পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
পুৰণি অসমীয়া সাহিত্য


তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভাস্কৰাচাৰ্যৰ মুখে শঙ্কৰদেৱৰ গুণ-গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম ধৰিবলৈ আহি বাটত খাগৰিকটীয়া ভকত কেতবোৰৰ মুখত “মন মেৰি ৰাম চৰণহি লাগু,” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি খাগৰিকটীয়াসকলৰ নিৰ্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদ-প্ৰান্তত উপস্থিত হ’লহি৷ ৰামৰায় আতাৰ কন্যা কমলাপ্ৰিয়াদেৱীৰ মুখত “পামৰ মন ৰাম-চয়ণে চিত্ত দেহু” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁৰ শৰণ প্ৰাৰ্থনা কৰে। শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰায় দেৱানে শঙ্কৰদেৱৰ বৈষ্ণৱ-ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল, সেইটো ইতিহাসৰ কথা।

 ৰচনাৰ মাধুৰ্য আৰু ভাবৰ গাম্ভীৰ্যৰ লগে লগে বৰগীতবোৰৰ লোক প্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধৱদেৱৰ সুগায়কত্ব। মাধৱদেৱ এফালে যেনে মৰ্মস্পৰ্শী কবি, আনফালে তেনে মনোমুগ্ধকাৰী সুগায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীতি-নৈপুণ্যক লক্ষ্য কৰি কোৱা আছে যে, তেওঁ আগৰ জন্মত গন্ধৰ্ব আছিল। আৰু পুৰণি কালত এনে এটি সময় আহিছিল যে, ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোনো গীতেই ভক্ত-সমাজত গৃহীত নহৈছিল। সেই কাৰণে দেখা যায় ৰাতিখোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহ-বিচাৰৰ গীতবোৰৰ ভণিতাতো মাধৱদেৱৰ নাম আছে। আজিকালিও গাঁৱলীয়া মানুহবোৰে গীত ৰচনা কৰি কেতিয়াবা কেতিয়াবা “কহয় মাধৱ দাসে” বুলি ভণিতা পেলায়।

 এইবোৰ কাৰণে বৰগীতবোৰৰ ইমান বিস্তৃতি ঘটিছিল যে মৰুভূমিত উটে পানীৰ গোন্ধ লৈ জলাশয় বিচৰাৰ দৰে তৃষিত মানৱসকলেও বৰগীতৰ ধ্বনি-প্ৰতিধ্বনিক লক্ষ্য কৰি গুৰু দুজনাৰ ওচৰত উপস্থিত হৈছিল।

 আটাইবোৰ বৰগীতৰ ৰচনা কাল আৰু উপলক্ষ্য নিৰ্দ্ধাৰণ কৰিব নোৱাৰি। চৰিত-পুথিবোৰত কেতবোৰহে ৰচনাৰ সময় আৰু উপলক্ষ্যৰ কথাৰ উল্লেখ আছে। কিন্তু গীত বা কবিতা হিছাপে