মগ্ৰন্থ পঢ়ি তাতে কটায়। [ ৬৫ ] তেওঁৰ গোসাঁই ঘৰত নামঘোষা, কীৰ্ত্তন, গীতা, উপনিষদ, ভাগৱত, বাইবেল, ব্ৰাহ্ম সংগীত আদি বিভিন্ন পুথি আছে৷ নামঘোষা তেওঁৰ প্ৰিয় গ্ৰন্থ। প্ৰাৰ্থনাৰ শেষত গাখীৰ কল,জলপানেৰে প্ৰাতঃভোজন কৰে। কিতাপ কাগজ পঢ়াৰ পিছত দহমান বজাত ফলৰ ৰস খায়। দুপৰীয়া কম পৰিমানে ভাতৰ সৈতে দাইল, মাছৰ জোল, শাক-পাচলি, চালাদ আদি খায়৷ মাংস, কনী নেখায়; ৰসগোল্লা তেওঁৰ প্ৰিয় মিঠাই। আবেলিৰ চাহ কাপেৰে সৈতে তেওঁ প্ৰায়ে এটা ৰসগোল্লা খায়। ৰাতি দাইল, সিজোৱা পাচলি আৰু এচকল ৰুটি খাই ন বজাত শুবলৈ যায়। তেওঁৰ ঘৰৰ পিছফালৰ অংশটো খোলা। তাত অনবৰত মুক্ত বায়ুৰ অবাধ চলাচল। তাতেই তেওঁ দিনটোৰ অধিকাংশ সময় অতিবাহিত কৰে। সেইখিনিতে থকা ডাঙৰ মেজখনত তেওঁৰ লিখা পঢ়া, খোৱা, আলহী সোধ-পোচ কৰা - সকলো কাম চলে। পিছ পিনৰ বাৰীত ফুল আৰু শাক পাচলিৰ খেতি। বাৰীত শাক পাচলি ৰুই নিজে খাই আনকো বিলোৱাত তেওঁৰ বৰ আনন্দ।
জীৱনৰ জোখ কথাৰে নহয়, কামেৰেহে হয়। ইন্দিৰা মিৰি কামৰ মানুহ। এই বয়সতো জনকল্যাণমুখী যি কোনো কামতে তেওঁ আগ্ৰহ প্ৰকাশ কৰে। আজিৰ পৰা তিনিকুৰি বছৰ আগতে অন্ধকাৰত ডুব গৈ থকা নেফাৰ গাঁৱে গাঁৱে তেওঁ যি জ্ঞানৰ বন্তি জ্বলাই আহিছিল আজি সি সহস্ৰ বন্তি হৈ অৰুণাচল প্ৰদেশ পোহৰাই তুলিছে। সেই সাৰ্থকতাৰ যি আনন্দ, যি তৃপ্তি, জীৱনৰ গধূলি বেলিকা সি তেওঁক সুখে শান্তিৰে জীয়াই থকাৰ অৱলম্বন দিছে। কৰ্ম্মযোগী সেই নাৰীৰ উত্তৰ পুৰুষলৈ বাণী – কৰ্ম্মত প্ৰবৃত্ত হোৱা – ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' সৃষ্টিশীল, অনিন্দ্য কৰ্ম্মত।
জীৱন-যুজৰ সাহসী যুজাৰু সেই মহীয়সী নাৰীলৈ অন্তৰৰ প্ৰণাম যাচিছো। ভাৰতীয় মহা মনীষাৰ প্ৰাণৰ যি আকুতি – “পশ্যেম শৰদঃ শতং/জীৱেম শৰদঃ শতং/শৃনুয়াম শৰদঃ শতম্” – সেই অভীপ্সাই যেন তেওঁৰ জীৱনত পূৰ্ণতা লাভ কৰে।
•••
ন
উত্তৰ বিচাৰি
[অভিজ্ঞা শিক্ষাবিদ্ ইন্দিৰা মিৰিক শিক্ষা, সমাজ সম্পৰ্কীয় ও ব্যক্তিগত কেইটামান প্ৰশ্ন কৰা হৈছিল। তেওঁৰ লিখিত দীঘলীয়া উত্তৰ হুবহু প্ৰকাশ কৰা হ'ল⸺ লিখিকা ]
প্ৰশ্নঃ- আপুনি তাহানিতে নেফাৰ চুকে কোণে পোহৰৰ অভিযান চলাইছিল, সফলো হৈছিল। আজি আমাৰ শিক্ষা-ব্যৱস্থাত ইমান খেলিমেলিৰ কাৰণ আপুনি কি বুলি ভাবে? পৰিস্থিতি উন্নত কৰাৰ কিবা উপায় দেখিছেনে?
উত্তৰঃ- নেফাত মোৰ দিনত শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভৰ কাৰণ সমূহ আছিল-
(ক) নেফাত ঠাই সৰু, স্কুল কম, সেই অনুপাতে শিক্ষকো কম, বিষয়া আদিৰ সংখ্যাও কম আছিল। অৰ্থাভাৱ নাছিল, শিক্ষক ও কৰ্ম্মীসকল আছিল ঐকান্তিক নিষ্ঠাৰ প্ৰতীক। গতিকে শিক্ষা সম্পৰ্কীয় নীতি নিৰ্দ্দেদেশনাসমূহ পালন কৰাত বিশেষ অসুবিধা নাছিল।
(খ) পৰিচালক, পৰিদৰ্শক, শিক্ষকৰ মাজত সদ্ভাৱ, সদিচ্ছা আছিল।
(গ) ৰাইজ, পৰিচালক, পৰিদৰ্শকৰ মাজত শৈক্ষিক সমস্যাসমূহৰ আলোচনা হৈছিল।
(ঘ) শিক্ষা বিভাগৰ লগত প্ৰশাসন আৰু অন্যান্য উন্নয়নমূলক বিভাগ সমূহৰ সহযোগ আছিল।
(ঙ) ঘাইকৈ নেফাৰ সাফল্যৰ গুৰিত আছিল সকলো স্তৰৰ কৰ্ম্মীৰ একান্ত নিষ্ঠা, যি নিষ্ঠাই কৰ্ম্মীসকলক আগেয়ে নগচকা পাৰ্ব্বত্য অঞ্চলৰ সকলো কায়িক অসুবিধা সহ্য কৰিবলৈ সমৰ্থবান কৰি তুলিছিল।
[ ৬৭ ] যদি নিজৰ নিকটতম জ্যেষ্ঠজনৰ কৰ্ম্মনিষ্ঠা অনুকৰণ, অনুশীলন কৰে তেতিয়া হ'লে নিষ্ঠাৰ সাধনাই শিক্ষাৰ অধোগতিত সামান্য ভাৱে হলেও যতি পেলাব নেকি? গীতাৰ বচন -
“যদ্ যদাচৰতি শ্ৰেষ্ঠঃ
তদ্ তদেবেতৰো জনঃ
সঃ যৎ প্ৰমাণং কুৰুতে
লোকস্তদনুবৰ্ত্ততে।”
“শ্ৰেষ্ঠজনে যিদৰে আচৰণ কৰে সাধাৰণ মানুহে তেওঁকে চাই সেইদৰেই আচৰণ কৰে। তেওঁ যিটো প্ৰামাণ্য হিচাপে গ্ৰহণ কৰে সাধাৰণে তাকেই অনুসৰণ কৰে।”
এই সত্য অকল শিক্ষা বিভাগৰ বাবেই নহয়, মানৱ উন্নয়নৰ সকলো ক্ষেত্ৰতে ই সত্য।
প্ৰশ্ন :- এই যে চুবুৰীয়ে চুবুৰীয়ে ইংৰাজী মাধ্যমৰ স্কুল বিলাক গঢ় লৈ উঠিছে, সকলোৱে তালৈকে দৌৰিছে – তাৰ কাৰণ কি বুলি ভাবে? তেনে পৰিস্থিতিত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু অসমীয়া ভাষা-সাহিত্যৰ ভবিষ্যৎ কি?
আমাৰ ব্যৱহাৰিক জীৱনত – শিক্ষা, প্ৰশাসন, ব্যৱসায় সকলো ক্ষেত্ৰতে ইংৰাজী ভাষাৰ বিশেষ প্ৰয়োজন। গতিকে ইংৰাজী স্কুলবিলাক প্ৰয়োজন ভিত্তিক, সেয়েহে ৰাইজে বিচাৰিছে আৰু স্কুলবোৰো চলিছে। কিন্তু কেৱল ব্যৱহাৰিক বা বাস্তৱ দিশটোৱেই জীৱনৰ সম্পূৰ্ণ ৰূপ নহয়, ইয়াৰ এটা আদৰ্শগত ৰূপো আছে। মানৱৰ বিকাশ নিৰ্ভৰ কৰে বাস্তৱ আৰু চিত্ত দুয়োটাৰে বিকাশত। চিত্ত বোলোতে মই দেশপ্ৰেম, ভাষাপ্ৰেম-এনে কথা বিলাকহে বুজাইছো।
“অ’ মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণি দেশ
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ -----’’
এই অপূৰ্ব্ব গীতটিত নিহিত ভাৱবোৰৰ কথাই মই কৈছো। মানুহৰ অন্তৰত দেশপ্ৰেম, ভাষাপ্ৰেম জগাই তুলিব নোৱাৰিলে এখন দেশ, এটা ভাষা জীৱন্মৃত। ভাষা নাইকীয়া হ'লে এখন দেশ, এটা জাতিৰ অস্তিত্ব বিলোপ হয় - যিটো অৱস্থাৰ পিনে আজি অসম আগবাঢ়ি যাব লাগিছে। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ লক্ষ্যলৈ ইংৰাজী স্কুল বিলাকৰ সম্পূৰ্ণ আওকাণ; এই আওকণীয়া মনোভাৱ এদিন জাতিৰ আৰু ভাষাৰ মৃত্যুৰ কাৰণ হব। হবৰ হৈছেহিয়ে। আজি দেশৰ উঠি অহা চামৰে নহয়, অভিভাৱক সকলৰো ধ্বনি হৈছে, “ইংৰাজী স্কুল চলো”, “আমেৰিকা চলো”, “বিলাত চলো”। তেন্তে অসমত [ ৬৮ ] থাকে কোন? অসমক ৰাখে কোনে? অসমীয়াই ৰাখিব লাগিব অসমক জীয়াই,অসমীয়া ভাষাৰে আৰু অসমৰ মাটিতে শিৰ দোঁৱাই। গতিকে অসমৰ ইংৰাজী স্কুলত অসমীয়া ভাষা শিক্ষাৰ সুদৃঢ় ব্যৱস্থা কৰাব লাগে। অসমীয়া মাধ্যমৰ স্কুল বিলাক উন্নত মানৰ কৰি তুলিব লাগিব। ঘৰে-দুৱাৰে, সা-সজুলিৰে, খেলা-ধূলাৰ ব্যৱস্থাৰে, উপযুক্ত শিক্ষকৰ নিযুক্তিৰে ইংৰাজী স্কুলৰ সমপৰ্য্যায়ৰ কৰি তুলিব লাগিব। ইংৰাজী মাধ্যমৰ স্কুলত ফীজ হিচাপে অভিভাৱক সকলে বহু টকা খৰচ কৰে। অসমীয়া মাধ্যমৰ স্কুলবোৰত (দুই এখনত বাদে) মাছুল নেলাগে। গতিকে স্কুলৰ ঘৰ-দুৱাৰ, শিক্ষণ-সামগ্ৰী, আচবাব-পত্ৰ, গবেষণাগাৰ আদিৰ বাবেই অভিভাৱক সকলে যদি কিছু খৰচ কৰিবলৈ সন্মত হয় তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰো উন্নতি নহৈ নোৱাৰে।
প্ৰশ্নঃ- সম্প্ৰতি স্কুল-কলেজৰ পৰীক্ষাসমূহৰ ফলাফলে এনে এখন ছবি দাঙি ধৰে যে ভবিষ্যতে চাকৰি-বাকৰিৰ সিংহভাগ নিজ প্ৰতিভাৰ গুণে ছোৱালীয়েই পাব। তেতিয়া ল'ৰাহঁতে কি কৰিব? অৰ্থোপাৰ্জ্জনৰ সহজ উপায় বিচাৰি যদি তেওঁলোক বেয়া পথত নামে? ল'ৰাহঁতক অধ্যয়নমুখী, দায়িত্ব-সচেতন কৰাৰ কিবা উপায় দিব পাৰেনে?
উত্তৰঃ- ছোৱালীয়ে সাধাৰণ চাকৰিত অকল প্ৰতিভাৰ বলত সিংহভাগ পোৱাটো সহজ নহব, কাৰণ এনে চাকৰি নিৰ্ভৰ কৰে আন বহুতো কথাৰ ওপৰত – যেনে জনজাতি, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ, স্বজন প্ৰীতি, ভেটি ইত্যাদি। উচ্চ পৰ্য্যায়ৰ প্ৰতিভা প্ৰধান চাকৰিসমূহত হয়তোবা এনে অৱস্থা হব পাৰে (অৱশ্যে দেৰী আছে)। কিন্তু এনে অৱস্থা নোহোৱাকৈয়ে আজিও জানো ল'ৰা বিপথে যোৱা নাই? এই বিপথগামী ল’ৰাসকলৰ অধিকাংশই প্ৰতিভাবান নহয়। ছোৱালীয়ে প্ৰতিভাৰ বলত অধিক চাকৰি পালে হয়তোবা এনে ল'ৰাৰ সংখ্যা আৰু বাঢ়িব আৰু কালত এনে ল'ৰাৰ লগত ছোৱালীয়েও যোগ দিব। এনে অৰ্থলিপ্সাৰ পৰা ল'ৰা ছোৱালীহঁতক কিদৰে আতৰাব পাৰি মোৰ বোধেৰে, তাৰ একমাত্ৰ উপায় হৈছে শিক্ষা-ছোৱালীক ছোৱালীৰ লাগতিয়াল শিক্ষা আৰু ল'ৰাক ল'ৰাৰ লাগতিয়াল শিক্ষা। মোৰ বোধেৰে, পুৰুষৰ উপযোগী চাকৰি পুৰুষে, ছোৱালীৰ উপযোগী চাকৰি ছোৱালীয়ে পোৱা উচিত। শিক্ষকৰ নিযুক্তিত মই তলৰ পৰা ওপৰলৈ ছোৱালীহে বিচাৰো, অন্যক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে। মই ভাবো, অকল চাকৰিৰ অভাৱত ল'ৰা বিপথগামী হোৱা নাই, অৰ্থলিপ্সাৰ বিষময় ফলস্বৰূপেহে এনে পৰিস্থিতি হৈছে। শিক্ষাৰ লক্ষ্য হব লাগে শুদ্ধ, সম্পূৰ্ণ মানৱ গঢ়া, অৰ্থলিপ্সা পূৰণৰ যন্ত্ৰ বনোৱা নহয়। ল'ৰাৰ ক্ষেত্ৰত শিক্ষা চাকৰিমুখী হ'লেও ছোৱালীৰ ক্ষেত্ৰত আজিও শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে বিবাহ, চাকৰি গৌণ। পিছে যুগৰ চাপত কিছুমান ছোৱালী আৰু অভিভাৱকো আধুনিক ব্যয়বহুল বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত, গতিকে চাকৰি লাগে। যিয়েই নহওক, 'মা' হোৱা ছোৱালীৰ স্বভাৱ, গতিকে [ ৬৯ ] অন্তৰৰ অন্তৰতম স্থলত সকলো অৰ্থলিপ্সাৰ আঁৰত এখন সুখৰ সংসাৰৰ সপোন নিশ্চয় অভিভাৱক আৰু ছোৱালীয়ে নিজেও দেখে। যাৰ চাকৰিৰ নিতান্ত প্ৰয়োজন তেনে ছোৱালীয়েহে চাকৰিত নিযুক্তি বিচৰাটো নিজৰ বাবে, দহৰ বাবেও মংগলজনক।
সুচিন্তিত শিক্ষা পদ্ধতিয়েহে এনেবোৰ সমস্যাৰ সমাধান উলিয়াব পাৰিব। শিক্ষা আঁচনি তৈয়াৰ কৰোতে নিম্নোক্ত কথাকেইটালৈ লক্ষ্য ৰাখিলে সুফল আশা কৰিব পাবিঃ-
(১) ভগবানৰ সৃষ্টিত নাৰী ও পুৰুষ পৃথক। ভগবানৰ সৃষ্টিত সকলো মানুহৰে বুদ্ধি-বৃত্তিও একে নহয়। এই পাৰ্থক্যই ভগবানৰ পক্ষপাতিত্ব নুসূচায়, সৃষ্টি ৰক্ষাৰ বাবে ইয়াৰ প্ৰয়োজন আছে, গতিকে এই পাৰ্থক্য স্বাভাবিক।
(২) মা হোৱা, ভনী হোৱা নাৰীৰ স্বাভাবিক গুণ কোমলতা, পুৰুষৰ পৰা আমি বিচাৰো শক্তি, শিক্ষাত এনেবোৰ গুণৰ বাঢ়নৰ ব্যৱস্থা থাকিব লাগে।
({gap}}(৩) জ্ঞান-বিজ্ঞানৰ চর্চ্চাৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীৰ কোনো প্ৰভেদ ৰাখিব নালাগে। যিমানে উৰ্দ্ধলৈ যায় যাবলৈ দিব লাগে। অৱশ্যে এইসকলৰ সংখ্যা বেছি নহয়।
(৪) গৰিষ্ঠ সংখ্যক ল'ৰা-ছোৱালীৰে প্ৰায়োগিক প্ৰবণতা (Skill) অধিক। তেওঁলোকৰ প্ৰায়োগিক দক্ষতাৰ উৎকৰ্ষ সাধনৰ যথাযথ ব্যৱস্থা শিক্ষা আঁচনিত থকা উচিত। দেশক যিদৰে দাৰ্শনিক, শিক্ষক, ডাক্তৰ, ইঞ্জিনীয়াৰ লাগে ঠিক সেইদবে লাগে ব্যৱসায়ী, কৃষক আৰু বিভিন্ন ক্ষেত্ৰত কাৰিকৰী দক্ষতা থকা লোক। দুয়োবিধ শিক্ষাৰে যথাযথ ব্যৱস্থা থাকিব লাগিব।
(৫) সকলো ধৰণৰ শিক্ষাৰ বাবে নিম্নতম অৰ্হতা হব লাগিব হাই স্কুল অথবা হায়াৰ চেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষা। দুয়োবিধ শিক্ষাৰ প্ৰতি, দুয়োবিধ শিক্ষাৰ্থীৰ প্ৰতি সমদৃষ্টি হব লাগিব, অন্যথাই ই হীনমন্যতাৰ সৃষ্টি কৰে।
(৬) সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, শিক্ষা ব্যৱস্থাত আৰম্ভনিৰে পৰা নীতি-শিক্ষাৰ ব্যৱস্থা থাকিব লাগিব। ই অকল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'লেই নহব, শিক্ষাগুৰুসকলৰ আচাৰ-আচৰণেও তেনে দৃষ্টান্ত দাঙি ধৰিব পাৰিব লাগিব। তেনে শিক্ষাইহে ল'ৰা ছোৱালীৰ মনত সাত্ত্বিক চেতনা জগাই তুলিব অৰ্থাৎ মানৱ অন্তৰত থকা সত্ত্ব গুণৰ বিকাশ সাধন কৰি ৰজঃ ও তমঃ গুণক নিয়ন্ত্ৰন কৰি অন্ধ অৰ্থলিপ্সাৰ দৰে দোষবোৰৰ দূৰীকৰণত সহায় কৰিব।
প্ৰশ্নঃ- আপুনি কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিছে। আজিকালি তেনে অনুষ্ঠানৰ সংখ্যা বাঢ়িবই লাগিছে, কিন্তু শিক্ষাদানৰ মানৰ কিবা উন্নতি সাধন হৈছে বুলি ভাবেনে? কলেজবোৰত বৰ্ত্তমান শিক্ষাৰ পৰিবেশ নাই বুলিলেই হয়; এই টিউচনসৰ্ব্বস্ব শিক্ষা-পদ্ধতিয়ে ছাত্ৰৰ বা দেশৰ কিবা উন্নতি সাধিব বুলি ভাবে নে? [ ৭০ ] উত্তৰঃ- মোৰ দিনত তেনে অনুষ্ঠান মই দুখনহে গঢ়িছিলো। তেতিয়ালৈ বি টি কলেজ নাছিলেই। আজিকালি এনে কলেজ বাৰিষা বন গজাদি গজিছে। মোৰ দিনত বি টি কলেজে বিশ্ববিদ্যালয়ৰ কট্কটীয়া শৈক্ষিক-নিয়ম নীতি মানি চলিব লাগিছিল। প্রশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সজুলি, উপযুক্ত প্রশিক্ষক, উপযুক্ত প্রশিক্ষার্থী, প্রশিক্ষক প্রশিক্ষার্থীৰ আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, ‘প্ৰেক্টিচ্ টিচিং’, প্ৰশিক্ষাৰ্থীৰ পদ্ধতিৰ বিষয় বাচনি — সকলো ক্ষেত্ৰতে নিয়ম নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ বি টি কলেজত তেনে ধৰা-বন্ধা নিয়ম নীতি নাই। বি টি ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে এক প্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন অপ্রশিক্ষিত শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়মেৰে বিশেষ সর্তকতা অৱলম্বন নকৰে তেতিয়া হলে শিক্ষকে বি টি ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো সার্থকতা নেথাকে। এনে বি টি ডিগ্ৰীয়ে ‘প্রাইভেট টিউটৰ’হে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে । অকল প্রাইভেট টিউটৰ তৈয়াৰ কৰিলেও ভাল আছিল, কিন্তু তৈয়াৰ হৈছে শিক্ষক প্রাইভেট টিউটৰ।
প্রশ্নঃ- আপুনি টি ভি চায়নে? টি ভি ৰ উপকাৰৰ তুলনাত অপকাৰ বেছি বুলি আপুনি ভাবে নে নেভাবে ? আনহাতে আজিৰ যুগত ইয়াক পৰিহাৰ কৰিও চলিব নোৱাৰি। এই ক্ষেত্ৰত পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব কি ?
উত্তৰঃ- মই টি ভি ৰ বাতৰি অনুষ্ঠানকেইটাহে চাওঁ। টি ভি মানৱ মেধাৰ এক বিস্ময়কৰ আবিষ্কাৰ। সকলো আবিষ্কাৰৰে উপকাৰ অপকাৰ দুয়োটা আছে। টি ভি ও ইয়াৰ ব্যতিক্রম নহয়। যদিও উপকাৰলৈ চাই টি ভি গ্রহণযোগ্য অপকাৰলৈ চাই ই বৰ্জনীয় । গতিকে ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টাৰে অভিভাৱকসকলে টি ভি প্ৰগ্ৰেমৰ বাছনি কৰিব লাগে আৰু সেইমতে ল'ৰা ছোৱালীক টি ভি ব্যৱহাৰ কৰিবলৈ দিব লাগে। কিন্তু টি ভি ৰ মন্ত্ৰীৰ পৰা পিতৃ-মাতৃলৈ সকলোৱেই এই বিষয়ত উদাসীন। টি ভি ৰ কৰ্ম্মকৰ্তাসকলৰ অৰ্থলিপ্সায়ো এই ক্ষেত্ৰত ক্ৰিয়া কৰে। টি ভি ৰ শৈক্ষিক দিশটোলৈ চাই অভিভাৱকসকলে তাৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিলে ল'ৰা ছোৱালীয়ে ঘৰতে বহি জগতখনৰ জ্ঞান আহৰণ কৰিব পাৰিব আৰু তাৰ অপপ্ৰভাৱৰ পৰাও ৰক্ষা পৰিব।
প্রশ্নঃ- আমাৰ পূৰ্ব্বৰ একান্নবৰ্ত্তী পৰিয়ালৰ ধাৰণাটো প্ৰায় নোহোৱাই হৈছে। ল'ৰা-বোৱাৰী, পিতৃ-মাতৃ দুয়োপক্ষই আজিকালি নিজাববীয়াকৈ থাকিবলৈ বিচাৰে। কিন্তু আলৰ অৱস্থাত তো আনৰ সহায় লাগিবই; বৃদ্ধ-সদনৰ ধাৰণাটো আমাৰ দেশত খাপ খাব বুলি ভাবে নে? [ ৭১ ] উত্তৰঃ- যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জীৱন ধাৰাৰো পৰিবৰ্ত্তন অনিবাৰ্য্য।এই অনিবাৰ্য্যতাৰ কাৰণেই হয়তোবা যৌথ পৰিবাৰ নাইকিয়া হৈছে। গতিকে অলৰ অচল অৱস্থাত বৃদ্ধজনৰ বাবে বৃদ্ধ-সদন হ'লে ভালৰে কথা । খাপ নোখোৱাৰ প্ৰশ্ন নুঠে, যদিহে সেই সদনে বৃদ্ধজনৰ সকলো প্ৰয়োজন মিটাব পাৰে। কামটো অতি ব্যয়বহুল হ'ব। জোখেৰে ডাক্তৰ, নাৰ্ছ, পৰিচাৰিকা সা সজুলি আৰু বৃদ্ধ বয়সৰ আন প্রয়োজনীয় সা-সামগ্ৰী আদি যোগান ধৰিব নোৱাৰিলে বৃদ্ধ-সদন চলোৱা টান হব। পিছে সার্থক ভাৱে চলাব পাৰিলে এনে সদন নিশ্চয় ফলপ্রসূ হব আৰু আজিৰ অকলশৰীয়া বৃদ্ধসকলৰ বাৰ্দ্ধক্যৰ অচলাবস্থাৰ দুখ-দৈন্য নিশ্চয় কিছু পৰিমানে লাঘৱ হব।
প্রশ্নঃ- ধৰ্ম্মৰ সংজ্ঞা কি বুলি আপুনি ভাবে? ভগৱানক প্ৰকৃততে মঠ, মন্দিৰ, নাম ঘৰত পোৱা যায় নে? ধৰ্ম্মৰ আনুষ্ঠানিকতাত আপোনাৰ বিশ্বাস আছে নে?
উত্তৰঃ- ধৰ্ম্মৰ সংজ্ঞা – অদৃশ্য নিয়ন্ত্রক শক্তিৰ ওপৰত অৰ্থাৎ ভগৱানত বিশ্বাস, যিজনে সকলো জানে অথচ যাক কোনেও নেজানে সেই মহতো মহীয়ান অনোৰণীয়ান জনৰ চিন্তা, ধ্যান আৰু সাধনা কৰা আৰু সেই সাধনালব্ধ জ্ঞানৰ ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' কৰ্ম্মত নিয়োগকে ধৰ্ম্ম বুলি ভাবো। সাধনা আৰু আচৰণ দুয়োটা মিলিহে ধৰ্ম্ম। অকল সাধনা বা অকল আচৰণক ধৰ্ম্ম বুলিব নোৱাৰি ।
প্ৰশ্নৰ দ্বিতীয় অংশই এটা গল্প মনত পেলাইছে –সাধক সাধনাত প্রায় সমাধিস্থ । হঠাতে এজন ভক্তই ক’লে, “বাবা, আপুনি শিৱমূৰ্ত্তিৰ ওপৰত ভৰি দি আছে।” সাধকে লাহেকৈ মাত দিলে, “আঁতৰাই দিয়া।” ভক্তই ভৰি আঁতৰাই দিলে; কিন্তু দেখে যে পুনৰ তেওঁ আন এক শিৱমূৰ্ত্তিৰ ওপৰত ভৰি থৈছে। আচৰিত হৈ ভক্তজনে পুনৰ সাধুক কথাটো জনালে। এইবাৰ উত্তৰ পালে, “শিৱ নোহোৱা ঠাই অকণ মোক দেখুৱাই দিয়া।” ভগৱান সৰ্ব্বত্র বিদ্যমান; পিছে নির্দ্দিষ্ট ঠাই এডোখৰৰ প্ৰয়োজন নোহোৱা নহয় । সেয়ে মঠ-মন্দিৰ নামঘৰ আদিৰ সৃষ্টি, য'ত ভগবৎ চিন্তাৰ এক অনুকূল পৰিবেশ পোৱা যায়, যি পৰিবেশে মানৱৰ বৰ্হিমুখী মনক অর্ন্তমুখী কৰি ভগবৎ চিন্তালৈ আকৰ্ষণ কৰে।
ধৰ্ম্মৰ আনুষ্ঠানিকতাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সমবিশ্বাসী ভগবৎ প্রেমী ভক্তসকলৰ লগত, আত্মীয়-স্বজন-পৰিবাৰৰ লগত বহি অনুকূল পৰিবেশত ভগবৎ চিন্তা, চর্চ্চা, আলোচনাই মই ভবাত মানৱ অন্তৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ।
প্রশ্নঃ- আপুনিতো প্রতি পুৱা নিয়মিত ভাৱে প্ৰাৰ্থনা কৰে; মানুহৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰাৰ্থনাৰ কিবা প্ৰভাৱ আছে বুলি ভাবে নে?
উত্তৰঃ- মই ভাবো, প্ৰাৰ্থনাৰ প্ৰভাৱ নিশ্চয় আছে। প্ৰাৰ্থনা কৰিলে মন শান্ত, উদ্বেগমুক্ত হয়। মন শান্ত সমাহিত হ'লে মনলৈ আনন্দ আহে । মন শান্তিত থাকিলে, আনন্দত [ ৭২ ] থাকিলে শৰীৰৰ ক্লেশ-ক্লান্তিও কিছু লাঘৱ হয় নেকি?
প্ৰশ্নঃ- আপোনাৰ বয়স ইতিমধ্যে নব্বৈ বছৰ পাৰ হ'ল। বয়স অনুপাতে আপোনাৰ স্বাস্থ্য বেছ ভালে আছে। দৃষ্টি-শক্তি, চিন্তা-শক্তি আজিও বিকল হোৱা নাই। আপুনি কি উপায়ে আপোনাৰ স্বাস্থ্য অটুট ৰাখিছে জনাবনে?
উত্তৰঃ- মোৰ সুস্বাস্থ্য বুলি কব নোৱাৰি, কাৰণ দহ বাৰ বছৰ হ'ল, মোৰ দেহত এটি পেচ মেকাৰ স্থাপন কৰা হৈছে। অৱশ্যে সেই ক্ষেত্ৰত বৰ্ত্তমান কোনো অসুবিধা নাই বাবে মই সেই যন্ত্ৰটোৰ কথা পাহৰিয়েই থাকো। মোৰ যিকণ সুস্বাস্থ্য দেখিছা তাৰ কাৰণ হ'ল— মোৰ অতি নিয়মীয়া, সুনিয়ন্ত্ৰিত সুপৰিমিত জীৱনধাৰা। খোৱা, শোৱা, পুৱা বিচনাৰ পৰা উঠা, গা ধোৱা, প্ৰাৰ্থনা - সকলো কাম সদায় একে সময়তে কৰো। আহাৰ বিহাৰ, টোপনি সকলো পৰিমিত আৰু নিয়মিত, প্ৰাৰ্থনা নিৰ্জন। মোৰ খোৱা বোৱাও সাধাৰণ বুলিয়ে ভাবো। সেইবাবেই বেমাৰ আজাৰ কম নেকি?
