বাজিকৰ আৰু আন আন গল্প/তিনিকুৰি টকা

[ ১৭ ]
 

তিনি কুৰি টকা।

 তিনি কুৰি টকাৰে কি কৰিব পাৰি, কোৱা।

 প্ৰথমতে, আগৰ দিনত হোৱা হলে (অৰ্থাৎ যুদ্ধৰ পূৰ্ব যুগত) এই টকাৰে এটা ‘ভেইন্না’ (ভেৰোনীয়া) ৰাখিব পাৰি, এহাল ভাল জাতি গৰু কিনিব পাৰি, আপী বিয়া কৰাবলৈ হলে এটা আপীৰ গা-ধনো দিব পাৰি। আৰু কলেজত পঢ়া লৰা এটাৰ এবছৰৰ মাছুল, দুই মাহৰ খৰচ, তিনিজোৰা পোছাকৰ দাম, ইত্যাদি, এই পৰিমাণৰ টকাৰে যোগাব পাৰি। আৰু কেৰাণী এজনৰ এমাহৰ দৰমহা, শিক্ষক এজনৰ সাড়ে-সাত মাহৰ বেতন, চাকৰ এটাৰ চাৰি মাহৰ তলব, হাকিম এজনৰ তিনদিনৰ ‘পে’, চাহাব এটাৰ ওঠৰ ঘণ্টাৰ ‘চেলেৰী’ দিব পাৰি। আৰু সৰু সুৰা দুটা ভেটি, মাজা মাজি আঢ়ৈ টা ভেটি আৰু ডাঙৰ পোৱা টা ভেটিৰ দিহা এই টকাৰেই কৰিব পাৰি।
[ ১৮ ]  এই প্ৰকাৰে তিনি কুৰি টকাৰে অসংখ্য কাৰবাৰ কৰিব পাৰি। বা একোকে নকৰি গোটেইখিনি টকা দলি মাৰি পেলাই দিব পাৰি বা হৰুৱাবও পাৰি।

 তুমি সুধিবা কেনেকই?

 অৱশ্যে তাৰো কায়দা জানিব লাগে। টকা তিনি কুৰি উলিয়াই বাহিৰত পেলাই থলা, তাৰপৰা কোনোবাই বুটলি লৈ গল; ইয়াত হৰুৱাৰ অলপো কায়দা নাখাটিল।

 বা, তিনিকুৰি টকা জেপত জন-জনাই সভা-ভঠেলি বা হাট বজাৰক গলা। তাৰপৰা ফুটা ছোলাৰ জেপেৰে এটা এটা কৰি সৰি পৰি থাকিল, বা কোনোবাই মোনাত হাত সুমাই গোটাই কেইটা লৈ গল! তাতো কায়দা সম্পূৰ্ণ ৰূপে নাখাটিল।

( ২ )

 দস্তুৰ মাফিক কায়দা লগাই কেনেকই হৰুৱাব পাৰি, তাৰে এটা কথা কওঁ শুনা।

 মই এদিন ৰেলত ফুৰিছিলোঁ। এটা ষ্টেচনত টকা কৰি গণি-পিতি লৈ দহ-টকীয়া ছয় খন নোট বেছ কৰি জাপি জুপি এটা চামৰাৰ ডাঙৰ ‘মনিবেগৰ’ ভিতৰত খাপ খুৱাই সুন্দৰৰূপে সুমাই থলোঁ। [ ১৯ ] কিছু বেছি টকা আছে, আৰু ছোলাৰ জেপটোও গধুৰ গধুৰ লাগে; সেইদেখি ৰেলৰ টিকট, নোট আৰু টকা পয়চাৰে ভৰপূৰ বেগটো এটা সৰু হাতনি পেৰাত সুমাই থৈ তাৰ তলাটো বন্ধ কৰি ছাবিপাত উৰমালৰ এটা চুকত বান্ধি জেপত থৈ দিলোঁ।

 এই দৰে তিনি ঘণ্টামান আহাৰ পাছত মোৰ যি ষ্টেচনত নামিবৰ কথা, তাৰ ওচৰ পালোঁহি। ষ্টেচনত পেৰা খোলা, বেগ খোলা আহুকাল হব ভাবি, ষ্টেচন নৌপাওঁতেই পেৰাটো মেলিলোঁ; তাৰ পাচত বেগটো আনি তাকো মেলিলোঁ; আৰু ৰেলৰ টিকট আৰু কেই অনামান পইচা উৰমালত বান্ধি লৈ বেগটো আকৌ হাতনি পেৰত সুমাই থৈ ছাবি বন্ধ কৰিলোঁ।

