বিলাতী পিঠা/প্ৰথম ভাগ
বিলাতী পিঠা
কোনো এখন গাঁৱত এজনী ভাবলী ছাগলী আছিল। তাইৰ সাতোটি পোৱালী। এই আঠোটি প্ৰাণী একেলগে এটি জুপুৰী ঘৰত কোনোমতে টোক্-টোক্-টাক্-টাককৈ খাই-লৈ আছিল।
এদিনাখন ভাবলীয়ে তাইৰ পোৱালীকেইটিৰ গা চেলেকি চেলেকি কলে,- “পোনাহঁত, মই ওলাই যাওঁ। তোমালোকে দ্বন্দ-হাই নকৰিবাহঁক দেই! বে-এ-এ!!’
পোৱালীকেইটিয়ে মাকক বেৰি ধৰিলে- “আমিও লগতে যাম, আই! আমাকে নিব লাগিব। নহলে, কোৱা, ঘুৰি আহোঁতে আমালৈ আনিবা কি? কি-ই-ই!!”
ভাবলীয়ে কলে,- “তোমালোক থাকাঁ। ঘূৰি আহোঁতে তোমালোকলৈ গাইপতি একেটাকৈ বিলাতী পিঠা আনিম।” পোৱালীকেইটিয়ে ৰাঙত জপিয়াই নাচি নাচি গালে—
বিলাতী পিঠা, বিলাতী পিঠা।
খাই দিম একোটি, লাগিব মিঠা!!
ভাবলী ওলাই গ’ল। অলপ বাট গৈয়ে উলটি আহি কলে,— “মোক কেনেবাকৈ ওলাই যোৱা দেখিলে কুকুৰ-নেচীয়া বাঘটো ওলাবহি পাৰে। দুৱাৰখন খুন্দি খন্দি মাৰি আটাইকেইটি ভিতৰ সোমাই থাকিবাহঁক। মই উলটি নহালৈকে দুৱাৰ নেমেলিবা। পোৱালীবোৰে সুধিলে,— “কুকুৰ-নেচীয়া যে আহিছে আমি জানিম কেনেকৈ?” ভাবলীয়ে কলে,— “কুকুৰ-নেচীয়াৰ মাত হুটা, হাঁতোৰা ক’লা। বে-এ-এ!”
ভাবলী ওলাই গল। মনে মনে জোপ লৈ থাকি পিছ তলকতে কুকুৰ-নেচীয়া ভাবলীৰ ঘৰ ওলালহি। সি দুৱাৰখন হেচুকিলে। “কোন সেয়া?” —বৰ ছাগলী পোৱালীটোৱে মাত লগালে। “তোমালোকৰ আয়েৰা। মোক দুৱাৰ মেলি দিয়াহঁক।” —কুকুৰ-নেচীয়াই উত্তৰ দিলে—। “আমাৰ আই যদি মাতটো ইমান হুটা কেলেই।” [ ২ ] কুকুৰ-নেচীয়া মিছা পৰিল। মুখেৰে একো নামাতিলে। সি শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উলটি আহিল। পোনছাটেই সি এখন গোলালৈ গ'ল। তাৰ পৰা আধেৰ মাখন কিনি আনিলে। আটাইখিনি মাখন সি তেতিয়াই খাই পেলালে।
দুনাই সি ভাবলীৰ ঘৰৰ দুৱাৰখনত হেচোক মাৰিলে। “কোন সেয়া?” —মাজু ছাগলী পোৱালীটোৱে সুধিলে। "মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া।” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰা চাওঁ, দেখুওৱাচোন।” দুৱাৰৰ চুকেদি সি তাৰ হাতোৰাটো দেখুৱালে।
“ওঁহো তুমি আমাৰ আই নোহোৱা!” —ছাগলী পোৱালী আটাইকেউটাই মাত লগালে। সি দুনাই লাজত পৰিল, জোকৰ মুখত চুণ দিয়াৰ দৰে হ’ল। সি বাহিৰে বাহিৰে আকৌ এখন গোলালৈ গ'ল। তাত সি এসেৰ ময়দা গুড়ি কিনিলে। তাৰ সোঁ-হাতোৰাটো ময়দা গুড়িত জুবুৰিয়াই দিলে।
তিনিবাৰ নিবাৰ। শেষবাৰ সি ভাবলীৰ দুৱাৰত হেঁচোক দিলে। “কোন সেয়া?”--- নুমলীয়া ছাগলীপোৱালীটোৱে সুধিলে। মই আয়েৰা, মোক দুৱাৰখন মেলি দিয়া৷” “ওঁ, তোমাৰ মাতটি মিহি। বাৰু, তোমাৰ হাতোৰাটি চাওঁ, দেখুওৱাচোন?” সি সোঁ-হাতোৰাটো দেখুৱালে। সিহঁতে বগা হতোৰাটো দেখিলে। ভাবিলে এইবাৰ সঁচাকৈয়ে মাক আহিছে। সিহঁতে দুৱাৰৰ ডাং মেলি দিলে। আগত দেখে— কুকুৰ-নেচীয়া!
কুকুৰ-নেচীয়াক দেখি বেচেৰা ছাগলীপোৱালীকেইটিৰ কেনি যাওঁ কি কৰোঁ লাগিল। সিহঁতৰ পলাবলৈ তৎ হেৰাল। যেয়ে যেনিয়ে পাৰে পলাল। দুটা সোমাল মেজৰ তলত, আৰু দুটা সোমাল চাঙৰ তলত, আৰু দুটা লুকাল দুৱাৰ চুকত। এটাই ঠাই নাপাই বেৰৰ ডাঙৰ ঘৰীটোৰ ভিতৰত সোমাল।
কুকুৰ-নেচীয়া অলপ ৰৈ সিহঁতৰ ধেমালি চালে। তাৰ পাছত সি লাহেকৈ মেজৰ তললৈ হাতোৰা ভৰালে৷ তাত থকা পোৱালী এটা- এটাকৈ তাৰ পেটত সোমাল৷। আকৌ সি চাঙৰ তললৈ চকু দিলে। তাত লুকুৱা পোৱালী দুটাও সি এটা-এটাকৈ গিলি থলে। আকৌ সি দুৱাৰ চুকত চকু ফুৰালে। তাত পলোৱা পোৱালী দুটিৰো একে দশাই হল। কিন্তু ঘৰীত সোমোৱা পোৱালীটোত তাৰ চকু নপৰিল। [ ৩ ] কুকুৰ-নেচীয়াৰ পেটত সোমাই ছাগলী পোৱালীকেইটাই বৰ আন্ধাৰ দেখিলে। তাৰপৰা ওলাই আহিবলৈ বুলি কুকুৰনেচীয়াৰ পেটত যিমান পাৰে সিমান জপিয়াবলৈ আৰু গুৰিয়াবলৈ ধৰিলে। কুকুৰনেচীয়াই যন্ত্ৰণাত ছট্ ফটাবলৈ ধৰিলে— “ঔ ঔ ঔ!”
ভাত বা চাউল নোচোবোৱাকৈ গিলি থলে সেইবোৰ যেনেকৈ লৰা-ছোৱালীৰ পেটত গিজ্গিজাই খুন্দিয়া-খুন্দি কৰে, তাৰো সেয়ে হৈছিল। সি তৎ নাপাই মাটিত বাগৰি ফুৰিবলৈ ধৰিলে। ঠিক এনেতে ভাবলী ওলালহি।--
‘‘ক’ত আছা, মোৰ পোনাহঁত!”—পোৱালী এটিও নেদেখি কাতৰ হৈ ভাবলীয়ে মাতিলে। বেৰৰ ঘৰীটোৰ ভিতৰৰ পৰা মুখ উলিয়াই সৰু পোৱালীটিয়ে মাত দিলে— “আই, মই অকলে ইয়াতে আছো। বাকী ছয়োটি কুকুৰনেচীয়াই গিলি থলে।”
এই কথা শুনি ভাবলী শোকত বিহ্বল হ’ল। তাৰ পাছত তাই এটা বুদ্ধি বিচাৰি পালে। চোকা কটাৰি এখন লৈ তাই মাটিত বাগৰি ফুৰা কুকুৰ-নেচীয়াটোৰ তলপেটটো অতি সাৱধানে কাটি পেলালে আৰু ছয়োটা ছাগলী পোৱালী ওলাই আহিল, যেন সিহঁতে নতুন জনমহে পালে।
ভাবলীয়ে কলে,-“পোনাহঁত, তোমালোক সাতোটি এতিয়া সৌ জুৰিটিৰ পাৰলৈ লৰ মাৰা। তাৰ পৰা গাইপতি এটাকৈ ডাঙৰ শিল আনা। ছাগলী-পোৱালী কেইটাই সেইমতে সাতোটা শিলগুটি আনিলে। ভাবলীয়ে সেই সাতোটা শিলগুটি কুকুৰ-নেচীয়াৰ পেটত ভৰালে আৰু তাৰ পেটটো সী পেলালে। এতিয়া ভাবলী আৰু সাতোটি পোৱালীয়ে ধৰি চোচোৰাই নি তাক জুৰিৰ সোঁতত পেলাই দিলে। ঘৰলৈ উলটি আহি ভাবলী আৰু সাতোটি পোৱালীয়ে পোৰা টেকেলীত চাহ-পানী তপতালে আৰু ভাবলীয়ে অনা বিলাতী পিঠা গাইপতি একোটিকৈ লৈ ঘৰতে এখন চুৰচুৰিয়া চাহমেল পাতি খালে। খাই উঠি সাতোটি পোৱালীয়ে আকৌ ৰঙতে জপিয়াই গালে-
বিলাতী পিঠা, বিলাতী পিঠা।
খাই দিম একোটি, লাগিব মিঠা॥০ ০
নুমলী
"অকণমান তাই নুমলী ছোৱালী
বাটত উমলি ফুৰে,
কেকোৰা-কেকুৰি চুলিটাৰি আহি
গালে-মুখে ঢাকি ধৰে।”
ওঁ, তাই অকণমানি! নাম নমুলী। ৰঙচুৱা বাবৰি চুলিকুছি তাইৰ, গাল-মুখ ঢাকি ধৰিলে ওপৰ-মুখ হৈ জোকাৰ মাৰি তৰা যেন চকু দুটি মুকলি কৰি লয়। বাটে-পথে য’তে-ত’তে উমলিবলৈকে বৰ ভাল পায় তাই।
ডাঠ হাবিখনৰ সিপাৰে নুমলীৰ অকলশৰীয়া বুঢ়ীমাকৰ টোকোৰা পঁজাটি, নিমাওমাওকৈ তাতে বুঢ়ী নৰীয়া পাটিত পৰি আছে। খৰাহি এটা কোঁচত গুজি দি মাকে নুমলীক ক'লে, “বুঢ়ী আয়েৰ পৰি আছে। এয়া এফেৰা মাখন, চাইটা কণী আৰু অকণ মৌ দিছো, তয়ে দি আহগৈ। ঘৰত আৰু কেও নাই। চাবি, বাটত উমলি ৰাতি নকৰিবি। সাঁজ লাগাতে হাবিত বনৰজা ওলায় একা!
হাবিতলীয়া লুঙলুঙীয়া বাটটি। দুয়ো কাষে কতনো চৰায়ে উমলিছে, গীত জুৰিছে। সিহঁত আটায়ে যেন নুমলীক মাতিছে, ‘আহ, ওমলোগৈ!' কেইপাহমান অতিকৈ ধুনীয়া বনৰীয়া ফুল বতাহত হালি- জালি থকা তাই মন কৰিলে। নিমিষতে মাকৰ হাক, বনৰজাৰ ভয় সকলো পাহৰিলে। খৰাহিটো মাটিত থৈ তাই ফুল ছিঙিবলৈ লাগিল। সেইদৰে থাকোতে তাতে সন্ধ্যা লাগিলহি। তাইৰ পেটত ভয় লাগিল। ছাঁটোকে বনৰজা যেন দেখিবলৈ ধৰিলে আৰু মাকৰ কথালৈ মনত পৰিল। খৰাহিটো কাষত লৈ তাই কোবাকুবিকৈ কিৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।
‘হওম! হওম!!’ হাবিৰ পৰা এটি বনৰজা ওলাই আহিল। তাক [ ৫ ]
‘হওঁম! হওঁম!!’
হাবিৰ পৰা এটি বনৰজা
ওলাই আহিল। তাক দেখি নুমলীৰ বুকু কঁপিল।
বনৰজাই আগচি ধৰি ক'লে- নুমলী! সেই বাটে আন মানুহৰ লগত বুঢ়ীমাকৰ ঘৰলৈ যোৱা সি নুমলীক আগেয়েও দেখিছে। ‘ভয় খাইছা কেলেই, নুমলী? মই তোমাক একো নকৰো নহয়।” ‘সঁচাকৈয়েনে?’ নুমলীয়ে হেঁপাহকৈ সুধিলে। ‘ওঁ, তোমাৰে শপত, ভনীটী। পিছে তুমিনো ক-ল-ই যোৱা?’ বনৰজাই লেন লগাই মাতিলে। চল পাই নুমলীয়ে কলে- ‘বুঢ়ী আইৰ ঘৰলৈ।’
বনৰজা - ‘অ’ নুমলী! অ’ নুমলী।
খৰাহিত সেয়া কি?
নুমলী – “বুঢ়ী আইলৈ পঠাইছে আয়ে
মাখন এফেৰা দি।”
বনৰজা – ‘অ’ নুমলী! অ’ নুমলী।
খৰাহিত সেয়া কি?
নুমলী : ‘বুঢ়ী আইলৈ পঠাইছে আয়ে
কণী চাইটা দি।’’
বনৰজা - ‘অ’ নুমলী! অ’ নুমলী!
আৰু কি আনিছ ঔ!’
নুমলী :- ‘বুঢ়ী আইলৈ দিছে আয়ে
পঠাই অকণ মৌ।’
বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ
বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’
নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে—
‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”
বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে
গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত
টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে
‘কোন সেয়া?
বনৰজাই কলে—‘মই নুমলী।’
বুঢ়ী- ‘ক’ৰ নুমলী?
বনৰজা— তোমাৰ নাতিনীয়েৰা। [ ৭ ] বুঢ়ী— ‘কেলেই আহিছ?’
বনৰজা—‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।
বুঢ়ী— ‘মোলৈ কি আনিছ?’
বনৰজা— ‘কণী, মৌ আৰু মাখন।’
বুঢ়ী— ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’
দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ মুখ মেলি খেদি গল।
বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি সোমালগৈ।
বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।
বনৰজা— “কোন সেয়া?”
নুমলী— ‘মই নুমলী!’
বনৰজা— ‘ক’ৰ নুমলী?’
নুমলী— 'তোমাৰ নাতিনীয়েৰা।
বনৰজা— ‘কেলেই আহিছ?’
নুমলী— ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।
বনৰজা— ‘মোলৈ কি আনিছ?’
নুমলী— ‘মৌ, মাখন আৰু কণী।’
বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”
নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”
বনৰজা— “তেহে তোক ভালকৈ দেখিম।”
নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”
বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’
নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”
বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”
এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব খুজিলে।
নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে। [ ৮ ] কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি
খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয়
আহিল আৰু ওচৰ-চুবুৰীয়া মানুহবোৰ চাপি-কুচি হাতে হাতে টাঙোন
টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে
আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম
কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু
মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে।
কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥
তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥
কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০০
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।