•••
দহ
বিভিন্ন জনৰ দৃষ্টিত
[বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত ইন্দিৰা মিৰিৰ সংস্পৰ্শলৈ অহা কেইগৰাকীমান গুণী জ্ঞানীলোকৰ লগতে পৰিয়ালৰ দুই এজনৰ বক্তব্য এই অধ্যায়ত সন্নিবিষ্ট হৈছে। সেইসকললৈ কৃতজ্ঞতাবে – লেখিকা ]
শ্ৰীসুৰেশ ৰাজখোৱা⸺
শিক্ষা বিভাগৰ বিষয়া হিচাপে এবাৰ পাছীঘাটৰ এখন স্কুল চাবলৈ যাওঁতে মোৰ ইন্দিৰা মিৰিৰ সৈতে প্ৰথম সাক্ষাৎ হৈছিল। অসমীয়া মহিলা এগৰাকীয়ে সেইদৰে নেফাত চাকৰি কৰি থকা দেখি মই একপ্ৰকাৰ গৰ্ব অনুভৱ কৰিছিলো। তেওঁক নেফাৰ শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ দায়িত্ব দিয়াত বহুতে সন্দেহ প্ৰকাশ কৰিছিল – মহিলা এগৰাকীয়ে পাহাৰ-অৰণ্যৰ মাজত কেনেকৈ কাম কৰিব? সেই সময়ত তাত ৰাস্তা পদূলি নাছিল, গাড়ী মটৰো চলা নাছিল। সকলো কাম খোজ কাঢ়িয়েই কৰিব লাগিছিল। তেনে পৰিস্থিতিতো ইন্দিৰা মিৰিয়ে সেৱাৰ মনোভাৱ লৈ প্ৰাণ ঢালি কাম কৰিলে আৰ নেফাত শিক্ষাৰ শকত ভেটি এটি গঢ় দি আহিল। স্বৰ্গীয় হিৰণ্য চন্দ্ৰ ভূঞাৰ অৱসৰ গ্ৰহণৰ পিছত মই শিক্ষা বিভাগৰ ডাইৰেক্টৰ হওঁ। তেতিয়া তেওঁ নেফা এৰি আহি যোৰহাটত ন-কৈ পতা বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্ব ভাৰ লৈছেহি। বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁ সেই কলেজখন গঢ়ি তুলিছিল। সেইকালত চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষানুষ্ঠান সমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল। শিক্ষাধিকাৰ ৰূপে বহু শিক্ষানুষ্ঠানৰ মুৰব্বীৰ সংস্পৰ্শলৈ আহিছিলো; মনে মিলা মানুহৰ সৈতে কাম কৰাৰ যি আনন্দ ইন্দিৰা মিৰিৰ ক্ষেত্ৰত সেয়া মই পাইছিলো। তেওঁ এনে এগৰাকী মুৰব্বী আছিল যাৰ ওপৰত বিশ্বাস আৰু আস্থাৰ ভাৱ ৰাখি কাম কৰিব পাৰিছিলো। শিক্ষা বিভাগত মই লগ পোৱা লোকসকলৰ ভিতৰত শিক্ষা সম্পৰ্কে এক সামগ্ৰিক ধাৰণা থকা মানুহ দুই চাৰিজনহে পাইছিলো; ইন্দিৰা মিৰি সেইসকলৰ অন্যতম আছিল। তেওঁ যথেষ্ট অধ্যয়ন কৰিছিল, ৰবীন্দ্ৰ সাহিত্যৰ সৈতে ভাল পৰিচয় আছে। তেওঁৰ বক্তৃতা জ্ঞানগৰ্ভ [ ৭৪ ] আৰু সাৱলীল, কথাবোৰ অন্তৰৰ পৰা কৈছিল। তেওঁ ভাৰতীয় আধ্যাত্মিক চিন্তা-ধাৰাৰে প্ৰভাৱিত ব্যক্তি।
“মই ভাৰত স্কাউটচ্ এণ্ড গাইডচ্ অনুষ্ঠানটোৰ ষ্টেট্ চীফ্ কমিছনাৰ আছিলো। শ্ৰীমতী মিৰি সেই অনুষ্ঠানটোৰ এগৰাকী উপসভানেত্ৰী আছিল। সেই সূত্ৰেও বহু দিনলৈ সভা সমিতিবোৰত আমি লগ হৈছিলো।
ভগবানে তেওঁক যেন সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন দান কৰে।
শ্ৰীনীলিমা দত্ত⸺
অসমীয়া জাতিয়ে ইন্দিৰা মিৰিক লৈ গৌৰৱ কৰিব পাৰে। তেখেতৰ সমাহিত কথা বতৰা, প্ৰখৰ বুদ্ধি আৰু মানুহৰ লগত মিলিব পৰা স্বভাৱটিয়ে মানৱতাবোধৰ পৰিচয় দিয়ে। তেখেত নাৰীবাদ, পুৰুষবাদ বা আন কোনো বাদৰ পক্ষপাতী নহয়, তেখেত বিশ্ব শান্তিৰ এগৰাকী প্ৰবক্তা। তেখেতে এসময়ত পানবজাৰ ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল। মই সেইখন স্কুলৰে ছাত্ৰী আছিলো যদিও তেখেতক শিক্ষয়িত্ৰী হিচাপে পোৱা নাছিলো। তেখেতৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্বল দৃষ্টান্ত। নেফাৰ শিক্ষা-বিষয়া ৰূপে তেওঁ সেই জনজাতীয় লোকসকলৰ সেৱাত নিজকে বিলাই দিছিল। এই সমন্বয়ৰ আদৰ্শই তেখেতক আধ্যাত্মিকতা প্ৰদান কৰিছিল। সভাই সমিতিয়ে এই গৰাকী বৃদ্ধা মহিলাৰ যি বাগ্মিতা প্ৰকাশ পায় সি অনন্য। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
ড° ৰমেশ দাস⸺
১৯৫৭ চনত যোৰহাটত পোষ্ট গ্ৰেজুয়েট ট্ৰেইনিং কলেজ স্থাপন হোৱাৰ কেইমাহমান পিছতে মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা গৈ সেই প্ৰশিক্ষণ কলেজত বিজ্ঞান-শিক্ষক ৰূপে যোগদান কৰোগৈ। কলেজখনত কলা আৰু বিজ্ঞান দুয়োটা বিভাগ খোলা হৈছিল; শিক্ষক নাছিল বাবে পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, অঙ্ক– গোটেই কেইটা বিষয় মই শিকাবলগীয়া হৈছিল। তেতিয়াৰে পৰা ন দহ বছৰ শ্ৰীযুতা ইন্দিৰা মিৰিৰ তলত কাম কৰাৰ সৌভাগ্য মোৰ হৈছিল। সেই সময়ছোৱাৰ অভিজ্ঞতা আছিল সন্তানে মাতৃৰ শাসনত কাম কৰাৰ অভিজ্ঞতা। মানুহ গৰাকীৰ শান্ত, সৌম্য চেহেৰা, মাতৃ সুলভ আচৰণ, কথা-বতৰাই আমাক মোহিত কৰিছিল আৰু শিক্ষক, কৰ্ম্মচাৰী আটায়ে তেওঁৰ আদৰ্শেৰে কলেজখনৰ উন্নতিৰ হকে দেহে-কেহে চেষ্টা কৰিছিলো। কলেজখনৰ যোগে কেন্দ্ৰীয় চৰকাৰৰ Extension Service অৰ সেৱা আগবঢ়োৱা হৈছিল। কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি সেই বিভাগৰ ডাইৰেক্টৰ আছিল আৰু কলেজৰ আন এগৰাকী প্ৰবক্তা স্বৰ্গীয় [ ৭৫ ] হৰেশ্বৰ গোস্বামীয়ে Extension Officer হিচাপে কাম চলাইছিল। সেই বিভাগৰ উদ্যোগত কলেজত প্ৰতিমাহে হাইস্কুল পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ছেমিনাৰ পতা হৈছিল। শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ দাঙি ধৰা, শিক্ষাৰ শেহতীয়া ধাৰণা - সমূহ শিক্ষকসকলক অৱগত কৰোৱা সেই আলোচনা চক্ৰসমূহৰ মূল উদ্দেশ্য আছিল। সেইবোৰ সভাত ইন্দিৰা বাইদেউ মুখ্য বক্তা আছিল। তেওঁ সুন্দৰ, শুৱলা বক্তৃতা দিছিল। বাইদেউৰ সৈতে একেলগে নেফাত কাম কৰা আমাৰ সহকৰ্ম্মী ৰাম প্ৰসাদ খাউণ্ডৰ মুখে বাইদেৱে সেই পাহাৰীয়া অঞ্চলত দিনে ন দহ মাইললৈকে খোজ কাঢ়ি কেতিয়াবা বাটে বাটে ৰাতি খপি আওহতীয়া দুৰ্গম ঠাইত স্কুল পাতিবলৈ যোৱা কাহিনীবোৰ শুনি বিস্মিত হৈছিলো।
যোৰহাটত অৱস্থিত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰো (S.I.E.) বাইদেৱেই অধ্যক্ষা আছিল। ময়ো সেই অনুষ্ঠানত এজন সহযোগী বিষয়া ৰূপে কাম কৰিছিলো। তাত ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ উন্নতি সাধনৰ অৰ্থে চিন্তা-চৰ্চা চলোৱা হৈছিল। অনুষ্ঠানটোৰ তৰফৰ পৰা প্ৰাথমিক শিক্ষক-সকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। মিৰি বাইদেউৰ নেতৃত্বত তেনে প্ৰশিক্ষণৰ কাৰ্য্যসূচী হাতত লৈ আমি অসমৰ ইমূৰ সিমূৰ ঘূৰি ফুৰিছিলো। সাধাৰণতে বিভিন্ন ঠাইত থকা বুনিয়াদী শিক্ষা-কেন্দ্ৰসমূহতে তেনে প্ৰশিক্ষণ নাইবা ছেমিনাৰৰ ব্যৱস্থা কৰা হৈছিল৷ সাধাৰণতে ইন্দিৰা বাইদেউ, ৰাম প্ৰসাদ খাউণ্ড আৰু মই লগত এজন পিয়ন আৰু ৰন্ধা বঢ়া কৰাৰ সামগ্ৰী লৈ সেইবোৰ ঠাইলৈ যাত্ৰা কৰিছিলো। সকলো ঠাইতে আমি ৰান্ধি বাঢ়ি খাইছিলো; কেতিয়াবা একোটা স্কুল ঘৰতে বেঞ্চ যোৰা দি ধানখেৰৰ বিছনা কৰি আমি হাঁহি মাতি কথা বতৰা পাতি আনন্দ মনে ৰাতি কটাইছিলো। এবাৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জৰ পিনে যাওঁতে বাটতে ভূমিস্খলনৰ বাবে ৰেল বন্ধ হ'ল। তেতিয়া আমি চাৰিওজনে লামডিং প্লেটফৰ্মতে কাপোৰ একোখন পাৰি লৈ শুই পৰিছিলো। এখন কলেজৰ অধ্যক্ষা, এগৰাকী সন্মানিতা ভদ্ৰমহিলা হোৱা সত্ত্বেও বাইদেৱে হাঁহিমুখে এনেবোৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। বি টি কলেজৰ পৰা অৱসৰ পোৱাৰ পিছত বাইদেউ গুৱাহাটীলৈ আহি বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হয়। ময়ো কলেজ এৰি শিক্ষা বিভাগৰ চাকৰিত যোগদান কৰো আৰু অসমৰ শিক্ষাধিকাৰ (D.P.I.) পদৰ পৰা অৱসৰ লওঁ।
শিক্ষাৰ ক্ষেত্ৰত সমৰ্পিতপ্ৰাণ এইগৰাকী ব্যক্তিত্বসম্পন্না নাৰীক ভগৱানে যেন এশবছৰ পৰমায়ু দান কৰে। [ ৭৬ ] শ্ৰীঅৰুণ শৰ্ম্মা—
“হোৱাট্ লাইফ্ মীন্চ্ টু মী” (মোৰ কাৰণে জীৱনৰ অৰ্থ কি হ’ব পাৰে?-)
এই বিষয়ে ইংৰাজীত এটি অনাতাঁৰ কথিকা নিবেদন কৰিবলৈ আকাশ বাণীৰ ষ্টুডিঅ’লৈ নিমন্ত্ৰণ কৰি অনা হৈছিল শ্ৰীমতী ইন্দিৰা মিৰিক। তাৰিখটো মনত নাই, কিন্তু সময়খিনি আছিল সত্তৰৰ দশকৰ মাজভাগত, অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় পচিশ বছৰ পূৰ্ব্বে।
অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনাৰ দায়িত্বত মই আছিলো। গতিকে স্বাভাবিকতে আকাশ বাণীৰ ষ্টুডিঅ’ত তেখেতৰ মুখা মুখিকৈ বহাৰ আৰু কিছু সময় তেখেতৰ সৈতে আলাপ-আলোচনা কৰাৰ প্ৰথম সুযোগটো মোৰ জীৱনত হৈছিল সেইদিনাই। সেয়া অৱশ্যে একান্তই আনুষ্ঠানিক সান্নিধ্য আৰু যোগাযোগৰ সুযোগ আছিল। কিন্তু সেয়ে হ’লেও সেই প্ৰথম সান্নিধ্য মোৰ বাবে আছিল অনবদ্য, অবিস্মৰণীয় এক অভিজ্ঞতা। এখন অৰণ্যৰ লুঙ্লুঙীয়া বাটেৰে পাৰ হৈ গৈ হঠাৎ সমুখত দেখা পোৱা এখন বিশাল, গভীৰ, প্ৰশান্ত ধীৰ-প্ৰবাহী নদী, যেন ব্ৰহ্মপুত্ৰ, যেন গঙ্গা।
ইন্দিৰা বাইদেউৰ সৈতে হোৱা মোৰ প্ৰথম সাক্ষাৎ আছিল এখন বিশাল নদী দেখাৰ অভিজ্ঞতা। সেইদিনা তেখেতৰ কথিকাটোৰ বিষয়-আলোচনা, প্ৰকাশ আৰু ভাষাৰ প্ৰাঞ্জলতা, সৰ্বোপৰি তেখেতৰ অপূৰ্ব নিবেদনশৈলী আছিল আমাৰ এক পৰম বিষ্ময়। মোৰ আকাশ-বাণীৰ ত্ৰিশ বছৰৰ চাকৰি জীৱনত অনেক কথিকা লিখক আৰু প্ৰচাৰকক অনুষ্ঠানত জড়িত কৰোৱাৰ সুযোগ হৈছিল। কিন্তু অনাতাঁৰ মাধ্যমৰ বিশেষ শৈলীৰ মাজেৰে অত্যন্ত আকৰ্ষণীয়কৈ বক্তব্য দাঙি ধৰা যি কেগৰাকী সীমিত সংখ্যক প্ৰচাৰকক লগ পাইছিলো তেওঁলোকৰ ভিতৰত অন্যতম আছিল ইন্দিৰা বাইদেউ। ইংৰাজী, অসমীয়া দুয়োটা ভাষাতে অতি দক্ষতাৰে শ্ৰোতাৰ মনোগ্ৰাহীকৈ তেখেতে আকাশ বাণীৰ পৰা ভালে কেইটি কথিকা প্ৰচাৰ কৰিছে।
তাৰ পিছত, মোৰ জীৱনত যি কেইটামান পৰম সৌভাগ্য এতিয়ালৈকে ঘটিছে তাৰে এটি হ’ল প্ৰায় চাৰি বছৰ কাল গুৱাহাটীৰ শিলপুখুৰীত ইন্দিৰা বাইদেউৰ ঘৰৰ চৌহদত বাস কৰিবলৈ পোৱাৰ সুযোগ। সেই চৌহদত তেখেতৰ বৰপুত্ৰ উৎপল মিৰিৰ নিজাববীয়াকৈ সজা এটা ঘৰ আছে। আমি সেই ঘৰটো ভাড়া লৈ আছিলো; গতিকে স্বাভাবিকতে আমি বাইদেউৰ সান্নিধ্যত আছিলো আৰু সেই সান্নিধ্য হৈ উঠিছিল অতি নিবিড় আৰু আপোন। তেখেতৰ পিছ বাৰীৰ পালেং-লাই-ধনীয়াৰ মুঠিৰ সৈতে পাকঘৰৰ খাৰ, টেঙা বা কিবা [ ৭৭ ] নতুন ব্যঞ্জন, (তেখেতে এই বয়সতো ৰান্ধনী শালত পুৱা গধূলি ৰন্ধা বঢ়া কৰে) বিহুৰ লাডু- পিঠা, শালৰ গামোছা নিয়মীয়াকৈ আমাৰ ঘৰলৈ আহিছিল।
