[ ৪৭ ]

চোৰ-ধৰা

 অসমীয়া বৈষ্ণৱ সাহিত্যত শ্ৰীকৃষ্ণৰ শিশু-লীলাই বঙলা বৈষ্ণৱ সাহিত্যৰ শ্ৰীৰাধা-কৃষ্ণ-লীলাৰ অনুৰূপ ঠাই অধিকাৰ কৰি আছে। কৃষ্ণৰ প্ৰতি বাৎসল্য-প্ৰেমৰ অভিব্যক্তি হয় মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীধৰ কন্দলিৰ কবিতাৰ ভিতৰেদি। কৃষ্ণৰ বাল্য লীলা বিষয়ে কন্দলিয়ে কেৱল বিখ্যাত ‘কাণ-খোৱা’ পুথিৰ অন্তৰ্গত দুটি কবিতা মাথোন লিখি থৈ গৈছে। কিন্তু মাধৱদেৱৰ হাতত বাল-কৃষ্ণৰ অসংখ্য ৰহস্যপূৰ্ণ চিত্ৰ নানান নাট আৰু গীত-কবিতাত প্ৰকাশ পাইছে। ‘বৰগীত’ৰ অন্তৰ্গত মাধৱদেৱ বিৰচিত গীতবোৰৰ ভিতৰত যিবোৰ সকলোতকৈ মনোৰম, তাৰ বেছি ভাগেই শ্ৰীকৃষ্ণৰ বাল্য-লীলা-বিষয়ক।

 গীত-আকাৰে কৃষ্ণৰ ধেমেলীয়া বাল্য-চৰিত ভাঙি উলিয়াই সন্তুষ্ট নহৈ নাটবোৰতো আহল-বহলকৈ নানা ৰস-ৰঞ্জিত কৰি মাধৱদেৱে কৃষ্ণৰ বাল্য-লীলাকেই কীৰ্তন কৰিছে। তেওঁৰ বিৰচিত ছওখন নাটকেই প্ৰায় সম-বিষয়ক। ভক্তই হওক বা কবিয়েই হওক, মাধৱদেৱৰ এইটো বৰ বিশেষত্ব, তেওঁ হয় বাৎসল্য-ৰস, নহয় দাস্য-ভক্তিৰ গৌৰৱ কীৰ্তন কৰে; হয় নাম-ঘোষা, ভক্তিৰত্নাৱলী আদি গ্ৰন্থত দুৰ্বোধ তত্ত্ব-নিৰ্ণয়, নহয় চোৰ-ধৰা আদি ধেমেলীয়া নাটবোৰত বাৎসল্য-প্ৰেমৰ ভিতৰেদি কৃষ্ণৰ শিশু-লীলা কীৰ্তন কৰিছে। শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰো দুটা কাণ্ড ভাঙিছিল; কিন্তু এইটো মন কৰিবলগীয়া যে, তাতো মাধৱদেৱে ভাঙিছিল ৰামায়ণৰ বালকাণ্ড অৰ্থাৎ ৰাম, লক্ষ্মণ আদিৰ শৈশৱ-লীলা-কীৰ্তন।

 মাধৱদেৱ চিৰকুমাৰ আৰু সংসাৰ-ত্যাগী বৈৰাগী আছিল। চিত্তোন্মাদক আন আন ৰস-কীৰ্তন তেওঁত নুযুৱায়। পৰম বিৰক্ত হ'লেও ভীষ্মদেৱৰ তেওঁৰ নাতি-সম্বন্ধীয় অৰ্জুনসকলৰ প্ৰতি অগাধ অপত্য স্নেহ আছিল। প্ৰকৃত যোগী সন্ন্যাসীবোৰেও সাংসাৰিক [ ৪৮ ] মানুহৰ লগত কথা ক’ব লাগিলে অপত্য-স্নেহ সূচক ‘আই, বোপাই’ সম্বোধন কৰে। বোধ হয় মনস্তত্ত্বৰ সেই একে প্ৰণালী অনুসাৰেই মাধৱদেৱৰ মনতো বাৎসল্য প্ৰেমে সংসাৰৰ অইন অইন ৰসৰ ঠাই অধিকাৰ কৰি আছিল।

 যি হওক, পুৰণি অসমীয়া সাহিত্যত মাধৱদেৱ বাৎসল্য-ৰসৰ শ্ৰেষ্ঠ প্ৰকাশক। সমসাময়িক ভাৰতৰ আন আন বৈৱষ্ণ মত প্ৰকাশকসকলৰ হাতত শিশু-লীলা এনে এঢলীয়াভাৱে ক’তো পৰিস্ফূট হৈ ওলোৱা যেন নালাগে।

 চোৰ-ধৰা আৰু পিম্পৰা গুচুৱা নাটক দুখন যি বিষয় লৈ লিখা, ঠিক তেনে বিষয়ৰ উল্লেখ ভাগৱত বা হৰিবংশত নাই। পুৰাণাদিত কৃষ্ণৰ বাল-সুলভ চাতুৰ্য লৈ যি দুটা এটা ঘটনাৰ উল্লেখ আছে, তেনে ঘটনাৰ লগত খাপ খুৱাই নাট দুখনৰ বিষয় উদ্ভাৱিত হৈছে।

