বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/জীৱনৰ কষটি শিলত
তিনি
জীৱনৰ কষটি শিলত
প্ৰাচীন ভাৰতৰ ছাত্ৰ সকলে জ্ঞান আহৰণৰ স্বাৰ্থত গুৰু গৃহত বাৰ বছৰ কটোৱাৰ দৰে ইন্দিৰা সেনাপতিয়েও পঢ়া শুনাৰ বাবে কলিকতা মহানগৰীত এটা দশকৰো ওপৰ কাল কটাই অসমলৈ উভতি আহে। ইতিমধ্যে দেউতাকে তেওঁৰ বিয়া বাৰু সম্পৰ্কে চিন্তা কৰিবলৈ লৈছিল; মাতৃহীনা তেওঁৰ সুশিক্ষিতা ছোৱালীটিক এক উপযুক্ত সুপাত্ৰত অৰ্পণ কৰিব পাৰিলেহে তেওঁৰ প্ৰাণে শান্তি পাব। কিন্তু তেওঁলোকৰ সম্প্ৰদায়ত ইন্দিৰাক বিয়া দিব পৰাৰ জোখেৰে উপযুক্ত ল’ৰা তেওঁৰ চকুত পৰাই নাছিল। আনহাতে সেই সময়ত সমাজত অসবৰ্ণ বিবাহৰো প্ৰচলন হোৱা নাছিল; প্ৰেমত পৰি কোনোবা ল'ৰা বা ছোৱালীয়ে তেনে বিবাহ বন্ধনত সোমালেও তেওঁলোক সমাজৰ গৰিহণা বা শাস্তিৰ সন্মুখীন হবলগীয়া হৈছিল। তেনে পৰিস্থিতিত ছোৱালীৰ বিয়াৰ সমস্যাই সেনাপতিদেৱক বিশেষ ভাবে চিন্তিত কৰি তুলিছিল।
ইতিমধ্যে পঢ়া-শুনাৰ সামৰণি পৰাত ইন্দিৰাই শ্বিলঙৰ ঘৰত শুই বহি দিন কটাবলগীয়া হৈছিল। সেই সময়ত মণিপুৰৰ মহাৰাজৰ শ্বিলঙতো এটি প্ৰাসাদ আছিল আৰু সেই সূত্ৰে ৰাজপৰিয়ালে গ্ৰীষ্মকালৰ দিনকেইটা শ্বিলঙত কটাইছিল। সেনাপতিৰ উচ্চ শিক্ষিতা কন্যা ঘৰত নিষ্কৰ্ম্মা হৈ বহি থকা বুলি গম পাই মণিপুৰৰ ৰজাই তেওঁলৈ খবৰ পঠিয়ালে যে তেওঁৰ পুত্ৰ আৰু কন্যা দুটিৰ পঢ়া শুনা চাই দিবৰ বাবে ইন্দিৰাক গৃহ শিক্ষয়িত্ৰী ৰূপে পালে অতি আনন্দিত হব। এনেয়ে সময় কটোৱাতকৈ ৰজা ঘৰত গৃহ-শিক্ষকতাৰ সোৱাদ লবলৈকে মনস্থ কৰি ইন্দিৰাই সেই প্ৰস্তাৱত সন্মতি জনালে। ৰাণীয়ে তেওঁক নিবলৈ এখন হালধীয়া ৰঙৰ গাড়ী পঠিয়াই দিয়ে; ঘৰত থবলৈ আহোতে গাড়ীত পাচি ভৰাই আম, প্লাম, নাচপতি আদি বিবিধ ফল দি পঠিয়ায়। ঘৰৰ লৰা ছোৱালীহঁতে বায়েক উভতি আহোতে কি আনিছে চাবলৈ আৰু খাবলৈ ৰৈ থাকে। তেওঁক অনা নিয়া কৰা গাড়ীখনক ৰাজপৰিয়ালে ‘ওজাৰ গাড়ী’ বুলি কৈছিল। মণিপুৰীসকলে শিক্ষা গুৰুক হেনো 'ওজা’ বোলে। কেইবামাহো আন্তৰিকতাৰে গৃহ শিক্ষকতা কৰাৰ পিছতো পাৰিশ্ৰমিকৰ মুখ নেদেখি শিক্ষয়িত্ৰীৰ মন বিমৰিষ। তেনে সময়তে গুৱাহাটীৰ পানবজাৰ স্কুলত শিক্ষয়িত্ৰীৰ পদ এটি যোগাব হোৱাত তেওঁ যেতিয়া শ্বিলং এৰি আহিবলৈ ওলাল তেতিয়া ৰাজপৰিয়ালে [ ১৫ ] তেওঁক তেৰতোলা সোণৰ এধাৰ বকুল ফুলৰ মালা আৰু এযোৰ দামী কাপোৰেৰে বিদায় সম্ভাষণ জনালে। পিছত বিয়াৰ সময়তো ইন্দিৰালৈ মূল্যবান উপহাৰ পঠোৱাত বাদেও শ্বিলঙৰ পৰা গুৱাহাটীলৈ মানুহ অনা নিয়া কৰিবৰ বাবে ৰজাঘৰে বিনাভাড়াই দুখন গাড়ী পঠিয়াইছিল।