তেখেতৰ ঘৰৰ চৌহদক এখনি আশ্ৰম বুলিব পাৰি। সেই আশ্ৰমবাসিনী ইন্দিৰা মিৰি এগৰাকী তপস্বিনী, সাধনালব্ধ জীৱনৰ পৰমাৰ্থৰ এটি ৰূপ। নিতৌ পুৱা সকলো প্ৰাতঃকৰ্ম্মৰ অন্তত সদ্যস্নাতা, মুক্তকেশী, শুভ্ৰবসনা ইন্দিৰা বাইদেউৱে যেতিয়া ঘৰৰ বাৰাণ্ডাত বহি সমুখৰ পুষ্কৰিণীৰ পিনে চাই ৰবীন্দ্ৰ স!ীতৰ সঙ্গীতৰ কলি নাইবা চণ্ডী কাব্যৰ শ্লোক গুণ্গুণাই থাকে তেতিয়া এনে অনুভৱ হয় যেন কোনো আশ্ৰমৰ পূতমন্দিৰৰ পূজাৰিণী ধ্যানমগ্না হৈ বহি আছে।
সেই কেবছৰত আজৰি সময়ত প্ৰায়েই তেখেতৰ ওচৰত বহিছিলোগৈ। বিবিধ বিষয়ৰ কথা কয়, বিবিধ আলোচনা তেখেতে কৰে। তেখেতৰ শৈশৱ, কৈশোৰ, যৌৱন, বিবাহিত জীৱন, তেখেতৰ বৈধব্যৰ কথাও ওলায়। অৱশ্যে তেখেতে নিজে কওঁ বুলি নিজৰ কথা কবলৈ নেযায়; মই সুধিলে নাইবা কিবা বক্তব্যৰ প্ৰসংগত উত্থাপন কৰিবলগীয়া হলেহে তেখেতে নিজৰ কথা কয়। তেখেত সচেতন ভাৱে আত্মপ্ৰচাৰৰ পৰা সততে বিৰত থাকে। তথাপি আমাৰ জনাৰ আগ্ৰহক সহাঁৰি দি তেখেতে যিবোৰ বৃত্তান্ত আগবঢ়াইছিল তাৰ মাজেৰে মই উপলব্ধি কৰিছিলো কি অসাধাৰণ ব্যক্তিত্ব, মেধা আৰু বুদ্ধিমত্তাৰ গৰাকিনী এই নাৰীহ্ল নাৰী ব্যক্তিগত নাইবা সামাজিক জীৱনৰ সংগ্ৰামতো আক্ৰান্ত নোহোৱাকৈ নাছিল তেখেত। সেইবোৰ কাহিনীয়ে তেওঁৰ আত্মিক শক্তি আৰু সাহসৰ পৰিচয় দিয়ে। দুজন ব্যক্তিৰ প্ৰভাৱ আৰু দিক্ নিৰ্নয়ে তেখেতক পথৰ সন্ধান দিছিল, গতিৰ চালিকা শক্তি নিৰূপন কৰিছিল। সেই দুজন আছিল তেখেতৰ পিতৃদেৱ স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু স্বামী স্বৰ্গীয় মহী চন্দ্ৰ মিৰি। এই দুজনৰ কথা যেতিয়া তেখেতে কয় তেখেতৰ মন আজিও যেন বিভোৰ হৈ উঠে। অসমীয়া, বাংলা, ইংৰাজী আৰু সংস্কৃত-এই চাৰিওটা ভাষাত তেখেতৰ দখল সমান। এই চাৰিওটা ভাষাৰ অনেক গ্ৰন্থৰ উদ্ধৃতি তেওঁৰ কণ্ঠস্থ, বিশেষকৈ ৰবি ঠাকুৰৰ কাব্য আৰু ৰবীন্দ্ৰ সংগীত। সভা সমিতিত তেখেতৰ ভাষণ এক বিৰল প্ৰতিভাৰ স্বাক্ষৰ। কেনে সাৱলীল ভাৱ, প্ৰাঞ্জল ভাষাৰে, বক্তব্যৰ মূল কথাখিনিৰ পৰা কেনিও আতৰি নোযোৱাকৈ তেখেতে ভাষণ দিব পাৰেহ্লপাৰে।
অতিকৈ সৰলমনা, নিৰহংকাৰী, প্ৰচাৰ বিমুখ ইন্দিৰা বাইদেউৰ কথা ভাবিলে মনলৈ আহে তেখেতৰ সত্ত্বাত যেন বিলীন হৈ আছে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সেই কবিতাৰ বাণী[ ৭৮ ]“আমাৰ মাথা নত কৰে দাওহে তোমাৰ
চৰণ ধুলা তলে
সকল অহংকাৰ হি আমাৰ
ডুবাও চোখেৰ জলে
নিজেৰে কৰিতে গৌৰৱ দান
নিজেৰে কেবলি কৰি অপমান
আমাৰে যেন নাকৰি প্ৰচাৰ
আমাৰ আপন কাজে ---"
ইন্দিৰা বাইদেউ, পেচ মেকাৰ লৈয়েই আপুনি শতবৰ্ষ জীয়াই থাওক।
শ্ৰীৰাম গোস্বামী⸺
সুলিখিকা শ্ৰীমতী হিৰণ্ময়ী দেৱীয়ে আমাৰ সকলোৰে পৰিচিত, পৰম শ্ৰদ্ধাৰ শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ জীৱন আৰু কৃতিৰ বিষয়ে গ্ৰন্থ এখন যুগুত কৰিছে বুলি খবৰটো জনোৱাত মই পৰম আনন্দিত হৈছো আৰু শ্ৰীমতী হিৰন্ময়ী দেৱীক শলাগ জনাইছো। কবলৈ গ'লে, ইন্দিৰা মিৰি বাইদেউৰ ওচৰত আমাৰ কৃতজ্ঞতাৰ অন্ত নাই। অসাধাৰণ প্ৰতিভা সম্পন্না এইগৰাকী বৰ্ষীয়ান সমাজ-সেৱিকাই অসমবাসীৰ অন্তৰ জয় কৰিছে। বিশিষ্ট শিক্ষাবিদ ৰূপে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনাজাত এইগৰাকী বিদূষী মহিলাৰ মন আৰু চিন্তাৰ পৰিধি বিশাল। তেখেতৰ জীৱন ইতিহাস বহু অভিজ্ঞতাৰ সমষ্টি। তেখেত বলিষ্ঠ জীৱনবাদী, মানৱমুখী আৰু বিশ্বমানবিকতাত বিশ্বাসী মহিলা। নিঃসন্দেহে, নিঃসংশয়ে কব পাৰি যে ইন্দিৰা মিৰি হৈছে ভাৰতীয় সংস্কৃতিৰ দৃষ্টান্ত স্বৰূপ মহীয়সী নাৰী। মই তেখেতক শ্বিলঙত থকা দিনৰে পৰা জানো। মোৰ শহুৰ দেউতা, সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক প্ৰয়াত জীৱেশ্বৰ গোস্বামীৰ লগত সেনাপতি পৰিয়ালৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। সংস্কৃতিবান সেনাপতি পৰিয়ালটো আছিল শ্বিলঙীয়া বৃহৎ অসমীয়া সমাজখনৰ সকলো বিষয়তে আগভাগ লওঁতা উৎসাহী ঘৰ। সোণাধৰ সেনাপতি আছিল ঘৰখনৰ মূল মানুহ। শহুৰ দেউতাৰ মুখত শুনিছিলো যে মানুহজনৰ সৰ্বজনপ্ৰিয় পৰোপকাৰী স্বভাৱ বহু ৰাজহুৱা আৰু সামাজিক অনুষ্ঠানৰ ৰূপ বিধানত সাৰ্থক উদাহৰণ স্বৰূপে পৰিলক্ষিত হৈছিল। অনেক অসমীয়া ডেকাক চৰকাৰী কামত ভৰাই দি সেনাপতি ডাঙৰীয়াই মহৎ উপকাৰ সাধিছিল। সেনাপতি পৰিয়ালৰ উদাৰ মনোভাৱ, সহজ আৰু সাৰ্বজনীন প্ৰকাশ পুৰণি অসমীয়া সমাজখনে স্বীকৃতি সহকাৰে গ্ৰহণ কৰি ধন্য হৈছিল। লাবান নামঘৰ, আসাম ক্লাব, প্ৰাচীন কামৰূপী নৃত্যসংঘ প্ৰভৃতিৰ [ ৭৯ ] লগত সেনাপতি পৰিয়ালটো ঘনিষ্ঠ ভাৱে জড়িত আছিল। এনে এটা সংস্কৃতিবান পৰিয়ালৰ জীয়াৰী ইন্দিৰা মিৰি, যাক আমি সাদৰেৰে মেৰেঙ্ বাইদেউ বুলি মাতিছিলো। এইগৰাকী বিদ্যোৎসাহী মহিলাৰ ৰুচি আৰু সৌন্দৰ্যবোধৰ চিনাকি মই নিজে পাইছো তেখেতৰ বহু বিধ কৰ্ম্ম-প্ৰেৰণাৰ নিৰপেক্ষ দৰ্শক হিচাপে। অসমীয়া, ইংৰাজী, বঙলা আৰু সংস্কৃত ভাষাত তেখেতৰ পাণ্ডিত্য দেখি মুগ্ধ হৈছো। গদ ছন্দক সুন্দৰ ভাৱে আয়ত্ত্ব কৰি তাক যথোচিত ভাৱে প্ৰয়োগ কৰি ইন্দিৰা মিৰি বাইদেৱে যি মনোগ্ৰাহী, হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰে, তাৰ মাজত আমি পাওঁ কাব্যোচিত ধ্বনি প্ৰবাহ আৰু গতিময় ভাষাৰ বিন্যাস কৌশল। বক্তৃতাৰ মাজেদি, উপমাৰ যোগেদি তেখেতে অগণন দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি সম্পূৰ্ণ ভাৱে বিষয় প্ৰসংগ ফুটাই তোলে। ভাৱ-আলোড়নক নৈপুণ্যৰে প্ৰতিষ্ঠিত কৰোতে ইন্দিৰা মিৰিৰ আধ্যাত্মিক ব্যাখ্যা অতি ৰস মধুৰহ্ল আবেগেৰে তেখেতে প্ৰত্যাশী মনৰ আশা-আকাংক্ষা ব্যক্ত কৰে। অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তেখেতে বিচাৰ বিশ্লেষণ কৰি উদ্ভাষিত কৰে মানব বাসনা। অসমীয়া জাতিৰ প্ৰতিশ্ৰুতিময় আগত দিনবোৰৰ কথা তেখেতে প্ৰকাশ কৰে আবেগোচ্ছল, সংগীতময় কাব্যিক ভাষাৰে। কেতিয়াবা তেখেতৰ ভাষণত সুগভীৰ নৈৰাশ্যৰ আশংকা ফুটি ওলায়। তেতিয়া তেখেত হৈ পৰে ভাৱবিহবল। মই লক্ষ্য কৰিছো, ইন্দিৰা মিৰিৰ ভাৱছন্দত এক অন্তনিৰ্হিত ৰূপময়তা সোমাই আছে। অশিষ্ট, ৰীতি বিৰোধী, অমাৰ্জিত মন্তব্য তেখেতে কেতিয়াও নকৰে। বক্তৃতাৰ যি মাৰ্জিত আৰু ৰসগ্ৰাহী আংগিক তাক ইন্দিৰা মিৰিয়ে সচেতন ভাৱে পালন কৰে। কবলৈ শংকাবোধ নকৰো যে এইগৰাকী প্ৰবীণা মহিলাৰ কথা-বতৰাত, আচৰণ-বিচৰণত কেতিয়াও সগৰ্ব আত্মতুষ্টি পৰিলক্ষিত হোৱা মই দেখা নাই। নিচেই কাষৰ পৰা তেখেতক আমি পাইছো (মই আৰু মোৰ স্ত্ৰী শ্ৰীমতী জিনু গোস্বামী)। ক’তো, কাহানিও তেখেতৰ কৃত্ৰিমতা দেখা নাই, ক’তো আতিশয্য দৃষ্টি গোচৰ হোৱা নাই।
ইন্দিৰা মিৰি বাইদেৱে স্বৰ্গীয় জীৱেশ্বৰ গোস্বামীৰ মৃত্যু দিবস ৮ এপ্ৰিল ১৯৯৯ চন পালন উপলক্ষে শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰই আয়োজন কৰা মহাপুৰুষ শংকৰদেৱৰ ৫৫০ তম গুৰু-জয়ন্তীৰ লগত সংগতি ৰাখি “সত্ৰীয়া নৃত্যত হস্ত” শীৰ্ষক বক্তৃতা অনুষ্ঠানত উদ্বোধকৰ ভাষণ দিছিল। এই সাৰগৰ্ভ বক্তৃতাটো মই টেপ কৰি ৰাখি থৈছো। তেখেতে মানুহৰ তামসিক, ৰাজসিক প্ৰবৃত্তিৰ বাহিৰেও যি সাত্বিক প্ৰবৃত্তি আছে, তাক আন্তৰিকতাৰে অনুশীলন কৰিবলৈ আহবান জনাইছিল। তেখেতে কৈছিল, “মনুষ্য জীৱন অতি মূল্যবান। অকল পাৰ্থিৱ অৱদানে ইয়াক মহীয়ান কৰিব নোৱাৰে। তামসিক আৰু ৰাজসিক বিষয় বাসনা নিয়ন্ত্ৰণ কৰিবলৈ আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন। ভাৰতীয় আদৰ্শত ইয়াক উচ্চ স্থান দিয়া হৈছে - সৰ্বমংগল কামনাৰে। গুৰু জনাই সেয়েহে কৈছে, “মুখে বোলা ৰাম হৃদয়ে [ ৮০ ] ধৰা ৰূপ ----” ইয়াৰ অৰ্থ সাংসাৰিক ধৰ্ম পালন কৰিও আমি আধ্যাত্মিক চিন্তাৰে মনত শান্তি বিলাব পাৰো। ভক্তি আৰু সংস্কৃতিৰ ভিন্নতা থাকিলেও উদ্দেশ্য কিন্তু অভিন্ন। আমি বিজ্ঞান যুগত বাস কৰিও আমাৰ আধ্যাত্মিক সংযোগ অক্ষয় কৰি ৰাখিব পাৰো। আমাৰ পবিত্ৰতা ৰক্ষা কৰাটো আমাৰ সংস্কৃতি; সত্ৰীয়া সংস্কৃতি জীয়াই ৰখা মানেই জীৱেশ্বৰ গোস্বামীৰ দৰে সাধকসকলক অমৰ কৰি ৰখা। এইটো অসমীয়া জাতিৰ মহৎ কৰ্ত্তব্য। অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিবলৈ অসমীয়া কলা-কৃষ্টিৰ পবিত্ৰতা ৰক্ষা কৰি এইবোৰ আধ্যাত্মিক ভাৱেৰে, শুদ্ধ চিত্তেৰে, সাৰ্থক ৰূপত চৰ্চ্চা কৰিব লাগিব। আমি ভ্ৰষ্ট হৈ পৰিলে, লাজৰ সীমা নাথাকিব।” ইন্দিৰা মিৰি বাইদেউৰ বক্তৃতাটোত তেখেতৰ মানৱ জীৱনৰ শাশ্বত সত্ত্বা সুন্দৰ ভাবে ব্যাখ্যা হৈছিল। মুগ্ধ হৈছিল সমূহ শ্ৰোতা।
ইন্দিৰা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছো।
শ্ৰীশকুন্তলা চৌধাৰী⸺
স্কুলীয়া জীৱনৰ পৰাই আজি প্ৰায় ষাঠী বছৰ কালে শ্ৰদ্ধেয়া ইন্দিৰা বাইদেউৰ স্নেহাশীষ ভৰা সান্নিধ্যই মোক মুগ্ধ কৰিছে।
১৯৪১ চনতে পাণ বজাৰ ছোৱালী হাই স্কুলত বাইদেউক মই শিক্ষয়িত্ৰী ৰূপে পাইছিলো আৰু এয়ে আছিল বাইদেউৰ লগত মোৰ প্ৰথম পৰিচয়। তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰী। বাইদেৱে আমাক ইংৰাজী পঢ়াইছিল। মৰম সনা মাতেৰে ধীৰে – সুস্থিৰে কৰা পাঠ দানে, আমাৰ মন খন্তেকতে একাগ্ৰ কৰিছিল। বাইদেউৰ ইংৰাজী উচ্চাৰণ তেতিয়াও আছিল শুদ্ধ, স্পষ্ট, সুৱলা আৰু অনুকৰণীয়। পঢ়াই থাকোতে আমি মুগ্ধ হৈ শুনি গৈছিলোঁ আৰু এটা ঘন্টা কেনি পাৰ হৈছিল, গমকে নাপাইছিলোঁ।
ইয়াৰ পিছত মই ১৯৪৭ চনত কস্তুৰবা ট্ৰাষ্টৰ কামত নিযুক্ত হওঁ। বাইদেউ অৰুণাচলৰ পৰা গুৱাহাটীলৈ অহাৰ পিছৰ পৰাই তেখেতৰ অধিক সান্নিধ্যলৈ আহোঁ আৰু সঘনে লগ পাবলৈ ধৰোঁ, কাৰণ আমাৰ শ্ৰদ্ধেয়া অমল প্ৰভা বাইদেউ কলিকতাৰ কলেজত পঢ়ি থকা কালত ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ আহে। অমল বাইদেউ আছিল আমাৰ "Friend philosopher and guide"। বাইদেউ আমাৰ ইমান প্ৰিয় আছিল যে, কোনোবাই বাইদেউক মৰম সনা মাতেৰে মাতিলে, আত্মীয়তা প্ৰকাশ কৰিলে, আমি স্বাভাৱিকতে সেইগৰাকীৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো। অমল বাইদেউ আছিল ইন্দিৰা বাইদেউৰ মৰমৰ “মনুমা”। দুয়ো গৰাকীৰ বয়সৰ তাৰতম্য অধিক নাছিল যদিও, ইন্দিৰা বাইদেৱে যেন মাতৃত্বৰ স্নেহেৰেই বাইদেউক চাইছিল। প্ৰকৃততে ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ [ ৮১ ] যেয়ে আহে, তেওঁকেই মাতৃসুলভ মৰমেৰে মোহে। আমি শৰণীয়া আশ্ৰমৰ ভণী সকলেও বাইদেউৰ মাতৃসুলভ স্নেহ পাই আহিছোঁ।
সচৰাচৰে অমল বাইদেৱেও শৰণীয়া আশ্ৰমত পতা সভা-সমিতিলৈ সদায় ইন্দিবা বাইদেউ অহাটো কামনা কৰিছিল। সেয়ে আমি এতিয়াও আমাৰ মাজত ইন্দিৰা বাইদেউক বিচাৰো। বাইদেউৰ পাণ্ডিত্যপূৰ্ণ শুৱলা ভাষণে সকলোকে মোহে; নানা জনৰ উদ্ধৃতিৰে দিয়া সেই চমু অথচ সাৰুৱা ভাষণে আমাকো অতিকৈ মুগ্ধ কৰে।
শৰণীয়া আশ্ৰমত প্ৰায়ে একোখন সভাত এফালে অমল প্ৰভা বাইদেউ, আনফালে পুষ্পলতা বাইদেউ আৰু সোঁ মাজত ইন্দিৰা বাইদেউ বহিছিল। সভাৰ সভানেত্ৰীও ইন্দিৰা বাইদেউকে পাতি ভাল পাওঁ। বাইদেৱে কয়, “তোমালোকে মোক কিয় মাতা?” কেতিয়াবা বাইদেৱে আহিবলৈ আপত্তি দৰ্শায় যদিও পিছ মুহূৰ্ত্ততে ওলায়হি; বাইদেৱেও আমাক এৰিব নোৱাৰে আৰু আমিও বাইদেউক এৰিব নোৱাৰোঁ। এনে অভিন্ন হৃদয়ৰ বাইদেউ গৰাকীক, অমল প্ৰভা বাইদেৱে এৰি যোৱাৰ পিছত, আমাৰ মনে যেন আৰু নিবিড় ভাৱে পাবলৈ বিচাৰে। যেন অমল বাইদেউৰ অবৰ্ত্তমানত অনুভৱ হোৱা অভাৱ খিনি, ইন্দিৰা বাইদেৱেহে পূৰণ কৰিব পাৰে, আমাৰ এনে ভাৱ হয়।
বিহুৱে-পাৰ্বণে আমাৰ বাইদেউৰ ওচৰ পাবলৈ ইচ্ছা হয়। যোৱাৰ সুযোগ নহ'লে, টেলিফোন যোগেৰেই মৰম সেৱা জনাওঁ।
বহু দিন বাইদেউৰ ওচৰলৈ যোৱাটো নহ'লে নাইবা ফোন যোগেও খা-খবৰ লোৱা নহ'লে, বাইদেৱে মৰমৰ অভিযোগ সনা সুৰত কয়, “তোমালোকে দেখোন মোৰ খবৰকে নকৰা হ'লা, মই মৰিলেহে বোধকৰো ফুল দিবলৈ আহিবা।” এনে এষাৰ কথা শুনিলে ইমান যে বেয়া লাগে লগতে নিজকে অপৰাধী যেনো লাগে।
বাইদেউ যেন সু-স্বাস্থ্যৰে সুদীৰ্ঘ কাল আমাৰ মাজত থাকে, সদায় যেন মাতৃ স্নেহেৰে আমাক আৱৰি ৰাখে — ঈশ্বৰৰ ওচৰত আমাৰ এয়ে আন্তৰিক প্ৰাৰ্থনা।
শ্ৰীশুচিতা ৰায়চৌধুৰী⸺
কোনো এখন জ্যোতিষ শাস্ত্ৰত পাইছিলোঁ, যিগৰাকী পূৰ্ণবয়ষ্ক ব্যক্তিৰ হাতৰ তলুৱা ফুলৰ দৰে কোমল তেওঁ অশেষ প্ৰতিভাশালী আৰু বৰণীয় হয়। মই মোৰ জীৱনত তেনে একাজলি ফুলৰ দৰে কোমল তিনিখন হাতৰ স্পৰ্শ পাই ধন্য হৈছোঁ। সেই তিনিজন ব্যক্তিৰ এজন হৈছে মোৰ পিতৃদেৱ অম্বিকাগিৰি ৰায় চৌধুৰী, দ্বিতীয় জন হৈছে স্বতন্ত্ৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহেৰু আৰু তৃতীয় গৰাকী অসমৰ এক বৰেণ্যা নাৰী শ্ৰীমতী ইন্দিৰা মিৰি। এই তিনিও গৰাকী ব্যক্তিৰে হৃদয় একো [ ৮২ ] আঁজলি ফুলৰ পাহিৰ দৰেই কোমল, মানুহ আৰু সৃষ্টি-প্ৰপঞ্চৰ প্ৰতি নিভাজ দৰদেৰে আদ্ৰহ্ল
ইন্দিৰা মিৰি বাইদেউক প্ৰথম দেখিছিলোঁ, তেখেত নেফাত থাকোতে নেফাৰ শিক্ষা-ব্যৱস্থাৰ বেদনাভৰা কাহিনী বৰ্ণাবলৈ যেতিয়া পিতৃদেৱৰ ওচৰলৈ আহিছিল। ওচৰ চাপিলোঁ যুৱ নিবাস সন্থাৰ মহিলা নিবাসটো নাৰেঙ্গীত সজাৰ আগে আগে। তেতিয়া মই যুৱ নিবাস সন্থাৰ সাধাৰণ সম্পাদিকা আৰু তেখেত উক্ত সন্থাৰ সভানেত্ৰী। উক্ত মহিলা নিবাসটো নিৰ্ম্মাণ কৰিবলৈ ভাৰত চৰকাৰৰ পৰা প্ৰায় ২০ লাখ টকাৰ আঁচনিখনত অনুমোদন সহ ১ম কিস্তিৰ প্ৰায় ২.৫০ আঢ়ৈ লাখ টকাৰ মঞ্জুৰীটো আহি পাইছিল। মই তেতিয়া অসম খাদী-গ্ৰামোদ্যোগ বোৰ্ডৰ পৰা গৈ গুৱাহাটী আদালতত ১ ম শ্ৰেণীৰ দণ্ডাধীশ। তেতিয়া কামৰূপৰ উপায়ুক্ত আছিল বিখ্যাত ভাৰতীয় প্ৰশাসনীয় বিষয়া বি পি সিং। আঁচনিখন কাৰ্য্যকৰী কৰাৰ সন্দৰ্ভত কামৰূপৰ উপায়ুক্তক অধ্যক্ষ হিচাবে লৈ এখন কমিটি গঠন কৰা হ’ল। ইন্দিৰা মিৰি বাইদেউৰ পৰামৰ্শ মতেই অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰয়াত বিৰাজ মোহন চক্ৰৱৰ্ত্তী আৰু একে পদৰে প্ৰয়াত কমলেশ্বৰ বৰুৱাক সেই কমিটিৰ সদস্য কৰি লোৱা হৈছিল। উক্ত কমিটিয়ে দিয়া দিহা অনুসৰি হয় অসম চৰকাৰৰ নিৰ্ম্মাণ নিগম, যাক থোৰতে এ জি চি চি বুলি জনা যায়, নহয় অসম গড় কাপ্টানী বিভাগক মহিলা নিবাস নিৰ্ম্মাণৰ দায়িত্ব দিয়াৰ ব্যৱস্থা কৰা হ’ল। নিৰ্ম্মাণ নিগমে নিৰ্ম্মাণ ব্যয়ৰ ২৫% অংশ বিভাগীয় খৰচ হিচাবে কাটি ৰাখে বাবে শেষত গড় কাপ্টানী বিভাগকে কামটো সঁপি দিয়া হ'ল। ভাৰত চৰকাৰে অনুমোদন দিয়া আঁচনিবোৰৰ খৰচৰ এটা বুজন অংশ আঁচনি সম্পাদন কৰা প্ৰতিষ্ঠানে বহন কৰিব লাগে। যুৱ নিবাস সন্থাৰো সেয়ে হৈছিল। নিৰ্ম্মাণ ব্যয়ৰ সন্থাৰ ভাগত পৰা অংশটোৰ বাবে ৰাইজৰ পৰা বৰঙণি তোলাৰ ক্ষমতা নাছিল বাবে আমি চৰকাৰৰ ওচৰ চাপিব লগীয়া হৈছিলো। সেইখিনি সময়ত ইন্দিৰা মিৰি বাইদেৱে যি প্ৰচণ্ড প্ৰাণ শক্তিৰে মোক পৰিচালিত কৰিছিল তাৰ কথা ভাবিলে আজিও মই বিস্ময়াভিভূত হৈ পৰো। দায়িত্ব, কৰ্ত্তব্য আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি ইমান গভীৰ নিষ্ঠা আৰু সচেতনতা দেখি মোৰ মন শুদ্ধাত দোঁ খাই পৰিছিল। তেতিয়া এ জি চি চি ৰ মুখ্য অভিযন্তা আছিল হৰেণ চক্ৰৱৰ্ত্তী, গড় কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা ভৱদেৱ শৰ্ম্মা আৰু কাৰ্য্যবাহী অভিযন্তা আছিল শৈলেন শীল। এখেতসকলক দপ্তৰত লগ ধৰি সকলো কথা বিতং ভাৱে আলোচনা কৰাটো সুবিধাজনক নোহোৱা বাবে বাইদেৱে পুৱা ৫ পাঁচ বজাতে আমাৰ ঘৰলৈ আহি মোক তেওঁলোকৰ ঘৰে ঘৰে লৈ ফুৰিছিল। আমি কামটো খতি-খুন নথকা মজবুত অথচ কম খৰচতে হোৱাটো বিচাৰিছিলোঁ। গতিকে প্ৰথম শ্ৰেণীৰ সৎ ঠিকাদাৰ বিচাৰি বিখ্যাত মাধৱ বৰাৰ ঘৰো ওলাইছিলোঁ। ঘৰটোৰ নক্সা, প্ৰাক্কলন আদি এতিয়া কাৰিকৰী শিক্ষাৰ অতিৰিক্ত সঞ্চালক বিশ্ব দত্ত (স্থপতিবিদ) আৰু তেতিয়াৰ কাৰ্য্যবাহী অভিযন্তা পাঠান হাজৰিকাই (পোছাকী [ ৮৩ ] নামটো মনত পৰা নাই) কৰি দিছিল যদিও শ্ৰীহাজৰিকাৰ প্ৰতি এই ক্ষেত্ৰত কোনো বিভাগীয় নিৰ্দেশ নাছিল। তেওঁ বিপদত পৰাৰ ভয়তে কামটো নিয়মিত কৰাবলৈ বাইদেউৰ লগত দপ্তৰীয় কৰ্মচাৰী বিষয়া সকলৰ মেজে মেজে ঘূৰি ফুৰিব লগা হৈছিল। আনফালে অনুদানৰ ধনৰ লগত অনুষ্ঠানে দিব লগা পৰিপূৰক পূজিটো দান সংগ্ৰহৰ জৰিয়তে গোটোৱাটো সাধাৰণ সম্পাদিকা হিচাবে মোৰ নিজা দায়িত্ব আছিল যদিও এই ক্ষেত্ৰত মই তেনেই অপাৰগ বাবে চৰকাৰী স্হায় বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰ চাপিব লগা হৈছিল। তেতিয়া অসমৰ মুখ্য মন্ত্ৰী আছিল শ্ৰদ্ধেয় শৰৎ চন্দ্ৰ সিংহ, সমাজ কল্যাণ মন্ত্ৰী মোহিনী ব্ৰহ্ম আৰু পৰিকল্পনা মন্ত্ৰী আছিল ছত্ৰ সিং টেৰণ। মই প্ৰথমে তেতিয়াৰ পৰিকল্পনা বিভাগৰ সচিব কিষণ চাইগলৰ ওচৰ চাপিলোঁ। তেওঁ একে আষাৰে ধন নাই বুলি কলে। তেতিয়া আমি মন্ত্ৰী সকলৰ ওচৰ চপাৰ সিদ্ধান্ত ললোঁ। অৱশেষত মুখ্য মন্ত্ৰী ডাঙৰীয়াই সমাজ কল্যাণ বিভাগৰ পৰিকল্পনা শিতানৰ পৰা খৰচ নোহোৱাকৈ পৰি থকাৰ আশঙ্কা থকা পূঁজিৰ পৰা এক লাখ পয়সত্তৰ হেজাৰ টকাৰ এটা মঞ্জুৰী কেন্দ্ৰীয় অনুদানৰ পৰিপূৰক হিচাবে যুৱ নিৱাস সস্থালৈ আগবঢ়োৱাৰ ফলত স্বেচ্ছাসেৱী অনুষ্ঠানে সজা অসমৰ প্ৰথম মহিলা নিবাসটো সাজি উলিওৱা সম্ভৱপৰ হ’ল। বাকী পৰিপূৰক খৰছটো গড় কাপ্টানী বিভাগে এনেবোৰ কামত বিভাগীয় খা-খৰছৰ শিতানত লোৱা অংশটো ৰেহাই দিয়াত কামটো সম্পাদন কৰাত সহায়ক হ'ল। আজি এই নিবাসটোত ডেৰশৰ ওপৰ মহিলাই আবাসিক সুবিধা পাই আছে। এই আটাইখিনি কামতে শ্ৰীমতী ইন্দিৰা মিৰি বাইদেৱে বিনা বাক্য ব্যয়ে আৰু অতি আগ্ৰহেৰে মোৰ লগত দপ্তৰে দপ্তৰে টলৌ টলৌ কৈ যেনেদৰে ঘূৰি ফুৰিছিল, আন অৱসৰ প্ৰাপ্ত উচ্চপদস্থ বিষয়াই সেইটো কৰিলেহেঁতেন নে নাই তাত সন্দেহ আছে। তেতিয়াৰ পৰাই মই তেওঁক মাতৃবৎ জ্ঞান কৰি আছোঁ – যদিও মাতোঁ বাইদেউ বুলি।
শিক্ষা বিষয়ক কোনো কথা হ'লে বাইদেউৰ উৎসাহৰ অন্তনাই। হাড়ে-হিমজুৱে শিক্ষক। অসমৰ প্ৰসিদ্ধ প্ৰশাসনীয় বিষয়া স্বৰ্গীয় খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ প্ৰতিটোপা তেজত অসম-প্ৰেমৰ উত্তপ্ততা আছিল; সেয়ে পিতৃদেৱৰ মৃত্যুৰ পিছত অসম যুৱক সমাজৰ সভাপতিৰ পদ তেখেতেই পাইছিল। ১৯৭৭-৭৮ চনত অসম যুৱক সমাজৰ উৎসাহী কৰ্মী অনন্ত শৰ্মা, ভাৰত চন্দ্ৰ দাস আদিয়ে খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ সভাপতিত্ব আৰু পৰমেশ্বৰ শৰ্মাৰ উপ-সভাপতিত্বত গুৱাহাটীৰ পূব অঞ্চলত এখন ছোৱালী মহাবিদ্যালয় পাতিবলৈ যো-জা কৰিলে। উক্ত কমিটিৰ সম্পাদিকাৰ দায়িত্ব ৰাইজে মোকেই দিলে। মহাবিদ্যালয়ত ছাত্ৰীৰ নাম ভৰ্ত্তিৰ সময় আহিল, কিন্তু আমি শ্ৰেণী আৰম্ভ কৰিবলৈ কোনো ঠাই যোগাৰ কৰিব পৰা নাই। মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকীৰো প্ৰয়োজন। কমিটিয়ে অধ্যক্ষা হিচাবে [ ৮৪ ] ইন্দিৰা বাইদেউক মনোনীত কৰি থৈছে। স্থানৰ সমস্যাটো বাইদেউৰ লগত আলোচনা
কৰোঁতে বাইদেৱে তেখেতৰ থকা ঘৰৰ আহল-বহল ডাঙৰ কোঠাটোতেই নাম ভৰ্ত্তি আৰু প্ৰথম শ্ৰেণী কেইটা আৰম্ভ কৰাত সন্মতি প্ৰদান কৰিলে। পৰমেশ্বৰ শৰ্মা, আনন্দেশ্বৰ শৰ্মা, ইন্দিৰা মিৰি বাইদেউ—আটায়ে তাতে শ্ৰেণীত পাঠ দানৰ কাম আৰম্ভ কৰিলে। তাৰ কিছুদিন পাছতহে কন্যা মহাবিদ্যালখন চিৰিয়াখানা পথৰ খৰ্গেশ্বৰ শৰ্মাৰ দুমহলীয়া ভাৰা ঘৰটোলৈ স্থানান্তৰিত কৰা হ’ল। তাতো বাইদেৱে ৰাতিপুৱা ৭ সাত বজাতে গৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। কোনোদিনেই তাত যতি পৰা নাছিল। নাৰেঙ্গীৰ ‘অঙ্কুৰ’ বিদ্যালয় আৰু ছয় গাঁৱৰ ভিতৰুৱা গাওঁখনৰ বিদ্যালয়খন আৰম্ভ কৰাতো বাইদেউৰ উৎসাহৰ অন্ত নাছিল। এয়ে শিক্ষাব্ৰতী ইন্দিৰা মিৰি। তেখেতলৈ মোৰ শত সহস্ৰ প্ৰণাম।
ড° ৰেণু দেৱী⸺
এগৰাকী মাতৃ আৰু শিক্ষয়িত্ৰীৰ কি কি গুণ থকা দৰকাৰ সেই সম্পৰ্কে স্পষ্ট ধাৰণা থাকিলেও মই যে সেই সকলোবোৰ গুণৰ অধিকাৰিণী নহয় সেই কথা জানিছিলো আৰু সেইবোৰ গুণ আয়ত্ব কৰিবলৈ যত্ন কৰিছিলো। মাতৃৰ মমতাৰে শিক্ষাৰ্থীক চাব নেজানিলে তেওঁলোকৰ পৰা বিশ্বাস আৰু শ্ৰদ্ধা পাবলৈ টান হয়। অনুকৰণ প্ৰিয় ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ জ্ঞান, চৰিত্ৰ, আদৰ্শ আৰু মূল্যবোধক সাৱধানে নিৰীক্ষণ কৰি অনুকৰণ কৰিবলৈ বিচাৰে। শিক্ষক-শিক্ষাৰ্থীৰ বিদ্যায়তনিক সম্বন্ধই শিক্ষাৰ্থীৰ অপৰিপক্ক মনক এক সুস্থ জীৱন-বোধৰ সন্ধানত সহায় কৰে বাবেই কৃতজ্ঞ শিক্ষাৰ্থীয়ে কৰ্ম্ম-জীৱনত শিক্ষকৰ অৰিহণা কৃতজ্ঞতাৰে স্বীকাৰ কৰে।
মাতৃৰ মমতাৰে বহুতো শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ দিয়া এগৰাকী শিক্ষয়িত্ৰী, শিক্ষা-প্ৰশাসিকা আৰু সমাজ-সচেতনা নাৰীৰ বিষয়ে দুআষাৰ লিখিব খুজিছো, যিগৰাকী মোৰ শিক্ষয়িত্ৰী নাছিল যদিও শিক্ষয়িত্ৰীৰ প্ৰাপ্য সকলো শ্ৰদ্ধা, সন্মান মই তেওঁক যাচিছিলো, যাৰ সৈতে মোৰ একপ্ৰকাৰ আত্মিক যোগাযোগ হৈছিল। তেখেত হৈছে শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউ। তেখেতৰ লগত মোৰ বয়সৰ ব্যৱধান হয়তো বাইশ বছৰ মান হব; কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰিবলৈ মন যেন আজিও উৎকণ্ঠিত হৈ থাকে। মই বাইদেউক তেখেতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতহে ঘনিষ্ঠ ভাৱে পাইছিলো; কিন্তু সৰুৰে পৰা বাইদেউৰ মেধা, সাহস আৰু ধৈৰ্য্যৰ কথা বিভিন্ন জনৰ মুখৰ পৰা শুনিছিলো। অকালতে স্বামীক হেৰুওৱা মানুহ গৰাকীয়ে তিনিটা সন্তান বুকুত বান্ধি তেওঁলোকৰ শিক্ষাৰ লগতে নিজৰো শৈক্ষিক অৰ্হতাৰ উৎকৰ্ষ সাধন কৰাটো কম কষ্টকৰ কাম নাছিল।
মই ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে সোমোৱাৰ পাছত বি [ ৮৫ ] টি ৰ পাঠ্যক্ৰম পৰিবৰ্ত্তন সম্পৰ্কে পতা এখন সভাত বাইদেউক প্ৰথম লগ পাইছিলো। ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সভাপতিত্বত বহা সেই সভাখনত বাইদেৱে আগবঢ়োৱা পৰামৰ্শ ড° বৰুৱা চাৰে গুৰুত্ব সহকাৰে শুনা দেখি মই আচৰিত হৈ তেখেতক নিৰীক্ষণ কৰিছিলো। হাত দীঘল বগা ব্লাউজ আৰু শুভ্ৰ মেখেলা চাদৰ পিন্ধা মানুহ গৰাকীৰ স্পষ্ট মাত, যুক্তিপূৰ্ণ কথা শুনি মোৰ মন স্বাভাবিকতে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। সভাৰ শেষত ওপৰ তলাত থকা শিক্ষা বিভাগলৈ আহোতে প্ৰফেছাৰ কৰ চাৰে মোক তেখেতৰ সৈতে চিনাকী কৰি দিছিল। খৰধৰকৈ খোজ কঢ়া সেই তজ্বজীয়া মানুহ গৰাকীৰ বয়স তেতিয়া পঞ্চাছৰ ওচৰ চপা বুলি ভাবিবই পৰা নাছিলো।
বাইদেউৰ অধ্যয়ন প্ৰিয় মনটোৰ পৰিচয় পাইছিলো বি টি পৰীক্ষাত স্কুলত শিক্ষকৰ পাঠদানৰ পৰীক্ষা লোৱা সময়ত। এবাৰ এজন শিক্ষকে ‘সাহজাহান' পাঠটো ভালদৰে পঢ়ুৱাব নোৱাৰাত বিৰতিৰ সময়ত ইন্দিৰা বাইদেউ আৰু কৰ চাৰে সেই সম্পৰ্কে আলোচনা কৰিছিল। মই আছিলো শ্ৰোতা। বাইদেৱে ৰবি ঠাকুৰৰ ‘সাহজাহান’ কবিতাটো সুন্দৰকৈ আবৃত্তি কৰাৰ পিছতে চাৰেও তাজমহল সম্পৰ্কে এটা কবিতা আবৃত্তি কৰিছিল। কবিতা আবৃত্তিৰ মাজেৰেও যে একোটা পাঠ শিক্ষাৰ্থীৰ বাবে মনোগ্ৰাহী কৰি তুলিব পাৰি সেই শিক্ষা তেখেতসকলৰ সেই দিনাৰ আলোচনা আৰু আবৃত্তিৰ পৰা মই পাইছিলো।
বাইদেৱে চল্লিছৰ দশকতে নেফাত শিক্ষা-বিষয়া ৰূপে কাম কৰিবলৈ আগবাঢ়ি গৈছিল। নেফাৰ দুৰ্গম অঞ্চলত পাহাৰীয়া জনজাতিৰ মাজত শিক্ষা বিস্তাৰ কৰাটো তেওঁ এক প্ৰত্যাহবান হিচাপে লৈছিল। সেই সহজ সৰল দুখীয়া মানুহখিনিৰ লগত থাকি তেখেতে বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিল। সাধাৰণতে ধন আৰু ক্ষমতাই মাতি অনা প্ৰলোভনৰ পৰা নিজকে আতৰাই ৰাখি ইমান নিষ্ঠা আৰু সততাৰে কাম কৰা ব্যক্তি আজিৰ যুগত বিৰল।
অৱসৰৰ পিছত বাইদেৱে গুৱাহাটীত বসবাস কৰিবলৈ অহাৰ পৰা তেখেতক সঘনে লগ পোৱা হৈছিলো। সেই সময়ত ড° প্ৰফুল্ল দত্ত গোস্বামী, ড° বীৰেণ গোস্বামী, নগেন কলিতা প্ৰমুখ্যে লোকসকলৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত নতুনকৈ স্থাপন হোৱা বাণী কান্ত বি টি কলেজৰ অধ্যক্ষা হবলৈ ইন্দিৰা মিৰি বাইদেউক আমন্ত্ৰণ জনাই তেখেতসকলে দূৰদৰ্শিতাৰ কাম কৰিছিল। বাইদেৱে দুবছৰ মানৰ ভিতৰতে কলেজখন পূৰ্ণা! ৰূপত গঢ় দি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল। বাইদেউ নীতিনিষ্ঠ হোৱাৰ লগতে অনুশাসন আৰু নিয়মানুবৰ্তিতাতো বিশেষ গুৰুত্ব দিছিল। তেখেতে নিজে সময়মতে শ্ৰেণীত উপস্থিত হোৱাৰ কাৰণে প্ৰশিক্ষাৰ্থী সকলো সময়ানুবৰ্ত্তী হবলৈ বাধ্য হৈছিল। বাইদেউৰ তত্ত্ব বিশ্লেষক বক্তৃতাও শ্ৰুতিমধুৰ আছিল বাবে শ্ৰেণীত উপস্থিতি সন্তোষজনক আছিল। চিৰদিন অনুশাসন মানি চলা মানুহগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলে ঘৰৰ কাম নিয়মিত ভাৱে [ ৮৬ ] কৰা, পাঠটোকা সময় মতে প্ৰস্তুত কৰা, শিক্ষাৰ আহিলা পাতি নিজে প্ৰস্তুত কৰি বিষয়-শিক্ষকক সময় মতে দেখুওৱা আদি কথাত গুৰুত্ব দিছিল। তেখেতৰ সুদক্ষ পৰিচালনাত সচাকৈয়ে কলেজখনৰ শৈক্ষিক পৰিবেশ যথেষ্ট উন্নত হৈছিল।
বাণীকান্ত বি টি কলেজত অধ্যক্ষা হিচাপে থকাৰ সময়ৰে পৰা বাইদেউৰ লগত মোৰ যোগাযোগ বেছিকৈ হৈছিল। বিশ্ববিদ্যালয়ৰ কোনোবা সভালৈ আহিলে পোনতে মোৰ বহা কোঠাত সোমাই বিশ্ববিদ্যালয়ৰ বিভিন্ন কথা আৰু সমস্যা জানিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল। মই বিভাগীয় মূৰব্বী হোৱাৰ পিছৰে পৰা বাইদেউৰ লগত মোৰ বৌদ্ধিক সম্বন্ধ গাঢ় হৈ পৰিছিল। আলোচনা-চক্ৰ পাতিলে ইন্দিৰা বাইদেউ, পুষ্পলতা দাস আৰু নীলিমা দত্ত বাইদেউক নিমন্ত্ৰণ কৰি আনি উঠি অহা ল’ৰা ছোৱালীহঁতক তেখেতসকলৰ সাৰগৰ্ভ ভাষণ আৰু ব্যক্তিত্বৰ সৈতে চিনাকী কৰি দিব বিচাৰিছিলো। প্ৰচাৰ বিমুখ এই মহিলা গৰাকী স্পষ্টবাদী যদিও কাকো বেয়াকৈ নকৈছিল।
যোৱা বিজয়া দশমীৰ দিনা নব্বৈ বছৰ সম্পূৰ্ণ কৰা মানুহ গৰাকীয়ে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাসমূহ ৰোমন্থন কৰিবলৈ আজিও মানসিক ভাৱে সুস্থ হৈ আছে। এই বয়সতো তেখেতেৰ আশাবাদী মনটোৱে আমাক উৎসাহ আৰু প্ৰেৰণা দিয়ে কাম কৰি যাবলৈ। তেখেতৰ সান্নিধ্যত মই বিভিন্ন ধৰণে উপকৃত হৈছো। মই লিখা ‘আধুনিক শিক্ষা নীতি আৰু তত্ত্ব' খনৰ সম্পাদনা কালত তেখেতে যিখিনি উপদেশ দিছিল সেইখিনি মোৰ বাবে আছিল আৰ্শীবাদ। অসমৰ শিক্ষা জগতত এনে এক বিৰল প্ৰতিভা ও ব্যক্তিত্বৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছো।
শ্ৰীসূৰবালা পাতিৰ ⸺
শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ দেওৰেক শ্ৰীৰজনী কান্ত পাতিৰে মোক বিয়া কৰাই তেখেতৰ বৌৱেক ইন্দিৰা মিৰি বাইদেউৰ কৰ্ম্মস্থান মাৰ্ঘেৰিটাৰ ঘৰত থৈ গৈছিল। মই মিৰি বাইদেউৰ লগত ডেৰ মাহ আছিলোঁ।
মিৰি বাইদেউ মোতকৈ বহুত শিক্ষিত যদিও মোক বৰ মৰমেৰে একো অসুবিধা নোপোৱাকৈ লগত ৰাখিছিল। মই সৰু ‘জা' হিচাপে তেখেতৰ পৰা যি মৰম-চেনেহ পাব লাগে সেই সকলো পাইছিলোঁ। অকল মোক বুলিয়েই নহয়, বাইদেউৰ চৰকাৰী ঘৰৰ ওচৰতে তেখেতসকলৰ এডুকেচন ডিপাৰ্টমেন্টে অৰ্ফেন স্কুল এখন লগত বৰ্ডিঙেৰে সৈতে খুলিছিল। তাৰে সৰু সৰু ল’ৰা-ছোৱালীবোৰ পুৱা গধূলি মিৰি বাইদেউৰ ঘৰত ‘মা’-‘মা’ বুলি মাতি দৌৰি ফুৰি থকা দেখিবলৈ পাইছিলোঁ। সিহঁতক মিৰি বাইদেউৱে যেতিয়াই সময় পায় কোলাত তুলি মাকৰ দৰে মৰম কৰা দেখিছিলোঁ; আৰু মিৰি বাইদেউৱে অৰ্ফেন স্কুলখনত [ ৮৭ ] কাম কৰা শিক্ষক আৰু অফিচ ষ্টাফকো খুব ভাল ব্যৱহাৰ কৰা দেখিছিলোঁ। সেই দৰে তেওঁলোকেও বাইদেউক খুব ভাল পাইছিল।
আজিও অৰুণাচলৰ ৰাইজে বাইদেউক পাহৰা নাই। আই মিৰি বা মা বুলি মনত পেলায়।
মই আজিলৈকে মিৰি বাইদেউৰ ওচৰত থাকি দেখিবলৈ পাইছোঁ যে কাৰোবাৰ অসুখ-বিসুখ বুলি খবৰ পালেই বাইদেৱে ততালিকে গৈ চাই আহে। নিজৰ দৈনন্দিন জীৱনৰ ৰুটিন খুব নিয়মীয়াকৈ চলাই থকাৰ কাৰণে ৯১ বছৰ বয়সতো সুস্থ শৰীৰে মেলে-মিটিঙে গৈ থকা দেখিবলৈ পাইছোঁ। তেখেতে সদায় সকলোকে মৰম মিঠা মাতেৰে মাত দিয়া শুনিবলৈ পাওঁ। এনে ধৰণৰ মহীয়সী মহিলা গৰাকীৰ ওচৰত আমি থাকিবলৈ পাই সুখী হৈছোঁ।
শ্ৰীপ্ৰীতি বৰুৱা ⸺
শ্ৰীযুতা ইন্দিৰা মিৰিক প্ৰথম লগ পাওঁ ১৯৭৫ চনৰ আন্তৰ্জাতিক নাৰী বৰ্ষৰ প্ৰস্তুতি পৰ্বত। আমি কে’বাগৰাকী এখন স্মৰণিকা প্ৰস্তুত কৰাৰ দায়িত্বত আছিলো। ইন্দিৰা মিৰি বাইদেউ আছিল তাৰ প্ৰধান সম্পাদিকা — স্মৰণিকা নামটো বাইদেৱেই স্থিৰ কৰে।
বাইদেউৰ ঘৰৰ পাছ বাৰান্দাত ডাঙৰ ঘূৰণীয়া মেজখনৰ চাৰিওফালে আমি বহিছিলো। বিভিন্ন জনৰ পৰা অনা প্ৰৱন্ধ, বিভিন্ন অঞ্চলৰ মুক্তি সংগ্ৰামত অংশ লোৱা সৰ্ব শ্ৰেণীৰ নাৰীৰ বিষয়ে টোকা, নানা কিতাপ পত্ৰ আলোচনী আদিৰে মেজখন ভৰি থাকিছিল। আৰু তাৰ মাজে মাজে চাহ জলপানৰ যোগান আছিলেই। গধূলিলৈকে আমি কাম কৰিছিলো। বাইদেৱে, সৰু হলেও আমাৰ মতামত শুনিছিল। তেখেতে নানা প্ৰস!ত নিজৰ অভিজ্ঞতাৰ কথাও কৈছিল। শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ কামকাজবোৰ ইমান প্ৰণালীবদ্ধ আৰু খৰতকীয়া আছিল যে নাৰী বৰ্ষৰ সামৰণিৰ লগে লগে সকলো কাগজ-পত্ৰ, পইচাটোলৈকে হিচাপ, স্মৰণিকাৰ সংখ্যাবোৰ অফিচত জমা দিয়ালৈকে সকলো কাম সমাধা কৰিছিল। তেখেতৰ কৰ্ম্ম পদ্ধতি আৰু কৰ্ম্ম শক্তিও আচৰিত হবলগীয়া। কৰ্ম্মস্পৃহাই ইয়াৰ মূল। সেই ১৯৭৫ চনৰ পৰাই বাইদেউৰ সান্নিধ্যলৈ আহিছো৷ এতিয়া বাইদেৱে নব্বৈ বছৰ অতিক্ৰম কৰিলে, এতিয়াও সতেজ দৃষ্টিভংগী, সচেতন মন, উদাৰনৈতিক চিন্তা আৰু মানুহৰ প্ৰতি পৰম শ্ৰদ্ধাৰ উমাল স্পৰ্শ অনুভৱ কৰি আপ্লুত হওঁ।
পিতৃদেৱ প্ৰয়াত সোণাধৰ ডাঙৰীয়া আছিল এগৰাকী গুণী-জ্ঞানী, ব্যক্তিত্বসম্পন্ন ৰাজবিষয়া। বাইদেউৰ শিক্ষা আৰম্ভ হৈছিল শ্বিলঙতে, পিতৃৰ স্নেহচ্ছায়াত। তেখেত নিজে এগৰাকী সংস্কৃতজ্ঞ আৰু সংস্কৃতিমনস্ক পুৰুষ বাবে প্ৰখৰ বুদ্ধিমতী প্ৰথমা কন্যাৰ প্ৰতি [ ৮৮ ] স্বাভাবিক স্নেহেৰেই তেখেতে শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰিছিল। বাইদেউৰ বিয়া হৈছিল মিচিং সম্প্ৰদায়ৰ অন্যতম তীক্ষ্ণধী ব্যক্তি প্ৰয়াত মহীচন্দ্ৰ মিৰিৰ লগত। প্ৰয়াত মিৰি এগৰাকী সৎ আৰু দক্ষ বন বিষয়া আছিল। স্বামীৰ অকাল মৃত্যুৰ পাছত তেখেতে বিলাতলৈ গৈ শিক্ষা বিষয়ত দুবছৰীয়া প্ৰশিক্ষণ লয়। এডিনবাৰ্গৰ পৰা সুখ্যাতিৰে বি এড ডিগ্ৰী লাভ কৰি উভতি আহে।
ইয়াৰ পৰবৰ্ত্তী কালৰ পৰা বৰ্ত্তমানলৈকে বাইদেৱে শিক্ষা আৰু সমাজ জীৱনত যিখিনি বৰঙণি আগবঢ়াইছে সি অতি মূল্যবান আৰু ৰোমাঞ্চকৰো৷ বাইদেউক তেতিয়াৰ নেফা (NEFA) ত শিক্ষা বিভাগৰ মুখ্য বিষয়া ৰূপে নিযুক্তি দিয়া হৈছিল। তেতিয়া সেই অঞ্চল দুৰ্গম ঠাই। যাতায়তৰ কোনো উপযুক্ত সুবিধা নাই, শিক্ষাৰ ব্যৱস্থা নাই বুলিলেই হয়। কিন্তু তেখেত মুঠেই নিৰুৎসাহ নহ’ল। কৰ্ত্তব্য নিষ্ঠা, সমাজৰ নিম্নতম সা-সুবিধাও নোপোৱা মানুহৰ প্ৰতি গভীৰ মমতা আৰু দায়িত্ববোধে বাইদেউক সততে উৎসাহিত কৰিছিল। মুষ্টিমেয় যি কেইগৰাকী অসমীয়া ডেকা শিক্ষকে বাইদেউৰ লগত কাম কৰিছিল সেই সকলৰ কথা তেখেতে অতি স্নেহ আৰু কৃতজ্ঞতাৰে আজিও সোঁৱৰে। কেবা মাইল ধৰি অটব্য অৰণ্যৰ মাজেৰে তেখেতসকলে দূৰ-দূৰণিৰ জৰাজীৰ্ণ আৰু মুষ্টিমেয় ছাত্ৰৰ স্কুলবোৰ চাবলৈ যাব লগা হৈছিল। কেতিয়াবা বাঘৰ আগত পৰিব লগা, কেতিয়াবা হাতীৰ খেদাও খাব লগা হোৱা, গছৰ ওপৰৰ পৰা থোপা থোপে তেজপিয়া জোকবোৰ গায়ে মূৰে সৰি পৰাৰ ভয়ঙ্কৰ অভিজ্ঞতাৰ কথা এতিয়া ৰোমাঞ্চকৰ সাধুকথাৰ দৰে বাইদেৱে কয়। এইদৰে বাইদেউ আৰু মুষ্টিমেয় অসমীয়া ডেকাৰ চেষ্টাত শিক্ষাৰ নাম গোন্ধ নোহোৱা নেফাই শিক্ষাৰ কাঁচিয়লি ৰ’দত নিজকে চিনিবলৈ লৈছিল, অসমীয়া ভাষাক মাতৃজ্ঞান কৰি অসমীয়া মাধ্যমত লিখা পঢ়া শিকিছিল। দহ বছৰ কাল সৰল সুন্দৰ জনজাতীয় ভাই-ভনী সকলৰ লগত কটাই, প্ৰকৃত স্নেহ আৰু নিষ্ঠাৰে তেওঁলোকৰ প্ৰতি সেৱা আগবঢ়াই বাইদেৱে কামত ইস্তফা দি গুছি আহে।
গুৱাহাটীৰ নাৰেঙ্গী অঞ্চলত কেন্দ্ৰীয় অৰ্থ সাহায্য আৰু দান-বৰঙণিৰে 'ৱৰ্কিং গাৰ্লচ্ হোষ্টেল' স্থাপনত শ্ৰীযুতা ইন্দিৰা মিৰি আৰু শ্ৰীমতী শুচিব্ৰতা ৰায়চৌধুৰীয়ে অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেত দুয়োগৰাকীৰ আশাসুধীয়া যত্নৰ ফলতেই আজি ই বহুতো চাকৰিজীৱী মহিলাৰ নিৰাপদ বাসস্থান হ'ব পাৰিছে। সেইদৰে দুয়োগৰাকীৰে প্ৰচেষ্টাত গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ো গঢ়ি উঠিছিল।
বাইদেউৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ প্ৰথম কালছোৱা অতিবাহিত হৈছিল শ্বিলঙত। মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰভাৱৰ মাজত থাকিও শ্বিলঙৰ ভিন্ন ভিন্ন ভাষা-সংস্কৃতিৰ পৰা সাৰ গ্ৰহণ কৰি এটা সুসংস্কৃত মনৰ অধিকাৰী হৈছিল। বৈবাহিক সূত্ৰে মিচিং সম্প্ৰদায়ৰ [ ৮৯ ] সৈতে সম্পৰ্ক স্থাপন হোৱা বাইদেৱে অগম্য মিচিং গাঁৱব জনজীৱনৰ প্ৰতি পৰম স্নেহ আৰু শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। বাইদেউৰ মুখে শুনিছিলো তেখেতৰ শহুৰ দলে মিৰিৰ শিক্ষাৰ প্ৰতি থকা একান্ত আগ্ৰহৰ কথা। নিজে লিখা পঢ়া নেজানিছিল যদিও মানুহজনে শিক্ষাৰ প্ৰতি অসীম ধাউতি বুকুত লৈ পুতেক মহীচন্দ্ৰক কান্ধত লৈ, ভায়েক বীৰুচন্দ্ৰক হাতত ধৰি কেবামাইলো দুৰ্গম বাটৰ বোকা পানী খচি আঁতৰৰ পঢ়াশালিলৈ অনা নিয়া কৰিছিল। অতি পৰিতাপৰ কথা যে স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত পঢ়ি থকা অৱস্থাতে বীৰুচন্দ্ৰৰ অকস্মাৎ অকাল মৃত্যু ঘটে। মিচিং সমাজৰ প্ৰথম বিজ্ঞান স্নাতক, প্ৰথম প্ৰশাসনীয় বিষয়া ৰূপে জাতিৰ মুখ উজলোৱা মহীচন্দ্ৰ মিৰিয়েও ভৰ ডেকা বয়সতে ইহলীলা সামৰে।
অস্তৰাগৰঞ্জিত জীৱনৰ বিয়লি বেলাতো ইন্দিৰা বাইদেউৰ মানসিক সজীৱতা, ব্যক্তিত্বৰ স্নিগ্ধতা, হৃদয়ৰ অন্তঃস্থলৰ পৰা উৎসাৰিত স্নেহস্পৰ্শৰ কোনো ব্যতিক্ৰম ঘটা নাই। বাইদেউৰ কাষত এখন্তেক বহিলেই মন ভৰি উঠে।
শতবৰ্ষৰ পুণ্যস্পৰ্শেৰে বাইদেউৰ জীৱন পাত্ৰ পূৰ্ণ হওঁক – ইয়াকে কামনা কৰোঁ।
ড° সুচিত্ৰা কাকতী ⸺
মোক যদি কোনোবাই কৃতী শিক্ষয়িত্ৰী বুলি কব খোজে তাৰ গুৰিতে আছে চিন্তাশীল ব্যক্তি তথা মানবীয় গুণৰাজিৰ উৎকৰ্ষ সাধন কৰি প্ৰকৃত মানুহ গঢ়োতা শ্ৰীযুতা ইন্দিৰা মিৰি। শিক্ষা জগতত বাইদেউৰ অৰিহণাৰ কথা সকলোৱে জানে। এগৰাকী সুবক্তা হিচাবে বাইদেউৰ খ্যাতি আছে। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাবে লোৱাত বাইদেৱে মোক অনুপ্ৰাণিত কৰিছিল। “মানুহ গঢ় দিয়া, উপযুক্ত মানুহ কেৱল শিক্ষকেহে গঢ়িব পাৰে --- ভাল শিক্ষক হব লাগে --- ত্যাগ কৰিব লাগে - - - -।” বাইদেউৰ কথাবোৰ যেন এতিয়াও মোৰ কাণত বাজি আছে। মহিলাৰ যে ইমান শক্তি আছে তাৰ উমানো পাইছিলো বাইদেউৰ সংস্পৰ্শলৈ আহি, তেখেতৰ সংকটময় সংগ্ৰামপূৰ্ণ জীৱনৰ ইতিহাস শুনি। ইংৰাজী, বঙালী, সংস্কৃত ভাষাত দখল থকা বাইদেউৰ বক্তৃতা যিয়ে এবাৰ শুনিছে কেতিয়াও পাহৰিব নোৱাৰে।
বাইদেউক মই পাইছিলো অধ্যক্ষা, প্ৰশাসক আৰু শিক্ষাবিদ্ হিচাবে বাণীকান্ত শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়ত। নতুনকৈ প্ৰতিষ্ঠিত হোৱা সেইখন মহাবিদ্যালয়ত আমি শিক্ষক আছিলো আৰু যোৰহাটৰ চৰকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত বাণীকান্ত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ অনুৰোধ ক্ৰমে বাইদেৱে অধ্যক্ষা হিচাপে যোগদান কৰিছিল। মই তেতিয়া পাছ কৰিয়েই চাকৰিত সোমাইছিলো। মোতকৈ বয়সত ডাঙৰ ব্যক্তিসকলক যেতিয়া মই শ্ৰেণীকক্ষত প্ৰশিক্ষাৰ্থী হিচাবে দেখো, মই নাৰ্ভাচ হৈ পৰো। ঘন্টা পৰাৰ লগে লগে মোৰ বুকুত গৰম পানী উতলি অহা যেন লাগে। ভয়ত [ ৯০ ] মোৰ মাত হৰি যায়। বাইদেৱে মোৰ অৱস্থাটো লক্ষ্য নকৰাকৈ থকা নাছিল। এদিন মোক মাতি আনি কলে “তুমি জানো M.A. পাছ কৰা নাই? তোমাৰ জানো Subject ৰ ওপৰত দখল নাই? নিজৰ ওপৰত আস্থা থাকিলে সকলো কাম সহজ হৈ পৰে- - -। ময়ো বাইদেউৰ অনুপ্ৰেৰণাত লাহে লাহে সহজ হৈ পৰিছিলো। সংকল্প কৰিছিলো ভাল শিক্ষয়িত্ৰী হোৱাৰ। তিনি চাৰি বছৰমান বাইদেউৰ সান্নিধ্যত থাকি বহু কথা শিকিছিলো। বাইদেৱে শিকাইছিল কেনেকৈ পঢ়ুৱাব লাগে আৰু কেনেকৈ Class room control কৰিব লাগে। বাইদেৱে শিকাইছিল Professional ethics, লগতে শিকাইছিল এগৰাকী সুগৃহিনী আৰু ভাল বোৱাৰী হোৱাৰ মূলমন্ত্ৰ। মুখত সংস্কৃতৰ শ্লোক আৰু ৰবীন্দ্ৰ সংগীতৰ গুণগুণনিৰে বাইদেৱে কেতিয়াবা মুহূৰ্ত্ত কিছুমান মধুৰ কৰি তুলিছিল। মাজে মাজে ৰসিকতা
কৰি পৰিবেশ উপভোগ্য কৰি তুলিছিল। গাভৰু বয়সতে স্বামীহাৰা হৈ বাইদেৱে কঠোৰ বাস্তৱৰ সতে যুঁজি যুঁজি নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে সুপ্ৰতিষ্ঠিত কৰিলে পিতৃহাৰা সন্তান কেইটিক। বাইদেউৰ জীৱন আমাৰ বাবে এক আদৰ্শ, এক অনুপ্ৰেৰণাৰ উৎস। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
শ্ৰীচপলা মিৰি শইকীয়া ⸺
মোৰ বয়স আনুমানিক চাৰে চাৰি বছৰৰ পৰা মোৰ মা শ্ৰীযুতা ইন্দিৰা মিৰিৰ কথা মনত আছে। আমি আমাৰ পৰম শ্ৰদ্ধেয় দেউতাক ১৯৩৯ চনতে হেৰুৱাব লগীয়া হয়। তেতিয়াৰ পৰাই মাই আমাক অৰ্থাৎ মোৰ ককাইদেউ গাম, মই আৰু মোৰ ভাতৃ টাবুক লৈ শ্বিলঙত আমাৰ ককাদেউতাহঁতৰ ঘৰত থাকিবলৈ লৈছিল। মাই শ্বিলঙৰ লাবান ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাবে নিযুক্তি লাভ কৰিছিল। সেই সময়ত মাক দেখি এইটো প্ৰতীয়মান হৈছিল যে মা এগৰাকী অতি নিষ্ঠাবান ও কৰ্তব্য পৰায়ণা মহিলা। সেই সময়ত সমগ্ৰ বিশ্বকে দ্বিতীয় বিশ্ব-যুদ্ধৰ বিভীষিকাই ছানি ধৰিছিল। শ্বিলঙতো ইয়াৰ প্ৰভাৱ পৰিছিল। আকাশত যুদ্ধৰ বিমান সমূহৰ ভয়ানক গৰ্জন; তাৰ লগে লগে ARPৰ চাইৰেণৰ শব্দৰ কথা ভাবিলে এতিয়াও মোৰ গা জিকাৰ খাই উঠে। চাইৰেণৰ শব্দ শুনাৰ লগে লগে সকলোৱে Trench ত সোমাব লাগিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ তেনে এটা আতঙ্কময় পৰিবেশতো মাক দেখিছিলো, তেখেতে নিৰ্ভয়ে নিয়মিত ভাৱে স্কুললৈ অহাযোৱা কৰিছিল।
মা পৰাপক্ষত আবেগৰ বশবৰ্তী নহৈছিল। তেখেতে সদায়ে বাস্তৱৰ মুখামুখি হবলৈ চেষ্টা কৰিছিল। আমি সৰু সৰু হৈ আছিলো বুলি তেওঁৰ জীৱনটো গঢ় দিবলৈ - নিজকে আৰ্থিক ও মানসিক ভাবে স্বাৱলম্বী কৰিবলৈ যেতিয়াই যি সুযোগ আহিছিল তাক [ ৯১ ] গ্ৰহণ নকৰাকৈ থকা নাছিল। মাৰ জীৱনৰ প্ৰধান লক্ষ্য আছিল নিজৰ সন্তানক যি কোনো বিপদৰ পৰা ৰক্ষা কৰি নিৰাপদে ৰখা আৰু নিজ কৰ্তব্যত আগবাঢ়ি যোৱাৰ লগতে নিজকে সকলো দিশৰ পৰা স্বাধীন ও স্বাৱলম্বী কৰা। এই লক্ষ্যত উপনীত হোৱাত যথেষ্ট পৰিমাণে তেওঁ সফল হোৱাটো পৰিলক্ষিত হৈছে। তেওঁৰ আটাইকেইজন ল’ৰা ছোৱালীকেই একো একোজন স্বাধীন তথা স্বাৱলম্বী ব্যক্তি হিচাবে গঢ়ি তুলিবলৈও সক্ষম হৈছে।
