তুমি কি ভাবা কব নোৱাৰোঁ, কিন্তু টকা হৰোৱাৰ পাছতে
যাকে যাকে এই কথা কলোঁ, সেয়ে কলে, ‘বাহাদুৰি আছে হলে হয়।’
বিশেষকৈ, প্ৰথমতে মোৰ কথা যি কেইজন লোকে শুনিলে, তাৰ ভিতৰত ডেকা লৰা এজনে হলে মোক মস্ত এজন আহাম্মখ বুলি বীৰ বুলি পূজাকে কৰিবলৈ দিহা কৰা যেন লাগিল। তেওঁৰ বয়স ওঠৰ-উনৈশ বছৰ; দীঘল, বগা, ক্ষীণ, মুখত মিল-মিলীয়া দাৰি গোফ, নাকটো তিহ- তিহীয়া। কলেজত লজিক আৰু অঙ্ক লৈ পঢ়িছিল; সম্প্ৰতি নন্-কো-অপাৰেচন কৰি ঘূৰি মেলি ফুৰিছে। তেওঁ মোৰ সুধিলে, “ডাঙৰীয়া, এই কথা অসম্ভৱ যেন লাগিছে। ছাবিপাত সদায় আপোনাৰ হাতত আছিল নে?”
হয়, এক চেকেণ্ডো মোৰ হাতৰপৰা আন ঠাইত থাকা নাই।”
“ভাবি চাওকচোন বাৰু, আপুনি যি ষ্টেচনত টকা গণি ললে, তাতে কি জানি নোট খিনি এৰি আহিল?”
“উহুঁ। মোৰ সুন্দৰকৈ মনত আছে নোট খিনি মই জাপি এই দৰে বেগটোত সুমাই থৈছোঁ।” (জাপি থোৱাৰ ভাও দি দেখুৱাই দিলোঁ।)
তেওঁ অলপ পৰ ভাবি আকৌ সুধিলে, “আপুনি ঘৰ পোৱাৰ পাছতো হাতনি-পেৰাটো সদাই আপোনাৰ লগতে