পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

দুই শৈশৱৰ আঁত ধৰি যৌৱনলৈ গুৱাহাটীৰ পূৱ প্ৰান্তত অৱস্থিত শিলপুখুৰী অঞ্চল নগৰখনৰ অতি পুৰণি অঞ্চল সমূহৰ অন্যতম। আজিৰ পৰা প্ৰায় আঢ়ৈ শ বছৰ পূৰ্ব্বে ১৭৫২ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্ম্মাণ কৰোৱাৰ পিছৰ বছৰতে মন্দিৰৰ পূজা-সেৱাৰ অৰ্থে আৱশ্যকীয় পানীৰ বাবে অঞ্চলটোত এটি পুখুৰী খন্দাইছিল। পুখুৰী পাৰত স্থাপিত শিলালিপি ‘নৱগ্ৰহাশয়’নামে বৰ্ণিত সেই ন-কোণীয়া পুখুৰীটোৱেই পিছলৈ শিলপুখুৰী নামে জনাজাত হয়। সেই পুখুৰীটোক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত জনবসতি আৰম্ভ হৈছিল বুলি অনুমান কৰা হয়। অঞ্চলটোৰ বাসিন্দাসকল আছিল ঘাইকৈ জনজাতীয় লোক। অ'ত ত'ত দুই এঘৰ নেপালী আৰু বিহাৰী মানুহো আছিল। আজিৰ পৰা ণ ষাঠি বছৰ আগলৈকে অঞ্চলটো হাবি-জংঘল আৰু পিতনিৰে ভৰা আছিল। তাৰ মাজে মাজে থকা পথাৰ অঞ্চলত মা পঞ্চাশ যা ৰাইজে খেতি-বাতি কৰি পেটৰ ভাত মোকোলাইছিল। সেই সময়ত এইবোৰ মাটি তেনেই মূল্যহীন আছিল। এইটো অঞ্চলতে সোণাধৰ সেনাপতিয়ে চৰকাৰৰ ঘৰত ‘কবুলা’ আৰু নাম মাত্ৰ খাজনা আদায় দি বহু মাটি নিজৰ দখললৈ আনিছিল। উপায়ুক্তৰ অফিচৰ কৰ্ম্মচাৰী হিচাপে চৰকাৰৰ ভূমি-নীতিৰ তলা-নলা বুজি পোৱা বাবেই তেওঁৰ পক্ষে সেই কাম সম্ভৱ হৈছিল। পুখুৰীটোৰ দক্ষিণ পাৰৰ সীমাৰ পৰা বৰ্ত্তমানৰ গড়কাপ্টানী বিভাগৰ কাৰ্য্যালয়ৰ কাষলৈকে তেওঁৰ মাটি। ৰাজহুৱা আলিবাটৰ দক্ষিণ দিশে, এতিয়াৰ গোস্বামী চাৰ্ভিচ পেট্ৰল পাম্পৰ পোনে পোনে সেনাপতিৰ বঙলা আছিল। বিবিধ বিশ্ব গছ-লতা, নানা তৰহৰ ফুল, সেউজীয়া ঘাঁহনিৰে চালে চকু ৰোৱা আছিল সেনাপতি-পুৰী নামে খ্যাত সেই চৌহদটো। সেয়াই ইন্দিৰা মিৰিৰ জন্মস্থান। তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে ৰাস্তাৰ দুয়োকাষে আছিল জনজাতীয় লোকৰ বসতি। সেইবোৰ পৰিয়ালৰ ল'ৰা ছোৱালীহঁতৰ সৈতে ধূলি-বালি খেলিয়েই ডাঙৰ হৈছিল সেনাপতি পুৰীৰ শিশুহঁত। গতিকে তেওঁলোকৰ ঘৰুৱা নামবোৰত জনজাতীয় প্ৰভাৱ পৰিছিল। ইন্দিৰাৰ ঘৰত মতা নাম আছিল ‘মেৰেং’। ইন্দিৰাৰ জন্মৰ পিছত দেউতাকে চাকৰি সূত্ৰে নগাঁও, ধুবুৰী আদি ঠাই ঘুৰি, শ্বিলঙত থিতাপি লৈছিলগৈ। গতিকে ইন্দিৰাৰ সবাতোকৈ পৰিচিত ঠাই আছিল শ্বিলং।