কিছু বেছি টকা আছে, আৰু ছোলাৰ জেপটোও গধুৰ
গধুৰ লাগে; সেইদেখি ৰেলৰ টিকট, নোট আৰু টকা পয়চাৰে
ভৰপূৰ বেগটো এটা সৰু হাতনি পেৰাত সুমাই থৈ তাৰ
তলাটো বন্ধ কৰি ছাবিপাত উৰমালৰ এটা চুকত বান্ধি
জেপত থৈ দিলোঁ।
এই দৰে তিনি ঘণ্টামান আহাৰ পাছত মোৰ যি ষ্টেচনত নামিবৰ কথা, তাৰ ওচৰ পালোঁহি। ষ্টেচনত পেৰা খোলা, বেগ খোলা আহুকাল হব ভাবি, ষ্টেচন নৌপাওঁতেই পেৰাটো মেলিলোঁ; তাৰ পাচত বেগটো আনি তাকো মেলিলোঁ; আৰু ৰেলৰ টিকট আৰু কেই অনামান পইচা উৰমালত বান্ধি লৈ বেগটো আকৌ হাতনি পেৰত সুমাই থৈ ছাবি বন্ধ কৰিলোঁ।
ষ্টেচনৰ পৰা ঘৰ পালোঁহি। খোৱা-বোৱা কৰাত দুই এক ঘন্টা সময় গল। পাছত মোৰ লগুৱাটোৱে কিবাৰ কাৰণে টকা লাগে বুলি কলে। ছাবিপাত লগৰপৰা এৰাই নাই। হাতনি পেৰাটো খুলিলোঁ; বেগটো মেলিলোঁ; আচৰিত। নগদ টকা কেইটা আছে, ভঙনীয়া পইছাখিনিও আছে। কিন্তু নাই—সেই দহটকীয়া ছয় খন নোটৰ টোপোলাটো।
(৩)
এতিয়া নকবা নে যে নিয়মমতে টকা হৰুৱাবলৈ যথেষ্ট কায়দাৰ আৱশ্যক?