এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নুমলী

"অকণমান তাই   নুমলী ছোৱালী
বাটত উমলি ফুৰে,
কেকোৰা-কেকুৰি   চুলিটাৰি আহি
গালে-মুখে ঢাকি ধৰে।”

 ওঁ, তাই অকণমানি! নাম নমুলী। ৰঙচুৱা বাবৰি চুলিকুছি তাইৰ, গাল-মুখ ঢাকি ধৰিলে ওপৰ-মুখ হৈ জোকাৰ মাৰি তৰা যেন চকু দুটি মুকলি কৰি লয়। বাটে-পথে য’তে-ত’তে উমলিবলৈকে বৰ ভাল পায় তাই।

 ডাঠ হাবিখনৰ সিপাৰে নুমলীৰ অকলশৰীয়া বুঢ়ীমাকৰ টোকোৰা পঁজাটি, নিমাওমাওকৈ তাতে বুঢ়ী নৰীয়া পাটিত পৰি আছে। খৰাহি এটা কোঁচত গুজি দি মাকে নুমলীক ক'লে, “বুঢ়ী আয়েৰ পৰি আছে। এয়া এফেৰা মাখন, চাইটা কণী আৰু অকণ মৌ দিছো, তয়ে দি আহগৈ। ঘৰত আৰু কেও নাই। চাবি, বাটত উমলি ৰাতি নকৰিবি। সাঁজ লাগাতে হাবিত বনৰজা ওলায় একা!

 হাবিতলীয়া লুঙলুঙীয়া বাটটি। দুয়ো কাষে কতনো চৰায়ে উমলিছে, গীত জুৰিছে। সিহঁত আটায়ে যেন নুমলীক মাতিছে, ‘আহ, ওমলোগৈ!' কেইপাহমান অতিকৈ ধুনীয়া বনৰীয়া ফুল বতাহত হালি- জালি থকা তাই মন কৰিলে। নিমিষতে মাকৰ হাক, বনৰজাৰ ভয় সকলো পাহৰিলে। খৰাহিটো মাটিত থৈ তাই ফুল ছিঙিবলৈ লাগিল। সেইদৰে থাকোতে তাতে সন্ধ্যা লাগিলহি। তাইৰ পেটত ভয় লাগিল। ছাঁটোকে বনৰজা যেন দেখিবলৈ ধৰিলে আৰু মাকৰ কথালৈ মনত পৰিল। খৰাহিটো কাষত লৈ তাই কোবাকুবিকৈ কিৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।

 ‘হওম! হওম!!’ হাবিৰ পৰা এটি বনৰজা ওলাই আহিল। তাক