সোণাধৰ সেনাপতিয়ে বৰজীয়েক ইন্দিৰাৰ বাবে পাত্ৰ নিৰ্বাচন কৰে মহীচন্দ্ৰ মিৰি নামে এজন জনজাতীয় যুৱকক। মহীচন্দ্ৰ ভৈয়াম জনজাতিৰ অন্তৰ্ভুক্ত মিৰি সম্প্ৰদায়ৰ এজন অগ্ৰণী ডেকা। মিৰি সকল পূৰ্ব্বতে নেফাৰ পৰ্ব্বতীয়া জনজাতিৰ লোক আছিল। কিন্তু পাৰ্ব্বত্য অঞ্চলত খেতি পথাৰৰ বাবে মাটিৰ অভাৱ হেতুকে এসময়ত তেওঁলোকে সেউজীয়া বনাঞ্চলৰ সন্ধানত পাহাৰৰ পৰা নামি আহি ভৈয়ামত নৈৰ পাৰে পাৰে বসতি কৰিবলৈ লয়। কালক্ৰমত মিৰি সকলে হিন্দু ধৰ্ম্ম লৈ অসমীয়া মাত কথা শিকে যদিও নিজস্ব জাতীয় সংস্কৃতিও অক্ষুন্ন ৰাখে। আজিকালি মিৰিসকলে নিজকে মিচিং নামেৰে পৰিচয় দিয়ে। ঢকুৱাখানা অঞ্চলৰ মৌখোৱা গাৱঁৰ মহীচন্দ্ৰ মিৰি তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰথম বিজ্ঞান স্নাতক আৰু প্ৰথমজন প্ৰশাসনীয় সেৱাৰ বিষয়া। অন্ত্যজাতি আৰু জনজাতীয়সকলৰ উমৈহতীয়া সংগঠনৰ সক্ৰিয় সদস্যৰূপে সংগঠনটোৰ সভাপতি সেনাপতিদেৱৰ ঘৰলৈ তেওঁৰ আহ-যাহ আছিল। ইতিমধ্যে ফৰেষ্ট ই এ.চি ৰূপে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা সেই মিৰি ডেকাজনৰ সুন্দৰ সপ্ৰতিভ চেহেৰা, সৎচৰিত্ৰ আৰু মাৰ্জিত আচৰণে সেনাপতি দেৱক মুগ্ধ কৰিছিল। দুয়ো আছিল একেখন সামাজিক সংগ্ৰামৰে সহযোদ্ধা। গতিকে সেনাপতিদেৱে মনস্থিৰ কৰিলে – এই জনৰ হাততেই তেওঁৰ বিদূষী কন্যাক অৰ্পণ কৰিব। কিন্তু এগৰাকী প্ৰাপ্তবয়স্কা, সুশিক্ষিতা কন্যাৰ বিয়াৰ বাবে কেৱল পিতৃৰ মতামত, পছন্দ অপছন্দই জানো যথেষ্ট? এই ক্ষেত্ৰত কন্যাৰ ভূমিকা জানো নাই? নিশ্চয় আছে; পিতৃৰ সৈতে ঘনিষ্ঠতা সূত্ৰে মহীচন্দ্ৰক ইন্দিৰাই ভালদৰে জানিছিল। মহীচন্দ্ৰ চাকৰিত সোমোৱাৰ পিছত প্ৰশিক্ষণৰ বাবে ৰেংগুনলৈ যাওঁতে বাটতে কলিকতাত ইন্দিৰাক লগ ধৰি গৈছিল। সেই বিয়াত ছোৱালীৰ কোনো আপত্তি নাছিল। কিন্তু আপত্তি আহিছিল দুয়ো পিনৰ বংশ পৰিয়ালৰ পৰা। নিজৰ বিয়া সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “১৯৩২ চনত বি. এ. পাছ কৰাৰ পিছতে মোৰ বিবাহ হৈছিল। পিতৃৰ ইচ্ছামতে মোৰ বিবাহ হৈছিল মহীচন্দ্ৰ মিৰিৰ লগত। তেতিয়াৰ দিনত এনে অসবৰ্ণ বিবাহৰ সমৰ্থক নাছিল বুলিলেও অত্যুক্তি নহব; মিৰি আৰু বনিয়া দুয়োকুলৰে দুৰ্ঘোৰ আপত্তি। পিছে পিতৃদেৱ আছিল সময়ৰ বহু আগতে ওপজা অতি জ্ঞানী ব্যক্তি। তেওঁৰ প্ৰগতিশীল মনক কোনেও বাধা দিব নোৱাৰিলে। এই বিবাহে অকল মিৰি আৰু বনিয়া কুলকে যে যুক্ত কৰিছিল এনে নহয়, বৃন্দাবন গোস্বামী, ডাঃ ভুবনেশ্বৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট বৰ্ণ হিন্দুসকলেও আন্তৰিকতাৰে এই বিয়াত যোগ [ ১৬ ] দিছিল; ভুবনেশ্বৰ বৰুৱা স্বয়ং বৰকৰ্ত্তা আছিল”। মহীচন্দ্ৰৰ জ্ঞাতি ভাইসকলে তেওঁ অন্ত্যজাতিৰ ছোৱালী বিয়া কৰাবলৈ ওলোৱাত তেওঁলোকৰ ঘৰখনকে এঘৰীয়া কৰিবলৈ ওলাইছিল; পিছত যেনিবা তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হৈছিল। আনহাতে ‘ট্ৰাইবেল’ লৰাক জোঁৱাই পাতিবলৈ ওলোৱাত সেনাপতিৰ বংশ পৰিয়ালো ক্ষুন্ন হৈছিল। কিন্তু স্বয়ং কন্যাদাতাৰ দৃঢ় সংকল্পই সকলো ওজৰ-আপত্তি উটুৱাই লৈ গ’ল। শুভকাৰ্য্য সুকলমে ধুমধামেৰে সম্পন্ন হ’ল। বিবাহ কাৰ্য্য সম্পন্ন কৰিবলৈ অসমৰ পুৰোহিতৰ উপৰিও বাহিৰৰ পৰা বেদজ্ঞ ব্ৰাহ্মণ অনা হৈছিল। মহীচন্দ্ৰই ইতিমধ্যে ৰেংগুনত প্ৰশিক্ষণ সমাপ্ত কৰি গুৱাহাটীতে চাকৰিত যোগদান কৰিছিল। গুৱাহাটীৰ চেনিকুঠি অঞ্চলত এটি ঘৰ ভাড়া লৈ তেওঁলোকে সাংসাৰিক জীৱনৰ পাতনি মেলিলে। মহীচন্দ্ৰৰ পিতৃ-মাতৃয়েও বিয়াৰ পিছত কিছুদিন পুত্ৰৰ ঘৰত কটাই গ’লহি। এই ঐতিহাসিক বিয়াখনৰ পৰবৰ্ত্তী পৰিস্থিতি সম্পৰ্কে ইন্দিৰা মিৰিয়ে এইদৰে কৈছিল, “মই সৰুৰে পৰা শ্বিলং, কলিকতাত ডাঙৰ হৈ আধুনিকতাৰ কোনো পৰশ নোপোৱা মিৰি চাঙত খাপ খোৱাটো এটা জটিল সমস্যা হৈছিল যদিও খাপ খাওঁতে বেছি সময় নেলাগিল; তেওঁলোকে মোৰ অন্তৰ জয় কৰিছিল আৰু ময়ো তেওঁলোকৰ অন্তৰ জয় কৰিবলৈ সমৰ্থ হৈছিলো। সেই সৌহাৰ্দ্য আজিলৈকে বৰ্ত্তি আছে।”
বিয়াৰ আগতেই ইন্দিৰাই গুৱাহাটীৰ অতি পুৰণি শিক্ষানুষ্ঠান পানবজাৰ ছোৱালী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী ৰূপে কামত সোমাইছিল। সেই সময়তো এটা সমস্যাই দেখা দিছিল। তেওঁ সৰুৰে পৰা মাতৃভাষা ৰূপে বঙলা ভাষাকে পঢ়িবলগীয়া হৈছিল; কিন্তু তেওঁৰ নিযুক্তি পত্ৰত উল্লেখ আছিল ‘অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী' হিচাপেহে। অসমীয়া বিষয়টো কেনেকৈ পঢ়ুৱাব ভাবি চিন্তি তেওঁৰ টোপনি নহা হৈছিল। পিছে হেম বাবু নামে পৰিচিত, স্কুলখনৰ সুদক্ষ বঙালী প্ৰধান শিক্ষকজনে তেওঁক ঘাইকৈ ইংৰাজী, অঙ্ক আৰু সংস্কৃতৰ ক্লাচ লবলৈ দি সমস্যাৰ সমাধান কৰিলে।
১৯৩৩ চনত ইন্দিৰা মিৰিৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ লৰাটি বাচি নেথাকিল। ১৯৩৪ চনত মহীচন্দ্ৰ মিৰিয়ে ‘একষ্ট্ৰা এছিষ্টেন্ট কনজাৰভেটৰ অৱ ফৰেষ্ট' হিচাপে কাজিৰঙা অভয়াৰণ্যৰ কাষৰ বাগুৰিত কাৰ্য্যভাৰ গ্ৰহণ কৰেগৈ। সেই সময়তে বিখ্যাত প্ৰকৃতিবিদ্ E.P. Gee চাহাব কাজিৰঙা ভ্ৰমণৰ উদ্দেশে অসমলৈ আহিব খোজাত এজন ইংৰাজ ফৰেষ্ট অফিচাৰে আহিবলৈ মানা কৰি কাজিৰঙা সম্পৰ্কে তেওঁলৈ এইদৰে লিখিছিল, ‘- - - No one can enter the place, it is all swamps and leeches and even elephants cannot walk there” – সেই ঠাইত সোমাব কাৰো সাধ্য নাই, পিতনিৰে ভৰা, জোকৰ ৰাজ্য, আনকি হাতীয়েও তাত খোজ দিব নোৱাৰে। অথচ সেইটো বছৰতে কাজিৰঙা অভয়াৰণ্যত 'চাৰ্ভে' চলাবৰ কাৰণে মিৰিদেৱক বাগুৰিত [ ১৭ ] নিযুক্তি দিয়া হয়। পিছত প্ৰকৃতিবিদ্ E.P.Gee চাহাবে মহীচন্দ্ৰ মিৰি সম্পৰ্কে এইদৰে উচ্চ মত প্ৰকাশ কৰিছিল, “He is the man who put Kajiranga in the map of the world,” – মহীচন্দ্ৰ মিৰিৰ চেষ্টাতে পৃথিৱীৰ মানচিত্ৰত কাজিৰঙাই স্থান লাভ কৰিছিল। কথাষাৰ তিলমানো অতিৰঞ্জিত নাছিল। সেই সময়ত কাজিৰঙা চোৰাং চিকাৰীৰ স্বৰ্গ আছিল। বহু দূৰ-দূৰণিৰ পৰা অসংখ্য চিকাৰী তালৈ গৈ নিৰ্বিবাদে গড় নিধন কৰি আপুৰুগীয়া খড়গ সংগ্ৰহ কৰিছিল। মহীচন্দ্ৰই অভাৱনীয় কষ্ট স্বীকাৰ কৰি চোৰাং চিকাৰ পাৰ্য্যমানে বন্ধ কৰিছিল আৰু অঞ্চলটোৰো যথেষ্ট উন্নতি সাধন কৰিছিল। তেওঁ হেনো পুৱা তিনি বজাতে শোৱাপাটী এৰি হাতীৰ পিঠিত উঠি অঞ্চলটোত তহল দিছিল। ওচৰৰে এটা টিলাৰ বিশেষ এডোখৰ ঠাইত বহি তেওঁ বাইনোকুলাৰৰ সহায়ত চতুৰ্দিশ নিৰীক্ষণ কৰিছিল আৰু ক’ৰবাত চোৰাং চিকাৰীৰ দল দেখা পালেই নিজৰ বিপদৰ কথা চিন্তা নকৰি সাহসেৰে সিহঁতৰ পিছ লৈছিল। সম্প্ৰতি সেই টিলাটোতে এটি নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰি মহীচন্দ্ৰ মিৰিৰ নামেৰে নামকৰণ কৰা হৈছে। এইদৰে দুৰ্গম অঞ্চলত সপৰিয়ালে কিছুদিন থকাৰ পিছত চোৰাং চিকাৰীৰ দৌৰাত্ম্য কিছু নিয়ন্ত্ৰনলৈ অহাত মিৰিদেৱে গোলাঘাটলৈ তেওঁৰ কাৰ্য্যালয় স্থানান্তৰিত কৰে। কিছুদিন তেওঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ হিচাপে যোৰহাটতো আছিল। সেই সময়তে কাজিৰঙা অভয়াৰণ্যৰ বুৰঞ্জীত পোন প্ৰথম বাৰৰ বাবে এটি জীয়া গড় ধৰি আমেৰিকা যুক্তৰাজ্যলৈ চালান দিয়া হয়।
এসময়ত চিকাৰত মহীচন্দ্ৰৰ বিশেষ চখ আছিল। সাপ ধৰা, হাতী ধৰা, বৰশী বোৱা আদি বিদ্যাত তেওঁ পাকৈত আছিল। পিছলৈ তেওঁ চিকাৰী বৃত্তি সম্পূৰ্ণ ভাৱে এৰি দি বন্য প্ৰাণী সংৰক্ষণত দেহে কেহে লাগে। নগাঁও জিলাৰ কুঠৰিৰ, বিশিষ্ট অভিনেতা, ঘনিষ্ঠ বন্ধু চন্দ্ৰ ফুকন এইবোৰ কামত তেওঁৰ সহযোগী আছিল। যোৰহাটত কিছুদিন কটোৱাৰ পিছত তেওঁ পুনৰ গোলাঘাটলৈ আহে। সপৰিয়ালে গোলাঘাটত বাস কৰি থকা অৱস্থাতে তেওঁ হঠাতে জ্বৰত পৰে। ডাক্তৰে সেই জ্বৰ ‘ব্লেক ৱাটাৰ ফিভাৰ’ (Black water fever) বুলি