 ষ্টেচনৰ পৰা ঘৰ পালোঁহি। খোৱা-বোৱা কৰাত দুই এক ঘন্টা সময় গল। পাছত মোৰ লগুৱাটোৱে কিবাৰ কাৰণে টকা লাগে বুলি কলে। ছাবিপাত লগৰপৰা এৰাই নাই। হাতনি পেৰাটো খুলিলোঁ; বেগটো মেলিলোঁ; আচৰিত। নগদ টকা কেইটা আছে, ভঙনীয়া পইছাখিনিও আছে। কিন্তু নাই—সেই দহটকীয়া ছয় খন নোটৰ টোপোলাটো।

(৩)

 এতিয়া নকবা নে যে নিয়মমতে টকা হৰুৱাবলৈ যথেষ্ট কায়দাৰ আৱশ্যক? [ ২০ ] তুমি কি ভাবা কব নোৱাৰোঁ, কিন্তু টকা হৰোৱাৰ পাছতে যাকে যাকে এই কথা কলোঁ, সেয়ে কলে, ‘বাহাদুৰি আছে হলে হয়।’

 বিশেষকৈ, প্ৰথমতে মোৰ কথা যি কেইজন লোকে শুনিলে, তাৰ ভিতৰত ডেকা লৰা এজনে হলে মোক মস্ত এজন আহাম্মখ বুলি বীৰ বুলি পূজাকে কৰিবলৈ দিহা কৰা যেন লাগিল। তেওঁৰ বয়স ওঠৰ-উনৈশ বছৰ; দীঘল, বগা, ক্ষীণ, মুখত মিল-মিলীয়া দাৰি গোফ, নাকটো তিহ- তিহীয়া। কলেজত লজিক আৰু অঙ্ক লৈ পঢ়িছিল; সম্প্ৰতি নন্‌-কো-অপাৰেচন কৰি ঘূৰি মেলি ফুৰিছে। তেওঁ মোৰ সুধিলে, “ডাঙৰীয়া, এই কথা অসম্ভৱ যেন লাগিছে। ছাবিপাত সদায় আপোনাৰ হাতত আছিল নে?”

 হয়, এক চেকেণ্ডো মোৰ হাতৰপৰা আন ঠাইত থাকা নাই।”

 “ভাবি চাওকচোন বাৰু, আপুনি যি ষ্টেচনত টকা গণি ললে, তাতে কি জানি নোট খিনি এৰি আহিল?”

 “উহুঁ। মোৰ সুন্দৰকৈ মনত আছে নোট খিনি মই জাপি এই দৰে বেগটোত সুমাই থৈছোঁ।” (জাপি থোৱাৰ ভাও দি দেখুৱাই দিলোঁ।)

 তেওঁ অলপ পৰ ভাবি আকৌ সুধিলে, “আপুনি ঘৰ পোৱাৰ পাছতো হাতনি-পেৰাটো সদাই আপোনাৰ লগতে [ ২১ ] আছে নে?”

 “হয়, মোৰ চকুৰ আগতে আছে। মুঠে ভাত খোৱা পৰ খিনিত হে নাই। তেতিয়াও কিন্তু মোৰ লগুৱাটো ইয়াতেই বহি আছে।”

 “আপুনি বিমোৰত পেলালে। ভাল; আপুনি যিখন গাড়ীত আহিছিল, তাত কোন কোন লোক আছিল কব পাৰে নে?”

 “হয়, খুব পাৰোঁ। কাৰণ মই আহা গাড়ীখানত মুঠে আমি দুজন মানুহ উঠিছিলোঁ; মই আৰু জিতেন বাবু⸺ পাৱলিক ৱাৰ্কচৰ ইঞ্জিনিয়াৰ।”

 “জিতেন বাবু যে বুলিছে তেওঁক আপুনি চিনি পায়?”

 “হয় পাওঁ। অনেকদিন একেলগে ফুৰা, দেখা, শুনা।”

 “বাৰু? আপুনি কেতিয়াবা হাতনি-পেৰাতো গাড়ীত এৰি বাহিৰত আছিল নে?

 “হয়, আছিলোঁ, প্ৰায় দহ মিনিট, ইঞ্জিনে পানী লওঁতে, বাহিৰত নামি আন এজন লোকেৰে সৈতে কথা পাতিছিলোঁ।”

 “তেতিয়া জিতেন বাবুএ কি কৰিছিল?”

 “ঠিক মনত নাই। কিন্তু বোধ কৰোঁ তেওঁ আগৰতো ষ্টেচনৰপৰাই খবৰৰ কাগজ চাওঁতে চাওঁতে টোপনিয়াই আহিছিল।”
[ ২২ ]  “আ! ঠিক! ঠিক! মিলিছে। Another professor Mortiary দ্বিতীয় প্ৰফেচাৰ মৰ্তিয়াৰি। ডাঙৰীয়া, আপুনি নিশ্চিত থাকক, মই এঘণ্টাৰ ভিতৰতে টকা লৈ আহিম।”

 এই বুলি কৈ ঘপহ কৰি ডেকা জন ওলাই গল। তেওঁৰ শেষৰ কথাখিনিৰ অৰ্থ গ্ৰহণ কৰিবৰ আমাৰ সময়েই নহল।

(8)

 পাছত হে গম ধৰিব পাৰিলোঁ⸺ও, এওঁ চাৰলক হোমচ্‌ আৰু প্ৰফেচাৰ মৰ্তিয়াৰিৰ কথা কৈছে। এওঁ নিজে প্ৰসিদ্ধ ডিটেকটিভ হোম্‌চৰ চাউল মাৰিবলৈ কাৰবাৰ কৰিছে নে কি? হোমচ্‌ দোখোন কাল্পনিক। চাওঁএচোন বাৰু কি কৰে?

