পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পিয়াহৰ পানী।

 “পানী—পানী ঐ—পানী—ও মাই, পানী।”

 মাকৰ একেটি সন্তান। এই বাৰ দিন জ্বৰ। চোৱা ভাৰ পৰিল মোৰ মূৰত। মই মেডিকেল্ কলেজৰ পৰা ডাক্তৰি পাচ কৰি তাতেই ‘হাউছ-ছাৰ্জন’ আছিলোঁ। কলেজত মেডেল পাইছিলোঁ। তেতিয়া চৰকাৰী এচিষ্টেণ্ট ছাৰ্জন হৈ ওলাই আহিছোঁ।

 মই দেখিলোঁ জ্বৰ টাইফয়েড্। ইয়াৰ উপসৰ্গ হবলৈ বহুতো আছে। প্ৰধান এটা পেট ফিকা। পানী খালে পেট ফিকাত সহায় হে কৰিব। সকলোকে টান কৈ কৈ দিলোঁ— “সাৱধান বৰ পিয়াহ লাগিব, কিন্তু পানী নিদিবা। দুই এটা ডালিমৰ গুটি, অকণমানি মিছিৰী, দুই এক চামুচ পানী মিহলোৱা গাখীৰ বা চাগু-পানী— বছ! কিন্তু পিয়াহ পলাই পানী দিবা, তেনে সৰ্বনাশ।”


 

টোকা: এই পৃষ্ঠাখনৰ স্কেনিং ভাল নিহোৱা বাবে বুজিব নোৱাৰা অংশ ইয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।