চিনাক্ত কৰে। বনাঞ্চলত কাম কৰা লোকৰহে হেনো সেই জ্বৰ হয়। হাবিৰ মাজত ঘূৰি ফুৰোতে কেতিয়াবা সেই ৰোগৰ সংক্ৰমন ঘটে। চিকিৎসাৰ বাবে ডাক্তৰ সকল আহিল; যোৰহাটৰ পৰা অহা চিভিল চাৰ্জনজনে ‘আহই’ নামৰ এবিধ গছৰ পাত সিজাই ৰস চেপি খুৱাবলৈ নিৰ্দ্দেশ দিলে। কিয়নো ডাক্তৰৰ মতেও সেইবিধ বনদৰৱ সেই জ্বৰৰ অব্যৰ্থ ঔষধ। আচৰিত কথা, যিবোৰ অঞ্চলত এই ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ থাকে সেইবোৰ অঞ্চলতে হেনো ‘আহই’ গছো থাকে। বিচাৰ খোচাৰ কৰি পাত আনি যেতিয়া ৰস প্ৰস্তুত কৰি ৰোগীৰ মুখত দিয়া হ’ল তেতিয়ালৈ তেওঁৰ অৱস্থা জটিল; কোনো বস্তু পেটলৈ নেযায়, যি খুৱায় সেয়ে বমি হৈ ওলাই যায়; গতিকে ঔষধ পেটলৈ নগ’ল। [ ১৮ ] জ্বৰৰ তৃতীয় দিনা একপ্ৰকাৰ বিনা চিকিৎসাই সেইগৰাকী প্ৰতিভাধৰ নিষ্ঠাবান বন বিষয়াই মৃত্যুক সাৱটি ল’লে। গোলাঘাটৰ ধনশিৰি নৈৰ পাৰত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। মহীচন্দ্ৰৰ সৰুতে মাতৃ বিয়োগ ঘটিছিল; তেওঁক বুঢ়ীমাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। বহু কষ্ট স্বীকাৰ কৰি অশেষ শ্ৰম আৰু অহোপুৰুষাৰ্থৰ মাজেৰে মিৰি চাঙৰ সেই ল’ৰাজনে পঢ়ি শুনি নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ পিছত সংকল্প লৈছিল নিজৰ ভাই-ভতিজাহঁতক মানুহ কৰাৰ, মিৰি সমাজখনক উন্নয়নৰ পথেৰে আগবঢ়াই নিয়াৰ। কিন্তু সেই স্বপ্ন আধৰুৱাকৈয়ে এৰি সাতত্ৰিশ বছৰ বয়সতে তেওঁ ইহসংসাৰ ত্যাগ কৰিলে। তেওঁৰ মৃত্যুত যে কেৱল মিচিং সমাজ বা অসমে এজন সুসন্তান হেৰুৱালে এনে নহয়, সমগ্ৰ ভাৰতে হেৰুৱালে এজন দেশপ্ৰেমিক মহৎ ব্যক্তি, এজন নিষ্ঠাবান, সুদক্ষ বন বিষয়া।
মিৰি দম্পতীৰ বিবাহিত জীৱন অতি সুখৰ আছিল। স্বামীৰ প্ৰতিভা, সততা আৰু নাৰীৰ প্ৰতি সন্মানবোধে ইন্দিৰাক মুগ্ধ কৰিছিল। কিন্তু নিয়তিৰ নিৰ্ম্মম বিচাৰত বিয়াৰ সাতোটা বছৰ পাৰ নৌ হওঁতেই সোণৰ সংসাৰ নিমিষতে চাৰখাৰ হৈ গ’ল। সেই সময়ত তেওঁলোকৰ প্ৰথমটি লৰা সন্তানৰ বয়স তিনি বছৰ, দ্বিতীয় ছোৱালীটি ডেৰ বছৰীয়া আৰু তৃতীয়টি মাতৃ গৰ্ভত। পিতৃৰ মৃত্যুৰ ছমাহ পিছতহে শ্বিলঙত ইন্দিৰাৰ পিতৃগৃহত সেই দুৰ্ভগীয়া পুত্ৰ সন্তানটিৰ জন্ম হয়। দেৱতুল্য স্বামীক এইদৰে আচম্বিতে হেৰুৱাই ইন্দিৰাই চৌদিশে এন্ধাৰ দেখিলে; তেওঁৰ ভৰিৰ তলৰ পৃথিৱীখন যেন হেৰাই গ’ল। কিন্তু ভাঙি পৰিলে তো নচলিব, তেওঁৰ কান্ধত যে তিনিটি সন্তানৰ গধুৰ বোজাহ্ল পৰবৰ্ত্তী ঘটনা ক্ৰম ইন্দিৰা মিৰিয়ে এইদৰে বৰ্ণাইছে, ‘মোৰ নিচেই সৰুতে মা ঢুকাইছিল। দেৱতুল্য পিতৃৰ তত্ত্বাৱধানত দিন কটাবলৈ পুনৰ ঘৰলৈ উভটি আহিলো। পিতৃদেৱৰ অক্লান্ত যত্নতে ভাঙি যোৱা মেৰুদণ্ড যোৰা লগাই থিয় হ’লো। তিনিটি সন্তানৰ লালন পালনৰ সুব্যৱস্থা কৰিবৰ বাবে সাজু হ’লো।”
বিয়াৰ পিছতে তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰীৰ পদ এৰি থৈ স্বামীৰ কৰ্ম্মস্থানলৈ ঢাপলি মেলিছিল। কিন্তু এতিয়া স্বামীহীন জীৱনত তেওঁক তো অৱলম্বন হিচাপে পুনৰ চাকৰি এটাৰ প্ৰয়োজন হবহ্ল অকল সেয়েই নহয়, দুখ শোক পাহৰি থাকিবলৈ তেওঁক ব্যস্ততাও লাগিব। গতিকে ৩য় সন্তানৰ জন্মৰ তিনি মাহমান পিছত তেওঁ শ্বিলঙৰে এখন স্কুলত ‘পাৰ্ট-টাইম’শিক্ষয়িত্ৰী ৰূপে কামত সোমায়। কিছুদিন পিছত গুৱাহাটীৰ পানবজাৰ স্কুলৰ তদানীন্তন প্ৰধান শিক্ষয়িত্ৰী ৰাজবালা দাসে তেওঁৰ স্কুলত সহ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লবলৈ ইন্দিৰাক মাতি পঠায়। গুৱাহাটীত তেওঁলোকৰ নিজা ঘৰ দুৱাৰ থকা বাবে নতুন কাৰ্য্যভাৰ গ্ৰহণ কৰাত তেওঁৰ বিশেষ অসুবিধা নহ’ল। কিন্তু বেছিদিন তেওঁ সেই পদত থাকিবলগীয়া নহ’ল; শ্বিলঙৰ অসমীয়া ছোৱালী হাই স্কুলখনত প্ৰধান শিক্ষয়িত্ৰীৰ পদ খালি হোৱাত তেওঁ গুৱাহাটীৰ চাকৰি এৰি থৈ সেই দায়িত্ব ভাৰ গ্ৰহণ কৰেগৈ। সেই [ ১৯ ] চাকৰিত থকা কালছোৱাতে তেওঁ স্থানীয় চেন্ট মেৰীজ কলেজৰ নৈশ শাখাত বি টি শ্ৰেণীত ভৰ্ত্তি হয়। স্কুলৰ দায়িত্ব, ঘৰত লৰা ছোৱালীৰ দায়িত্ব, নিজৰ পঢ়া শুনা— তিনিওটা সমানে বজাই ৰাখি এবছৰীয়া প্ৰশিক্ষণৰ অন্তত তেওঁ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু প্ৰথম শ্ৰেণী লৈ বি টি পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষক প্ৰশিক্ষণৰ ডিগ্ৰী লোৱাৰ কিছুদিন পিছতে ইন্দিৰাই কেন্দ্ৰীয় চৰকাৰৰ জলপানী লৈ গুজৰাট মহাবিদ্যাপীঠত ছমহীয়া মন্টেশ্বৰী শিক্ষা-পদ্ধতিৰো প্ৰশিক্ষণ লয়গৈ। গুজৰাটৰ বিখ্যাত সাৰাভাই পৰিয়ালৰ তদাৰকত অনুষ্ঠিত সেই প্ৰশিক্ষণত শিক্ষাদান কৰিবৰ বাবে মন্টেশ্বৰী শিক্ষা পদ্ধতিৰ উদ্ভাৱিকা স্বয়ং মেডাম মন্টেশ্বৰীকে মতাই অনা হৈছিল। সেই প্ৰশিক্ষণো সফলতাৰে সমাপ্ত কৰি ইন্দিৰা মিৰিয়ে পূবৰ্বৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদত যোগদান কৰেগৈ।
