বাকীছোৱা জীৱন/ভূপেন হাজৰিকাৰ সান্নিধ্যত

[ ৩৩ ]

ভূপেন হাজৰিকাৰ সান্নিধ্যত

 ভূপেন হাজৰিকাক জানিছিলো যদিও গুৱাহাটীত থাকোতে তেওঁৰ ওচৰ-সান্নিধ্যলৈ অহা নাছিলো। তেওঁৰ তৃতীয় ভায়েক প্ৰবীণ আছিল আমাৰ সহপাঠী। তেওঁলোকৰ দেউতাক নীলকান্ত হাজৰিকা ধুবুৰীত চাকৰিসূত্ৰে থকাৰ সময়ৰে পৰা আমাৰ দেউতাৰ লগত চিনাকি। কুইনকো জানো। ভূপেন হাজৰিকা তেতিয়া আছিল দূৰ আকাশৰ [ ৩৪ ] তৰা। অৱশ্যে তৰায়ো মোক চিনি নোপোৱা নহয়। সেই তৰাৰ ওচৰলৈ যাবলগীয়া হৈছিলো কলকাতালৈ আহি। কিয় তাকেই কওঁ।

 ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস যোৱা শতিকাৰ সত্তৰৰ দশকত শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে যোগ দিছিল অসম মেডিকেল কলেজৰ পৰা বদলি হৈ আহি। সেই সময়ত ভনী খুকু — যাৰ ভাল নাম প্ৰতিমা — কানৈ কলেজত অধ্যাপনা কৰি আছিল। চাকৰিত ইস্তাফা দি তায়ো আহিবলগীয়া হ’ল শিলচৰলৈ। আজিকালিৰ অধিকাংশ মহিলাই চাকৰি নেৰে। পিছে সেই সময়ত এনেবোৰ চিন্তা কোনেও কৰা নাছিল। গৃহস্থৰ লগত একেলগে থকাটোৱে আছিল নিয়ম। নন-ৰেছিডেণ্ট হাজবেণ্ড-ৱাইফৰ ধাৰণাটো সাম্প্ৰতিক কালৰ।

 যি কি নহওক এবাৰ বহিৰ্জগতৰ সৈতে সম্পৰ্ক থকা মানুহৰ পক্ষে চৌবিশ ঘণ্টা চাৰিবেৰৰ মাজত কটোৱা সহজ নহয় ৷ তদুপৰি সেই মানুহ যদি সমাজৰ প্ৰতি দায়বদ্ধ আৰু সৃষ্টিশীল মনৰ অধিকাৰী হয় তেনেহ'লে কেৱল গৃহকৰ্মই তেওঁক শান্তি দিব নোৱাৰে। প্ৰতিমাৰো সেই অৱস্থা হ'ল। তদুপৰি প্ৰতিভাময়ী পত্নীক গৃহবন্দী কৰি ৰখাটো ডাঃ দাসৰ মনঃপুত নাছিল।

 কিছুদিন অতিবাহিত কৰাৰ পাছত তেওঁলোকে মন কৰিলে যে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ এল পি আৰু এম ই স্কুল কেইখনমান আছে যদিও হাইস্কুল নাই। উল্লেখযোগ্য যে মানে অসম আক্ৰমণ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বহু অসমীয়া মানুহ পলাই গৈ কাছাৰত থিতাপি লৈছিল। তাত বাস কৰিবলগীয়া হোৱা পঁচিশ-ছাব্বিশখন গাঁৱৰ ল'ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত এল পি আৰু এম ইলৈকে পঢ়ি পঢ়া-শুনা ইস্তফা দিছিল নহ’লে বাংলা মাধ্যমৰ হাইস্কুলত ভৰ্তি হ’বলৈ বাধ্য হৈছিল। তদুপৰি চাকৰিসূত্ৰে শিলচৰলৈ বদলি হোৱা অসমীয়া বিষয়াসকলেও তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বাবে অসমীয়া মাধ্যমৰ স্কুল নেপাই অসুবিধাত পৰিছিল। উল্লেখযোগ্য যে, যোৱা শতিকাৰ সত্তৰ-আশীৰ দশকত ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যাও কম আছিল আৰু মানুহে নিজৰ সন্তানক অসমীয়া স্কুলতে পঢ়াইছিল।

 যি কি নহওক এনেবোৰ কাৰণত ১৯৭৪ চনত শিলচৰৰ মাজমজিয়াত অসম সাহিত্য সভাৰ চৌহদত থকা দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলৰ এটা কোঠাত অসমীয়া ৰাইজ আৰু স্থানীয় সুধীমণ্ডলীৰ প্ৰচেষ্টাত কমিটী এখন গঠন কৰি হাইস্কুলৰ সপ্তম শ্ৰেণীটোৰ শুভাৰম্ভ কৰা হয়। ১৯৭৬ চনত স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ আৰু মেনেজিং কমিটীৰ ছেক্ৰেটাৰীৰ দায়িত্ব অৰ্পণ কৰা হয় প্ৰতিমাৰ ওপৰত। এই গুৰুদায়িত্ব [ ৩৫ ] গ্ৰহণ কৰি প্ৰতিমাই স্কুলখনৰ উন্নতিৰ হকে নিৰৱচ্ছিন্নভাৱে আত্মনিয়োগ কৰে। তেওঁক সক্ৰিয়ভাৱে সহায়ৰ হাত আগবঢ়ায় ডাঃ দাসৰে সৈতে চাকৰিসূত্ৰে বৰাকলৈ যোৱা অসমীয়া বিষয়াসকল আৰু স্থানীয় অসমীয়া ৰাইজে। অতি কম দিনৰ ভিতৰত শিলচৰ চহৰৰ মাজমজিয়াত প্ৰায় ছবিঘা মাটি তেওঁলোকে চৰকাৰৰ পৰা অধিগ্ৰহণ কৰিবলৈ সক্ষম হয়। মাটি পালেইতো নহ'ব, লাগিল স্কুল ঘৰ এটা। তাৰ বাবে প্ৰয়োজনীয় অৰ্থও লাগিব। তেওঁলোকে প্ৰথম পুঁজিটো সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে দুনিশাৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভূপেন হাজৰিকাক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ ল'লে। প্ৰস্তাৱ সমৰ্থিত লগে লগে হ’ল যদিও কোনে ভূপেন হাজৰিকাক এই বিষয়ে অৱগত কৰে? তেওঁৰ অনুমতি লয় কোনে?

 তেতিয়াৰ দিনত ম'বাইল ফোনৰ জন্মতো হোৱা নাছিলেই, এছ টি ডি নামৰ ব্যৱস্থাটোও নাছিল৷ আছিল ট্ৰাংক ক’ল নামৰ এটা মাত্ৰ সুবিধা। তৎক্ষণাতে লাইন পোৱাও আছিল ভাগ্যৰ কথা। অৱশ্যে তাতেই আমি সন্তুষ্ট আছিলো। আৰু আছিল টেলিগ্ৰাম। যি কি নহওক, শিলচৰৰ নতুনকৈ প্ৰতিষ্ঠিত হ'বলগীয়া হাইস্কুলখনৰ মেনেজিং কমিটীৰ ফালৰ পৰা প্ৰতিমাই মোলৈ ট্ৰাংক ক’ল কৰি অনুৰোধ কৰিলে ভূপেন হাজৰিকাৰ লগত যোগাযোগ কৰি তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিবলৈ আৰু তেওঁৰ অনুমতি ল’বলৈ। মোৰ মনত মিশ্ৰ প্ৰতিক্ৰিয়াই দেখা দিলে। দূৰৈৰ তৰাৰ ওচৰলৈ কেনেকৈ যাম? যদি তেওঁ দেখা নকৰে। যদি তেওঁ প্ৰত্যাখ্যান কৰে। বুকুৰ সোঁমাজত হাতুৰীৰ কোব কেইটমান অনুভৱ কৰিলো।

 অৱশেষত ভূপেন হাজৰিকাক ফোন কৰি এপইণ্টমেণ্ট লৈ এদিন চুচুক-চামাক কৰি তেওঁৰ টালিগঞ্জৰ গল্ফ ক্লাব ৰ'ডৰ ঘৰলৈ গ'লো। কাম কৰা ল'ৰাজনে বোধকৰো দুৱাৰখন খুলি দিছিল। সোমায়ে দেখিলো ঘৰখনৰ চূড়ান্ত বিশৃংখল অৱস্থা। এফালে চুকত কাপোৰৰ দ’ম— ধোবাক দিবলৈ থৈছিল নে পিন্ধা কাপোৰবোৰ দলি মাৰি মাৰি থৈছিল নাজানো। উৰি থকা পদাখনৰ ফাঁকেৰে দেখিলো বেলকনিত ভগা-ছিগা কাঠৰ টুকুৰা। পাছত শুনিছিলো ভনীয়েকহঁতে আহি চিজিল কৰি যায়, কিছুদিনৰ পাছত আকৌ আগৰ অৱস্থালৈ উভতি আহে। মই যাবৰ সময়ত যিমানদূৰ মনত পৰে ভায়েক অমৰ হাজৰিকা আছিল। পিছে তেৱোঁ মতা মানুহ, তেনেকৈ থাকিয়ে ভাল পায়।

 যি কি নহওক, ভূপেনদা ওলাই আহিল। মোৰ উদ্দেশ্যৰ কথা শুনি লগে লগে উত্তৰ দিলে—— ‘প্ৰতিমাই ইমান মহৎ কাম এটা হাতত লৈছে, মই নিশ্চয় যাম।’ শুনি মোৰ এপাক নাচি দিবৰ মন গৈছিল। অৱশ্যে নানাচিলো। তেওঁ ব্যস্ত মানুহ, গতিকে [ ৩৬ ]

ড° ভূপেন হাজৰিকাৰ সৈতে লেখিকা

[ ৩৭ ]

তাৰিখটো তেওঁকে দিবলৈ ক'লো। শিলচৰত স্কুলৰ উদ্যোক্তাসকলে মোৰ চিঠি পাই উল্লসিত হ'ল। তেওঁলোকে গীতৰ সন্ধ্যা পাতিবলৈ কঁকালত টঙালি বান্ধিলে। যি তি শিল্পী নহয় আহিব স্বয়ং ভূপেন হাজৰিকা। শিলচৰত মোৰো দাম বাঢ়িল। বৰাক উপত্যকা নাচি উঠিল আনন্দত।

 নিৰ্দিষ্ট দিনৰ বাবে শিলচৰলৈ বিমানৰ টিকট এটা কিনি ভূপেনদাৰ ঘৰলৈ গ'লো। তেওঁ নাছিল, পালো অমৰদাক। তেওঁ মোক চাহ একাপ খাবলৈ ক'লে। তেতিয়াৰ দিনত ট্ৰেভেল এজেণ্ট আছিল নে নাই নাজানো, প্ৰয়োজনত আমি চেণ্ট্ৰে'ল এভেনিউত অৱস্থিত ইণ্ডিয়ান এয়াৰ লাইনছৰ অফিচৰ পৰা টিকট কিনিছিলো। আমাৰ ঘৰৰ পৰা চেণ্ট্ৰে'ল এভেনিউ ভালেখিনি দূৰৈত। তাৰ পৰা ভূপেনদাৰ ঘৰ সমানে দূৰ। বাছেৰে অহা-যোৱা কৰি ভাগৰ লাগিছিল। গতিকে চাহ কাপ খাবলৈ কোৱাত বৰ ভাল পালো। কথাই কথাই সুধিলো ভূপেনদা ওলাই গৈছে নেকি। অমৰদাৰ উত্তৰ শুনি মোৰ চাহৰ কাপটো কঁপিবলৈ ধৰিলে। সিদিনা হেনো তেওঁ বম্বেলৈ (তেতিয়াও মুম্বাই নামটো হোৱা নাছিল) যাবলগীয়া আছিল, পিছে প্লেন ফেইল কৰিলে। ঘৰত ফোন এটা কৰি বিমান বন্দৰৰ পৰা বাহিৰে বাহিৰে ক'ৰবালৈ গৈছে।

 প্লেনো কোনোবাই ফেইল কৰে নে? মোৰ মূৰত যেন সহস্ৰ বোমাৰ বিস্ফোৰণ ঘটিল। বিৰাট দায়িত্ব লৈছো শিলচৰলৈ ভূপেনদাক পঠোৱাৰ। সিফালে সকলো ৰেডী, টিকট বিক্ৰী হৈছে। দূৰদূৰান্তৰ পৰা তেওঁক চাবলৈ আৰু তেওঁৰ সুধাকণ্ঠৰ পৰা নিগৰি অহা গীত শুনিবলৈ মানুহে বাট চাই আছে। সিদিনাও যদি তেওঁ প্লেন ফেইল কৰে! শিলচৰলৈ কলকাতাৰ পৰা যোৱা প্লেনখন আকৌ এৰে সূৰ্যোদয়ৰ আগতে। অৰ্থাৎ ৰাতি দুই বজাত বিছনা এৰিব লাগিব। চাহৰ কাপটো নমাই থৈ অমৰদাক ক’লো তেৱোঁ যেন ভূপেনদাৰ লগত যাবলৈ প্ৰস্তুত হয়। ধুমুহাৰ গতিত মই ওলাই গ'লো অমৰদালৈ টিকট এটা কিনিবলৈ। তেতিয়া শিলচৰৰ পৰা অনুমতি লোৱাৰ সময় নাই। ৰিস্ক লৈয়ে আকৌ চেণ্ট্ৰেল এভেনিউলৈ গৈ টিকটটো কিনিলো। চেণ্ট্ৰেল এভেনিউৰ পৰা ওলাই পোনে পোনে চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচত সোমাই শিলচৰলৈ এখন টেলিগ্ৰাম পঠালো— circumstances forced me to book a ticket for Bhupenda's brother as well। তাৰ পাছত আকৌ আহিলো একেখন ঘৰলৈ অমৰদাৰ টিকেটখন দিবৰ বাবে। বাৰে বাৰে তেওঁক অনুৰোধ কৰিলো যেন সময়মতে দমদম বিমান বন্দৰলৈ যায়।

 তথাপিতো শান্তি নাপালো মই। সময়মতে তেওঁলোকে সাৰ পাবতো? আমাৰ [ ৩৮ ] গৃহস্থ সদায় নিজৰ পঢ়া-শুনা, লিখা-মেলা, চেমিনাৰ, মেল-মিটিং আদিত ব্যস্ত হৈ থাকে। পৰাপক্ষত তেওঁক মই আমনি নকৰো। পিছে ভূপেনদাক সময়মতে বিমানত তুলি দিবলৈ তেওঁৰ সহায় বিচাৰিলো। তেওঁ মান্তি হ’ল। শিলচৰ যাত্ৰাৰ আগনিশা চিনাকি টেক্সি এখন ড্ৰাইভাৰৰে সৈতে আমাৰ ঘৰত ৰাখিলো। আমাৰ লগতে ড্ৰাইভাৰজনে ভাত খালে। ৰাতি তিনি বজাত একো কাপ চাহ খাই ভূপেনদাহঁতৰ ঘৰলৈ গৈ তেওঁলোকক তুলি সময়মতে বিমান বন্দৰ পালোগৈ। প্লেনখন ৰানৱেৰ পৰা উৰা মৰাৰ পাছত গৃহস্থক ক'লো— ‘মনটো পাতল পাতল লাগিছে। ঘৰলৈ যাবৰ মন নাই।’ পিছে ক'লৈ যাওঁ? তেতিয়া পুৱা পাঁচ বাজিছিল। জাৰকালিৰ কলকাতা তেতিয়াও নিদ্ৰামগ্ন। ঘৰলৈ উভতি যোৱাৰ বাহিৰে আন কোনো পথ খোলা নাই। এনেতে জয়ে ক'লে— ‘খড়দহৰ পেহীহঁতৰ ঘৰলৈ যাওঁ বলা।’ উত্তম প্ৰস্তাৱ। লগে লগে দমদম বিমান বন্দৰ এৰি দমদম ৰে'ল ষ্টেচন পালোগৈ। তিনিটামান ষ্টেচনৰ পাছত খড়দহত ননদৰ ঘৰত দিনটো কটাই ঘৰমুৱা হ'লো।