 নাট্য-সাহিত্যৰ আধুনিক শ্ৰেণী-বিভাগমতে নাট দুখন ধেমেলীয়া নাটৰ ভিতৰত পৰে আৰু যদিও আজি-কালিৰ নাটকৰ প্ৰণালী ইয়াত নাই তথাপি নাটকত যি যি মৌলিক উপাদান লাগে, সেই সকলোবোৰ ইয়াত বৰ্তমান আছে।

 সকলো নাটকতেই বিৰুদ্ধ শক্তি কেতবোৰৰ সংযোগৰ ভিতৰেদি একীকৰণ হয়। সেই একীকৰণ কাম দুই বা তাতোকৈ বেছি ভাৱৰীয়াৰ কথা-বাৰ্তাৰেই সম্পাদিত হয়। ‘চোৰ ধৰা’ নাটকত এই বিৰুদ্ধ ভাব দুটা হৈছে— এফালে গোৱালিনীসকলে চোৰ বুলি কৃষ্ণক ধৰা আৰু অইন ফালে যশোদাৰ কৃষ্ণ হেৰাল বুলি আকুল অন্বেষণ। বহুত বিচৰাৰ পিছত যশোদাই আহি কৃষ্ণক গোৱালিনীসকলৰ হাতৰপৰা এৰুৱাই অনেক কাতুৰ্বাদ কৰি ঘৰলৈ লৈ গ’ল। মাতৃ- স্নেহৰ প্ৰৱল সোঁতত সন্তানৰ প্ৰতি লোকৰ অপযশ ক’ৰবালৈ উটি-ভাহি গ’ল।

 ‘পিম্পৰা-গুচুৱা’ নাটত বিৰুদ্ধ তিনি শক্তিৰ সংযোগ হৈছে—গোপীসকলৰ কৃষ্ণৰ ওপৰত দোষাৰোপ যশোদাৰ ভৎৰ্সনা আৰু মাকৰ ওচৰত কৃষ্ণৰ ভেম।

[ ৪৯ ]  দুখন নাটৰেই প্ৰধান ভাৱৰীয়া হৈছে বাল-কৃষ্ণ। আৰু দুয়োখনৰেই প্ৰত্যেক ছত্ৰতেই টেঙৰ কানাইৰ চিত্ৰ বৰ জীৱন্ত হৈ ফুটি ওলাইছে। লৱনু চুৰি কৰি খালে গোৱালিনীৰেই, আৰু শেষত গৈ জগৰো লাগিল গোৱালিনীৰ গাতেই। চোৰ ধৰা গোৱালিনীয়ে বুজাই নাছিল যে, তাই জুইৰ ফিৰিঙতিহে আঁচলেৰে বান্ধি ৰাখিব খুজিছিল। কৃষ্ণই চুৰিত পৰিলত “আপুন হাতক লৱনু গোপীক মুখে মাখিয়ে বোলত : আহে গোপীসব, দেখু, দেখু, আৱৰ সাক্ষীত কমন প্ৰয়োজন? উনিকৰ মুখহি সাক্ষী। শুনি গোপী লাজ পাৱল।” কৃষ্ণৰ চাতুৰীত গোৱালিনীয়েই চুৰুণী হ’ল। ‘পিম্পৰা-গুচুৱা’ নাটতো চোৰ কৃষ্ণৰ জবাব প্ৰায় একেদৰেই—“আহে গোৱালী, তোহো বড়ি নিদাৰুণ হৃদয়, আপুন জিহ্বা ৰাখিতে নপাৰি আপুন গৃহে দধি দুগ্ধ খাৱলি; অৱ ভাতাৰক ভয়ে হামাক অপযশ দেৱস। আমাক ঘৰে লৱনু কে পুছত? খাইবাক নপাই তোহাৰি ঘৰে চুৰি কৰিয়ে লৱনু খাৱলো?” এই গুটীয়া ল’ৰাটোৰ লগত কোনে পাৰে? এবিধ পোৰা পোক আছে, তাক হাতেৰে ধৰিলে কেনেবাকৈ হাতখন পুৰি দিয়ে।

 তথাপি গে৷ৱালীসকলৰ আৰকাল শুনিব নোৱাৰি যদিওবা যশোদাই কৃষ্ণক দুই এবাৰ খিচনি মাত মাতিলে, কানাইৰ ভেমত সকলো তল পৰি গ’ল। ‘আঃ কি নিদাৰুণ-হৃদয়। আপুন পুত্ৰক দায়া নাহি জানত। জগত ঢাকিয়ে লৱনু-চোৰ নাম দেলহ। আৰ হামাক কৰিতে কি ৰহল? অৱ অপমান সহিতে নপাৰি মধুপুৰী পলাৱব, তোহাৰি ভাৱনা চুৰ কৰব। হামাক নপায়া পাছু কান্দি মৰব!”

 এই ঔ বিজলুৱা ল’ৰাটোৰ লগত উপায় দিহা নাই। বান্ধিলেও বান্ধ নাখায়, ধৰিলেও ধৰা নিদিয়ে।

 “হামো আপুনে বন্ধন জৱ নাহি লেহু, তব কি হামাক বান্ধিতে পাৰব? হামো ভকত-বৎসল গুণে ভকতক অধীন।” (দধিমথন)