গোপীসকলৰ আলাসৰ লাৰু হ’লেও বিদ্যাপতি, চণ্ডীদাস আদি
কবিসকলৰ পদাৱলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈধ
প্ৰেমৰ কোনো চিত্ৰ নাই। শ্ৰীকৃষ্ণ বৃন্দাবনৰ অধিষ্ঠাতা দেৱতাৰ
নিচিনা আছিল আৰু জীৱ-জন্তুৰ কথাকেই নকওঁ, তৃণ-তৰু আদিয়েও
তেওঁৰ প্ৰভাৱ অনুভৱ কৰিছিল। অন্ততঃ তেনেভাৱেই গোকুলবাসীসকলে
তেওঁৰ অস্তিত্ব স্বীকাৰ কৰিছিল। কিয়নো, শ্ৰীকৃষ্ণ যেতিয়া
গোকুল এৰি মথুৰালৈ যায়, তেওঁলোকে এইদৰে খেদ কৰিছিল—
কি কহবো উদ্ধৱ কি কহবো প্ৰাণ।
গোবিন্দ বিনে ভয়ো গোকুল উছান॥
শূন্য ভৈল আহিনা বিৰিন্দা বিপিন।
নোশোভে ৰজনী জৈছে চান্দ-বিহীন॥
নাহি চৰাৱৰ ধেনু কালিন্দী-কূল।
আৰ নুশুনৰ ৰেণু কদম্বকু মূল॥
মথুৰা বহল সৱ গোপিনীক পিউ।
কেশৱ বিনে কৈছে ধৰব জীউ॥
এই নানা ৰঙৰ চিত্ৰৰ ভিতৰত ভক্ত কবিয়ে কিভাৱে নিজৰ লগত এই নানান ৰূপ-বিকাশৰ সম্বন্ধ দেখিছিল, সেইটো উল্লেখযোগ্য। এইবোৰ ৰূপ কবিৰ মানস-সৰোবৰত ভাহি থাকিলেও তেওঁৰ অন্তৰৰ দৃষ্টি আছিল মানৱ-ৰূপী ভগৱানৰ চৰণত।
বৈকুণ্ঠৰ পতি প্ৰভু বনে চৰে ধেনু।
কহয় মাধৱ গতি কানু-পদ-ৰেণু॥
“পদ-ৰেণু”- সেৱা বা দাস্য-ভাবেই শঙ্কৰ আৰু মাধৱদেৱৰ সাধকজীৱনৰ মূল ভাৱ আৰু এই ভাবতেই তেওঁলোকৰ সকলো সাহিত্যই বুৰ গৈ আছে। সেই বিষয়ে ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন।
আমাৰ বৰগীতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতো তেতিয়াৰ দিনত নানা-ৰস-ৰঞ্জিত আধ্যাত্মিক গীত আছিল। কবীৰ,