ইতিমধ্যে আমি পাই আহিছো যে সবৰ্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত সমগ্ৰ ভাৰততে চলা দীৰ্ঘ দিনীয়া সংগ্ৰামৰ ফল স্বৰূপে দেশৰ অনুন্নত আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰাৰ্থী সকলে শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ আদি ক্ষেত্ৰত আসন সংৰক্ষণৰ সুবিধা লাভ কৰিছিল। গতিকে সেই সম্প্ৰদায়সমূহৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেশ বা বিদেশত উচ্চ শিক্ষা লাভৰ বাবে বৃত্তি লাভ কৰাটো কিছু সহজ হৈ পৰিছিল। কন্যাৰ বৈধব্য দুখ পাতলাবৰ বাবেই হয়তো সেনাপতিদেৱে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পাৰ্য্যমানে উধাবলৈ তেওঁক সততে অনুপ্ৰেৰণা যোগাই আছিল। পিতৃৰ চেষ্টাতে ইন্দিৰা মিৰিয়ে বিলাতত শিক্ষক-প্ৰশিক্ষণৰ উচ্চ পৰ্য্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰৰ ঘৰৰ পৰা এটি বৃত্তি লাভ কৰিলে। এক উজ্জ্বল ভবিষ্যতৰ চিন্তাত ইন্দিৰা মিৰিৰ মন উৎফুল্ল হৈছিল যদিও সুদীৰ্ঘ দুবছৰৰ বাবে পিতৃহীন সন্তানকেইটিক এৰি থৈ যোৱাৰ চিন্তাই তেওঁক ব্যাকুল কৰিলে। গুজৰাটত ছমহীয়া মন্টেশ্বৰী প্ৰশিক্ষণ লবলৈ যাওঁতে ডাঙৰ লৰা উৎপলক দেউতাকৰ দায়িত্বত থৈ সৰু দুটিক ভনীয়েক পঙ্কজ বনিয়াক গটাই থৈ গৈছিল। পঙ্কজৰ বিয়া হৈছিল উচ্চপদস্থ প্ৰশাসনীয় বিষয়া লক্ষীমপুৰৰ নন্দেশ্বৰ বনিয়াৰ সৈতে। বনিয়া দম্পতী নিঃসন্তান আছিল। কিন্তু এই উদাৰ, মৰমীয়াল মানুহহালে তেওঁলোকৰ দুয়োপক্ষৰে ভালে কেইটিও লৰা ছোৱালী লগত ৰাখি নিজৰ সন্তানৰ দৰে বুকুৰ মৰম দি ডাঙৰ দীঘল কৰিছিল। ইন্দিৰাৰ ছোৱালী চপলা আৰু সৰু পুত্ৰ মৃণালৰ শৈশৱৰ কালছোৱা এইগৰাকী মমতাময়ী মাহীয়েকৰ লগতে অতিবাহিত হৈছিল। পিছলৈ ইন্দিৰা মিৰিয়ে নেফাত চাকৰি কৰি থকা সময়ছোৱাত বৰপুত্ৰ উৎপলক লগত ৰাখিছিল যদিও সৰু দুটিক ভনীয়েক পঙ্কজৰ লগতে থৈছিল। চাকৰি সূত্ৰে নন্দেশ্বৰ বনিয়াদেৱ অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোতে নিজৰ কেইবাটিও ভাই-ভনীৰ লগতে জেশাহুয়েকৰ ল'ৰা-ছোৱালী দুটিকো লগত লৈ ফুৰাইছিল; ফলত তেওঁলোকৰ ছয়গাওঁ, কমলাবাৰী, সোনাৰি, ডিফু আদি কেবা ঠাইতো স্কুলীয়া শিক্ষা গ্ৰহণৰ অভিজ্ঞতা হৈছিল। দেউতাক আৰু এইগৰাকী ভনীয়েকেই তেওঁৰ ল'ৰা-ছোৱালীৰ দায়িত্ব নিজৰ কান্ধত লৈ ইন্দিৰা মিৰিব বিদেশ যাত্ৰাৰ পথ সুগম কৰি দিলে। [ ২০ ] ১৯৪৫ চনত ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদ এৰি ইন্দিৰা মিৰি বিলাতলৈ যাত্ৰা কৰে আৰু স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত দুবছৰীয়া B.Ed. কোৰ্চৰ শিক্ষা আৰম্ভ কৰে। তাত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে প্ৰশিক্ষাৰ্থী সকলক এটি চমু প্ৰশিক্ষণৰ বাবে অফোৰ্ড বিশ্ববিদ্যালয়লৈ নিয়া হৈছিল। তাতে ইন্দিৰাই তেওঁৰ স্কুলীয়া দিনৰে সহপাঠী সুসাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাদেৱক অপ্ৰত্যাশিত ভাৱে লগ পাই বৰ আনন্দিত হৈছিল। বৰুৱাদেৱ সেই সময়ত অধ্যয়ন-গৱেষণাৰ খাতিৰতে অক্সফোৰ্ডত আছিলগৈ। কটন কলেজৰ প্ৰথম জনা অধ্যক্ষ চুদমাৰ্ছন চাহাবৰ জোঁৱায়েক এজনেও ইন্দিৰাৰ লগতে অক্সফোৰ্ডত প্ৰশিক্ষণ লৈছিল। চুদমাৰ্ছন চাহাব সেই সময়ত আলৰ বুঢ়া, কাণেৰে একেবাৰে নুশুনে। জোঁৱায়েকৰ মুখে অসমৰ পৰা ইন্দিৰা মিৰি অধ্যয়নৰ বাবে স্কটলেণ্ডলৈ অহা বুলি শুনি তেওঁ বৰ সন্তোষ পাইছিল আৰু মহিলাগৰাকীক এবাৰ তেওঁৰ ঘৰলৈ নিবৰ বাবে
জোঁৱায়েকক অনুৰোধ কৰিছিল। নিমন্ত্ৰণ ৰক্ষা কৰি ইন্দিৰা মিৰি এদিন মিঃ চুদমাৰ্ছনৰ ঘৰ ওলালগৈ। একালৰ বন্ধু কন্যাক লগ পাই উল্লসিত বুঢ়া মানুহজনে কৈছিল, “এসময়ত মই তোমালোকৰ ঘৰলৈ গ’লে ঘৰৰ ছোৱালীহঁত চাহাবৰ ভয়তে কেনিবা পলাইছিল; আজি তুমি চাহাবৰ দেশত পঢ়িবলৈ আহিলা।” এইখিনিতে উল্লেখযোগ্য, এসময়ত কটন কলেজৰ অধ্যক্ষ ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা চুদমাৰ্ছন চাহাবক অসমীয়া ভাষা শিকোৱাৰ দায়িত্ব পৰিছিল সেই সময়ৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্ম্মচাৰী সোণাধৰ সেনাপতিৰ ওপৰত। সেই সূত্ৰে দুয়োৰে মাজত চিনা-পৰিচয় আৰু একপ্ৰকাৰ ঘনিষ্ঠতাও হৈছিল। চুদমাৰ্ছন চাহাবে নিয়মিত সান্ধ্য ভ্ৰমণত ওলাই শিলপুখুৰীৰ ৰাজহুৱা ৰাস্তাৰে (বৰ্তমানৰ গোপীনাথ বৰদলৈ পথ) অহা যোৱা কৰোতে একোদিনা সেনাপতিপুৰীত সোমাই গৃহস্থৰ সৈতে দুআষাৰ কথা-বতৰা পাতি খন্তেক জিৰাই গৈছিল। চাহাব অহা বুলি গম পালে ইন্দিৰাৰ
পেহীয়েকহঁতে ভয়তে লৰমাৰি গৈ পিছপিনৰ পুখুৰী পাৰ পাইছিলগৈ।
ইন্দিৰা মিৰিৰ মতে, তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা দুবছৰীয়া বি এড পাঠ্যক্ৰম সম্প্ৰতি আমাৰ ইয়াত প্ৰবৰ্ত্তিত বি এড পাঠ্যক্ৰমতকৈ বহু উন্নত স্তৰৰ আছিল। তাত শিক্ষাৰ তাত্ত্বিক দিশতকৈ শিক্ষণ পদ্ধতিত বহু গুণে বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল। শিশু মনস্তত্ত্বৰ সকলো দিশলৈকে তীক্ষ্ণ দৃষ্টি ৰখা তেওঁলোকৰ শিক্ষাদান পদ্ধতি, শিক্ষক সকলৰ নিষ্ঠা আৰু নিয়মানুবৰ্ত্তিতা দেখি ইন্দিৰা মিৰি বিস্ময়-বিমুগ্ধ হৈছিল। তাত তেওঁৰ গৱেষণা পত্ৰৰ বিষয় আছিল Factorial Analysis of Children of the Age group of Thirteen. সুদীৰ্ঘ দুটা বছৰ ল’ৰা ছোৱালী, ঘৰ এৰি থৈ বিদেশত নিবিষ্ট চিত্তে অধ্যয়ন কৰি তেওঁ কৃতকাৰ্য্যতাৰে শিক্ষা সমাপ্ত কৰে।
•••
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।