 পিছত জানিবলৈ পালো যে সংগীতানুষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰা ধনেৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে ভূপেন হাজৰিকাই পাৰিশ্ৰমিকতো লোৱা নাছিলেই বৰং নিজৰ ফালৰ পৰাও স্কুলখনৰ বাবে কিছু অনুদান আগবঢ়াইছিল।

 বহু বছৰ পাছত ভূপেনদাক আকৌ এবাৰ আমন্ত্ৰণ জনাইছিলো এনথ্ৰ’প’ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত দুদিন জোৰা আন্তৰ্জাতিক চেমিনাৰ এখনৰ অন্তিম দিনা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গীত গাবলৈ। সিদিনাও তেওঁৰ গল্ফ ক্লাব ৰ'ডৰ বাসস্থানলৈ চুচুক-চামাক কৰিয়ে গৈছিলো। কাৰণ তেওঁৰ দৰে এগৰাকী খ্যাতনামা শিল্পীৰ গীত দেশ-বিদেশৰ পৰা অহা বিজ্ঞ-গুণীসকলক শুনাবলৈ আগ্ৰহ থাকিলেও তেওঁলৈ ন্যায্য মাননি আগবঢ়োৱাৰ সামৰ্থ্য চেমিনাৰখনৰ উদ্যোক্তাসকলৰ নাছিল। মোৰ লগত চিনাকি থকা বুলি গম পাই উদ্যোক্তাসকলে এই ফেৰা কাম কৰিবলৈ মোকেই পঠাইছিল ভূপেনদাৰ ঘৰলৈ। এইবাৰ তেওঁৰ ঘৰত সোমাই প্ৰথমবাৰৰ দৰেই চকখাই উঠিলো। পিছে সম্পূৰ্ণ বিপৰীত কাৰণে। আগৰ সেই বিশৃংখল অৱস্থাৰ ঠাইত দেখিলো সু-সজ্জিত এখন ঘৰ। চাৰিওফালে চকু ফুৰাই চাই ধাৰণা হৈছিল কোনোবা শিল্পীৰ হাতৰ পৰশত আগৰ ঘৰখনে প্ৰাণ পাই উঠিছে।

 মোৰ লগত গৈছিল সহকৰ্মী শিখা। ভূপেনদাৰ ভিতৰত আছে এটা সন্মোহিনী শক্তি। সৰু সৰু লৰা-ছোৱালীৰে পৰা বৃদ্ধ-বৃদ্ধালৈ সকলোকে মুহিব পাৰে তেওঁ। সিদিনা প্ৰথমবাৰৰ বাবে তেওঁক দেখি শিখাই কথা ক’ব নোৱৰা হৈছিল। যি কি নহওক, [ ৩৯ ] আমাৰ উদ্দেশ্যৰ কথা ক'লো। লগতে ক'লো যে আমাৰ চেমিনাৰৰ উদ্যোক্তাসকল মগজুৰ ফালেদি চহকী, পিছে জেপ উদং, এতেকে আমি তেওঁলৈ প্ৰাপ্য মাননি আগবঢ়াব নোৱাৰিম। তেওঁৰ উত্তৰ শুনি আমি বাকৰুদ্ধ। ক’লে তেওঁক একো দিব নালাগে, কেৱল বাদ্যযন্ত্ৰীসকলক মুঠ পাঁচশ টকা দিলেই হ’ব। বিদ্ব্যৎজনৰ সন্মুখত গীত পৰিবেশন কৰিব পাৰিলে গায়কেও মানসিক তৃপ্তি পায় বুলি ক'লে। আমি দুয়ো বিশ্বজয় কৰাৰ আনন্দেৰে ভূপেনদাৰ ঘৰৰ পৰা ওলাই আহিলো। কোৱা বাহুল্য চেমিনাৰত যোগ দিবলৈ অহা দেশ-বিদেশৰ সদস্যসকলক বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাৰ কণ্ঠৰ যাদুৱে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তদুপৰি তেওঁৰ স্বভাৱসুলভ ভংগিৰে শ্ৰোতাসকলৰ সৈতে গীত পৰিবেশন কৰাৰ লগতে কথাৰেও (অৱশ্যে ইংৰাজীত) যোগাযোগ ৰক্ষা কৰাৰ পদ্ধতিটো সমাদৃত হৈছিল। তেওঁৰ কথন ভংগীতো আছে যাদু।

 ভূপেন হাজৰিকাক আমাৰ কলকাতাবাসৰ সময়ত দুবাৰ ৰাতিৰ আহাৰলৈ আমন্ত্ৰণ জনাইছিলো। ব্যস্ত মানুহজনক লগ কৰাই আছিল সমস্যা। তেওঁ আহিব বুলি চুবুৰিটোৰ কাকো জনোৱা নাছিলো তেওঁৰ অনুৰাগীসকলৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয়ত। পিছে নাজানো কেনেবাকৈ দুয়োবাৰেই মানুহে গম পাই গ'ল। অৱশ্যে কোনেও তেওঁক বিৰক্ত কৰা নাছিল। এবাৰ তেওঁৰ লগত কল্পনা লাজমীও আহিছিল।

 আমাৰ ল'ৰা জয়ৰ বিয়ালৈ গুৱাহাটীৰ পৰা মোৰ ভনী খুকু (প্ৰতিমা) অহা প্লেনখনৰ সহযাত্ৰী আছিল ভূপেনদা। শিলচৰত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ সময়ত খুকুহঁতৰ পৰিয়ালটোৰ লগত তেওঁৰ অন্তৰংগতা বাঢ়িছিল। খুকু আৰু ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস আছিল সেই অনুষ্ঠানৰ মুখ্য উদ্যোক্তা। তেওঁলোকৰ ঘৰতে ভূপেনদা আৰু অমৰদা আছিল। সেই কেইদিন তেওঁলোকৰ ঘৰত আছিল উৎসৱমুখৰ পৰিবেশ। যি কি নহওক বিমানত খুকুৰ মুখে জয়ৰ বিয়াৰ খবৰ শুনি তেওঁ হেনো কৈছিল— ‘অনিমাই নিশ্চয় নিমন্ত্ৰণী চিঠিখন মোৰ তাত থৈ আহিছে। যাবই লাগিব।’ তেওঁৰ ড্ৰাইভাৰে খুকুক আমাৰ ঘৰত নমাই থৈ গৈছিল। তাই নামিয়ে সুধিলে ভূপেনদাক নিমন্ত্ৰণ কৰা হ’ল নে নাই। মই কৈছিলো লিখা আছে, যাবহে পৰা নাই। তাই লৰালৰিকৈ চিঠিখন দিবলৈ যাওঁতে লগত ওলাল কেইবাজনো, উদ্দেশ্য তেওঁক ওচৰৰ পৰা দেখা।

 বিয়াৰ আদৰণি হৈছিল দক্ষিণ কলকাতাৰ গৰিয়াহাট অঞ্চলৰ হল এটাত। ভূপেনদা গাড়ীৰ পৰা নমাৰ লগে লগে মানুহে বেৰি ধৰিলে। অৱশ্যে সসন্মানে। আনকি দৰা-কইনাও উঠি আহিছিল। মোৰ তিনিজনী কিশোৰী ভাগিন। পিউ, লাটু আৰু মিঠুইতো [ ৪০ ] তেওঁৰ পাছ নেৰা হৈছিল। লগতে মোৰ নুমলীয়া ভনী ডলো। ভূপেনদাৰ লগত সিহঁতে যে কিমান ফটো নুতুলিলে! অৱশ্যে আন বহুতেও তুলিলে। পিছে সেই চাৰিজনী আৰু ভাগিন কৌশিকৰ উচ্ছাস যেন বেছি।

 আশীৰ দশকতে হ’বলা ভূপেন হাজৰিকা National Film Development Corporation ৰ সৈতে জড়িত আছিল। গৃহস্থ অমলেন্দু গুহও সেই প্ৰতিষ্ঠানটোৰ সেই সময়ত সদস্য আছিল। এদিন হঠাতে দুয়ো ২৭, জৱাহৰলাল নেহৰু ৰ'ডত অৱস্থিত এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়া অফিচত উপস্থিত। ভূপেনদাক দেখি চকী-মেজ এৰি কৰ্মৰত বিজ্ঞানীসকল তেওঁৰ ওচৰ পালেহি। মানুহজনৰ এটা মোহিনী শক্তি আছে। তেওঁৰ আন এটা মহৎ গুণ তেওঁৰ ওচৰলৈ যোৱা অচিনাকি মানুহৰ লগত ইমান আন্তৰিকতাৰে সৈতে কথা পাতে যে আগন্তুকজনৰ ধাৰণা হয় ভূপেন হাজৰিকাই তেওঁক চিনি পাইছে। গুৱাহাটীত আমাৰ ঘৰত কোকৰাঝাৰৰ সমীপৱৰ্তী ভোটগাঁও কাশীপাৰা গাঁৱৰ জয়ন্ত নামৰ ল’ৰা এজন আছিল। জয়ন্তৰ কথা নকলোৱে বা তাৰ দেউতাক-মাকো ভূপেন বলিয়া। সেয়েহে তেওঁলোকৰ এটা পুত্ৰৰ নাম দিছে ভূপেন আৰু আনটোৰ জয়ন্ত। যি কি নহওক, এদিন গৃহস্থৰ লগত জয়ন্তও গ'ল সভা এখনলৈ। ভূপেন হাজৰিকা সেই সভাত উপস্থিত আছিল। গৃহস্থই জয়ন্তক শিল্পীগৰাকীৰ লগত চিনাকি কৰি দিয়াৰ পাছত কেইদিনমান তাৰ মুখত আন কথা নাই। সি ভাবিব পৰা নাছিল যে তাৰ দৰে স্বল্পশিক্ষিত গাঁৱৰ ল’ৰা এজনক হাতত ধৰি মৰম কৰি ‘মহান ব্যক্তি’জনে কথা ক’ব। সি সেইখন হাত ধুবই খোজা নাছিল। কেইদিনমান তাৰ কথা শুনি মোৰ পগলা হোৱাৰ অৱস্থা। তাৰ হেনো ধাৰণা হৈছিল ভূপেন হাজৰিকাই তাক চিনি পায়।

 এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত ভূপেন হাজৰিকাক আমন্ত্ৰণ জনোৱাৰ কথা আৰু এদিন তেওঁ সেইটো অফিচলৈ অহা বুলি ক'লো। পিছে মইনো সেই অফিচত কিয় আছিলো সেই কথা এতিয়ালৈ কোৱা হোৱা নাই।