পৃষ্ঠা:অনিমা গুহ.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বান্ধৱ হয় ইঞ্জিনীয়াৰ, নহয় বিজ্ঞানী। তাক সোধা হৈছিল সি ৰাজনীতিৰ ফালে ঢাল খালে কেনেকৈ? হেজাৰ হেজাৰ মাইল আঁতৰত থকা সিহঁতৰ ‘পোয়েট-ককা’কে (অমলেন্দু গুহ) হেনো তাৰ পাঁচ বছৰ বয়সত Leo Huberman ৰ Man's Worldly Goods নামৰ কিতাপ এখন তেওঁৰ কিতাপৰ শ্বেল্ফৰ পৰা উলিয়াই তাক দি কৈছিল ডাঙৰ হ’লে পঢ়িবলৈ। ডাঙৰ হ’বলৈ বাট নাচাই সৰুতেই সেইখন পাগুলি খালে। তাৰ পাছৰে পৰা বিশ্বৰ ইতিহাস-ৰাজনীতি হৈ পৰিল তাৰ প্ৰিয় বিষয়। যি কি নহওক, অৱশেষত তাকেই সুধিবলগীয়া হ’ল ৱাটাৰ গেট কেলেংকাৰীৰ কথা।

 স্বৰাজোত্তৰ ভাৰতৰ ইতিহাসৰ অন্ধকাৰ অধ্যায় জৰুৰী অৱস্থাৰ কথা উলিয়াই ক’ৰবালৈ গ'লো। খুশৱন্ত সিঙে ২৭ নৱেম্বৰ ২০১০ তাৰিখৰ ‘দ্য টেলিগ্ৰাফ’ কাকতৰ নিয়মীয়া স্তম্ভত লিখিছে—‘মানুহে পাহৰি গৈছে যে জৰুৰী অৱস্থা জাৰি কৰাৰ সময়ত গান্ধীবাদী নেতা আচাৰ্য বিনোৱাভাবে সহিতে অধিকাংশ মানুহে সেই অৱস্থাক আদৰি লৈছিল।’ তাৰ পাছত ইন্দিৰা গান্ধী আৰু পুত্ৰ সঞ্জয় গান্ধীকে ধৰি তেওঁলোকৰ আত্মীয়-স্বজন কেইজনমানে নিজ নিজ স্বাৰ্থ পূৰণ কৰিবলৈ জৰুৰী অৱস্থাৰ সুযোগ যেতিয়া ল’বলৈ ধৰিলে তেতিয়া মানুহ জাঙুৰ খাই উঠিল। আজিলৈকে তেওঁলোকক মানুহে ক্ষমা নকৰিলে। ইন্দিৰা গান্ধীয়ে সীমা চেৰাই ৰাষ্ট্ৰ আৰু দলৰ ক্ষমতা নিজৰ হাতত কেন্দ্ৰীভূত কৰিছিল আৰু সঞ্জয় গান্ধী বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ নামত স্বেচ্ছাচাৰী হৈ উঠিছিল। সেই সময়ছোৱাত মৌলিক অধিকাৰসমূহ খৰ্ব হৈ পৰিছিল, ন্যায়পালিকাৰ ক্ষমতা কৰ্তন কৰা হৈছিল, সংবাদ মাধ্যমত ছেন্সৰ বলৱৎ কৰা হৈছিল। সঞ্জয় গান্ধীৰ স্বেচ্ছাচাৰিতাৰ কথা আজিও মানুহে পাহৰা নাই। উঠি ৰজা সঞ্জয়ে বস্তি উচ্ছেদ, যৌতুক বিৰোধী অভিযান, পৰিয়াল পৰিকল্পনা কৰ্মসূচী আদি ৰূপায়ণৰ নামত কৰ্তৃত্বহীনভাৱে ব্যাপক আতিশয্য চলাইছিল। পুৰুষ মানুহক ধৰি ধৰি নিৰ্বীজকৰণ (vasectomy) কৰোৱাত তেওঁ আছিল আগৰণুৱা। নৰকৰ দুৱাৰখন যেন সঞ্জয়ে মেলি দিছিল।

 আজিও বুজি নাপালো কি মনস্তাত্বিক কাৰণে ইন্দিৰা ইমান ক্ষমতালোভী হৈ উঠিছিল আৰু সীমাহীন কৰ্তৃত্ব দিছিল পুতেকক। ইয়াৰ আগতে ১৯৭১ চনত সামৰিক অভিযান চলাই পূৰ্ব পাকিস্তানক (বৰ্তমানৰ বাংলাদেশ) পশ্চিম পাকিস্তানৰ হাঁতোৰাৰ পৰা মুক্ত কৰি ইন্দিৰা গান্ধী দেশ-বিদেশত প্ৰশংসিত হৈছিল। ভাৰতীয় স্তাৱকসকলেতো তেওঁক অসুৰনাশিনী দুৰ্গাৰ লগতে তুলনা কৰিছিল। তদুপৰি দেৱকান্ত বৰুৱাৰ 'ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়া’ এটা প্ৰবাদ বাক্যৰ দৰেই হৈছিল। তোষামোদকাৰীসকলৰ

৩০/ বাকীছোৱা জীৱন