মা লাবান স্কুলত কাম কৰি থাকোতে তেওঁৰ ছাত্ৰীসকলক পঢ়ুওৱা আৰু স্কুলৰ অন্যান্য যাবতীয় দায়িত্বসমূহ পালন কৰাৰ উপৰিও স্কুল ছুটী হোৱাৰ পাছত কেতিয়াবা কেতিয়াবা স্কুলৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমাৰ ঘৰতে ছাত্ৰীসকলৰ নাচ-গানৰ আখৰা কৰাইছিল। আমাৰ ঘৰতে হাৰমণিয়াম আৰু অৰ্গেন আছিল। মোৰ এজন মামাই খুউব ভাল বাঁহীও বজাইছিল। অৰ্গেন ও বাঁহীৰ সুৰৰ তালে তালে ছাত্ৰী সকলে নাচিছিল আৰু গান গাইছিল। আমাৰ ঘৰত এটা সংগীত মুখৰ পৰিবেশৰ সৃষ্টি হৈছিল। তেনে এক পৰিবেশ সৃষ্টি হোৱাৰ বাবেই আমাৰো সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়ে। আমি প্ৰত্যেকেই সুগায়ক গায়িকা নহলেও গান গাওঁ আৰু গান ভাল পাওঁ। ইয়াৰ বাবে মাৰ ওচৰত আমি পৰম কৃতজ্ঞ।
মা লাবান স্কুলত চাকৰি কৰি থাকোতেই শ্বিলঙৰ চেন্ট মেৰিজ কলেজত বি টি পঢ়িছিল। মাৰ অধ্যয়ন পদ্ধতিটো কিছু বেলেগ ধৰণৰ আছিল। ইমান জাকৰুৱা মানুহৰ ঘৰত মাৰ বাবে আছুতীয়াকৈ পঢ়া কোঠা বা মেজ চকী নাছিল। মাই যেতিয়াই সময় পাইছিল তাৰ সদ্ব্যৱহাৰ কৰিছিল। সময় পালেই ঘৰৰ পিছ ফালৰ ফল-মূল, শাক-পাচলিৰ ডাঙৰ বাৰীখনৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি কাঢ়ি পঢ়িছিল। কেতিয়াবা তাতে থকা ডাঙৰ শিলৰ ওপৰত বহিও পঢ়িছিল।
মা বি টি পাছ কৰাৰ পিছত আহমেদাবাদলৈ মন্টেছৰী প্ৰশিক্ষণ (Montessoi Training) লবলৈ গৈছিল। আহমেদাবাদলৈ যোৱাৰ সময়ত মাই মোক আৰু মোৰ সৰু ভাই টাবুক সেই সময়ত ছয়গাঁৱত থকা মাহীদেউ মহাদেউৰ ঘৰত, তেখেতসকলৰ তত্ত্বাবধানত থৈ গৈছিল। মাজতে মাত্ৰ এবছৰ বা দুবছৰৰ বাদে, তেতিয়াৰ পৰাই আমি মাৰ লগত মেট্ৰিক দিয়া পৰ্য্যন্ত থকা নাছিলো। পিছলৈ টাবু আছিল শ্বিলঙত আৰু মই আছিলো মাহীদেউৰ লগত। মহাদেউ এছ ডিচি/ইএচি আছিল বাবে অসমৰ বিভিন্ন ঠাইলৈ চৰকাৰী বিষয়া হিচাবে বদলি হৈছিল। গতিকে মোৰ অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰা আৰু বিভিন্ন শিক্ষানুষ্ঠানত পঢ়াৰ সৌভাগ্য ঘটিছিল।
আহমেদাবাদৰ পৰা প্ৰশিক্ষণ লৈ ঘূৰি অহাৰ কিছুদিনৰ পিছতেই মা বি এড পঢ়িবলৈ স্কট্লেণ্ডলৈ গৈছিল। তেতিয়া আমি মাহীদেউৰ লগতেই আছিলো। মাহীদেউৱে মোৰ আৰু টাবুৰ একেলগে গছৰ ডালত ধৰি থকা এখন বৰ ধুনীয়া ফটো তোলাই মালৈ [ ৯২ ] পঠিয়াইছিল। এই ফটোখন দেখিলে এতিয়াও পুৰণি স্মৃতিয়ে মোক বৰ আমনি কৰে। মা স্কটলেণ্ডৰ পৰা ঘূৰি আহোতে আমি অতি হেপাহেৰে তেজপুৰৰ পৰা শ্বিলঙলৈ মাক লগ ধৰিবলৈ গৈছিলো। মাৰ কাষৰ পৰা তেতিয়াও কিন্তু আতৰি থাকিবলগীয়া হৈছিলো, কিয়নো মাই লগে লগেই শদিয়ালৈ গৈ NEFA ৰ শিক্ষা বিষয়া (Education Office) হিচাবে যোগদান কৰে। শ্বিলঙত মামাৰ লগত থাকি মই, টাবু আৰু মাহীদেউৱে মেট্ৰিক পাছ কৰিছিলো।
মাৰ লগত থাকি পঢ়িব নোৱাৰা কথাটো যে পৰিস্থিতিয়ে বাধ্য কৰিছিল, সেইকথা আমাৰ মনটোৱে কিবা প্ৰকাৰে মানি লৈছিল। সেইকাৰণেই বোধকৰো মাৰ ওপৰত মোৰ কোনো খং-ৰাগ বা অভিমান নাছিল। সেই সময়ত মাৰ অনুপস্থিতিত মামা-মাহীহঁতৰ লগত থাকি পঢ়া শুনা কৰাটোৱে আমাৰ বাবে বাস্তৱ আছিল।
মেট্ৰিক পাছ কৰাৰ পিছতে আমি মাহীদেউৰ ঘৰৰ পৰা ওলাই আহো আৰু যিবোৰ ঠাইত পঢ়িছিলো, সেইবোৰ ঠাইত কলেজৰ হোষ্টেলত থাকিয়ে পঢ়াশুনা কৰিছিলো। সেই সময়ছোৱাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাইছিলো। এই সুবিধা আৰু সুযোগ লাভ কৰাৰ মূলতেই আছিল মোৰ মা।
আগতেই কৈছো যে মা বৰ আৱেগিক নাছিল। শদিয়াত মাৰ লগত থকা সময়ত মা মফশ্বললৈ যাবলৈ ওলালেই মোৰ কান্দোন আৰম্ভ হৈছিল৷ মোৰ কান্দোন দেখি মোৰ ভাই-ককাই, মামাহঁতে হাঁহিছিল। মাই মোক কৈছিল “মামন, মই সদায় এনেদৰে Tour লৈ যাব লাগিব, তুমি সদায়েই আৰু কিমান কান্দিবা?” আন বহুত মাকৰ দৰে (মই জনাত) তেনে অৱস্থাত মাই কান্দিকাটি বাউলী হোৱা নাছিল। আমাৰ থকা-খোৱাৰ সুবন্দবস্ত কৰি নিজৰ কৰ্তব্যই মাক য’লৈকে নিছিল তালৈকে গৈছিল। মা যে নিজৰ কৰ্তব্যৰ প্ৰতি কিমান নিষ্ঠাবান আছিল সেইটোৱে স্পষ্টকৈ প্ৰকাশ পায়।
শ্বিলং আৰু শদিয়াত মাৰ লগত থকাৰ সময়ত মায়ে আমাক গধূলি পঢ়াইছিল। গোটেই দিনতো কামত ব্যস্ত থকা মাই ঘৰলৈ ঘূৰি আহি আমাক পঢ়োৱাৰ সময়ত আমি পঢ়াশুনাত মনযোগ নিদিলে বা পঢ়াশুনা নকৰিলে বৰ বেজাৰ পাইছিল।
পঢ়োৱা সময়ৰ বাদে আন সময়ত মাৰ লগত আমাৰ যথেষ্ট সহজ তথা বন্ধুসুলভ সম্বন্ধ আছিল। যথেষ্ট হাঁহি তামাছা কৰিছিলো, গান গাইছিলো একেলগে। কেতিয়াবা মাৰ লগত আমি আটায়ে পূৰ্ণিমাৰ জোনাক নিশা পিকনিক খাবলৈ যোৱা স্মৃতিবোৰ মই এতিয়াও ৰোমন্থন কৰো। মাৰ লগত থাকোতে আৰু তাৰ পৰবৰ্তী সময়তো আমাৰ বিভিন্ন সমনীয়াৰ লগত আত্মীয়তা গঢ়ি উঠিছিল। আমি আটাইবোৰে একেলগে বিশাল লুইতত সাতুৰিবলৈ, ওচৰৰ গাঁওবোৰলৈ ফুৰিবলৈ গৈছিলো; অন্যলোকৰ বাৰীয়ে বাৰীয়ে টেঙা বিচাৰি ফুৰিছিলো। আমি আমাৰ সমনীয়া বন্ধু-বান্ধবীৰ লগত এইদৰে ঘূৰি ফুৰি পৰস্পৰে নানান কথা শিকিছিলো, [ ৯৩ ] নানান বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিছিল। এনেবোৰ কাম কৰিবলৈ যি স্বাধীনতাৰ প্ৰয়োজন, সেই স্বাধীনতা মায়ে আমাক দিছিল। আমাৰ ব্যক্তিত্ব ও চৰিত্ৰ গঠনত সেই স্বাধীনতাই যথেষ্ট সহায় কৰিছিল।
মা এগৰাকী ভাল ৰান্ধনীও। ইমান কামৰ মাজতো যেতিয়াই আজৰি সময় পাইছিল, তেতিয়াই মায়ে আমাক বিধে বিধে সুস্বাদু ব্যঞ্জন ৰান্ধি খুৱাইছিল। মায়ে সোৱাদ লগাকৈ ৰন্ধা খাৰ আৰু খৰিচা আজিও মুখত লাগি থকা যেন লাগে। এতিয়া বৃদ্ধ অৱস্থাতো মায়ে ৰান্ধনি ল’ৰাটোক ৰন্ধা-বঢ়াত যথেষ্ট দিহা পৰামৰ্শ দিয়ে আৰু সহায়ৰ হাত আগবঢ়ায় আমাক বা ঘৰৰ অতিথি আদি সকলোকে খাবলৈ দিহে মায়ে নিজে আহাৰ গ্ৰহণ কৰে। পো-বোৱাৰী-জোঁৱাই আহিলেতো কথাই নাই।
আমি সৰুতেই মাক ঘৰ চলোৱাত সহায় কৰা কেইবাজনো ব্যক্তিৰ সান্নিধ্যলৈ আহো। এই আটাইকেইজন লোকেই অতি চৰিত্ৰবান তথা ব্যক্তিত্বসম্পন্ন আছিল। মায়ে কেতিয়াও তেওঁলোকক বেয়া ব্যৱহাৰ কৰা দেখা নাছিলো। গতিকে আমিও তেওঁলোকক কাম কৰাৰ বাবে হুকুম দিয়া বা গালি শপনি পাৰাৰ প্ৰশ্নই নুঠিছিল। আমি তেওঁলোকক শ্ৰদ্ধাহে কৰিছিলো আৰু আজিও কৰো। মা সদায়েই লোকৰ দুখত দুখী আৰু প্ৰয়োজন হলেই ৰাতিয়ে দিনে মানুহক বিপদে আপদে সহায় কৰে। ১৯৫০ চনৰ বৃহৎ ভূমিকম্পৰ সময়ত শদিয়া ত্যাগ কৰি অহা বহুতো লোকক আমাৰ ঘৰত আশ্ৰয় দিছিল।
মাৰ সৈতে আমাৰ মামা-মামীহঁতৰ সম্বন্ধ অতি মধুৰ; সকলো সময়তে তেওঁলোকে প্ৰয়োজন অনুভব কৰিলে মাৰ দিহা-পৰামৰ্শ বিচাৰে আৰু মায়ো দিয়ে। মাৰ প্ৰয়োজনতো তেওঁলোক আটায়ে মাক যথেষ্ট সহায় কৰে। এই একেই সম্বন্ধ মোৰ দেউতাৰ পৰিয়ালৰ লোকৰ লগতো আছে, যদিও ১৯৩৯ চনতেই এই সম্পৰ্কৰ ইতি পৰাৰ দৰে হৈছিল; শাৰীৰিক দূৰত্ব আৰু মাৰ জীৱনৰ অন্য এক অধ্যায় আৰম্ভণিৰ প্ৰয়োজনৰ তাগিদাতো এই সম্বন্ধ শেষ হৈ যোৱা নাছিল।
এইবছৰ বিজয়া দশমীত মাৰ বয়স ৯১ বছৰ পূৰ্ণ হ;ব। এই ৯১ বছৰীয়া মানুহগৰাকীয়ে কাৰো আৰ্থিক বা আবেগিক সহায় নোলোৱাকৈয়ে পূৰ্বৰ দৰে স্বাধীনচিতিয়া ভাবে চলি আছে। এই বয়সতো মাই ৰাতি পুৱাৰে পৰা এক ব্যস্ততাপূৰ্ণ জীৱন যাপন কৰি আছে। ৮০ বছৰ বয়সলৈকে তেওঁ নিজে তাঁত বৈ বিহুত সকলোকে বিহুৱান দিছিল। মোকতো কথাই নাই, বিধে বিধে বোৱা কাপোৰ আৰু ক’ত কি যে দিয়ে তাৰ অন্ত নাই। জাৰকালি নিহালি সদৃশ ডাঙৰ ডাঙৰকৈ উলৰ কাপোৰ গুঠি দিছিল। যেতিয়াই মাৰ ঘৰলৈ যাওঁ, গৈ পোৱাৰ অলপ সময় পিছতে মায়ে মোৰ বাবে বনোৱা উলৰ Vest, Knee Cap, হাত মোজাৰ টোপোলা হাতত লৈ কৈছিল “মামন, চোৱা মই তোমাৰ বাবে কি [ ৯৪ ] বনাই থৈছো।” মাৰ শাক পাচলিৰ বাগিছা আৰু ফুলনি কৰাতো বৰ চখ আছে। এতিয়াও এই বয়সত সম্ভব হলে বাৰীত কাম কৰে।
মা বিভিন্ন সামাজিক সংগঠনৰ লগত এতিয়াও জড়িত। মা সচাকৈয়ে এগৰাকী আদৰ্শ মহিলা। আজিও সমাজত নাৰীজাতি যথেষ্ট লাঞ্চিতা, বঞ্চিতা। মাৰ এই স্বাধীন মুক্ত জীৱন যাপন সচাকৈয়ে সকলো নাৰীৰ বাবে এক আৰ্হি।
মোৰ এই মৰমীয়াল তথা নিৰ্ভীক মা যেন বোৱতী নদীৰ সোঁতৰ দৰেই। মাৰ দীৰ্ঘায়ু কামনা কৰিলো।
সহায় লোৱা গ্ৰন্থ আৰু আলোচনী- | ||
পৰ্ব্বতে পাষণ্ডে — | অথাতো নেফা জিজ্ঞাসা – | মুক্তি নাথ বৰদলৈ (অসম বাতৰি ৪, ১১ আগষ্ট, ১ ছেপ্তেম্বৰ সংখ্যা ১৯৬৮ চন)৷ |
সোঁৱৰণ (সোণাধৰ সেনাপতি জীৱনী গ্ৰন্থ) - | নন্দেশ্বৰ বনিয়া৷ | |
সভাপতিৰ অভিভাষণ – | সোণাধৰ সেনাপতি জন্ম শতবার্ষিকী সভা – | বাগ্মীবৰ নীলমণি ফুকন৷ |
মনৰ পখী উভতি উৰে - | ড° প্রফুল্ল দত্ত গোস্বামী। | |
তপস্যা জীৱনৰ কষটি শিলত উমানাথ শৰ্ম্মা – | সঞ্জীৱ সভাপণ্ডিত। | |
Dawn in the East---- | Rajani Kanta Patir. | |
Kajiranga Compendia---- | Autumn Issue 1974. | |
Philosophy for NEFA---- | Verrier Elwin. | |
Enchanted Forntiers---- | N. K. Rustamjee. |
।।সমাপ্ত৷৷
লেখিকাৰ প্ৰকাশিত পুথিসমূহ
কবিতা সংকলনঃ-
মাটিৰ চাকিৰ শিখা (১৯৭৯)
হৃদয়ৰ অৰণ্যত (১৯৯০)
কবিতা নিলিখো আৰু (হাস্য-ব্যংগ-১৯৯০)
প্ৰৱন্ধ সংকলনঃ-
চিন্তা চয়ন (১৯৯৯)
বিভিন্ন অনুভৱ (১৯৯৯)
শিশু সাহিত্যঃ-
আখৰৰ আখৈ লাৰু (১৯৯৫)
মইনাৰ মৌ-মাত (১৯৯৬)
ৰেড ক্ৰছৰ সাধু (অনুবাদ-১৯৭৯)
ফৰিঙৰ পেং (১৯৯৯)
অনুবাদঃ-
সময় যন্ত্র (১৯৯৮)
এ' জার্নি টু দ্য চেন্টাৰ অৱ দ্য আর্থ (১৯৯৮)
জীৱনী সাহিত্যঃ-
মহীয়সী ৰাষ্ট্ৰমাতা কস্তুৰ-বা (১৯৯৫)
নিবেদিতা যাৰ নাম (১৯৯৮)
পুষ্পলতা দাসঃ তেওঁৰ জীৱন আৰু অনুভৱ (১৯৯৯)
বিশিষ্টা শিক্ষাবিদ্ ইন্দিৰা মিৰি (২০০১)
সম্পাদনাঃ-
আনন্দেশ্বৰ শৰ্ম্মা ৰচনাৱলী (১৯৯৯)