[ ৫০ ]

বৰগীত

 পুৰণি অসমীয়া সাহিত্য নানা ধৰণৰ গীত-পদ আদিৰ নিমিত্তে বিখ্যাত। কেতবোৰ লৌকিক গাঁত আগৰ দিনৰপৰা মানুহৰ মুখে মুখে নামি আহিছে। সেইবোৰৰ সময় নিৰ্ণয় কৰা টান; কিয়নো ভালেমান ঠাইত সেইবোৰ আধুনিক ভাব আৰু ভাষাৰে সানমিহলি হৈ পৰিছে। আন কেতবোৰক পুৰণি পুথিবোৰে বুকুত সাৱটি ধৰি ৰক্ষা কৰি আহিছে। অসমীয়া ওজা-পালিৰ অনুষ্ঠান মহাপুৰুষ শঙ্কৰদেৱৰ আৱিৰ্ভাবৰ আগৰেপৰাই চলি আহিছিল, কিয়নো তেওঁৰ ধৰ্ম-প্ৰচাৰৰ প্ৰথম অৱস্থাত ওজা পালিৰ অনুষ্ঠানৰ ভিতৰেদি তেওঁৰ পদ-পুথিবোৰৰ সাৰ-ধৰ্ম লোক-সমাজত তেওঁ জনাজাত কৰাইছিল। ওজা-পালিবোৰৰ বৰ প্ৰিয় বেউলা লখিন্দৰ আদিৰ গীতবোৰো বৰ পুৰণি-কলীয়া যেন লাগে। সুকবি নাৰায়ণ আৰু দুৰ্গাবৰৰ বেউলাৰ গীত শঙ্কৰদেৱৰ আগেয়েই ৰচিত হোৱা বুলি ভাবিবৰ কাৰণ থকা যেন লাগে। দুৰ্গাবৰ কবিয়ে ৰামায়ণ পুথিকো গীতৰ আকাৰত ভাঙি উলিয়াইছিল। গীতৰ আকাৰত পুথি লিখা তেতিয়াৰ দিনৰ প্ৰচলিত ৰীতি আছিল। পুৰণি কামৰূপৰ ভাটী অঞ্চলত পীতাম্বৰ নামে কবি এজন আছিল। তেওঁ শঙ্কৰদেৱৰ সমসাময়িক হ’লেও তেওঁৰ প্ৰভাৱৰ বাহিৰত আছিল। তেৱোঁ গীতৰ আকাৰত কাব্য ৰচনা কৰিছিল। তেওঁৰ ‘ঊষা-পৰিণয়’ গীত-কাব্য ছপা হৈ ওলাইছে, কিন্তু গুৰু-চৰিতত উল্লিখিত তেওঁৰ দশমৰ পদ এতিয়াও আৱিষ্কৃত হোৱা নাই।

 ইমানবোৰ গীত-পদ আদিৰ ভিতৰতো শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবোৰে তেতিয়াৰ সাহিত্য আৰু সমাজত এক যুগান্তৰ উপস্থিত কৰিছিল। বৰগীতবোৰৰ ভাব, ভাষা আৰু সুৰ একেবাৰে নতুন ধৰণৰ। আন গীত-পদবোৰ ৰামায়ণ আৰু পুৰাণ আদিক [ ৫১ ] আশ্ৰয় কৰি ৰচিত হ’লেও লৌকিক ভাবত বাজে ধৰ্ম আৰু ভক্তিৰ উচ্ছ্বাস সেইবোৰত সমূলি নাই। ঠায়ে ঠায়ে ৰসাল আৰু কবিত্বপূৰ্ণ হ’লেও সেইবোৰ মুখ্যভাৱে লোক-ৰঞ্জনৰ নিমিত্তে ৰচিত হৈছিল। তাৰ ভিতৰত ভালেমান কবিতা প্ৰেম-ৰসাত্মক, কিন্তু সেই প্ৰেম সাধাৰণ নায়ক-নায়িকাৰ কামভাবপূৰ্ণ প্ৰেমহে। শঙ্কৰদেৱ আৰু মাধৱদেৱে গীত আৰু কবিতাক নৱ-প্ৰচাৰিত ভক্তিৰসেৰে অভিষিক্ত কৰি অসমীয়া সাহিত্যক আধ্যাত্মিকতাৰ ওখ ভেটিত থাপনা কৰি ঈশ্বৰাভিমুখী কৰি তুলিলে আৰু লগে লগে মানুহৰ মনকো ওপৰৰ ফালে ঢাল খুৱাবৰ চেষ্টা কৰিলে। সময়ে সময়ে লব্ধপ্ৰতিষ্ঠ পুৰণি কবিসকলৰ পদত নৱ-প্ৰচাৰিত ভক্তিৰসৰ সংযোগ কৰি সেইবোৰক সময়োপযোগী কৰি ৰক্ষা কৰিছে আৰু আন সময়ত বা সাধাৰণ মানুহৰ মন যোগাবলৈ গীত-কবিতা ৰচোঁতা অৰ্বাচীন কবিসকলক তাচ্ছিল্যেৰে উপলুঙা কৰি তলত পেলাইছে। ধৰ্ম আৰু সমাজ- গঠনৰ দৰে সাহিত্য-ক্ষেত্ৰতো এই মহাপুৰুষ দুজনে পূৰ্বৰ গৌৰৱ অক্ষুণ্ণ ৰাখি বৰ্তমানৰ ভেটি শকত কৰি ভৱিষ্যতৰ দুৱাৰ-দলিত থিয় হৈছিল।

 মাধৱ কন্দলি শঙ্কৰদেৱৰ দুপুৰুষ আগৰ কবি। তেওঁৰ ৰচিত ৰামায়ণ ছপা হৈ এতিয়াও অসমীয়াৰ ঘৰে ঘৰে জিলিকি আছে। কিন্তু শঙ্কৰদেৱৰ সময়ত তেওঁৰ ৰচিত ৰামায়ণে ভক্তিৰসাপ্লুত জনসমাজক তৃপ্তি দিব নোৱাৰি তল পৰি যাবলৈ ধৰিছিল যেন লাগে। কিয়নো অনন্ত কন্দলিয়ে নৱ-প্ৰচাৰিত ভক্তি-ধৰ্মক মূল কৰি ৰামায়ণৰ আকৌ এখন নতুন ভাঙনি উলিয়ায়। কিন্তু শঙ্কৰদেৱ আৰু মাধৱদেৱে উত্তৰা আৰু আদি-কাণ্ড যোগ দি পুৰণি কবিৰ মূল ৰামায়ণক অক্ষত ৰাখি সময়োপযোগী কৰি ৰাখিলে। এই বিষয়ে গুৰু-চৰিতত আখ্যান এটি আছে :

 “আৰু মাধৱ কন্দলিৰ কবিতা ৰামায়ণ ঢাকি তুচকৈ গুচাবৰ মন দিলে অনন্ত কন্দলিয়ে। তেহে গুৰুজনত বিপ্ৰে স্বপ্নত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাছে গুৰুজনে বোলে, বৰাৰ পো, [ ৫২ ] তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাবযে খোজে, আমি ধৰো গোৰত, তুমি হোৱা আগে। তেহে আদ্যে উত্তৰা কৰিছে। কাপোৰ-গাৰি দৰে আগভাগাৰ সমে ৰ’ল, উপদেশ আঁচুফুল হ’ল। আগে উপদেশ নাই ‘শুভ’ ‘শুভ’হৈ আছিল আধ্যাত।”

 মাধৱ কন্দলিৰ ছপা ৰামায়ণত এতিয়াও শঙ্কৰদেৱ আৰু মাধৱদেৱৰ উত্তৰা আৰু আদিকাণ্ড সন্নিৱেশিত হৈ আছে। মাধৱ কন্দলিয়ে এই দুই কাণ্ড নিজেও ৰচনা কৰিছিল নে নাই তাৰ প্ৰমাণ নাই, কিন্তু পুৰণি ভক্তসকলে যে এই দুই কাণ্ডৰ সন্নিৱেশ ভক্তিৰ আঁচূফুল বুলি ধৰি লৈছিল, সেই বিষয়ত সন্দেহ নাই।

 ভাটী অঞ্চলৰ নাৰায়ণ দাসে (শেষত ঠাকুৰ আতা নামে খ্যাত ) যেতিয়া পাটবাউসীলৈ শঙ্কৰদেৱৰ ওচৰত ধৰ্ম ধৰিৰলৈ আহে, তেতিয়া শঙ্কৰদেৱে সেই অঞ্চলৰ প্ৰধান প্ৰধান মানুহসকলৰ পৰিচয় সুধিলে। নাৰায়ণ ঠাকুৰে পীতাম্বৰ নামৰ কবিৰ পৰিচয় দি ক’লে যে, তেওঁ দশমৰ পদ ভাঙিছে। নাৰায়ণ দাসে শঙ্কৰদেৱৰ আদেশ অনুসাৰে ৰুক্মিণী-হৰণৰ পদ কেইফাকি মাতি শুনালে। তাৰ ভিতৰত এফাকি আছিল “কোন অঙ্গে খুন দেখি নাইলা যদুমণি।” ৰুক্মিণীদেৱীয়ে শ্ৰীকৃষ্ণ অহাত পলম হোৱা দেখি এইদৰে বিলাপ কৰি কান্দিছে। পদ শুনিয়েই শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰক আৰু পদ গাবলৈ হাক দি ক’লে,

গৰ্ব্ব-পৰ্ব্বতত সিটো উঠিয়া আছয়॥
ধৰ্ম্ম ধৰিবাৰ সিটো যোগ্য নোহে লোক।

 পদফাকিত পৰমপুৰুষৰ প্ৰেমত বিভোল ৰুক্মিণীদেৱীক যি কদৰ্য নায়িকাৰ দৰে চিত্ৰিত কৰা হৈছে সি নিষ্কাম ভক্তি-ধৰ্ম-প্ৰৱৰ্তক শঙ্কৰদেৱৰ মানত নগ্ন কামুকতাৰ নিলাজ বুভুক্ষাৰ দৰে প্ৰতিভাত হ’ল।

 বৰগীত আৰু পুৰণি সাহিত্যৰ আন আন গীতবোৰৰ পাৰ্থক্য এয়ে। বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত। সেই কাৰণেই সেইবোৰক ‘বৰ’ গীত বোলা হয়। [ ৫৩ ] ইংৰাজ কবি হেৰিকেও ( Herrick ) কেতবোৰ আধ্যাত্মিক ভাবৰ কবিতা ৰচনা কৰি সেইবোৰৰ নাম দিছিল "Noble Numbers"; আমাৰ সাহিত্যতো বৰগীতবোৰ Noble Numbers.

 এতিয়া দেখা গ’ল যে, পুৰণি সাহিত্যত গীতৰ প্ৰাচুৰ্য থাকিলেও বৰগীতবোৰ ভাব আৰু ভাষাত অতিশয় বেলেগ ধৰণৰ। সাহিত্য আৰু ধৰ্ম-জগতত সেইবোৰে নতুন যুগৰ আগমন সূচনা কৰিছিল। এফালে লোকৰঞ্জন আৰু আনফালে অতৰ্কিতভাৱে আধ্যাত্মিকতাৰ ওখ আদৰ্শ লৈ জন সমাজৰ মন আকৰ্ষণ——এয়ে অসমীয়া গীত-সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব।

 গুৰু-চৰিতত উল্লেখ আছে যে, গুৰুজনে আদিতে বাৰকুৰি ( ২৪০ টি) বৰগীত ৰচনা কৰিছিল। বৰপেটাৰ কমলা গায়ন নামে এজনে আওৰাবলৈ নিয়ে। চ’তমহীয়া বন পোৰা জুইত ঘৰ পোৰাত সেইবোৰ পুৰিলে। গুৰুজনে খেদকৈ বোলে, “বৰাৰ পো, অনেক শ্ৰমকৈ গীত খানি কৈলো, পুইলে। গীত কিছু কৰা। আমি নকৰো আৰু।” গুৰু-বাক্য মনত ধৰি মাধৱদেৱে নকুৰি এঘাৰটা (১৯১) টি[১] বৰগীত ৰচনা কৰিলে। প্ৰচলিত ছপা বৰগীত পুথিত এই সংখ্যাৰ অলপ তাৰতম্য দেখা যায়। কিন্তু মাধৱদেৱৰ ৰচিত গীতৰ সংখ্যা যে কিয় বেছি, ইয়াৰ পৰা বুজা যায়।

 সকলো জাতীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বন পোৰা জুইক সহায় কৰাৰ দৰে সহায় কৰে। সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিব নোৱাৰে; আৰু গীতেই আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অঙ্গ। নাট-পদ আদিতকৈও গীতবোৰে শঙ্কৰদেৱৰ বৈষ্ণৱ আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। পাখি লগা কাঁড়ৰ দৰে শঙ্কৰ আৰু মাধৱদেৱৰ গীতবোৰ উৰি ফুৰি য’তে পৰিছিল ত’তে নৱ আধ্যা- ত্মিক ভাবৰ গুটি সিঁচিছিল। চৰিত-পুথিবোৰত বৰগীতে কেনেকৈ প্ৰধান প্ৰধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল, [ ৫৪ ] তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভাস্কৰাচাৰ্যৰ মুখে শঙ্কৰদেৱৰ গুণ-গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম ধৰিবলৈ আহি বাটত খাগৰিকটীয়া ভকত কেতবোৰৰ মুখত “মন মেৰি ৰাম চৰণহি লাগু,” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি খাগৰিকটীয়াসকলৰ নিৰ্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদ-প্ৰান্তত উপস্থিত হ’লহি৷ ৰামৰায় আতাৰ কন্যা কমলাপ্ৰিয়াদেৱীৰ মুখত “পামৰ মন ৰাম-চয়ণে চিত্ত দেহু” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁৰ শৰণ প্ৰাৰ্থনা কৰে। শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰায় দেৱানে শঙ্কৰদেৱৰ বৈষ্ণৱ-ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল, সেইটো ইতিহাসৰ কথা।

 ৰচনাৰ মাধুৰ্য আৰু ভাবৰ গাম্ভীৰ্যৰ লগে লগে বৰগীতবোৰৰ লোক প্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধৱদেৱৰ সুগায়কত্ব। মাধৱদেৱ এফালে যেনে মৰ্মস্পৰ্শী কবি, আনফালে তেনে মনোমুগ্ধকাৰী সুগায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীতি-নৈপুণ্যক লক্ষ্য কৰি কোৱা আছে যে, তেওঁ আগৰ জন্মত গন্ধৰ্ব আছিল। আৰু পুৰণি কালত এনে এটি সময় আহিছিল যে, ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোনো গীতেই ভক্ত-সমাজত গৃহীত নহৈছিল। সেই কাৰণে দেখা যায় ৰাতিখোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহ-বিচাৰৰ গীতবোৰৰ ভণিতাতো মাধৱদেৱৰ নাম আছে। আজিকালিও গাঁৱলীয়া মানুহবোৰে গীত ৰচনা কৰি কেতিয়াবা কেতিয়াবা “কহয় মাধৱ দাসে” বুলি ভণিতা পেলায়।

 এইবোৰ কাৰণে বৰগীতবোৰৰ ইমান বিস্তৃতি ঘটিছিল যে মৰুভূমিত উটে পানীৰ গোন্ধ লৈ জলাশয় বিচৰাৰ দৰে তৃষিত মানৱসকলেও বৰগীতৰ ধ্বনি-প্ৰতিধ্বনিক লক্ষ্য কৰি গুৰু দুজনাৰ ওচৰত উপস্থিত হৈছিল।

 আটাইবোৰ বৰগীতৰ ৰচনা কাল আৰু উপলক্ষ্য নিৰ্দ্ধাৰণ কৰিব নোৱাৰি। চৰিত-পুথিবোৰত কেতবোৰহে ৰচনাৰ সময় আৰু উপলক্ষ্যৰ কথাৰ উল্লেখ আছে। কিন্তু গীত বা কবিতা হিছাপে [ ৫৫ ] বৰগীতবোৰৰ সৌন্দৰ্য এই প্ৰশ্নটিৰ ওপৰত নিৰ্ভৰ নকৰে দেখি সেইটোৰ আলোচনা ইয়াত কৰা নহ’ল।

 নাট-পদ আদিবোৰৰ দৰে বৰগীতবোৰতো ভগৱান কৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি ওলাইছে। বৰগীতবোৰৰ বেছি ভাগতেই এফালে কৃষ্ণৰ পৰমপুৰুষত্ব আৰু আনফালে দহজনৰ এজন হৈ মানৱী লীলা-প্ৰকাশ— এই দুফলীয়া ব্যক্তিত্বৰ বিকাশ দেখা যায়। ধাতুৰ মুদ্ৰা এটিৰ এফালে ৰজাৰ চাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰিৰ উল্লেখ থকাৰ দৰে গীতবোৰতো এফালে পৰমপুৰুষৰ মানৱী লীলাৰ ব্যক্তিত্বৰ চাব আৰু আনফালে ভক্তৰ ভাষাত সেই চাবখিনিৰ মূল্যৰ ইঙ্গিত আছে। শঙ্কৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভঙ্গুৰ আৰু মায়াময়; হৰি-ভকতি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱ- তৰা—এয়ে নানা ভাব আৰু ভাষাত শঙ্কৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰতো এই ভাবৰ পুনৰুক্তি আছে। কিন্তু তেওঁৰ বেছি ভাগ গীততেই শিশু-কৃষ্ণৰ বাল্য- জীৱনৰ ৰঙ-বিৰঙৰ চিত্ৰ ফুটি ওলাইছে। আন আন প্ৰবন্ধত দেখুওৱা হৈছে যে, বাৎসল্য-প্ৰেম মাধদেৱৰ ভক্তজীৱনৰ সৰ্বহ। গীত, পদ, নাট সকলোবোৰতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু-চৰিত্ৰ সজীৱ কৰি তুলিছে।

 ল’ৰা কৃষ্ণৰ লীলা-ক্ষেত্ৰ ব্ৰজ। আৰু লীলা-খেলাৰ প্ৰধান প্ৰধান ভাৱৰীয়াসকল হৈছে—যশোদাদেৱী, স্বয়ং কৃষ্ণ, দাম, সুদাম আদি গৰখীয়া ল’ৰাবোৰ আৰু ৰাধিকা আদি গোৱালিনীসকল। এই নিৰীহ প্ৰাণীসকলৰ স্নেহ আৰু ভক্তিৰ গুণত আপোনা-আপুনি মেৰপাক খাই পৰমপুৰুষে গৰখীয়া ল’ৰাৰ ভাও ধৰি নানা ৰং- ধেমালিৰ অৱতাৰণা কৰিছে। তীব্ৰ ভাস্বৎ সূৰ্যৰ পোহৰে পাত্ৰভেদে স্নিগ্ধ, মধুৰ, কিৰণ বিলোৱাৰ দৰে পৰমপুৰুষেও পাত্ৰভেদে এই অজলা প্ৰাণীসকলৰ ভিতৰত সৰল মাধুৰ্য প্ৰকাশ কৰি সকলোৰে হৰণ কৰিছে।

 পুৱাতেই যশোদা দেৱীয়ে কৃষ্ণক গৰু চৰাবলৈ জগাই দিয়ে। [ ৫৬ ] দাম, সুদাম আদি গৰখীয়াসকলৰ লগত শিকিয়াত ভাত বান্ধি লৈ গৰু চাৰি গধূলি উভতি আহি বনৰ পাতে গাটো কাটিলে বুলি মাকৰ আগত অভিমানকৈ একো নোখোৱাকৈ শুই থাকিবৰ দিহা কৰে। আথেবেথে মাকে আহি খীৰ, ননী আদি গাত ঘঁহি গাটো জুৰাই দিয়ে। কেতিয়াবা ভোক লাগিছে বুলি পেটত হাত বুলাই মাকৰ আগত কান্দে। কেতিয়াবা আকৌ আনৰ লগত খৰিয়াল কৰি মাকৰ ভয়ত লুকাই ফুৰে। ইত্যাদি নানা ধৰণৰ হুবহু শিশু-চৰিত্ৰৰ কল্পনা-নৈপুণ্যত বৰগীতবোৰে কবিতা হিছাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে।

 ভাৰতীয় প্ৰাদেশিক বৈষ্ণৱ-সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল। আন আন ৰস-প্ৰকাশক গীত-কবিতা আন আন সাহিত্যত বহু আছে। কিন্তু বাৎসল্য-ৰস-প্ৰকাশক এনে ধৰণৰ গীত- কবিতা নাই বুলিলেই হয়। বৈষ্ণৱ-ইতিহাসত মহাৰাষ্ট্ৰীয় ভক্ত তুকাৰামৰ গীত কেতবোৰত বাৎসল্য ৰস ফুটি ওলোৱা বুলি শুনা যায়। কিন্তু তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নথকাত সেই বিষয়ত কোনো মতামত দিব নোৱাৰি।

 কিন্তু বাৎসল্য-ৰসতেই বৰগীতবোৰৰ বিচিত্ৰ ভাবৰ ওৰ পৰা নাই। পাৰিপাৰ্শ্বিক অৱস্থা স্নেহাভিষিক্ত হ’লে সৰু ল’ৰা এটিয়ে যেনেকৈ মুকলি মনেৰে নানান ধেমালি কৰিব পাৰে, সেই সকলোবোৰ ধেমালিয়েই ভক্তৰ মনত লীলা-কৌতুক হিছাপে গীতবোৰত ফুটি ওলাইছে। শ্ৰীকৃষ্ণক কেতিয়াবা বা গোৱালিনীসকলে খীৰ, লৱনু হাতত দি তেওঁক নচুৱাই তৃপ্তি লাভ কৰিছে। ভক্ত কবিয়ে “ত্ৰিজগত পতিৰ ৰাখোৱাল ৰূপৰ” তুলনা নেপাই কেতিয়াবা তেওঁক গোৱালিনীসকলৰ পুঞ্জীভূত প্ৰেম বুলি কল্পনা কৰিছে,

কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম।
একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম॥
সকল জগতে বোলে কানাই কলীয়া।
কালা নোহে শ্যাম ৰূপ ধৰিছে অমিয়া॥

[ ৫৭ ]

গোপীসকলৰ আলাসৰ লাৰু হ’লেও বিদ্যাপতি, চণ্ডীদাস আদি কবিসকলৰ পদাৱলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈধ প্ৰেমৰ কোনো চিত্ৰ নাই। শ্ৰীকৃষ্ণ বৃন্দাবনৰ অধিষ্ঠাতা দেৱতাৰ নিচিনা আছিল আৰু জীৱ-জন্তুৰ কথাকেই নকওঁ, তৃণ-তৰু আদিয়েও তেওঁৰ প্ৰভাৱ অনুভৱ কৰিছিল। অন্ততঃ তেনেভাৱেই গোকুলবাসীসকলে তেওঁৰ অস্তিত্ব স্বীকাৰ কৰিছিল। কিয়নো, শ্ৰীকৃষ্ণ যেতিয়া গোকুল এৰি মথুৰালৈ যায়, তেওঁলোকে এইদৰে খেদ কৰিছিল—

কি কহবো উদ্ধৱ কি কহবো প্ৰাণ।
গোবিন্দ বিনে ভয়ো গোকুল উছান॥
শূন্য ভৈল আহিনা বিৰিন্দা বিপিন।
নোশোভে ৰজনী জৈছে চান্দ-বিহীন॥
নাহি চৰাৱৰ ধেনু কালিন্দী-কূল।
আৰ নুশুনৰ ৰেণু কদম্বকু মূল॥
মথুৰা বহল সৱ গোপিনীক পিউ।
কেশৱ বিনে কৈছে ধৰব জীউ॥

 এই নানা ৰঙৰ চিত্ৰৰ ভিতৰত ভক্ত কবিয়ে কিভাৱে নিজৰ লগত এই নানান ৰূপ-বিকাশৰ সম্বন্ধ দেখিছিল, সেইটো উল্লেখযোগ্য। এইবোৰ ৰূপ কবিৰ মানস-সৰোবৰত ভাহি থাকিলেও তেওঁৰ অন্তৰৰ দৃষ্টি আছিল মানৱ-ৰূপী ভগৱানৰ চৰণত।

বৈকুণ্ঠৰ পতি প্ৰভু বনে চৰে ধেনু।
কহয় মাধৱ গতি কানু-পদ-ৰেণু॥

 “পদ-ৰেণু”- সেৱা বা দাস্য-ভাবেই শঙ্কৰ আৰু মাধৱদেৱৰ সাধকজীৱনৰ মূল ভাৱ আৰু এই ভাবতেই তেওঁলোকৰ সকলো সাহিত্যই বুৰ গৈ আছে। সেই বিষয়ে ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন।

 আমাৰ বৰগীতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতো তেতিয়াৰ দিনত নানা-ৰস-ৰঞ্জিত আধ্যাত্মিক গীত আছিল। কবীৰ, [ ৫৮ ] মীৰাবাঈসকলৰ নামে গীত-সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণৱ-আন্দোলনে ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ খলক লগাইছিল, যি ভক্তিৰ উচ্ছ্বাস সজাগ কৰি তুলিছিল, আমাৰ বৰগীতবোৰ সেই খলক আৰু উচ্ছ্বাসৰ প্ৰতিধ্বনি মাথোন। ভাৰতৰ এচুকত পৰি থাকিলেও বৰগীত আদি কৰি অসমীয়া বৈষ্ণৱ কবিসকলৰ পদাৱলীবোৰে ভাৰতৰ আন আন ঠাইৰ লগত অসম-বাসীৰ শিক্ষা-দীক্ষা আদিৰ ঐক্য-ভাবৰ পৰিচয় দিয়ে।

  1. এই ১৯১ টিৰ ভিতৰত মহাপুৰুষ শঙ্কৰদেৱৰ ৩৪ টি গীতো পাব—সম্পাদক