বাজিকৰ আৰু আন আন গল্প/চিকাৰি আৰু হাঁহ

[ ৪০ ]
 

চিকাৰি আৰু হাঁহ।

(১)

 শৰৎ কাল, আকাশ নিৰ্মল; মাজে মাজে বগা মেঘ কিছুমানে ইনাই-বিনাই ভাহি ফুৰিছে। আকাশৰ মাজেৰে কল্‌ কল্‌ কাকলি কৰি বগা হাঁহৰ শাৰী উৰি গৈছে; দূৰৰ পৰা শুনি মধুৰ কল্লোলৰ দৰে; দেখি প্ৰকৃতি দেৱীৰ বিশাল নিতম্বত ওলমি পৰা মেখলাৰ দৰে।

 এটা মতা হাঁহে মাইকীক কৈছে, “আমি এই বাৰ গৈ বিলৰ নিজান চুকত ঘৰ পাতিব লাগে। যাতে কোনো শত্ৰুএ দেখা নাপায়। বিশেষকৈ বন্দুকৱালা মানুহৰ পৰা দূৰত থাকিবই লাগিব। ইফালে পোৱালী দুটাও হল ডাঙৰ। তাহাঁতকো শিকাব লগীয়া কথা বহুত আছে। আহা জহৰ দিন কেইটা মানস সৰোবৰত কটাবলৈ প্ৰথমে যি শিকনি [ ৪১ ] দিব লাগে, তাক তুমিয়েহে দিব লাগিব। মই বাহিৰত পাহাৰা দি থাকিম। কোনো ভয় নাই।”

 মাইকী হাঁহে উদাৰ আকাশৰ সৌন্দৰ্যত, স্বামীৰ প্ৰেমত, পোৱালীৰ স্নেহত পমি গৈ কল্‌ কল্‌ কৰি আনন্দ ধ্বনি কৰি উঠিল।

(২)

 তলত অছিল চিকাৰি; হাতত বন্দুক, বন্দুকত চাৰা গুলিৱালা কাৰ্টুজ খাজা। ওপৰত হাহৰ কল্‌ কল্‌ শব্দ শুনি বন্দুকটো ডাঙি ধৰিলে; আৰু হাঁহলৈ টোৱাই আৱাজ কৰিলে⸺গুৰুম।

 দুটা হাঁহ ধৰ ফৰ কৰি মাটিত বাগৰি পৰিল—সেই মতা হাঁহটো, তাৰ সংসাৰ পাতাৰ অসীম আকাঙ্ক্ষাৰে সৈতে, আৰু তাৰ বৰ পোৱালিটো, যাৰ ওপৰত মতা-মাইকীৰ আছিল দুৰ্দিনৰ আশা আৰু যাৰ নতুন জীৱনে কোমল অঙ্কুৰৰ দৰে অসীমলৈ স্নিগ্ধ দৃষ্টিৰে চাবলৈ শিকিছিল মাখোন।

(৩)

 চিকাৰিৰ ঘৰত বৰ আনন্দৰ দিন। দুটা পাছি যেন হাঁহ, মঙহে তেলে থল-থলাই আছে। তাতে তেওঁৰ বৰ পুতেক আজি দূৰ দেশলৈ যাব, বিদ্যা আৰ্জিবৰ [ ৪২ ] অৰ্থে, সুখৰ আহিলা গোটাবলৈ, ভবিষতত নিজৰ পিতৃ- মাতৃৰ ভাই-ভাগীৰ গৌৰৱ আৰু সুখ বৃদ্ধি কৰিবৰ উদ্দেশ্যে!

(৪)

 হায় মায়া-মুগ্ধ মানৱ, তোমাৰ জীৱন, তোমাৰ সুখ-দুখ, তোমাৰ জল্পনা-কল্পনা, তোমাৰো আশা-ভৰসা এনেকুৱাকৈ কোনো কাল মূহুৰ্তত লয় হৈ নাযায় নে? জানা জানো তোমাৰ চিকাৰি কোন?

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )