বাকীছোৱা জীৱন/আত্মীয়-স্বজনৰ মাজত
আত্মীয়-স্বজনৰ মাজত
গুহ পৰিয়ালৰ ভালেকেইজন সদস্য কলকাতা আৰু ইয়াৰ সমীপৱৰ্তী কেইখনমান ঠাইত বাস কৰিছিল। মোৰ একমাত্ৰ দেওৰ হেমেন্দু তেতিয়া পশ্চিমবংগ চৰকাৰৰ পশুপালন বিভাগৰ সঞ্চালক। তেওঁৰ পত্নী কৰৱী শান্তি নিকেতনৰ কলাভৱনত শিক্ষাপ্ৰাপ্ত এগৰাকী চিত্ৰশিল্পী। তেওঁলোকৰ তিনিজনী জীয়াৰী মালবিকা, মহুৱা আৰু মধুমিতাৰ লগত জয়েও খুৰীয়েকৰ তত্ত্বাৱধানত ছবি আঁকিবলৈ শিকিছিল। মোৰ তিনিগৰাকী জেশাহু আৰু একমাত্ৰ ননদো কলকাতাৰ আশে-পাশে আছিল। আমি দুয়োগৰাকী জা ল'ৰা-ছোৱালীহঁতৰ স্কুল বন্ধ পালে লোকেল ট্ৰেইনত উঠি নৈহাটি, হালিশহৰ আৰু খড়দহত জেশাহু আৰু ননদৰ ঘৰলৈ গৈছিলো। লোকেল ট্ৰেইনবোৰ বিজুলী শক্তিৰ সহায়েৰে চলে। প্ৰথম প্ৰথম তেনে ৰে’লত উঠি বৰ স্ফূৰ্তি পাইছিলো। নৈহাটি জংচনৰ বাহিৰে বাকীবোৰ ষ্টেচনত অলপ সময় ৰখা বাবে টেনচনত ভোগা মনত পৰে।
নৈহাটি এখন ঐতিহাসিক ঠাই। ইয়াৰে কাঁঠালিপাৰা চুবুৰিত বিখ্যাত সাহিত্যিক বংকিমচন্দ্ৰ চট্টোপাধ্যায় বাস কৰিছিল। ৰে’ল ষ্টেচনৰ কাষতে তেওঁৰ ভগ্নপ্ৰায় ঘৰটো আৰু লাইব্ৰেৰীটো দৰ্শন কৰাৰ পাছত যুগপৎ আনন্দ আৰু বিষাদে মনটো আবৰি ধৰিছিল। বিষাদ এই বাবে যে এনে এগৰাকী কালজয়ী সাহিত্যিকৰ বাসগৃহটো আৰু অলপ ভালদৰে সংৰক্ষণ কৰিব পাৰিলেহেঁতেন। শুনিছো চৰকাৰে যি অৰ্থ এইবাবে খৰচ কৰে ই অতি সামান্য। বংকিমচন্দ্ৰৰ মাটি-ভেটি, ঘৰ-দুৱাৰ দৰ্শন কৰাৰ ত্ৰিশ বছৰমান পাছত আমেৰিকাত দৰ্শন কৰিছিলো ৰিপ্ভ্যান উইংকলৰ লেখক ৱাশিংটন আৰভিঙৰ (১৭৮৩-১৮৫৯) হাডচন নৈৰ পাৰৰ সুৰক্ষিত ঘৰটো। সোমালেই ধাৰণা হয় ঘৰৰ গৰাকীজন জীয়াই আছে। স্বীকাৰ কৰো চহকী দেশৰ লগত দুখীয়া দেশৰ তুলনা নহয়। পিছে সেইখন দেশৰ ঘাইকৈ চহকী মানুহৰ দানেৰে বিখ্যাত ব্যক্তিসকলৰ ঘৰ-দুৱাৰবোৰ সংৰক্ষিত হয়। আমাৰ দেশৰ মানুহৰ দান-দক্ষিণা কৰাৰ অভ্যাস কম। কৰাসকলে ঘাইকৈ কৰে ধৰ্মীয় কামত আৰু মন্দিৰত। যি কি নহওক বংকিম চন্দ্ৰৰ
[ ২২ ]
■ দুগৰাকী জাৰ সৈতে লেখিকা |
অসুৰক্ষিত বাসগৃহত থিয় দি অতীতলৈ গুচি গৈছিলো। ইয়াৰে ক'ৰবাত বহি তেওঁ ‘আনন্দমঠ’, ‘কপালকুণ্ডলা’, ‘কৃষ্ণকান্তেৰ উইল’ৰ দৰে কালজয়ী উপন্যাস লিখিছিল নে? ৰচনা কৰিছিল নে 'বন্দে মাতৰম — সুজলাং সুফলাং মলয়জ শীতলাং, শস্য শ্যামলাং মাতৰম বন্দে...' গীতটো? মোৰ অনুভূতিত মৃদু শিহৰণ এটা উপলব্ধি কৰিলো। দুচকু অশ্ৰুসিক্ত হ'ল।
নৈহাটিত গৃহস্থৰ ডাঙৰ বায়েক-ভিনিহিয়েকৰ ঘৰ। ঘৰ মানে ভাৰত বিভাজনৰ পাছত পূৰ্ববংগৰ পৰা শিপা উঘালি আহি তেওঁলোকে ইয়াত নতুন গৃহস্থালি পাতিবলৈ বাধ্য হৈছিল। ভিনিহি আছিল এগৰাকী চিকিৎসক তথা চহকী মানুহ আৰু বুদ্ধিমানো। সা-সম্পত্তি এৰি থৈ আন অনেকৰ দৰে স্বাধীনতাৰ পিচতে ভগনীয়া হৈ অহা নাছিল। জনপ্ৰিয় চিকিৎসক হোৱা হেতুকে পাকিস্তানত তেওঁ কাৰো দ্বাৰা নিৰ্যাতিতও হোৱা নাছিল। নাজানো কি বুদ্ধি প্ৰয়োগ কৰি তেওঁ টকা-পইচা, সা-সামগ্ৰীৰে সৈতে ঘৰৰ সদস্যসকলক এজন এজনকৈ পশ্চিমবংগলৈ পঠাই আছিল। অৱশেষত তেওঁ নিজে এদিন মাটি-ভেটিৰ মায়া ত্যাগ কৰি জন্মভূমি ত্যাগ কৰে। আমাক কৈছিল যে মাটি- ঘৰ আৰু ফাৰ্নিচাৰৰ বাহিৰে তেওঁ এপদ বস্তুও এৰি থৈ অহা নাই। আন ভগনীয়াৰ দৰে লাম-লাকটু সকলো ত্যাগ কৰি জীৱনটো হাতত লৈ পলোৱা নাছিল।
ভাৰত দ্বিখণ্ডিত হৈ স্বাধীন হোৱাৰ পাছত বংগ আৰু পঞ্জাৱত তেজৰ নৈ বৈ গৈছিল। সম্প্ৰতি আমেৰিকাত লগ পাইছিলো এজন বয়সীয়া ভদ্ৰলোকক। সকলোৱে তেওঁক গোবিন্দদা বুলি মাতে। তেওঁ হেনো ১৯৪৭ চনৰ সংঘৰ্ষৰ সময়ত পূৰ্ববংগৰ পৰা তেজেৰে লুতুৰি-পুতুৰি মৃতদেহৰ মাজত সোমাই থাকি মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাইছিল। তেওঁ কৈছিল— নিজৰ ভিঠাৰ পৰা ৰাজনীতিকসকলে উচ্ছেদ কৰিলে যেতিয়া পশ্চিমবংগকে লৈ ভাৰতৰ যি কোনো ৰাজ্যই তেওঁলোকৰ বাবে বিদেশ। বিদেশতে যদি খোপনি পুতিব লাগে তেনেহ'লে বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাতে নাথাকে নো কিয়? সেই তেজৰ স্মৃতিয়ে হেনো তেওঁক আজিও খেদি ফুৰে।
নৈহাটিৰ ডাঙৰ ভিনিদেউ কিন্তু ইমান আবেগিক নহয়, তেওঁ rough and tough | তাতেই মাটি-বাৰী কিনি আহল-বহলকৈ দুমহলীয়া ঘৰ সাজিছে, ডাক্তৰী কৰিছে, ল’ৰা-ছোৱালীক মানুহ কৰিছে। ভিনিহিয়ে এবাৰ গুৱাহাটীত এষাৰ কথা মোক ফুচফুচাই কৈছিল। তেওঁলোকে হেনো বিয়াৰ পাছত বহুদিনলৈ সন্তানৰ মুখ দেখা নাছিল। গতিকে এবাৰ গুৱাহাটীত শহুৰৰ ঘৰলৈ আহি পুত্ৰাৰ্থে কামাখ্যাত এভাগ পূজা আগবঢ়াইছিল। বছ, গোসাঁনী ইমানে প্ৰসন্ন হ’ল যে এটি এটিকৈ তেওঁলোকৰ কোলালৈ [ ২৪ ]