 এঘণ্টাৰ ঠাইত দুই চাৰি দিন গল। কিন্তু হোমচ্‌-যশঃ- স্পৰ্দ্ধী ডেকাৰ হলে খবৰেই নাই।

(৫)

 এদিন বাটত পুলিচৰ চুপাৰিণ্টেণ্ডেণ্ট্‌ জনাই লগ পাই সুধিলে, “হে হেৰি ডাঙৰীয়া, আপোনাৰ বোলে ৰেলত টকা তিনি কুৰি হৰাল।” [ ২৩ ]  মই আচৰিত হলোঁ, এওঁ জানিলে কেনেকৈ? ইয়াতে কৈ থোৱা ভাল যে পুলিচৰ চাহাব হলেও এওঁ দেশী মানুহ।

 মই সুধিলোঁ, “আপুনি জানিলে কেনেকৈ?”
 “কিয়? আপোনাৰ ডিটেকটিভ নতুন হোম্‌চৰ পৰা।
 “কি হৈছে কওকচোন, কওক”।

 “কি আৰু হব! বেচাৰিয়ে কনানডয়েলৰ গল্পবোৰ পঢ়ি পঢ়ি ভাবিছে যে analysis কৰি (ভাঙি পাতি বুজি) গলে সকলো কথাৰে সকলোএ গম ধৰিব পাৰে! আপোনাত সকলো কথা সুধি পুছি উঠি সেই ডেকাজনে পোনে পোনে জিতেন বাবুৰ বাহাক গল। জিতেন বাবু ভাগ্যক্ৰমে তেওঁৰ অফিচৰ কামৰাত অকলে বহি আছিল। এওঁ গৈয়ে তেওঁক চোৰ ধৰিলে। কলে বলে, ‘জিতেন বাবু’ এই ৰকম ভদ্ৰলোক বদমাইচ পৃথিবীত অনেক আছে; তাৰে আপুনিও এজন। মোৰ হাতত ধৰা পৰিল। ইকাটি সিকাটি নকৰি অমুকৰ হাতনি-পেৰাৰপৰা যে ৰেলত টকা তিনি কুৰি আনিলে এতিয়া দিয়ক।”

 “পাছে পাছে?”

 “পাছে জিতেন বাবু তো কথা শুনি অবাক। আগে ভাবিলে, বলিয়া বুলি। পাছত ডেকাজনে কোনো [ ২৪ ] নেৰেহে নেৰে। এই দৰে প্ৰায় এঘটা কাল উপায়ান্তৰ নেদেখি জিতেন বাবুৱে মোলৈ Slip (শ্লিপ) দি পঠালে বোলে, ‘তেওঁৰ বিপদ, তৎক্ষণাত আহি যাব লাগে।’ মই গৈ দেখোঁ এই কাণ্ড।

 “ডেকাজনক সুধি-পুছি মই সকলো কথা শুনিলোঁ। শুনি কলোঁ, ‘তুমি নিতান্ত মূৰ্খ। এই ভদ্ৰলোক জনক চোৰ ধৰাৰ আগেয়ে তোমাৰ এই বুদ্ধিটো নহল নে যে অমুকে হাতনি-পেৰাৰ পৰা বেগটো উলিয়াই ৰেলৰ টিকট বেলেগাই লওঁতে নোট কেইখনো ওলাই পৰিব পাৰে। আৰু নোটৰ ফালে অমুকৰ চকু নপৰিবও পাৰে।’ শুনি ডেকাজনে তেনেই মুচ-কচ যোৱাৰ নিচিনা হল। আৰু তৎক্ষণাৎ তাৰ পৰা উঠি লৰ দিলে।

 “জিতেন বাৰু আৰু মোৰ মস্ত হাঁহি। আপুনি তাৰ পাছত জিতেন বাবুক লগ নাই পোৱা হব পায়?”

 “নাই পোৱা।”

 “যি হক, টকা হৰুৱাই ভাল ডিটেকটিভি কাণ্ডটো কৰালে।”

(৬)

 এতিয়া বাৰু কোৱা, এই দৰে টকা হৰুৱাই বাহাদুৰি আছে নে নাই।

⸻⸻

১৭।৫।২১

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )