বাকীছোৱা জীৱন/জৰুৰীকালীন অৱস্থা
জৰুৰীকালীন অৱস্থা
১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি বিৰোধী নেতাসকলক কাৰাবন্দী কৰিলে, জয়প্ৰকাশ নাৰায়ণৰ ‘সম্পূৰ্ণ বিপ্লৱ’ৰ বিৰুদ্ধেই জাৰী কৰা হৈছিল জৰুৰী অৱস্থা। বিৰোধী নেতাসকলে গণতন্ত্ৰৰ সকলো নিয়ম-নীতিৰ বাহিৰলৈ গৈ বিক্ষোভ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে নিৰ্বাচিত বিধায়কসকলক বিধানসভালৈ যোৱাত বাধা দিছিল, মানুহক ‘কৰ’ নিদিবলৈ প্ৰৰোচিত কৰিছিল, পুলিচ আৰু সৈন্যবাহিনীক বিদ্ৰোহ কৰিবলৈ উচটাইছিল ইত্যাদি। জৰুৰী অৱস্থা জাৰি কৰাৰ লগে লগে আইন-শৃংখলা স্বাভাৱিক অৱস্থালৈ উভতি আহিল, স্কুল-কলেজত পঢ়া-শুনা আৰম্ভ হ’ল, ৰে'লগাড়ী সময়মতে চলিবলৈ আৰম্ভ কৰিলে। ফলত সকলোকে স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ ধৰা যেন লাগিল। আমাৰো মনত আছে সময়মতে ৰে'ল চলাৰ কথা। তেতিয়া কৈছিলো জৰুৰী অৱস্থা থকাই মংগল। পিছে আমাৰ ঘৰলৈ [ ২৯ ] অহা দেশৰ হিতচিন্তা কৰা দূৰদৰ্শীসকলে, তাৰ ভিতৰত আমাৰ গৃহস্থও আছে—কৈছিল এই অৱস্থাৰ পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে। সেই সময়ত দেশৰ কথা ভাবিবৰ সময় ক’ত মোৰ।
কেৱল ঘৰ-গৃহস্থালি লৈ ব্যস্ত হৈ থকা হতাশ মহিলাসকলক সদায় কওঁ হতাশাত নুভুগিবলৈ। কাৰণ চাকৰি-বাকৰি নকৰা গৃহিণীসকলৰ জীৱন আৰম্ভ হয় পঞ্চাশ বছৰ বয়সৰ পাছত। ময়ো ঘৰৰ চাৰিসীমাৰ বাহিৰৰ পৃথিৱীখনৰ কথা ভাবিবলৈ সময় পালো সেইটো বয়স অতিক্ৰম কৰাৰ পাছতহে। মোক কিছুমানে সোধে এই বয়সতো কিয় ভাগৰি পৰা নাই! পঞ্চাশৰ পাছত জীৱন আৰম্ভ কৰি এতিয়াই ভাগৰিলে জীৱনটো বৃথা যেন নালাগিব নে? তদুপৰি বেমাৰ-আজাৰেও ভালেখিনি সময় কাঢ়ি নিয়ে।
এই প্ৰসংগত আন এটি ঘটনালৈ মনত পৰিল। এটা সময়ত ৱাটাৰ গেট কেলেংকাৰীয়ে বিশ্বৰ মানুহৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। তেতিয়া আমি পুনেত। আমাৰ একমাত্ৰ ল'ৰাৰ পঢ়া-শুনালৈ মই ব্যস্ত। কাৰণ শিশু বয়সৰে পৰা কিতাপ পঢ়িবলৈ ভালপোৱা ল'ৰাটোৰ স্কুলৰ কিতাপত অলপো ইণ্টাৰেষ্ট নাছিল। গতিকে মোৰ গৱেষণা, ল’ৰাৰ চৰিত্ৰ গঠন, পঢ়া আৰু খেলা-ধূলাৰ প্ৰতি মনযোগ দিয়াই আছিল মোৰ ঘাই কাম। তদুপৰি ঘৰখনতো আছেই। গতিকে আমেৰিকাৰ বিশ্ব কঁপোৱা কেলেংকাৰীৰ প্ৰতি মই আছিলো সম্পূৰ্ণ উদাসীন। তথাপিতো এদিন তাৰে মাজত বিদ্যা পিত্ৰে নামৰ অৰ্থনীতিত গৱেষণা কৰি থকা ছোৱালীজনীক ক’লো ৱাটাৰ গে'ট সম্পৰ্কে মোক বিতংকৈ ক’বলৈ। পিছে সেই আলোচনা আৰু কোনো দিনে কৰা নহ'ল। ৱাটাৰ গে'ট তল পৰিল যদিও মোৰ মনত মাজে মাজে এই শব্দটোৱে ভুমুকি মাৰে। এই কেলেংকাৰীৰ ফলস্বৰূপে ১৯৭৪ চনত তেতিয়াৰ আমেৰিকাৰ প্ৰেছিডেণ্ট নিক্সনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল— ইয়াৰ বাহিৰে কেলেংকাৰীটোনো কি সৌসিদিনালৈকে জনা নাছিলো। আজি তিনি বছৰমান আগেয়ে পুত্ৰক ক'লো যে তাৰ ভৱিষ্যতলৈ চিন্তা কৰি থাকোতে থাকোতে ৱাটাৰ গেটনো কেনে ধৰণৰ কেলেংকাৰী নাজানিলো, গতিকে এতিয়া তাৰ পৰা জানিব খোজো। সি ক'লে যে শিশু বয়সৰে পৰা ৰাজনীতি সম্পৰ্কীয় বিষয়ত বুৰ গৈ থকা তাৰ তেৰ বছৰীয়া পুতেক ঋষভে তাতকৈ বেছি ভালকৈ ক’ব পাৰিব।
আমাৰ ডাঙৰ নাতি ঋষভ এটা আচৰিত ল’ৰা। পঢ়া-শুনাত চোকা ল’ৰা বহু দেখিছো, কিন্তু বিশ্বৰ ৰাজনীতিক লৈ বলিয়া হৈ থকা বিৰল ল’ৰা-ছোৱালীৰ ভিতৰত সিও এটা। তাৰ মাক আৰু দেউতাক দুয়ো বিজ্ঞানী। দেউতাক-মাক দুয়োৰে বন্ধু[ ৩০ ] বান্ধৱ হয় ইঞ্জিনীয়াৰ, নহয় বিজ্ঞানী। তাক সোধা হৈছিল সি ৰাজনীতিৰ ফালে ঢাল খালে কেনেকৈ? হেজাৰ হেজাৰ মাইল আঁতৰত থকা সিহঁতৰ ‘পোয়েট-ককা’কে (অমলেন্দু গুহ) হেনো তাৰ পাঁচ বছৰ বয়সত Leo Huberman ৰ Man's Worldly Goods নামৰ কিতাপ এখন তেওঁৰ কিতাপৰ শ্বেল্ফৰ পৰা উলিয়াই তাক দি কৈছিল ডাঙৰ হ’লে পঢ়িবলৈ। ডাঙৰ হ’বলৈ বাট নাচাই সৰুতেই সেইখন পাগুলি খালে। তাৰ পাছৰে পৰা বিশ্বৰ ইতিহাস-ৰাজনীতি হৈ পৰিল তাৰ প্ৰিয় বিষয়। যি কি নহওক, অৱশেষত তাকেই সুধিবলগীয়া হ’ল ৱাটাৰ গেট কেলেংকাৰীৰ কথা।
স্বৰাজোত্তৰ ভাৰতৰ ইতিহাসৰ অন্ধকাৰ অধ্যায় জৰুৰী অৱস্থাৰ কথা উলিয়াই ক’ৰবালৈ গ'লো। খুশৱন্ত সিঙে ২৭ নৱেম্বৰ ২০১০ তাৰিখৰ ‘দ্য টেলিগ্ৰাফ’ কাকতৰ নিয়মীয়া স্তম্ভত লিখিছে—‘মানুহে পাহৰি গৈছে যে জৰুৰী অৱস্থা জাৰি কৰাৰ সময়ত গান্ধীবাদী নেতা আচাৰ্য বিনোৱাভাবে সহিতে অধিকাংশ মানুহে সেই অৱস্থাক আদৰি লৈছিল।’ তাৰ পাছত ইন্দিৰা গান্ধী আৰু পুত্ৰ সঞ্জয় গান্ধীকে ধৰি তেওঁলোকৰ আত্মীয়-স্বজন কেইজনমানে নিজ নিজ স্বাৰ্থ পূৰণ কৰিবলৈ জৰুৰী অৱস্থাৰ সুযোগ যেতিয়া ল’বলৈ ধৰিলে তেতিয়া মানুহ জাঙুৰ খাই উঠিল। আজিলৈকে তেওঁলোকক মানুহে ক্ষমা নকৰিলে। ইন্দিৰা গান্ধীয়ে সীমা চেৰাই ৰাষ্ট্ৰ আৰু দলৰ ক্ষমতা নিজৰ হাতত কেন্দ্ৰীভূত কৰিছিল আৰু সঞ্জয় গান্ধী বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ নামত স্বেচ্ছাচাৰী হৈ উঠিছিল। সেই সময়ছোৱাত মৌলিক অধিকাৰসমূহ খৰ্ব হৈ পৰিছিল, ন্যায়পালিকাৰ ক্ষমতা কৰ্তন কৰা হৈছিল, সংবাদ মাধ্যমত ছেন্সৰ বলৱৎ কৰা হৈছিল। সঞ্জয় গান্ধীৰ স্বেচ্ছাচাৰিতাৰ কথা আজিও মানুহে পাহৰা নাই। উঠি ৰজা সঞ্জয়ে বস্তি উচ্ছেদ, যৌতুক বিৰোধী অভিযান, পৰিয়াল পৰিকল্পনা কৰ্মসূচী আদি ৰূপায়ণৰ নামত কৰ্তৃত্বহীনভাৱে ব্যাপক আতিশয্য চলাইছিল। পুৰুষ মানুহক ধৰি ধৰি নিৰ্বীজকৰণ (vasectomy) কৰোৱাত তেওঁ আছিল আগৰণুৱা। নৰকৰ দুৱাৰখন যেন সঞ্জয়ে মেলি দিছিল।
আজিও বুজি নাপালো কি মনস্তাত্বিক কাৰণে ইন্দিৰা ইমান ক্ষমতালোভী হৈ উঠিছিল আৰু সীমাহীন কৰ্তৃত্ব দিছিল পুতেকক। ইয়াৰ আগতে ১৯৭১ চনত সামৰিক অভিযান চলাই পূৰ্ব পাকিস্তানক (বৰ্তমানৰ বাংলাদেশ) পশ্চিম পাকিস্তানৰ হাঁতোৰাৰ পৰা মুক্ত কৰি ইন্দিৰা গান্ধী দেশ-বিদেশত প্ৰশংসিত হৈছিল। ভাৰতীয় স্তাৱকসকলেতো তেওঁক অসুৰনাশিনী দুৰ্গাৰ লগতে তুলনা কৰিছিল। তদুপৰি দেৱকান্ত বৰুৱাৰ 'ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়া’ এটা প্ৰবাদ বাক্যৰ দৰেই হৈছিল। তোষামোদকাৰীসকলৰ [ ৩১ ] প্ৰশংসা শুনি শুনি সম্ভৱতঃ ইন্দিৰা গান্ধীয়ে নিজকে ভূভাৰস্তৰ অধিশ্বৰী দেৱী বুলি ভাবিবলৈ ধৰিছিল। সম্ভৱতঃ এনে ধাৰণাৰ বশৱৰ্তী হৈয়ে ঘপহ কৰে জৰুৰী অৱস্থাৰ ওৰ পেলাই নিৰ্বাচনৰ আয়োজন কৰে। পিছে এই ধাৰণা ভুল বুলি প্ৰমাণিত হ'ল। ১৯৭৭ ৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ দলে জিকিব নোৱাৰিলে। মোৰাৰজী দেশাইক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাই কেন্দ্ৰত জনতা দলে চৰকাৰ গঠন কৰিলে। স্বাভাৱিকতেই মানুহৰ মনত প্ৰতিশোধস্পৃহা জাগি উঠিল। ইন্দিৰা গান্ধী আৰু সঞ্জয়ক শুদাই এৰি দিয়া নহ'ব।
সম্প্ৰতি ২০১১ চনত খ্যাতনামা গান্ধীবাদী আৰু অৰ্থনীতিবিদ এল চি জৈনৰ Civil Disobedience: two freedom struggles, one life নামৰ গ্ৰন্থখনৰ এছোৱাৰ এটা আলোচনা পঢ়ি জৰুৰী অৱস্থাৰ পাছত জনতা চৰকাৰৰ শাসনৰ সময়ত ঘটা কিছু ঘটনাৰ বিষয় জানিব পাৰিলো। ইন্দিৰা গান্ধী তেতিয়া আৰু 'ইণ্ডিয়া’ নহয়। তেওঁ জানিব পাৰিলে যে সঞ্জয় গান্ধীয়ে পৰিয়াল পৰিকল্পনা কৰ্মসূচী ৰূপায়ণ কৰিবলৈ গৈ মানুহক ধৰি ধৰি নিৰ্বীজকৰণ কৰাৰ যি অভিযান আৰম্ভ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল তাৰে পোটক তুলিবলৈ হেনো ৰাইজে সঞ্জয়ক ধৰি বান্ধি দিল্লীৰ তুৰ্কমেন গে'টলৈ নি তেওঁকে নিৰ্বীজ কৰিব। শুনি ইন্দিৰাই ভয়ো খালে, নাৰ্ভাছো হ’ল। তেওঁ সাংস্কৃতিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী, নেহৰু-গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বন্ধু তথা জীৱনীকাৰ, নেশ্যনেল ক্ৰাফ্ট মিউজিয়ামৰ প্ৰতিষ্ঠাতা পুপুল জয়কাৰক ইয়াৰ এটা সমাধান কৰিবলৈ অনুৰোধ কৰিলে। মজাৰ কথা হ’ল ৰাজনীতিৰ ক্ষেত্ৰত পৰস্পৰবিৰোধী দলসমূহৰ ঘৰুৱা জীৱনত বন্ধুত্বৰ সম্পৰ্কও থাকিব পাৰে। পুপুল জয়কাৰে ওপৰ মহলাত এই বাতৰিটো জনোৱাৰ পাছত তেওঁলোকৰ প্ৰচেষ্টাত ৰাজনীতিত এসময়ৰ ঘোৰ শত্ৰু জয়প্ৰকাশ নাৰায়ণৰ সৈতে ইন্দিৰা গান্ধীৰ চাহমেলৰ ব্যৱস্থা কৰা হ’ল। জয়প্ৰকাশেও ক'লে— ‘যিয়েই নহওক ইন্দিৰাতো মোৰ ভতিজী’। বাতৰি ওলাল কাগজে-পত্ৰে— চাহমেলৰ বিষয়ে। ফলত মিডিয়া আৰু ৰাইজ শান্ত হ’ল। জনতা চৰকাৰেও ইন্দিৰাৰ ওপৰত ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ পৰিকল্পনা ত্যাগ কৰি দেশ শাসনৰ কামত মনযোগ দিবলৈ মনস্থ কৰিলে।
