পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২১ ]


আছে নে?”

 “হয়, মোৰ চকুৰ আগতে আছে। মুঠে ভাত খোৱা পৰ খিনিত হে নাই। তেতিয়াও কিন্তু মোৰ লগুৱাটো ইয়াতেই বহি আছে।”

 “আপুনি বিমোৰত পেলালে। ভাল; আপুনি যিখন গাড়ীত আহিছিল, তাত কোন কোন লোক আছিল কব পাৰে নে?”

 “হয়, খুব পাৰোঁ। কাৰণ মই আহা গাড়ীখানত মুঠে আমি দুজন মানুহ উঠিছিলোঁ; মই আৰু জিতেন বাবু⸺ পাৱলিক ৱাৰ্কচৰ ইঞ্জিনিয়াৰ।”

 “জিতেন বাবু যে বুলিছে তেওঁক আপুনি চিনি পায়?”

 “হয় পাওঁ। অনেকদিন একেলগে ফুৰা, দেখা, শুনা।”

 “বাৰু? আপুনি কেতিয়াবা হাতনি-পেৰাতো গাড়ীত এৰি বাহিৰত আছিল নে?

 “হয়, আছিলোঁ, প্ৰায় দহ মিনিট, ইঞ্জিনে পানী লওঁতে, বাহিৰত নামি আন এজন লোকেৰে সৈতে কথা পাতিছিলোঁ।”

 “তেতিয়া জিতেন বাবুএ কি কৰিছিল?”

 “ঠিক মনত নাই। কিন্তু বোধ কৰোঁ তেওঁ আগৰতো ষ্টেচনৰপৰাই খবৰৰ কাগজ চাওঁতে চাওঁতে টোপনিয়াই আহিছিল।”