■ ককাই-ভাইৰে সৈতে অমলেন্দু গুহ |
ছটা পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তানৰ আগমন ঘটিল। নৈহাটিত ডাঙৰ বাইদেউহঁতৰ ঘৰখন আমাৰ বাবে আছিল জিৰণি লোৱা ঠাই। ল’ৰা -বোৱাৰী, নাতি-নাতিনী আৰু ভিনীহিদেউৰ অকালতে পৰলোকগত ভায়েকৰ পৰিয়ালটোৰ সৈতে ঘৰখন ভৰি আছিল। ভিনীহিদেউৰ পৰা আৰম্ভ কৰি অকণমানি নাতিটোলৈ সকলোৱে স্ফূৰ্তিবাজ। খোৱা-বোৱা, হাঁহি-ধেমালি আৰু আড্ডাৰ মাজেৰে দিনকেইটা পাৰ কৰিছিলো।
মোৰ শহুৰ শাহু তেওঁলোকৰ পৰিয়ালটোৰে সৈতে যদিও গোটেইটো জীৱন কটাইছে ইম্ফল আৰু গুৱাহাটীত, তেওঁলোৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ টাঙাইলতো (বৰ্তমান বাংলাদেশ) যথেষ্ট আছিল। দেশ ভাগ হোৱাৰ পাছত সেইবোৰ কোনে লুটি নিলে কোনেও নাজানে। ডাঙৰ জোঁৱায়েকে বস্তু বাহানিৰে সৈতে প্ৰতিটো পাই-পইচা অনা শুনি শাহুআয়ে কৈছিল যে তেওঁৰ পুতেককেইজন জোঁৱায়েকৰ দৰে ‘কৰিৎকৰ্মা’ নহ’ল। গৃহস্থহঁতৰ ছয় ভাইৰ মাজত সা-সম্পত্তিৰ প্ৰতি বোধকৰো কাৰো বৰ বেছি আসক্তি নাছিল। আমাৰ গৃহস্থৰতো সমূলি নায়েই।
নৈহাটিৰ পৰা আমি সাধাৰণতে বাছেৰে গৈছিলো মাজু জেশাহুৰ হালিশহৰৰ ঘৰলৈ। হালিশহৰ এখন অতি পুৰণি ঐতিহ্যপূৰ্ণ ঠাই। তাত এসময়ত বাস কৰিছিল কালীসাধক ৰামপ্ৰসাদ। তেওঁ অনেক শ্যামাসংগীতৰ ৰচক আৰু গায়কো। পাতল ইটাৰে সজা বহু পুৰণি ঘৰৰ ভগ্নাৱশেষ তাত দেখিছিলো। মাজু বাইদেউ আছিল মেধাৱী। পিছে তেতিয়াৰ দিনত ছোৱালীক বিয়া দিয়াই আছিল মাক-দেউতাকৰ প্ৰধান কৰ্তব্য। আমাৰ গৃহস্থক হেনো বাল্যকালত এইগৰাকী বায়েকে পঢ়াইছিল। তেওঁৰ স্কুলীয়া শিক্ষা বৰ বেছি নাথাকিলেও আমৃত্যু তেওঁ কিতাপ-পত্ৰ নিয়মীয়াকৈ পঢ়িছিল, আনকি লাইব্ৰেৰীলৈকো অহা-যোৱা কৰিছিল। তেওঁৰ মেধা উত্তৰাধিকাৰীসূত্ৰে পাইছে আটাইকেইজন সন্তানে। বাইদেউৰ ডাঙৰজনী জীয়াৰী ৰেবা সন্দিকৈ কলেজৰ পৰা বি এ পাছ কৰিছিল।
মোৰ একমাত্ৰ ননদ কল্যাণীও সন্দিকৈ কলেজৰ পৰা বি এ পাছ কৰি বিয়াৰ পাছত পশ্চিমবংগবাসী হৈছে। তেৱোঁ আছিল বৰ মৰমিয়াল আৰু দিলখোলা স্বভাৱৰ। এক বিৰল ৰোগৰ বলি হৈ অকালতে তেওঁ আমাক কন্দুৱাই যায়। ডিঙিৰ ওচৰত কোনো এটা গ্লেণ্ডত হোৱা বেমাৰটোৰ দাঁত ভগা নাম মায়াস্থেনিয়া গ্ৰেভিছ। এই ৰোগত মৃত্যু হৈছিল গ্ৰীক ধনকুবেৰ এৰিষ্ট্ৰোটল ওনাচিছৰো। আততায়ীৰ হাতত নিহত হোৱা আমেৰিকাৰ এসময়ৰ প্ৰেচিডেণ্ট জন এফ কেনেডীৰ বিধৱা পত্নী জেকুলিনক তেওঁ বিয়া কৰাইছিল। ৰূপৱতী ছোচিয়েলাইট কম বয়সীয়া মানুহজনীয়ে [ ২৬ ]
■ লেখিকাৰ দেওৰ হেমেন্দু আৰু জা কৰৱী |
এই বুঢ়াটোক নিশ্চয় অৰ্থৰ লোভত বিয়া কৰাইছিল। দান-দক্ষিণা কৰাৰ পাছত ওনাচিছৰ বাকী সম্পত্তি দুভাগ হয়— এভাগ পায় জেকুলিনে আনভাগ পায় ওনাচিছৰ প্ৰথম পত্নীৰ ফালৰ জীয়াৰীয়ে। তৃতীয় আন এজন বিখ্যাত ব্যক্তিৰ এই ৰোগটো হোৱা বুলি কাকতে-পত্ৰে পাইছিলো যদিও তেওঁ কিন্তু অতি সক্ৰিয় হৈ জীয়াই আছে। গতিকে সঁচাকৈয়ে তেওঁ এইৰোগৰ চিকাৰ হৈছিল নে নাই নাজানিলো। এইগৰাকী ব্যক্তি হ’ল অমিতাভ বচ্চন। মোৰ ধাৰণা হয় তেওঁৰ এই ৰোগ হোৱা নাছিল নাইবা ইতিমধ্যে ৰোগটোৰ চিকিৎসা আৱিষ্কাৰ হৈছে।
গৃহস্থৰ তৃতীয়গৰাকী বায়েক কলকাতাৰ পৰা আঁতৰত বহৰমপুৰবাসী হোৱা হেতুকে তেওঁৰ তালৈ এবাৰহে গৈছিলো। ভিনীহিদেউ আছিল বহৰমপুৰ কলেজৰ সংস্কৃতৰ অধ্যাপক। তেওঁলোকৰ ঘৰত প্ৰথম আৰু বোধকৰো শেষবাৰৰ বাবে খেজুৰৰ ৰস খাইছিলো। খেজুৰ গছৰ পাতৰ ঠিক তলতে গা-গছৰ গাটো অলপ ৰেপি ৰেপি কাটে গধূলিৰ আগে আগে। কটা ঠাইডোখৰৰ তলত এটা পাত্ৰ ৰচিৰে ভালদৰে বান্ধি থয়। ওৰে ৰাতি খেজুৰৰ গছৰ পৰা ওলোৱা পাতল ৰসেৰে পাত্ৰটো ভৰি পৰে। ৰাতিপুৱা সেই ৰস পি খাইছিলো, ইমান যে সোৱাদ লগা! কিন্তু কেইঘণ্টামান পিছত এই ৰস ফাৰমেণ্টেড হৈ সুৰাজাতীয় পানীয়ত পৰিণত হয়। যাৰ ঘৰত কেইবাজোপা গছ আছে তেওঁলোকে নিজে এই ৰস পগাই গুড় প্ৰস্তুত কৰে, নহ'লে বেচি দিয়ে। কলকাতাৰ বজাৰত নানাধৰণৰ খেজুৰ গুড় পোৱা যায়— - জুলীয়া, ডাঠ আৰু গোটমৰা। বিহুৰ সময়ত খোলা-চাপৰি (তেওঁলোকে কয় সৰু চাকলি) পিঠা ভাজি জুলীয়া খেজুৰ গুড়েৰে খায়। আমেৰিকাত খাইছিলো মেপ্ল্ গছৰ পৰা একে পদ্ধতিতে নিষ্কাসন কৰা মেপ্ল্ ছিৰাপ। তেওঁলোকে খোলাচাপৰি পিঠাৰ দৰেই পেনকেক নামৰ পিঠা মেপ্ল্ ছিৰাপেৰে খায়। দুটা বিভিন্ন গোলাৰ্ধৰ মানুহৰ মাজত এই মিল দেখি ভাবিলো মানুহৰ উদ্ভাৱনী প্ৰক্ৰিয়া বোধকৰো একেই।
কলকাতালৈ যোৱাৰ কেইবছৰমানৰ মাজত গুৱাহাটীৰ বৰজনাহঁতৰ কেইবাজনো ল’ৰাৰ বিয়া হ’ল। কইনাকেইজনী কলকাতাৰ হোৱা বাবে আমি বিয়াবোৰত যোগ দিব পাৰিছিলো। কৃষ্ণা নামৰ কইনাজনীৰ লগত ভতিজা দীপুৰ বিয়াৰ দিনা কইনা ঘৰত ভাত খাই থাকোতে জয়ে মোক বৰ লাজত পেলাইছিল। মাঘমহীয়া জাৰকালিৰ বিয়া। কাৰ্ডিগানটোৰ ওপৰত শ্বাল এখনো লৈছিলো। জয়ৰ কাষত বহিছিল কপাহী পেণ্ট আৰু পাতল চাৰ্ট পিন্ধা বাৰ/তেৰ বছৰ বয়সীয়া ল'ৰা এটা। কঁপি কঁপি সি ভাত খাই থকা দেখি সকলোৱে শুনাকৈ জয়ে চিঞৰি চিঞৰি মোক কৈছিল— ‘মা’, [ ২৮ ] তোমাৰ গাত দুবিধ গৰম কাপোৰ আছে, শ্বালখন এই ল’ৰাটোক দিয়া।’ মই নুশুনা ভাও জুৰি খোৱাত মনোনিবেশ কৰিলো। সি ভাবিলে মই শুনা নাই, গতিকে তাৰ কণ্ঠস্বৰ আৰু ওপৰলৈ উঠিল। তাৰ ওচৰতে বহি থকা ভতিজা ছোৱালী মিনুই তাক শান্ত কৰিবলৈ ক’লে যে মাংসৰ গৰম গৰম আঞ্জা খাই থকা ল'ৰাটোৰ গা এতিয়াই গৰম হৈ উঠিব, গতিকে গৰম শ্বালৰ প্ৰয়োজন নাই। তাৰ পিছত ল'ৰাটোৰ গাটো গৰম হৈ উঠিছিল নে নাই সুধি সুধি বেচেৰাটোক অস্থিৰ কৰি তুলিছিল সি। ময়ো সকাহ পালো যেতিয়া ল’ৰাটোৱে ক'লে যে তাৰ ঠাণ্ডা লগা নাই। কিন্তু মোৰ বিবেকক কোনোবাই চাবুক মৰাৰ উপলব্ধি হৈছিল। ঊলৰ চোলা পিন্ধাবলৈ দেউতাকৰ নিশ্চয় সামৰ্থ্য নাই। কিয় নাই? দেশত দাৰিদ্ৰ্য নিবাৰণৰ উপায় কি? কইনাঘৰৰ অতি উপাদেয় মাংস-পোলাওখিনি সিদিনা তিতা তিতা যেন লাগিছিল মোৰ। ভাৰত হেনো মহান গণতান্ত্ৰিক দেশ। স্বাধীনতা লাভৰ ইমান বছৰ পাছতো এয়েই নেকি গণতন্ত্ৰৰ নমুনা! এই গণতন্ত্ৰৰ সোৱাদ পাইছে এমুঠি মানুহে। বাকীসকলৰ ‘পোৰা-কপাল’।
আত্মীয়-স্বজনৰ ওচৰ-সান্নিধ্যই আমাৰ পুনে এৰাৰ দুখ পাতলালে। অসমখন ওচৰ হোৱা বাবে মা-বাই-ভনীহঁতকো ঘনাই পোৱা হ'লো। ইয়ো আছিল কলকাতাত বাস কৰিবলগীয়া হোৱাৰ এটা ইতিবাচক দিশ। সেই বুলি পুনে বাসৰ দিনবোৰৰ স্মৃতি আজিলৈ মলিন হোৱা নাই।