কিন্তু এই প্ৰস্তাৱ মানি ল’বলৈ আগ্ৰহী নাছিল চৰণ সিঙৰ নেতৃত্বত এটা দলে। ইন্দিৰা গান্ধীয়ে শাস্তি পাবই লাগিব। ফলত তেওঁক এটা সময়ত গ্ৰেপ্তাৰ কৰি কাশ্মিৰী গে'ট পুলিচ থানাত ৰাতিটোৰ বাবে বন্দী কৰি ৰখা হ’ল। ইন্দিৰা জে’লত? হঠাতে নিশাটোৰ ভিতৰত মানুহৰ সহানুভূতিৰ সোঁত ইন্দিৰা গান্ধীৰ ফালে ব’বলৈ ধৰিলে। [ ৩২ ]
■ লেখিকাৰ দুই নাতি ঋষভ আৰু অনুভৱ |
অৱশ্যে আজিও অনেকে কয় দুৰ্নীতিৰ বীজটো ভাৰতৰ ৰাজনীতিত ৰোপণ কৰিছিল জৰুৰী অৱস্থাত ইন্দিৰা গান্ধীয়েই। সেই বীজেই গজালি মেলি বিশাল মহীৰূহত পৰিণত হৈ ভাৰতক ছাটি ধৰিছে। এই কথাত মই অৱশ্যে একমত হ’ব নোৱাৰো। ভাৰতৰ মানুহ ইমানেই দুৰ্বল নে যে গছজোপা কাটিবলৈ হাতত শক্তি নাই। বীজটোক গজালি মেলিবলৈ দিলেই বা কিয়?
এটা কথা মানিব লাগিব যে অনেক ত্ৰুটি থকা সত্ত্বেও ইন্দিৰা গান্ধীয়ে তেওঁৰ ষোল্ল বছৰীয়া প্ৰধানমন্ত্ৰীত্বৰ কালত বহুমুখী সাফল্য অৰ্জন কৰিব পাৰিছিল। তেওঁৰ আছিল অদম্য সাহস আৰু আত্মবিশ্বাস। বিশ্বৰ দৰবাৰত তেওঁ ভাৰতক বিশেষ মৰ্যাদাৰ আসনত বহুৱাইছিল। তেওঁৰ পৰৰাষ্ট্ৰনীতিৰ বিৰোধিতা কৰিব পৰা নাছিল বিৰোধী পক্ষইও। এইক্ষেত্ৰত এগৰাকী সফল আৰু দক্ষ ষ্টেটচমেন হিচাপে তেওঁ স্বীকৃতি পাইছে। তেওঁৰ এটা বিৰল গুণ আছিল জনসাধাৰণৰ লগত যোগাযোগ ৰখাটো। এইটো গুণৰ বাবেই সম্ভৱতঃ জৰুৰী অৱস্থা উঠাই লোৱাৰ পাছত নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত মানুহগৰাকী দুবছৰ পাছত ক্ষমতাৰ আসনলৈ উভতি আহিব পাৰিছিল। মানুহগৰাকীৰ ক্ষমতা আছিল আশ্চৰ্যজনক। সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাও আছিল অপৰিসীম। জীৱনত লোৱা দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ এটাই তেওঁক বিশ্ববন্দিত কৰিছে। এই সিদ্ধান্তটো লৈছিল ১৯৭১ চনত বাংলাদেশৰ যুদ্ধৰ সময়ত। তেওঁৰ আনটো সিদ্ধান্ত— পঞ্জাৱত অপাৰেশ্যন ব্লু ষ্টাৰৰ প্ৰয়োগ — আছিল তেওঁৰ মৃত্যুৰ কাৰণ ।মানুহগৰাকীয়ে জীৱিতকালত স্তুতি আৰু নিন্দা দুয়োটাই পাইছে প্ৰভূত পৰিমাণে। ইমান দোষ-ত্ৰুটি থকা সত্ত্বেও প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী আছিল মোৰ অতিকৈ প্ৰিয় নেত্ৰী।