বিলাতী পিঠা/দ্বিতীয় ভাগ

[  ]
নিজে খোজকঢ়া জোতা

 গোলাই আছিল নামজুলা যাদুকৰ। তাৰ আপোন বুলিবলৈ সংসাৰত একেটি মাথোন পুতেক ভোলাই। গোলাই মৰিবৰ সময়ত পুতেক ভোলাইক মাতি আনি কলে— “বোপাই, মোৰ মৰণৰ সময় চাপি আহিছে। তোক দিবলৈ মোৰ আন একো সম্পত্তি নাই। এই জোতাযোৰ তোক দিছো। তই এই জোতাযোৰ পিন্ধি যলৈকে যাওঁ বোল, তলৈকে ই লৈ যাব।” এই বুলি কৈয়েই গোলায়ে শেষ উশাহ ললে। ভোলায়ে পিতাকৰ শৱটো নি খৰি দিলেগৈ। পিতাক মৰাৰ পাছৰপৰা এই বহল সংসাৰখনত সি একেবাৰে অকলশৰীয়া হল।

 সেইদিনা তাৰ পোন্ধৰ বছৰীয়া জন্মতিথি। গধূলি সেইদিনা সি তাৰ নলে-গলে লগা বন্ধু নদাইক খাবলৈ মাতিছে। নদায়ে বাতৰি পঠিয়ালে— “মই ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰো। তোমাৰ জোতাযোৰ পঠাই দিবা। তেহে যাব পাৰিম।” নদাইৰ কথামতে ভোলায়ে নদাইৰ ঘৰলৈ জোতাযোৰ যাবলৈ দি, সি নিজে ৰন্ধা বঢ়া কামত লাগিল। ভোলায়ে ভালকৈ ৰান্ধিব জানে। সি পোলাও, খিচিৰি, আলুগুটিৰ ডম্, মাছৰ টেঙা, আদখৰীয়া, খৰিকা দিয়া, অলপমান খাৰৰ আঞ্জা, বিধে বিধে বহালে আৰু সেইদৰে বাঢ়ি ভাগে ভাগে নমাই থৈ নদাইলৈ বাট চালে।

 ৰাতি বহুত হ’ল, নদাই নাহিল। ইবাৰ এটা শব্দ শুনি নাই আহিছে বুলি উঠি গৈ চায়, নদাই নাই। সিবাৰ দুৱাৰত খিৰিক্‌ কৰা শুনি উঠি গৈ চায়, নদাই নাই। ৰৈ ৰৈ তাৰ ৰান্ধনি ঘৰতে টোপনি আহিল, আৰু সি পিৰা এখন পাৰি তাতে শুলে। এনেতে এটা চোৰ আহিল, বিধে বিধে ৰন্ধা-বঢ়া বস্তুবোৰ দেখি তাৰ বৰ লোভ লাগিল। সি হাতত সাৰে ভৰিত সাৰে আহি পোলাও, খিচিৰি আদি সকলো বস্তু ভাগে ভাগে দাঙি লৈ তাৰ জোলোঙাত সুমুৱালে, আৰু ততালিকে পলাই পত্ৰং দিলে। অলপ পিছত ভোলাই সাৰ পাই উঠি মুৰে কপালে হাত দিলে। ইমানবোৰ বস্তু কি হল, কোনে নিলে বুলি সি দেও পাৰিবলৈ ধৰিলে। এবাৰ ভাবিলে, জানোচা নদায়ে আহি তাক [ ১০ ] টোপনিয়াই থকা দেখি ৰন্ধা-বঢ়া বস্তুবোৰ লুকুৱাই থৈ তাৰ লগত ধেমালি কৰিছে। সি সেইদেখি তাতকৈ টেঙৰালি কৰি মাত লগালে— “সেইটি ঘৰৰ চুকত কোন? দেখিছোহে তেওঁ! আহা নদাই, আঁহা, মোৰে চুপতি নামাৰিবা, বুইছা?তোমালৈ বুলি বাট চাওঁতেই মোৰ ইমান নিশা হল আৰু বহি বহি টোপনি আহিল। বোলা ভালে ভালে ওলাই আঁহা।” -কিন্তু শূন্য ঘৰ; তাৰ মাতৰ পাছত আৰু অধিক গহীন হল। নদাই হলেহে সি ওলাই মাত দিব। বেচেৰা ভোলাই দুখে- ভাগৰে লাজে-বেজাৰে মৰা যেন হৈ আকৌ পিৰাখনতে ঘোৰমোকোতা মাৰি শুলে।

 বাৰু, সঁচাকৈয়ে নাদাইৰ কি হ’ল? সি কিয় নাহিল? জোতযোৰ ঠিক সময়ত গৈ নদাইৰ ঘৰ পালেগৈ আৰু সিও তাকে পিন্ধি ভোলাইৰ ঘৰলৈ বুলি আহি আছে। বাটত এখন নৈ পাৰ হব লাগে। নদায়ে নৈখন পাৰ হব খোজোতে হঠাৎ ভৰিৰ পৰা জোতাযোৰ পিছলি আগবাঢ়ি গ'ল। জোতাযোৰ পানীৰ ওপৰে গৈ ইপাৰ উঠিলেগৈ; নদাই সিপাৰতে থাকিল। সি লাজ পালে, আৰু ভাবিলে—“খোজ কাঢ়িনো কি যাম? ৰাতি হল, ঘৰলৈকে উলটি যাওঁ।” নদাই উলটিল, কিন্তু জোতাযোৰ ভোলাইৰ ঘৰলৈ বুলি হাবিৰ মাজেদি আহিয়ে থাকিল।

 কিনো ভাগ্যৰ ফেৰ! চোৰটোৱেও ভোলাইৰ ঘৰৰ পৰা ৰন্ধা- বঢ়া বস্তুবোৰ লৈ প্ৰাণ টাকি লৰি লৰি আহি হাবিৰ মাজত সেই বাটটোতে বহি পোলাও খিচিৰি আদি চাই হাঁহিছে, আৰু তাৰ মুখৰ পৰা লোভৰ পানী পৰিছে। তাৰ মনত ভাব হল- “হাবিৰ মাজত নো ৰাতি এইবোৰ বস্তু খাই কি সুখ পাম? এতিয়া ঘৰত ভালকৈ লেপেতা কাঢ়ি বহি লবলৈ পাব লাগিছিল, তেহে! এহাতলৈকে চেলেকিলোহেঁতেন নহয়! তালৈকে এতিয়া লৰি লৰি হাত ভৰি ছিগি আহিছে, এখোজ লৰচৰ কৰিবলৈ গাত শক্তি নাই। এনে সময়ত যদি নিজে খোজ কঢ়া জোতা এযোৰ কেনেবাকৈ পালোহেঁতেন!” ঠিক সেই সময়ত ভোলাইৰ জোতাযোৰ নদাইক এৰি আহি ঘৰৰ ফালে খোজ লৈ সেইখিনি পাইছিলহি। টোপোলাত ৰন্ধা-বটা বস্তুখিনি ভৰাই চোৰটো উঠি থিতাতে জোতাযোৰত তাৰ ভৰি সুমুৱালে, আৰু জোতাযোৰ তাৰ ভৰিত একেবাৰে কাপ খাই পৰিল৷

 কিন্তু কি আচৰিত৷ চোৰটো যেনি যাব সেইপিনে নগৈ [ ১১ ]

নদায়ে নৈখন পাৰ হব খোজোতে হঠাৎ ভৰিৰ পৰা জোতাযোৰ পিছলি আগবাঢ়ি গ'ল৷

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।