বুঢ়ী— ‘কেলেই আহিছ?’
বনৰজা—‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।
বুঢ়ী— ‘মোলৈ কি আনিছ?’
বনৰজা— ‘কণী, মৌ আৰু মাখন।’
বুঢ়ী— ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’
দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ মুখ মেলি খেদি গল।
বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি সোমালগৈ।
বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।
বনৰজা— “কোন সেয়া?”
নুমলী— ‘মই নুমলী!’
বনৰজা— ‘ক’ৰ নুমলী?’
নুমলী— 'তোমাৰ নাতিনীয়েৰা।
বনৰজা— ‘কেলেই আহিছ?’
নুমলী— ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।
বনৰজা— ‘মোলৈ কি আনিছ?’
নুমলী— ‘মৌ, মাখন আৰু কণী।’
বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”
নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”
বনৰজা— “তেহে তোক ভালকৈ দেখিম।”
নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”
বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’
নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”
বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”
এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব খুজিলে।
নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে।
পৃষ্ঠা:Bilati Pitha.pdf/১৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে